সমললৈ যাওক

নিকুম্ভ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিকুম্ভ (Sanskrit: निकुम्भ, romanized: Nikumbha) হিন্দু পৌৰাণিক কাহিনীত একাধিক সত্ত্বাৰ নাম, এজন ৰাক্ষস আৰু এজন দানৱ।

কিংবদন্তি

[সম্পাদনা কৰক]
নিকুম্ভ( বাঁওফালে)ক হনুমানে বধ কৰে

ৰাক্ষস নিকুম্ভ

[সম্পাদনা কৰক]

নিকুম্ভ ৰাক্ষস কুম্ভকৰ্ণ আৰু বজ্ৰমলাৰ পুত্ৰ।[1] কুবেৰে তেওঁক পিশাচ[2](এবিধ দুষ্ট আত্মা)বোৰৰ ওপৰত চকু ৰাখিবলৈ নিৰ্দেশ দিয়ে।[3] নীলমাতা পুৰাণত তেওঁক "পিশাচসকলৰ সম্ভ্ৰান্ত আৰু শক্তিশালী প্ৰভু" বুলি উল্লেখ কৰা হৈছে।[2]

ভায়েক কুম্ভ যুদ্ধত নিহত হোৱা দেখি ক্ষুব্ধ হৈ লোহাৰ বল্লম লৈ যুদ্ধক্ষেত্ৰৰফালে দৌৰি গ’ল। হনুমানে পোনপটীয়াকৈ নিকুম্ভৰ বুকুত জোৰকৈ মুঠি মাৰি নিকুম্ভক আক্ৰমণ কৰে। সেই আঘাতত অস্থিৰ হৈ নিকুম্ভই হনুমানক মাটিত বগৰাই লয়। প্ৰতিশোধত হনুমানে নিজকে মুক্ত কৰি নিকুম্ভক মাটিত পেলাই দিয়ে। হনুমানে নিকুম্ভৰ ওপৰত নামি বুকুখন মুঠিৰে খুন্দা মাৰি মূৰটো ধৰি থেতালি পেলায়। এইদৰে হনুমানৰ হাতত নিকুম্ভৰ মৃত্যু হয়।[4]

কৃষ্ণই চৰাইৰ ৰূপত নিকুম্ভক বধ কৰে

দানৱ নিকুম্ভ

[সম্পাদনা কৰক]

কৃষ্ণৰ কাহিনীত নিকুম্ভ দানৱৰ আবিৰ্ভাৱ হৈছে, যেতিয়া দেৱতা, কৃষ্ণৰ ভাতৃ বলোৰামে বাকী যাদৱ বংশৰ সৈতে কোনো উৎসৱত অংশগ্ৰহণ কৰিবলৈ তীৰ্থযাত্ৰা কৰে। যাদৱসকলে উল্লাসত লিপ্ত হোৱাৰ সময়ত নিকুম্ভই তেওঁলোকৰ মাজৰ ভানুমতী নামৰ এগৰাকী কুমাৰীক অপহৰণ কৰে। কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নই ভানুমতী(যাদৱবংশী)ক উদ্ধাৰ কৰাৰ সময়ত ভগৱানে নিজেই দানৱক বধ কৰে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. C. Dutt, Romesh (1899). "Ramayana Book IX". The Ramayana and Mahabharata. Internet Sacred Text Archive. http://www.sacred-texts.com/hin/dutt/rama09.htm আহৰণ কৰা হৈছে: 2007-01-22.
  2. 1 2 "Verses 201-300". Nilamata Purana. Archived from the original on 2007-09-28. https://web.archive.org/web/20070928004915/http://www.koausa.org/Purana/Verses201-300.html আহৰণ কৰা হৈছে: 2007-01-22.
  3. "Śrīmad Bhāgavatam 2.6.43-45". Bhaktivedanta VedaBase. Archived from the original on 2007-01-01. https://web.archive.org/web/20070101033507/http://vedabase.net/sb/2/6/43-45/ আহৰণ কৰা হৈছে: 2007-01-22.
  4. Chebbi, Deepak M.. "Ramayana - Hanuman Kills Nikumbha" (en ভাষাত). www.yousigma.com. Archived from the original on 2021-05-16. https://web.archive.org/web/20210516211751/https://www.yousigma.com/religionandphilosophy/yuddhakanda-chapter77.html আহৰণ কৰা হৈছে: 2021-11-16.
  5. Winternitz, Moriz (1996) (en ভাষাত). A History of Indian Literature. Motilal Banarsidass Publ.. পৃষ্ঠা. 432. ISBN 978-81-208-0264-3. https://books.google.com/books?id=JRfuJFRV_O8C&dq=nikumbha+bhanumati&pg=PA432.