নিখত জৰীন
নিখত জৰীন | ||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
![]() ২০২২ চনত জৰীন | ||||||||||||||||||||||||||||||||||||||
ব্যক্তিগত তথ্যাৱলী | ||||||||||||||||||||||||||||||||||||||
উপনাম | নিক্কী | |||||||||||||||||||||||||||||||||||||
ৰাষ্ট্ৰীয়তা | ভাৰতীয় | |||||||||||||||||||||||||||||||||||||
জন্ম | ১৪ জুন, ১৯৯৬ (২৯ বছৰ) নিজামাবাদ, অন্ধ্ৰপ্ৰদেশ (বৰ্তমান তেলেংগানা), ভাৰত | |||||||||||||||||||||||||||||||||||||
ওজন | ৫১ কেজি | |||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
নিখত জৰীন (ইংৰাজী: Nikhat Zareen ; জন্ম: ১৪ জুন ১৯৯৬) এগৰাকী ভাৰতীয় বক্সাৰ আৰু দুবাৰৰ বিশ্ব চেম্পিয়ন। ২০১১ চনত আন্টালিয়াত অনুষ্ঠিত হোৱা এআইবিএ মহিলা যুৱ আৰু জুনিয়ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক লাভ কৰে।[1] ২০২২ চনৰ ইস্তানবুল, আৰু ২০২৩ চনৰ নতুন দিল্লী আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জৰিনে সোণৰ পদক লাভ কৰে।[2][3] বাৰ্মিংহাম ২০২২ কমনৱেলথ গেমছতো তেওঁ স্বৰ্ণ পদক লাভ কৰে।[4][5] ২০২২ চনৰ এছিয়ান গেমছত লাইট ফ্লাইৱেট ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।[6]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নিখত জৰীনৰ ১৯৯৬ চনৰ ১৪ জুনত অন্ধ্ৰপ্ৰদেশৰ (বৰ্তমান তেলেংগানা) নিজামাবাদ চহৰত মহম্মদ জমীল আহমেদ আৰু পাৰবীন চুলতানাৰ ঘৰত জন্মগ্ৰহণ হৈছিল।[7][8][9] নিজামাবাদৰ নিৰ্মলা হ্ৰুদয়া ছোৱালী হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা সমাপ্ত কৰে।[10] তেলেংগানাৰ হায়দৰাবাদৰ এ ভি কলেজৰ পৰা কলা শাখাত স্নাতক (বি.এ.) ডিগ্ৰী লাভ কৰি আছে।[11]
২০২১ চনৰ জুন মাহৰ পৰা হায়দৰাবাদৰ এ চি গাৰ্ডছৰ জ'নেল অফিচ বেংক অৱ ইণ্ডিয়াত জৰীনে ষ্টাফ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিছে।[12]
কৰ্মজীৱন
[সম্পাদনা কৰক]জৰীনে বক্সিঙৰ সৈতে পৰিচয় কৰাই দিছিল তেওঁৰ পিতৃ মহম্মদ জমীল আহমেদে আৰু তেওঁৰ অধীনত এবছৰ ধৰি প্ৰশিক্ষণ লৈছিল।[10] ২০০৯ চনত দ্ৰোনাচাৰ্য বঁটা বিজয়ী IV ৰাওৰ অধীনত প্ৰশিক্ষণ ল'বলৈ বিশাখাপট্টনমত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষত অন্তৰ্ভুক্ত কৰা হয়। এবছৰৰ পিছত ২০১০ চনত ইৰোড নেচনেলছত তেওঁক 'সোণালী শ্ৰেষ্ঠ বক্সাৰ' হিচাপে ঘোষণা কৰা হয়।[10]
কৃতিত্বসমূহ
[সম্পাদনা কৰক]আন্তৰ্জাতিক শিৰোনাম | ||||
---|---|---|---|---|
বছৰ | স্থান | ওজন | প্ৰতিযোগিতা | অৱস্থান |
২০১১ চনৰ | ![]() |
৪৮ | AIBA মহিলা জুনিয়ৰ আৰু যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ | তুৰ্কী |
২০১৪ চনৰ | ![]() |
৪৫–৪৮ | যুৱ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ | বুলগেৰিয়া |
২০১৪ চনৰ | ![]() |
৫১ | নেচনছ কাপ আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা | নভি ছাড, ছাৰ্বিয়া |
২০১৮ চনৰ | ![]() |
৫১ | ৫৬ সংখ্যক বেলগ্ৰেড আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ | বেলগ্ৰেড, ছাৰ্বিয়া |
২০১৯ চনৰ | ![]() |
৫১ | এছিয়ান চেম্পিয়নশ্বিপ | বেংকক, থাইলেণ্ড |
২০১৯ চনৰ | ![]() |
৫১ | থাইলেণ্ড মুকলি আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতা | বেংকক, থাইলেণ্ড |
২০১৯ চনৰ | ![]() |
৫১ | ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেণ্ট | ছফিয়া, বুলগেৰিয়া |
২০২১ চনৰ | ![]() |
৫১ | ইস্তানবুল বছফৰাছ বক্সিং টুৰ্ণামেণ্ট | ইস্তানবুল, তুৰস্ক |
২০২২ চনৰ | ![]() |
৫১ | ষ্ট্ৰেণ্ডজা মেম'ৰিয়েল বক্সিং টুৰ্ণামেণ্ট | ছফিয়া, বুলগেৰিয়া |
২০২২ চনৰ | ![]() |
৫২ | আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ | ইস্তানবুল, তুৰস্ক |
২০২২ চনৰ | ![]() |
৫০ | XXII কমনৱেলথ গেমছ | বাৰ্মিংহাম, ইংলেণ্ড |
২০২৩ চনৰ | ![]() |
৫০ | আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ | নতুন দিল্লী, ভাৰত |
পুৰস্কাৰ
[সম্পাদনা কৰক]- নিখাটক তেওঁৰ গৃহ চহৰ নিজামাবাদ, তেলেংগানাৰ চৰকাৰী ৰাষ্ট্ৰদূত নিযুক্তি দিয়া হয়।[13]
- সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় বক্সিং চেম্পিয়নশ্বিপত 'শ্ৰেষ্ঠ বক্সাৰ', জলন্ধৰ, পঞ্জাৱ - ফেব্ৰুৱাৰী ২০১৫[11]
- ২০১৯ চনৰ ক্ৰীড়াত উৎকৃষ্টতাৰ বাবে জে এফ ডব্লিউ বঁটা।[14]
- অৰ্জুন বঁটা ২০২২[15]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "4 Indians win gold in AIBA Women's Youth & Junior World Championship". The Times of India. 30 April 2011. https://timesofindia.indiatimes.com/sports/boxing/4-Indians-win-gold-in-AIBA-Womens-Youth-Junior-World-Championship/articleshow/8128801.cms.
- ↑ "Nikhat Zareen beats Vietnam's Nguyen Thi Tam to bag second World Championships gold". 26 March 2023. https://www.hindustantimes.com/sports/others/nikhat-zareen-beats-vietnam-s-nguyen-thi-tam-to-bag-second-world-championships-gold-101679833217185.html। আহৰণ কৰা হৈছে: 26 March 2023.
- ↑ "India's Nikhat Zareen Wins Gold At Women's World Boxing Championships". NDTV. 19 May 2022. https://sports.ndtv.com/boxing/indias-nikhat-zareen-wins-gold-at-womens-world-boxing-championships-2991559.
- ↑ "Nikhat Zareen wins maiden CWG gold to extend India's boxing juggernaut at Commonwealth Games 2022". Hindustan Times. 7 August 2022. https://www.hindustantimes.com/sports/commonwealth-games/nikhat-zareen-wins-maiden-cwg-gold-to-extend-india-s-boxing-juggernaut-at-commonwealth-games-2022-101659877855455.html.
- ↑ Maniyar, Aachal (7 August 2022). "Commonwealth Games: Nikhat Zareen clinches gold, bags 3rd medal in boxing for India". India TV. https://www.indiatvnews.com/sports/other/commonwealth-games-2022-nikhat-zareen-clinches-gold-bags-3rd-medal-in-boxing-for-india-birmingham-2022-08-07-798223.
- ↑ Peesara, Anuraag (1 October 2023). "Asian Games 2023 boxing: Nikhat Zareen wins bronze medal, Parveen Hooda secures Paris Olympics quota". Olympics.com. https://olympics.com/en/news/asian-games-2023-boxing-nikhat-zareen-semi-finals-bronze-medal-result-india.
- ↑ "Indian Boxing Federation Boxer Details". www.indiaboxing.in. http://www.indiaboxing.in/boxerdetails.php?regno=8861। আহৰণ কৰা হৈছে: 13 October 2019.
- ↑ "India's Nikhat Zareen wins silver at Youth World Boxing" (en ভাষাত). Firstpost. 29 September 2013. https://www.firstpost.com/sports/indias-nikhat-zareen-wins-silver-at-youth-world-boxing-1140849.html.
- ↑ "Nikhat Zareen wins silver". The Hindu. 30 September 2013. http://www.thehindu.com/todays-paper/tp-sports/nikhat-zareen-wins-silver/article5183816.ece.
- ↑ 10.0 10.1 10.2 "Nikhat Zareen wins over family resistance". The Times of India. Archived from the original on 2013-10-03. https://web.archive.org/web/20131003141546/http://articles.timesofindia.indiatimes.com/2013-10-01/boxing/42573869_1_father-london-games-zareen। আহৰণ কৰা হৈছে: 31 May 2014.
- ↑ 11.0 11.1 "Nikhat Zareen packs a punch" (en ভাষাত). The Hindu. 26 February 2015. ISSN 0971-751X. http://www.thehindu.com/news/cities/Hyderabad/nikhat-zareen-packs-a-punch/article6935340.ece.
- ↑ "Boxer Nikhat Zareen appointed as staff officer in Bank of India" (en ভাষাত). The Times of India. 19 June 2021. https://timesofindia.indiatimes.com/sports/off-the-field/boxer-nikhat-zareen-appointed-as-staff-officer-in-bank-of-india/articleshow/83667453.cms.
- ↑ "Nikhat Zareen is brand ambassador of Nizamabad". The Hindu. 13 December 2014. ISSN 0971-751X. http://www.thehindu.com/news/national/telangana/nikhat-zareen-is-brand-ambassador-of-nizamabad/article6686616.ece.
- ↑ "The Young Fighter; Nikhat Zareen". JFW Just for women. 24 September 2019. https://jfwonline.com/article/the-young-fighter-nikhat-zareen/.
- ↑ ABP Live (30 November 2022). "National Sports Awards 2022: Sharath Kamal, Lakshya Sen, Nikhat Zareen & Others Receive Awards" (en ভাষাত). https://news.abplive.com/sports/national-sports-awards-2022-ceremony-sharath-kamal-bestowed-with-khel-ratna-winners-full-list-arjuna-award-lakshya-sen-nikhat-zareen-1566643.