নিকোলাছ লৰেন্স বৰ্মন
অৱয়ব

নিকোলাছ লৰেন্স বৰ্মন (ইংৰাজী: Nicolaas Laurens Burman; ২৭ ডিচেম্বৰ ১৭৩৪ – ১১ ছেপ্টেম্বৰ ১৭৯৩) আছিল এগৰাকী ডাচ উদ্ভিদবিদ।[1]
তেওঁ জোহানেছ বৰ্মন (১৭০৭–১৭৮০)ৰ পুত্ৰ আছিল। পিতৃৰ পিছত তেৱেঁই আমষ্টাৰডামৰ এথেনিয়াম ইলাষ্ট্ৰে আৰু হৰ্টাছ বটানিকাছতত উদ্ভিদ বিজ্ঞানৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কাৰ্ল লিনিয়াছৰ সৈতে চিঠিপত্ৰৰে যোগাযোগ অব্যাহত ৰাখিছিল আৰু ১৭৬০ চনত উপছালা বিশ্ববিদ্যালয়ত তেওঁৰ সৈতে যোগদান কৰে। তেওঁ স্পেচিমেন বʼটানিকাম ডি গেৰানিছ (Specimen botanicum de geraniis) (১৭৫৯) আৰু ফ্লʼৰা ইণ্ডিকা (Flora Indica) (১৭৬৮)কে ধৰি বহুতো গ্ৰন্থৰ লেখক। দৰাচলতে, তেওঁৰ ফ্লʼৰা ইণ্ডিকা নামৰ গ্ৰন্থখন পিছলৈ জোহান গেৰহাৰ্ড ক’নিগে (১৭২৮–১৭৮৫) সম্পূৰ্ণ কৰিছিল।
কৰ্মৰাজি
[সম্পাদনা কৰক]
- (la ভাষাত) Flora indica. প্ৰকাশক Leiden: Cornelius Haek. 1768. https://gutenberg.beic.it/webclient/DeliveryManager?pid=6933643.
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Burman, Nicolaas Laurens (Nicolaus Laurent) (1734-1793)". JSTOR Global Plants. https://plants.jstor.org/stable/10.5555/al.ap.person.bm000372657। আহৰণ কৰা হৈছে: ১৭ ফেব্ৰুৱাৰী ২০২৫.
- ↑ International Plant Names Index, Burm.f., http://www.ipni.org/ipni/advAuthorSearch.do?find_abbreviation=Burm.f.
- "Nicolaas Laurens Burman". Author Details. IPNI. 3 March 1991. http://www.ipni.org/ipni/idAuthorSearch.do?id=12368-1.