সমললৈ যাওক

নিঘাট ছৈয়দ খান

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিঘাট ছাইদ খান (ইংৰাজী: Nighat Said Khan) এগৰাকী পাকিস্তানী নাৰীবাদী কৰ্মী, গৱেষক আৰু লেখিকা। তেওঁ এপ্লাইড ছ’চিয়েল-ইকনমিক ৰিচাৰ্চ (এ এছ আৰ) ৰিচ’ৰ্চ চেণ্টাৰৰ পৰিচালক আৰু প্ৰতিষ্ঠাপক৷ তেওঁ মহিলা একচন ফ’ৰামৰ প্ৰতিষ্ঠাপক সদস্য।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

খানে শৈশৱ পাকিস্তান আৰু আমেৰিকাৰ মাজত কটায়৷ ইয়াৰ উপৰিও তেওঁ এ লেভেলৰ বাবে লণ্ডনলৈ যায়৷ ১৯৬০ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভৰ বাবে নিউয়ৰ্ক চহৰলৈ গুচি যায়৷ বিশ্ববিদ্যালয়ত থকা সময়ছোৱাত তেওঁ ভিয়েটনাম বিৰোধী যুদ্ধ আন্দোলন আৰু মহিলা অধিকাৰ আন্দোলনৰ সৈতে জড়িত হৈ পৰে। ১৯৭৪ চনত পাকিস্তানলৈ উভতি আহি খানে বহুলাংশে তাতেই ভালেমান সময় কটায়। উভতি অহাৰ লগে লগে তেওঁ ডেম’ক্ৰেটিক ৱমেন এছ’চিয়েশ্যনৰ সৈতে জড়িত হৈ পৰে যি পূব পাকিস্তানত পাকিস্তান সামৰিক বাহিনীৰ দমনৰ বিৰুদ্ধে আন্দোলন কৰে।

২০১৭ চনত হেৰাল্ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে তেওঁৰ পিতৃ ডাঙৰ হৈ থাকোঁতে পাকিস্তান সেনাবাহিনীত আছিল৷ অৱশ্যে ইয়াৰ ফলত তেওঁক আয়ুব খানৰ বিৰুদ্ধে ছাত্ৰৰ আন্দোলনত যোগদান কৰিবলৈ বাধা দিয়া নাছিল৷ সেই সময়তে তেওঁৰ পিতৃ এজন সামৰিক আইন প্ৰশাসক আছিল।[1] তেওঁ নাৰী অধিকাৰ কৰ্মী তাহিৰা মাজহাৰ আলী[2] আৰু তেওঁৰ স্বামী মাজহাৰ আলী খানক প্ৰাৰম্ভিক প্ৰভাৱ হিচাপে উল্লেখ কৰিছে।

ৰাজনৈতিক সক্ৰিয়তা

[সম্পাদনা কৰক]

নিঘাট হয়তো মহিলা কৰ্ম মঞ্চ (WAF)ৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে আটাইতকৈ বেছি পৰিচিত। ১৯৮৩ চনৰ ১২ ফেব্ৰুৱাৰীত লাহোৰত তেতিয়াৰ জেনেৰেল জিয়াউল হকে প্ৰমাণৰ আইন সংশোধনৰ বিৰুদ্ধে মহিলাৰ সাক্ষ্য পুৰুষৰ সাক্ষ্যৰ আধালৈ হ্ৰাস কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা (পাকিস্তানত ৰাষ্ট্ৰীয় মহিলা দিৱস বুলিও কোৱা হয়)ৰ অংশ আছিল।[3]

গৱেষণা আৰু কাম

[সম্পাদনা কৰক]

নিঘাটে ১৯৭০ চনত লাহোৰৰ শ্বাহ হুছেইন কলেজত অধ্যাপক এৰিক চাইপ্ৰিয়ানৰ সৈতে আৰু পিছলৈ ইছলামবাদৰ কোৱাইদ-ই-আজম বিশ্ববিদ্যালয়ত কাম কৰি আহিছে। বাওঁপন্থী ৰাজনৈতিক বিশ্বাসৰ বাবে তেওঁক বিশ্ববিদ্যালয় পদৰ পৰা আঁতৰাই দিয়া হয়।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Jahan, Tanveer (8 March 2016). "The sole voice: Women's rights activist, Nighat Said Khan" (en ভাষাত). Herald Magazine. https://herald.dawn.com/news/1153358. 
  2. Correspondent, Our Special (17 May 2015). "Tahira Mazhar Ali – an unflinching Leftist" (en ভাষাত). DAWN.COM. https://www.dawn.com/news/1182474. 
  3. Naqvi, Hassan (February 12, 2014). "National Women's Day: Memoirs of trailblazing activists". The Express Tribune. https://tribune.com.pk/story/670541/national-womens-day-memoirs-of-trailblazing-activists/. 
  4. Jahan, Tanveer (8 March 2016). "The sole voice: Women's rights activist, Nighat Said Khan" (en ভাষাত). Herald Magazine. https://herald.dawn.com/news/1153358.