নিকাহ (চলচ্চিত্ৰ)
অৱয়ব
নিকাহ | |
---|---|
পৰিচালক | বি আৰ চোপ্ৰা |
ৰচনা | অচলা নাগৰ |
প্ৰযোজক | বি আৰ চোপ্ৰা |
অভিনয়ত | ৰাজ বব্বৰ দীপক পৰাশৰ চালমা আগা |
সূত্ৰধাৰ | তনুজা |
চিত্ৰগ্ৰহণকাৰী | ধৰম চোপ্ৰা |
সম্পাদনা | এচ বি মানে |
সংগীত পৰিচালক | ৰবি |
পৰিবেশক | বি আৰ ফিল্মছ |
মুক্তি |
২৪ ছেপ্টেম্বৰ ১৯৮২ |
দৈৰ্ঘ্য |
১৪৪ মিনিট |
দেশ | ভাৰত |
ভাষা | হিন্দী/উৰ্দু |
নিকাহ (ইংৰাজী: Nikaah) ১৯৮২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালক বি. আৰ. চোপ্ৰা।
ছবিখনত ৰাজ বব্বৰ, দীপক পৰাশৰ আৰু চালমা আগাই অভিনয় কৰিছে আৰু তিনিওজনৰে বলীউডৰ ছবিত সেয়া প্ৰথম অভিনয় আছিল। ছবিখনত সহযোগী চৰিত্ৰত আছিল আচৰানী আৰু ইফতিকাৰ। ৰবিয়ে ৰচনা কৰা এই ছবিখনৰ সংগীতে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ছবিখনৰ মূল নাম আছিল “তালাক তালাক তালাক”, কিন্তু ইছলামিক ধৰ্মগুৰুসকলৰ জোৰত ইয়াৰ নাম “নিকাহ”লৈ সলনি কৰা হয়।[1]
ছবিখনে ১৯৮২ চনত শ্ৰেষ্ঠ সংলাপ আৰু শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[2] এইখন ১৯৮২ চনৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি।[3]
বঁটা
[সম্পাদনা কৰক]- ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী- চালমা আগা (“দিল কে আৰমান”ৰ বাবে)
- শ্ৰেষ্ঠ সংলাপ- আচলা নাগৰ[4]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "Awards in 1982". MySwar.in website. Archived from the original on 30 June 2017. https://web.archive.org/web/20170630012036/http://myswar.in/award/year/1982। আহৰণ কৰা হৈছে: 4 December 2023.
- ↑ "Top Earners of 1982 (Nikaah is #6 on the list)". BoxOfficeIndia website. Archived from the original on 2 January 2010. https://web.archive.org/web/20100102005947/http://boxofficeindia.com/showProd.php?itemCat=188&catName=MTk4Mg==। আহৰণ কৰা হৈছে: 4 December 2023.
- ↑ "Nikaah (1982 film)". Upperstall.com website. http://www.upperstall.com/films/1982/nikaah। আহৰণ কৰা হৈছে: 4 December 2023.
- ↑ Bhagyalakshmi Seshachalam (21 June 2019). "Nikaah (1982) Depicts An Indian Muslim Woman’s Predicament (film review of Nikaah)". MONEYLIFE.in website. https://www.moneylife.in/article/nikaah-1982-depicts-an-indian-muslim-womans-predicament/57499.html। আহৰণ কৰা হৈছে: 4 December 2023.