নিগাৰ শ্বাজী
| নিগাৰ শ্বাজী | |
|---|---|
| জন্ম | নিগাৰ চুলতানা চেংগোটাই, তিৰুনেলভেলী জিলা (বৰ্তমান ভাৰতৰ তামিলনাডুৰ টেংকাশী জিলা), ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষা | ইলেক্ট্ৰনিক্স আৰু যোগাযোগ বিদ্যাৰ স্নাতক, ইলেক্ট্ৰনিক্সৰ স্নাতকোত্তৰ |
| শিক্ষানুষ্ঠান | চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, তিৰুনেলভেলি বিৰলা ইনষ্টিটিউট অৱ টেকন'লজি, মেছৰা |
| পেচা | মহাকাশ বিজ্ঞানী |
| নিয়োগকৰ্তা | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
| জনা যায় | আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক, ৰিছৰ্চছেট-২এৰ সহযোগী প্ৰকল্প সঞ্চালক |
| পিতৃ-মাতৃ | শ্বেখ মিৰাম (পিতৃ), চাইটুন বিবি (মাতৃ) |
নিগাৰ শ্বাজী (ইংৰাজী: Nigar Shaji; জন্ম: ১৯৬৪) এগৰাকী ভাৰতীয় মহাকাশ বিজ্ঞানী তথা অভিযন্তা। বৰ্তমান তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত কৰ্মৰত। তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৬৪ চনত তামিল মুছলমান পৰিয়ালত নিগাৰ শ্বাজীৰ জন্ম হৈছিল। তেওঁৰ নাম নিগাৰ চুলতানা ৰখা হৈছিল। তেওঁৰ দেউতাক শ্বেখ মীৰাণ এগৰাকী খেতিয়ক আৰু মাক ছেইটুন বিবি এগৰাকী গৃহিণী আছিল। নিগাৰ শ্বাজীয়ে তামিলনাডুৰ টেংকাশী জিলাৰ চেংগোটাইত[1][2] ডাঙৰ-দীঘল হৈছিল।[3] তিৰুনেলভেলী মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ অধ্যয়নৰ বাবে যোৱাৰ আগতে চেংগোটাইৰ[4] এছ আৰ এম চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, তিৰুনেলভেলীৰ পৰা ইলেক্ট্ৰনিক্স আৰু যোগাযোগত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে।[5] তাৰ পিছত তেওঁ মেছৰাৰ বিৰলা ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা ইলেক্ট্ৰনিক্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[6][7] তেওঁৰ এজন আছে আৰু তেওঁৰ নাম শ্বেইক ছালীম।[8]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৮৭ চনত নিগাৰ শ্বাজীয়ে ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰৰ অংশ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত যোগদান কৰে।[6] তেওঁ ভাৰতৰ প্ৰস্তাৱিত শুক্ৰ অভিযানৰ অধ্যয়ন সঞ্চালক হিচাপে কাম কৰাকে ধৰি একাধিক উপগ্ৰহ কাৰ্যসূচীৰ লগত জড়িত হৈ আহিছে।[9][10] তেওঁ ৰিচ'ৰ্চছেট-২এৰ সহযোগী প্ৰকল্প সঞ্চালক আছিল।[11][12] ২০২৩ চনৰ হিচাপত তেওঁ ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য-এল১ৰ প্ৰকল্প সঞ্চালক আছিল। ২০২৩ চনৰ ২ ছেপ্টেম্বৰত এই অভিযান সফলতাৰে আৰম্ভ কৰা হৈছিল।[13]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]২০২৩ চনত টাইমছ নাওৱে শ্বাজী আৰু পি বীৰমুথুভেলক তেওঁলোকৰ "ভাৰতৰ মহাকাশ প্ৰচেষ্টাত অৱদান"ৰ বাবে স্বীকৃতি প্ৰদান কৰে।[14] তিৰুচিৰাপল্লী আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ে তেওঁক 'উৎকৃষ্টতাৰ প্ৰাকক্ষণ' সন্মান প্ৰদান কৰিছে।[15][16]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]নিগাৰ শ্বাজীয়ে মাক আৰু কন্যাৰ সৈতে বাংগালুৰুত বসবাস কৰে।[6][17] তেওঁৰ স্বামীয়ে ডুবাইত কাম কৰে।[6]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Rajamani, Thinakaran (2 September 2023). "Meet Nigar Shaji from TN's Tenkasi, Aditya-L1 mission project director". https://www.newindianexpress.com/states/tamil-nadu/2023/Sep/02/meet-nigar-shaji-from-tns-tenkasi-aditya-l1-mission-project-director-2610872.html.
- ↑ "Meet Nigar Shaji, a woman ISRO scientist who helmed Aditya-L1 mission". https://m.economictimes.com/news/science/adityas-tenkasi-connection-in-indias-maiden-solar-mission/articleshow/103308500.cms.
- ↑ Singh, Surendra (3 September 2023). "After Moon, Isro's 'Nari Shakti' behind Aditya-L1: Nigar Shaji is project head". The Times of India (Online); New Delhi..
- ↑ Web Desk, Outlook (2023-09-03). "Meet Nigar Shaji, The Project Director Behind India's First Solar Mission Aditya L-1". www.outlookindia.com. https://www.outlookindia.com/national/who-is-nigar-shaji-the-project-director-of-india-s-first-solar-mission-aditya-l-1-news-315409। আহৰণ কৰা হৈছে: 2024-01-05.
- ↑ Web Desk, Outlook (2023-09-03). "Meet Nigar Shaji, The Project Director Behind India's First Solar Mission Aditya L-1". www.outlookindia.com. https://www.outlookindia.com/national/who-is-nigar-shaji-the-project-director-of-india-s-first-solar-mission-aditya-l-1-news-315409। আহৰণ কৰা হৈছে: 2024-01-05.
- ↑ 6.0 6.1 6.2 6.3 "Meet Nigar Shaji, The Project Director Of India's First Sun Mission: 5 Points". NDTV.com. https://www.ndtv.com/india-news/5-points-about-nigar-shaji-project-director-of-india-s-maiden-solar-mission-4352495। আহৰণ কৰা হৈছে: 2023-09-02.
- ↑ Sivapriyan, ETB (2 September 2023). "Meet Nigar Shaji, Aditya L1 project director from Tamil Nadu". Deccan Herald. https://www.deccanherald.com/science/meet-nigar-shaji-aditya-l1-project-director-from-tamil-nadu-2670933.
- ↑ "Who is Nigar Shaji, the scientist who served as project director for Aditya-L1 solar mission" (en ভাষাত). Moneycontrol. 2023-09-02. https://www.moneycontrol.com/news/trends/nigar-shaji-scientist-served-project-director-aditya-l1-solar-mission-11299231.html। আহৰণ কৰা হৈছে: 2024-01-05.
- ↑ Kumar, Chethan (5 May 2022). "Aim is to find unique outcome from Venus mission". The Times of India; New Delhi.
- ↑ Bartels, Meghan (2012). "India has a new planetary target in mind: Venus". All About Space: 13. http://archive.org/details/edg-aas-issue.
- ↑ lallanpost (2023-09-02). "इसरो की एक महिला वैज्ञानिक निगार शाजी ने आदित्य-एल1 मिशन का नेतृत्व किया है." (en-US ভাষাত). Lallanpost. https://lallanpost.com/nigar-shaji-a-woman-isro-scientist-helmed-aditya-l1-mission/। আহৰণ কৰা হৈছে: 2023-09-03.
- ↑ "Isro scientist urges engineering students to join space research". The Times of India; New Delhi. 10 February 2015.
- ↑ Kumar, Hari; Mashal, Mujib (2023-09-02). "India Launches Its First Solar Mission" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2023/09/02/world/asia/india-solar-mission-launch.html.
- ↑ "11 get Times Now Amazing Indians Awards [India]". The Times of India; New Delhi. 1 October 2023.
- ↑ "Solar mission chief Nigar Shaji urges women to aim high". The Hindu; Chennai. 22 October 2023.
- ↑ "She's shining bright". The Hindu; Chennai. 27 October 2023.
- ↑ Desk, INVC (2023-09-04). "Diversity Shines: Muslim Scientists Nigar Shaji Heads ISRO's Sun Mission" (en-US ভাষাত). INVC. Archived from the original on 2023-09-04. https://web.archive.org/web/20230904102134/https://www.internationalnewsandviews.com/muslim-female-scientist-nigar-shaji-nigar-shaji-isro/। আহৰণ কৰা হৈছে: 2023-09-04.