নিক্কোলো মাকিয়াভেল্লি
চান্তি দি তিত'ৰ দ্বাৰা অংকিত প্ৰতিকৃতি, প্ৰায় 1550–1600 | |
| সম্পূৰ্ণ নাম | নিক্ক'ল' মাকিয়াৱেল্লি |
|---|---|
| জন্ম | ৩ মে', ১৪৬৯ ফ্ল'ৰেন্তিয়া, ফ্ল'ৰেন্তিয়া গণৰাজ্য |
| মৃত্যু | ২১ জুন, ১৫২৭ (৫৮ বছৰ) ফ্ল'ৰেন্তিয়া, ফ্ল'ৰেন্তিয়া গণৰাজ্য |
| যুগ | পুনৰ্জাগৰণ দৰ্শন |
| অঞ্চল | পাশ্চাত্য দৰ্শন |
| ধাৰা | |
| আগ্ৰহ | ৰাজনীতি আৰু ৰাজনৈতিক দৰ্শন, সামৰিক তত্ত্ব, ইতিহাস |
| উল্লেখযোগ্য কৰ্ম | ধ্ৰুপদী বাস্তৱবাদ, ৱিৰ্তু, আধুনিক গণৰাজ্যবাদ |
| স্বাক্ষৰ | |
নিক্ক'ল' দি বেৰ্নাৰ্দ' দেই মাকিয়াৱেল্লি[টোকা 1] (Italian: Niccolò Machiavelli, pronounced [nikkoˈlɔ mmakjaˈvɛlli]; ৩ মে’ ১৪৬৯ – ২১ জুন ১৫২৭) আছিল ইতালীয় পুনৰ্জাগৰণ (ৰ্যনেছঁছ) যুগৰ এজন ফ্ল'ৰেন্তীয় কূটনীতিবিদ, লেখক, দাৰ্শনিক আৰু ইতিহাসবিদ। তেওঁ তেওঁৰ ৰাজনৈতিক গ্ৰন্থ ৰাজকোঁৱৰৰ (Il Principe) বাবে আটাইতকৈ বেছি জনাজাত, যিখন গ্ৰন্থ প্ৰায় ১৫১৩ চনত লিখা হৈছিল যদিও তেওঁৰ মৃত্যুৰ পাঁচ বছৰ পিছত ১৫৩২ চনতহে প্ৰকাশ পাইছিল।[4] তেওঁক প্ৰায়ে আধুনিক ৰাজনৈতিক দৰ্শন আৰু ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি আখ্যা দিয়া হয়।[5][6]
বহু বছৰ ধৰি তেওঁ ফ্ল'ৰেন্তিয়া গণৰাজ্যৰ এজন জ্যেষ্ঠ বিষয়া হিচাপে কূটনীতি আৰু সামৰিক পৰিক্ৰমাৰ দায়িত্ব পালন কৰিছিল।[7] ১৪৯৮ চনৰ পৰা ১৫১২ চনলৈকে যেতিয়া মেদিচি পৰিয়াল ক্ষমতাত নাছিল, তেতিয়া তেওঁ ফ্লৰেন্স প্ৰজাতন্ত্ৰৰ দ্বিতীয় মহাফেজখানাৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8] ১৫১২ চনত মেদিচিয়ে ফ্লৰেন্সত পুনৰ ক্ষমতা দখল কৰাৰ পিছত তেওঁক কূটনীতিবিদৰ পদৰ পৰা বহিষ্কাৰ কৰা হয় আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁক ভুলবশতঃ ৰাষ্ট্ৰদ্ৰোহৰ সন্দেহ কৰি নিৰ্বাসনলৈ পঠোৱা হয়। তাৰ এবছৰৰ পিছত তেওঁ এজন ৰাজনৈতিক লেখক হিচাপে জীৱন অতিবাহিত কৰিবলৈ লয়।[9][10]
মৃত্যুৰ পিছত মাকিয়াৱেল্লিৰ নামটোৱে তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ ৰাজকোঁৱৰত পৰামৰ্শ দিয়া ধৰণৰ নীতিহীন বা চতুৰ কাৰ্যকলাপক সূচিত কৰিবলৈ ধৰে।[11] এই গ্ৰন্থখনত মাকিয়াৱেল্লিয়ে উল্লেখ কৰিছিল যে পৰম্পৰাগত ৰাজনৈতিক চিন্তাৰ বিপৰীতে শাসকসকলে নিজৰ ৰাজনৈতিক সমাজৰ স্বাৰ্থ ৰক্ষা আৰু উন্নতিৰ বাবে কিছুমান অপ্ৰীতিকৰ বা অনৈতিক নীতি গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে।[12][13] ৰাজনৈতিক প্ৰয়োজনীয়তাই দাবী কৰিলে তেওঁ শাসকসকলক অন্যায় কাৰ্যত লিপ্ত হ’বলৈ পৰামৰ্শ দিছিল; উদাহৰণস্বৰূপ, চৰকাৰৰ সফল প্ৰতিষ্ঠাপক আৰু সংস্কাৰকসকলে নিজৰ ৰাজনৈতিক শত্ৰুসকলক হত্যা কৰিলে তেওঁলোকক ক্ষমা কৰি দিয়া উচিত বুলি তেওঁ কৈছিল।[14][15][16]
মাকিয়াৱেল্লিৰ ৰাজকোঁৱৰ প্ৰকাশ পোৱাৰ পৰাই ই বিতৰ্কৰ মাজত সোমাই পৰিছে। কিছুমানে ইয়াক ৰাজনৈতিক বাস্তৱতাৰ এটা পোনপটীয়া বৰ্ণনা বুলি গণ্য কৰে। আনহাতে অনেকে ৰাজকোঁৱৰক এখন হাতপুথি হিচাপে দেখে, যিয়ে হ’বলগীয়া একনায়ক বা অত্যাচাৰী শাসকসকলক কেনেকৈ ক্ষমতা দখল কৰিব লাগে আৰু তাক ধৰি ৰাখিব লাগে তাৰ শিক্ষা দিয়ে।[17] আনকি সাম্প্ৰতিক সময়লৈকে, লেঅ' ষ্ট্ৰাউছৰ দৰে পণ্ডিতসকলে মাকিয়াৱেল্লি এজন "অন্যায় বা বেয়াৰ শিক্ষক" (teacher of evil) আছিল বুলি পৰম্পৰাগত মতটোক পুনৰ সমৰ্থন কৰিছে।[18]
যদিও মাকিয়াৱেল্লি তেওঁৰ ৰাজ্য বিষয়ক কামৰ বাবে আটাইতকৈ বেছি বিখ্যাত হৈ পৰিছে, পণ্ডিতসকলে তেওঁৰ ৰাজনৈতিক দৰ্শনৰ অন্যান্য গ্ৰন্থসমূহৰ উপদেশসমূহৰ প্ৰতিও মনোযোগ দিয়ে। প্ৰায় ১৫১৭ চনত ৰচিত তিতুছ লিৱিউছৰ প্ৰথম দশকৰ ওপৰত অধিবচন গ্ৰন্থখনে আধুনিক গণৰাজ্যবাদৰ পথ প্ৰশস্ত কৰা বুলি কোৱা হয়।[19] তেওঁৰ কৰ্মৰাজিয়ে আলোকায়ন যুগৰ লেখকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল যিসকলে ধ্ৰুপদী গণৰাজ্যবাদৰ প্ৰতি আগ্ৰহ পুনৰুজ্জীৱিত কৰিছিল, যেনে জঁ-জাক ৰুছ’ আৰু জেম্ছ হেৰিংটন।[20] মাকিয়াৱেল্লিৰ দাৰ্শনিক অৱদানে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদসকলক প্ৰভাৱিত কৰি আহিছে, যাৰ ফলত তেওঁলোকৰ অনেকে তেওঁৰ ধাৰণাসমূহৰ প্ৰকৃতি সম্পৰ্কে আজিও বিতৰ্ক কৰি আহিছে।[21]
জীৱন আৰু পৰিপ্ৰেক্ষিত
[সম্পাদনা কৰক]নিক্কোলো মাকিয়াভেল্লি ১৪৬৯ চনৰ ৩ মে' তাৰিখে ইটালীৰ ফ্লোৰেন্সত জন্ম গ্ৰহণ কৰে। তেওঁৰ জীৱনৰ সময়কাল আছিল ইটালীৰ ৰেনেছাঁ যুগ, যি ৰাজনৈতিক চাঞ্চল্য, যুদ্ধ, আৰু নৈতিক বিশৃঙ্খলতাৰে ভৰা আছিল। তেওঁ ফ্লোৰেন্সৰ চৰকাৰত কূটনৈতিক আৰু সামৰিক বিষয়া হিচাপে কাম কৰিছিল।[22]
১৫১২ চনত ফ্লোৰেন্সত মেদিচি পৰিয়ালৰ ৰাজনীতিৰ পুনৰ স্থাপন হোৱাৰ পাছত তেওঁক বন্দী কৰা হয় আৰু তেওঁৰ ৰাজনৈতিক জীৱন অন্ত হ'ব লগা হয়।
দ্য প্ৰিন্স
[সম্পাদনা কৰক]১৫১৩ চনত নিৰ্বাসন সময়ত তেওঁ ৰচনা কৰে তেওঁৰ প্ৰসিদ্ধ কিতাপ Il Principe (The Prince)। এই গ্ৰন্থত তেওঁ এক শক্তিশালী, বাস্তৱবাদী, আৰু ধূৰ্ত ৰাজপুত্ৰৰ ৰূপ আঁকে — যি সময়ৰ ৰাষ্ট্ৰনৈতিক অস্থিৰতাৰ মাজত নিজৰ শক্তি ৰক্ষা কৰিব পাৰে।
এই গ্ৰন্থৰ মুখ্য যুক্তিসমূহ:
- ৰাজনীতি নৈতিকতাৰ ওপৰত নিৰ্ভৰ নকৰে।
- ৰাজপুত্ৰৰ মুখ্য কাম হৈছে শক্তি লাভ, ৰক্ষা, আৰু বিস্তাৰ।
- “উদ্দেশ্য সফল হ’লে, উপায় যিয়েই হওক, সেয়া গ্ৰহণযোগ্য।” – এই দৃষ্টিভংগীকেই “মাকিয়াভেল্লিয়ান” বুলি সমালোচনা কৰা হয়।
উক্তি:
- “It is better to be feared than loved, if you cannot be both.”
- “The ends justify the means.” (এই বাক্য প্ৰচলিত যদিও মাকিয়াভেল্লিয়ে শব্দে শব্দে এইটো লেখেনেই। )
অন্য কিতাপ আৰু দৰ্শন
[সম্পাদনা কৰক]- Discourses on Livy – গণতন্ত্ৰ আৰু প্ৰজাৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ।
- The Art of War – সামৰিক কৌশল আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ।
- The Mandrake – এজন নাট্যকাৰ হিচাপে তেওঁৰ জনপ্ৰিয় নাটক।
তেওঁৰ চিন্তাৰে ইঙ্গিত দিয়া হয় যে ক্ষমতা, জন-সমৰ্থন, আৰু কৌশলী পৰিচালনাই ৰাজনীতিত সফলতাৰ মূল চাবিকাঠি।
প্ৰভাৱ
[সম্পাদনা কৰক]মাকিয়াভেল্লিৰ নাম স্বয়ং ৰাজনৈতিক ধূৰ্ততা, কূটনৈতিক নীতিহীনতা, আৰু ক্ষমতা-প্ৰেমীৰ সমৰ্থক হিচাপে ব্যৱহাৰ হয়। “মাকিয়াভেল্লিয়ান” শব্দই আজিও নেতিবাচক ধাৰণাক বহন কৰে, যদিও বহু দাৰ্শনিক তেওঁক বাস্তৱবাদী চিন্তাবিদ হিচাপে সমাদৰ কৰে।
তেওঁৰ তত্ত্বৰ ওপৰত থমাছ হবছ, ফ্ৰান্সিছ বেকন, হেগেল, স্পিনোজা, নিছ্ছে আদি দাৰ্শনিকৰ প্ৰভাৱ পৰিছে, আৰু তেওঁ নিজেও বহু আধুনিক চিন্তাৰে আগভাগত আছিল।
মৃত্যু
[সম্পাদনা কৰক]নিক্কোলো মাকিয়াভেল্লি ১৫২৭ চনৰ ২১ জুনত ফ্লোৰেন্সত মৃত্যু বৰণ কৰে। মৃত্যুৰ পাছত তেওঁৰ ৰচনাবোৰ অধিক জনপ্ৰিয়তা লাভ কৰে।
উৎস
[সম্পাদনা কৰক]- ↑ "Machiavelli, Niccolò". Longman Dictionary of Contemporary English. Longman. https://www.ldoceonline.com/dictionary/niccolo-machiavelli। আহৰণ কৰা হৈছে: 5 August 2023.
- ↑ "Machievelli, Niccolò". Lexico US English Dictionary. Oxford University Press. Archived from the original on 10 February 2022. Unknown parameter
|url-status=ignored (help) - ↑ সাঁচ:Cite American Heritage Dictionary
- ↑ উদাহৰণস্বৰূপ: "Niccolo Machiavelli – Italian statesman and writer". Encyclopedia Britannica. 17 June 2023. আৰু "Niccolò Machiavelli". Internet Encyclopedia of Philosophy. https://www.iep.utm.edu/machiave/। আহৰণ কৰা হৈছে: 1 November 2018.
- ↑ উদাহৰণস্বৰূপ: Smith, Gregory B. (2008). Between Eternities: On the Tradition of Political Philosophy, Past, Present, and Future. Lexington Books. পৃষ্ঠা. 65. ISBN 978-0739120774. https://books.google.com/books?id=1w5sCPpcDPMC&pg=PA65., Whelan, Frederick G. (2004). Hume and Machiavelli: Political Realism and Liberal Thought. Lexington Books. পৃষ্ঠা. 29. ISBN 978-0739106310. https://books.google.com/books?id=2d4qgsSLZQgC&pg=PA29., Strauss (1988). What is Political Philosophy? And Other Studies. University of Chicago Press. পৃষ্ঠা. 41. ISBN 978-0226777139. https://books.google.com/books?id=W5m6lCFR53YC.
- ↑ Jurdjevic, Mark; Piano, Natasha; McCormick, John P. (May 2019), Florentine Political Writings from Petrarch to Machiavelli, University of Pennsylvania Press, ISBN 978-0-8122-9602-0, https://books.google.com/books?id=3_aVDwAAQBAJ&pg=PA211, ""On the basis of his chief political works—The Prince, the Discourses on Livy’s First Ten Books, the Florentine Histories, and The Art of War—many commentators consider Machiavelli to be the father of modern political thought or modern political science; some even ordain him the founder of “modernity” itself.""
- ↑ Machiavelli: A Very Short Introduction, chapter 1, pgs. 3-24
- ↑ Machiavelli: A Very Short Introduction, chapter 1, pgs. 3-24
- ↑ Machiavelli: A Very Short Introduction, Oxford University Press, 25 July 2019, p. 23, ISBN 978-0-19-257454-1, https://books.google.com/books?id=p0KjDwAAQBAJ&pg=PA23
- ↑ "CRB -- Land's End". https://claremontreviewofbooks.com/lands-end/.
- ↑ "Niccolo Machiavelli". Encyclopedia Britannica. https://www.britannica.com/biography/Niccolo-Machiavelli। আহৰণ কৰা হৈছে: 8 August 2019.
- ↑ The Prince, Chapter 18
- ↑ Rahe, Paul A. (14 November 2005). Machiavelli's Liberal Republican Legacy. Cambridge University Press. ISBN 978-1-139-44833-8. https://books.google.com/books?id=ZqroV-TkIhgC&pg=PR42.
- ↑ উদাহৰণস্বৰূপ, The Prince chap. 15, and The Discourses Book I, chapter 9
- ↑ Strauss, Leo; Cropsey, Joseph (2012). History of Political Philosophy. University of Chicago Press. পৃষ্ঠা. 297. ISBN 978-0226924717. https://books.google.com/books?id=E7mScxst9UoC&q=history%20of%20political%20philosophy&pg=PT315.
- ↑ Mansfield, Harvey C. (25 February 1998), Machiavelli's Virtue, University of Chicago Press, p. 178, ISBN 978-0-226-50372-1, https://books.google.com/books?id=Q4EULB2IM50C&pg=PA178
- ↑ Giorgini, Giovanni (2013). "Five Hundred Years of Italian Scholarship on Machiavelli's Prince". Review of Politics খণ্ড 75 (4): 625–640. doi:10.1017/S0034670513000624. ISSN 0034-6705. https://archive.org/details/sim_review-of-politics_fall-2013_75_4/page/625.
- ↑ Strauss, Leo (4 July 2014). Thoughts on Machiavelli. University of Chicago Press. পৃষ্ঠা. 9. ISBN 978-0-226-23097-9. https://books.google.com/books?id=oi2GDwAAQBAJ&pg=PA9.
- ↑ Harvey Mansfield and Nathan Tarcov, "Introduction to the Discourses". In their translation of the Discourses on Livy
- ↑ Theodosiadis, Michail (June–August 2021). "From Hobbes and Locke to Machiavelli's virtù in the political context of meliorism: popular eucosmia and the value of moral memory". Polis Revista খণ্ড 11: 25–60.
- ↑ Berlin, Isaiah (31 December 2012), The Proper Study of Mankind: An Anthology of Essays, Random House, p. 269, ISBN 978-1-4464-9695-4, https://books.google.com/books?id=78xbiaLnxp4C&dq=%E2%80%98The+Originality+of+Machiavelli%27&pg=PA269
- ↑ "Machiavelli". Internet Encyclopedia of Philosophy. https://iep.utm.edu/machiave/। আহৰণ কৰা হৈছে: ২২ জুলাই ২০২৫.
- ↑ /ˈnɪkəloʊ[invalid input: '*']ˌmækiəˈvɛli/ nik-ə-LOH- *-MAK, US also /-[invalid input: '*']ˌmɑːk-/ -*-mahk--;[1][2][3] Italian: [nikkoˈlɔ mmakjaˈvɛlli]; ইংৰাজীত কেতিয়াবা কেতিয়াবা Nicholas Machiavel (/ˈmækiəvɛl/ mak-ee-ə-vel, US also /ˈmɑːk-/ mahk--) বুলিও লিখা হয়।
<ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল