সমললৈ যাওক

নিকোল আলমান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিকোল আলমান

নিকোল আলমান
জন্ম ১৪ ফেব্ৰুৱাৰী, ১৯৭৫ (৫১ বছৰ)
বাৰ্ন, ছুইজাৰলেণ্ড
পেচা অভিনেত্ৰী, কৌতুক অভিনেতা, মডেল, লেখিকা
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
দাম্পত্যসঙ্গী ষ্টিফান জিং (২০০৯–বৰ্তমান)
সন্তান ৩

নিকোল আলমান (ইংৰাজী: Nicole Allmann; জন্ম: ১৪ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী চুইছ অভিনেত্ৰী, কৌতুক অভিনেতা, মডেল আৰু লেখিকা। ২০০৪ চনৰ চুটি ছবি ফেলিচিয়াত তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল।[1]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আলমানৰ জন্ম হৈছিল চুইজাৰলেণ্ডৰ বাৰ্নত। আলমানৰ ককায়েক দুজন চিকিৎসক। তেওঁ জীৱনৰ কিছুসময় জাৰ্মানীত কটাইছিল আৰু ১৮ বছৰ বয়সত জাৰ্মান ৰাষ্ট্ৰীয় ফ্গাৰ স্কেটিং দলৰ সদস্য আছিল।

আলমানে জাৰ্মানীৰ ওবাৰ্ছডৰ্ফৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল আৰু তাৰ পিছত মিউনিখৰ এল.এম.ইউ.-ৰ ল স্কুলত আইন অধ্যয়ন কৰিছিল। পিছলৈ আলমানে জুৰিখৰ অভিনয় বিদ্যালয়ৰপৰা অভিনয়ৰ প্ৰমাণ-পত্ৰ লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

জুৰ্গ ইবেৰ ৰোমাণ্টিক কমেডী হেণ্ডিমেনত (২০০৫) আলমানে প্ৰথম চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিছিল, য’ত মাৰ্কো ৰিমা, ডিজে বুবু আৰু ডায়েটমাৰ শ্বয়েনহাৰেও অভিনয় কৰিছিল।[2] তেওঁৰ কেৰিয়াৰে কেইখনমান টিভি ধাৰাবাহিক আৰু চলচ্চিত্ৰৰ জৰিয়তে এক গম্ভীৰ মোৰ লৈছিল, যাৰ আৰম্ভণি হৈছিল ৫ ষ্টাৰ কেৰ্লে ইনক্লুচিভ (২০০৫) আৰু এ.আৰ.ডি.-ৰ ভাৰবোটেন লিবে (ফৰবিডেন লাভ) ধাৰাবাহিকত মেৰিনা ফেলিক্সৰ চৰিত্ৰৰ জৰিয়তে।[3][4] ২০০৮ চনত আলমানে প্ৰ'৭-ৰ টিভি ধাৰাবাহিক উনশ্বুলডিগত ক্ৰীষ্টিনা এলেক্সৰ চৰিত্ৰত অভিনয় কৰিছিল।[5]

ৱৰ্ল্ডটপ৭ (WorldTop7) ব্ৰেণ্ডৰ অধীনত আলমানে এখন ৱেবছাইট আৰু আইফোন এপ্প মুকলি কৰিছিল য’ত শ্ৰেষ্ঠ বুটিক হোটেল, ৰেষ্টুৰেণ্ট, নাইট ক্লাব আৰু গ'ল্ফ কোৰ্চৰ তথ্য প্ৰকাশ কৰা হয়।[6] এই ভ্ৰমণ নিৰ্দেশিকাখনত বিশ্বৰ ২০০তকৈও অধিক চহৰ আৰু অঞ্চলৰ শ্ৰেষ্ঠ আৰু ব্যতিক্ৰমী স্থানসমূহ তালিকাভুক্ত কৰা হৈছে। আলমানে আন্তঃৰাষ্ট্ৰীয় তাৰকা, টিভি কাৰ্যবাহী আৰু অভিনেতাৰ এটা গোটৰ নেতৃত্ব দিছে যিয়ে গুণগত মান আৰু স্বতন্ত্ৰতাৰ বাবে প্ৰতিখন চহৰৰ ৭খনকৈ বিশেষ স্থান নিৰ্বাচন কৰিছে।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
  • ২০০৪: ফেলিচিয়া (Felizia)
  • ২০০৫: হেণ্ডিমেন (Handyman)

টিভি চিনেমা আৰু ধাৰাবাহিক

[সম্পাদনা কৰক]
  • ২০০৫: ৫ ষ্টাৰ কেৰ্লে ইনক্লুচিভ (5 Sterne Kerle inklusive)
  • ২০০৫: পাল পাঞ্জাৰ – ডি উনগ্লুবলিচেন গেছিচটেন (Paul Panzer – Die unglaublichen Geschichten)
  • ২০০৭: বিছ ইন ডি স্পিটজেন (Bis in die Spitzen)
  • ২০০৭–২০০৮: ভাৰবোটেন লিবে (Verbotene Liebe)
  • ২০০৮: উনশ্বুলডিগ (Unschuldig)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Felizia". IMDb.com. https://www.imdb.com/title/tt0467569/। আহৰণ কৰা হৈছে: 5 August 2010.
  2. ↑ "Handyman". IMDb.com. https://www.imdb.com/title/tt0486118। আহৰণ কৰা হৈছে: 5 August 2010.
  3. ↑ "5 Sterne Kerle inklusive". Kino.de. http://www.kino.de/kinofilm/fuenf-sterne-kerle-inklusive/88180.html। আহৰণ কৰা হৈছে: 5 August 2010.[সংযোগবিহীন উৎস]
  4. ↑ "Verbotene Liebe on Das Erste (ARD)". DasErste.de. Archived from the original on 4 August 2010. https://web.archive.org/web/20100804022848/http://www.daserste.de/verboteneliebe/। আহৰণ কৰা হৈছে: 5 August 2010.
  5. ↑ "Unschuldig". IMDb.com. https://www.imdb.com/title/tt1126584/। আহৰণ কৰা হৈছে: 5 August 2010.
  6. ↑ "WorldTop7 – Boutique Hotels, Restaurants, Nightclubs & Golf Courses". http://worldtop7.com। আহৰণ কৰা হৈছে: 5 August 2010.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]