নিক্কি প্ৰধান
| ব্যক্তিগত তথ্য | |||
|---|---|---|---|
| জন্ম | ৮ ডিচেম্বৰ, ১৯৯৩ (৩১ বছৰ) হেচেল, ৰাঁচী, বিহাৰ (বৰ্তমানৰ খুঁটি, ঝাৰখণ্ড), ভাৰত | ||
| স্থান | মিডফিল্ডাৰ | ||
| জ্যেষ্ঠ কেৰিয়াৰ | |||
| বৰ্ষ | দল | খেল | (গ'ল) |
| হকী ঝাৰখণ্ড | |||
| ৰেলৱে | |||
| ২০২৫- | ছুৰমা হকী ক্লাব | ||
| ৰাষ্ট্ৰীয় দল | |||
| বৰ্ষ | দল | খেল | গ'ল |
| ২০১৫- | ভাৰত | ১৯০ | (২) |
পদক অভিলেখ
| |||
নিক্কি প্ৰধান (ইংৰাজী: Nikki Pradhan ; জন্ম: ৮ ডিচেম্বৰ ১৯৯৩)[1] এগৰাকী ভাৰতীয় ফিল্ড হকী খেলুৱৈ আৰু ভাৰতীয় জাতীয় দলৰ সদস্য। নিক্কি আছিল ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা হকী খেলুৱৈ যিয়ে ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল।[2] প্ৰধানক ৰিঅ' অলিম্পিকৰ বাবে ১৬ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছিল, যিয়ে ২০১৫ চনত হকী বিশ্ব লীগৰ ছেমিফাইনেলত তাৰকাময় প্ৰদৰ্শনৰ পিছত ৩৬ বছৰৰ পিছত ভাৰতীয় মহিলা হকীও অলিম্পিকলৈ ঘূৰি অহাৰ সূচনা কৰিছিল।[3][4] নিক্কি ভাৰতীয় মহিলা হকী দলৰ মিডফিল্ডাৰ আছিল। দললৈ নিৰ্বাচিত হোৱাৰ বাবে তেওঁক জয়পাল সিং মুণ্ডা (১৯২৮), মাইকেল কিডো (১৯৭২), চিলভানাছ ডুংডুং (১৯৮০), অজিত লাকৰা (১৯৯২) আৰু মনোহৰ টপনো (১৯৮৪)ৰ সৈতে ব্ৰেকেট কৰি অলিম্পিকত খেলা ঝাৰখণ্ডৰ ষষ্ঠগৰাকী হকী খেলুৱৈ হিচাপে পৰিগণিত হয়।[2][5][6]
আৰম্ভণি জীৱন
[সম্পাদনা কৰক]১৯৯৩ চনৰ ৮ ডিচেম্বৰত ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগৰ জনজাতীয় হৃদয়ভূমি খুঁটিৰ হেচেল গাঁৱত বিহাৰৰ আৰক্ষী কনিষ্টবল সোমা প্ৰধান আৰু তেওঁৰ পত্নী জিতন দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। প্ৰধান সোমা প্ৰধান আৰু জিতন দেৱীৰ তৃতীয় কন্যা।[7] তেওঁ খাৰৱাৰ ভোগতা সম্প্ৰদায়ৰ।[8]
প্ৰধানে পিলাউল মধ্যবিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু সৰুৰে পৰাই তেওঁৰ শৈশৱৰ প্ৰশিক্ষক দশৰথ মাহটোৰ নিৰ্দেশনাত এই খেল খেলিবলৈ আৰম্ভ কৰিছিল।[7] ১৯৯৯ চনত স্কুললৈ যোৱা পুষ্প প্ৰধানৰ পৰা অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰীয় হকী দললৈ যোৱাৰ কথা কয়।[9]তাৰ পিছত তাই বাঁহেৰে হকী ষ্টিক বনাই খেলিবলৈ ধৰিলে। [10] পিছত ২০০৫ চনত ৰাঁচীৰ বাৰিয়াটু গাৰ্লছ হকী চেণ্টাৰত নামভৰ্তি কৰে, য’ত ভাৰতৰ প্ৰাক্তন অধিনায়ক অসুন্ত লাক্ৰাৰ জন্ম হৈছে। ২০০৯ চনত তেওঁ স্প'ৰ্টছ হোষ্টেল এৰি যায়। ২০১০ চনত দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱাৰ পিছত হোষ্টেল এৰিবলগীয়া হয় যদিও অনুৰোধৰ বাবে তেওঁক হোষ্টেলত থাকিবলৈ আৰু কেম্পাছত খেলিবলৈ দিয়া হয়।[10] ২০১১ চনত ঝাৰখণ্ড ৰাষ্ট্ৰীয় খেল খেলাৰ পিছত ২০১২ চনত ৰাষ্ট্ৰীয় শিবিৰৰ বাবে নিৰ্বাচিত হয়।[9]
কৰ্মজীৱন
[সম্পাদনা কৰক]প্ৰধানে ২০১১ চনত বেংককত অনুষ্ঠিত হোৱা ১৭ বছৰ অনুৰ্ধ এছিয়া কাপত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে খেলিছিল। [2] কিন্তু ২০১১–২০১২ চনত প্ৰধানে ভাৰতৰ জুনিয়ৰ নেচনেল হকী কেম্পৰ বাবে নিৰ্বাচিত হ'ব পৰা নাছিল।[7] এছিয়া কাপত ৰূপৰ পদক লাভ কৰা ২১ বছৰ অনুৰ্ধ মহিলা হকী দলৰ অংশও প্ৰধান আছিল যদিও ২০১৫ চনৰ আৰম্ভণিলৈকে আঘাতৰ বাবে খেলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল।[2] প্ৰধানে ছিনিয়ৰ ইণ্ডিয়ান টিমৰ হৈ অভিষেক ঘটায় আৰু ২০১৫ চনৰ আগষ্ট মাহত ছিনিয়ৰ শিবিৰলৈ মাতি অনা হয়।[7]
পিছলৈ প্ৰধানক ২০১৬ চনত ব্ৰাজিলত অনুষ্ঠিত হোৱা ৰিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ভাৰতীয় মহিলা হকী দলৰ দলৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়। অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ভাৰতীয় মহিলা হকী দললৈ নিৰ্বাচিত হোৱাটোৱে ইতিহাসৰ চিত্ৰনাট্য লিখিছিল কাৰণ তেওঁ আছিল ঝাৰখণ্ডৰ পৰা অলিম্পিকত খেলা প্ৰথমগৰাকী মহিলা হকী খেলুৱৈ।[3] ১৬ জনীয়া দলটোৰ নেতৃত্বত আছিল ডিফেণ্ডাৰ সুশীলা চানুৱে। প্ৰধানে ৰেনুকা যাদৱ, লিমা মিঞ্জ, মনিকা আৰু নৱজোত কৌৰৰ সৈতে মিডফিল্ডাৰৰ স্থানত খেলিছিল। দলৰ আন সদস্যসকল আছিল দীপ গ্ৰেচ এক্কা, অনুৰাধা দেৱী থোকচোম, সবিতা, পুনম ৰাণী, বন্দনা কটাৰিয়া, দীপিকা, নমিতা টপ্পো, সুনীতা লক্ৰ আৰু প্ৰীতি ডুবে।[4] দলটোৱে অৱশ্যে গ্ৰুপ পৰ্যায়ত বাহিৰ হয় আৰু ৬ নম্বৰ স্থান লাভ কৰে।[4]
২০২২ চনৰ কমনৱেলথ গেমছত ভাৰতীয় মহিলা হকী দলে ব্ৰঞ্জৰ পদক লাভ কৰে। ১৬ বছৰৰ পিছত এই দলটোৱে কমন ৱেলথ খেলত পদক লাভ কৰে।[9]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Nikki Pradhan | SportingIndia". sportingindia.com. Archived from the original on 14 August 2016. https://web.archive.org/web/20160814212708/http://www.sportingindia.com/content/nikki-pradhan। আহৰণ কৰা হৈছে: 13 May 2017.
- ↑ 2.0 2.1 2.2 2.3 Ray, Dhritiman (2016-07-12). "Nikki Pradhan first woman hockey player from Jharkhand at Olympics – Times of India". The Times of India. http://timesofindia.indiatimes.com/indiario/hockey/Nikki-Pradhan-first-woman-hockey-player-from-Jharkhand-at-Olympics/articleshow/53176739.cms.
- ↑ 3.0 3.1 "Jharkhand's Nikki Pradhan in hockey team for Rio Olympic – Times of India". The Times of India. http://timesofindia.indiatimes.com/city/ranchi/Jharkhands-Nikki-Pradhan-in-hockey-team-for-Rio-Olympic/articleshow/53184225.cms.
- ↑ 4.0 4.1 4.2 "Rio 2016: Sushila Chanu to lead Indian women's hockey team at Olympics" (en-US ভাষাত). Firstpost. 13 July 2016. http://www.firstpost.com/sports/rio-2016-sushila-chanu-to-lead-indian-womens-hockey-team-at-olympics-2891176.html.
- ↑ "Our girl Nikki makes it to Rio- Khunti lass becomes state's first woman hockey player at Olympics". telegraphindia.com. http://www.telegraphindia.com/1160713/jsp/frontpage/story_96450.jsp#.V67knqx36x4। আহৰণ কৰা হৈছে: 13 August 2016.
- ↑ "Nikki Pradhan". rio2016.com. Archived from the original on 17 August 2016. https://web.archive.org/web/20160817093225/https://www.rio2016.com/en/athlete/nikki-pradhan। আহৰণ কৰা হৈছে: 13 August 2016.
- ↑ 7.0 7.1 7.2 7.3 "Nikki Pradhan overcomes hurdles to become Jharkhand's first woman hockey Olympian". 13 July 2016. https://www.sportskeeda.com/hockey/nikki-overcomes-hurdles-to-become-jharkhands-first-woman-hockey-olympian.
- ↑ "प्रतिभाओं को निखारने में करेंगे हर संभव सहयोग : निक्की प्रधान" (Hindi ভাষাত). jagran. 28 August 2021. https://www.jagran.com/jharkhand/khunti-will-do-all-possible-cooperation-in-nurturing-the-talents-of-the-society-nikki-pradhan-21968317.html.
- ↑ 9.0 9.1 9.2 "From running away from training to CWG bronze, Nikki Pradhan has come a long way". timesofindia. 10 August 2022. https://timesofindia.indiatimes.com/sports/commonwealth-games-2022/indiabirmingham/from-running-away-from-training-to-cwg-bronze-nikki-pradhan-has-come-a-long-way/articleshow/93468906.cms.
- ↑ 10.0 10.1 "हॉकी प्लेयर निक्की प्रधान के संघर्ष की कहानी, जानें कैसे तय किया खेत से ओलिंपिक तक का सफर" (Hindi ভাষাত). ndtv. 21 May 2022. https://ndtv.in/othersports/story-of-indian-womens-hockey-player-nikki-pradhans-struggle-how-she-decided-her-journey-from-farm-to-olympics-hindi-2997111.