নিখিতা গান্ধী
নিখিতা গান্ধী | |
|---|---|
২০১৭ চনত গান্ধী | |
| পৃষ্ঠভূমি | |
| জন্ম | ১ অক্টোবৰ, ১৯৯১ (৩৪ বছৰ) কলিকতা, পশ্চিম বংগ, ভাৰত |
| সংগীতৰ ধৰণ | নেপথ্য কণ্ঠশিল্পী |
| পেচা | গায়িকা |
| সক্ৰিয়তাৰ বছৰ | ২০১৩–বৰ্তমানলৈকে |
নিখিতা গান্ধী (ইংৰাজী: Nikhita Gandhi; জন্ম: ১ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, যিয়ে পাঁচটা ভাৰতীয় ভিন্ন ভাষাৰ চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ তামিল, হিন্দী, তেলেগু, বাংলা আৰু কানাড়া চলচ্চিত্ৰ প্ৰকল্পত কাম কৰিছে।[1]
তেওঁ ৰাবতাত দীপিকা পাডুকনৰ মুখ হিচাপে "ৰাবতা" টাইটেল ট্ৰেকটো গাইছিল।[2] জগ্গা জাছুছ ছবিৰ অৰিজিত সিঙৰ সৈতে তেওঁৰ দ্বৈত গীত " উল্লু কা পঠা" হিট হৈছিল।[3] শচীন: এ বিলিয়ন ড্ৰিমছ, জব হেৰী মেট চেজল, কেদাৰনাথ, লুকা চুপ্পী, সূৰ্য্যবংশী আৰু টাইগাৰ ৩কে ধৰি বহু হিন্দী ছবিৰ বাবে গীত গাইছে। লগতে লিঅ’, ৱৰিছু, ককপিট, কিছমিছ আদি বাংলা আৰু তামিল ছবিৰ বাবেও গাইছে। তেওঁৰ গীত "আও কভি হাৱেলী পে" আৰু "পোষ্টাৰ লগা দো"ও জনপ্ৰিয় হৈ পৰে। বাদশ্বাহৰ সৈতে "জুগ্নু" গীতটো ভাইৰেল হিট হৈ পৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কলকাতাত জন্মগ্ৰহণ কৰা নিখিতাই স্নাতক ডিগ্ৰী লাভ কৰি থাকোঁতে চেন্নাইত বাস কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ প্ৰায় ১২ বছৰ ধৰি ওডিচি নৃত্য আৰু হিন্দুস্তানী সংগীত শিকিছিল।[4]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "I don't think I could have asked for something better: Nikhita Gandhi on 'Raabta'". http://www.radioandmusic.com/entertainment/editorial/news/170519-i-don%E2%80%99t-think-i-could-have-asked-something.
- ↑ "From KM to Jagga Jasoos, tracing Nikhita Gandhi's musical journey". The New Indian Express. http://www.indulgexpress.com/entertainment/celebs/2017/jun/09/from-km-to-jagga-jasoos-tracing-nikita-gandhis-musical-journey-2095.html.
- ↑ Ramanujam, Srinivasa (2015-06-18). "Ladio girl and her band" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/features/metroplus/nikhita-gandhi-ladio-girl-and-her-band/article7329932.ece.
- ↑ Ramanujam, Srinivasa (2015-06-18). "Ladio girl and her band" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. http://www.thehindu.com/features/metroplus/nikhita-gandhi-ladio-girl-and-her-band/article7329932.ece.