সমললৈ যাওক

নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান
আই.ইউ.চি.এন শ্ৰেণী IV (বাসস্থান/প্ৰজাতি ব্যৱস্থাপনা অঞ্চল)
বাংলাদেশৰ চট্টগ্ৰাম বিভাগত অৱস্থান
অৱস্থান নোৱাখালী জিলা, চট্টগ্ৰাম বিভাগ, বাংলাদেশ
নিকটতম চহৰ নোৱাখালী
মাটিকালি ১৬৩৫২.২৩ হেক্টৰ
প্ৰতিস্থা ২০০১ (2001)
কৰ্তৃপক্ষ বাংলাদেশ বন বিভাগ

নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Nijhum Dwip National Park) হৈছে বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। উদ্যানখন বাংলাদেশৰ দক্ষিণ অঞ্চলৰ নোৱাখালী জিলাৰ হাতিয়া উপজিলাত অৱস্থিত। মেঘনা নদীৰ পাৰত অৱস্থিত এই উদ্যানখন সুন্দৰবন বদ্বীপৰ এটা অংশ।

নিঝুম দ্বীপ ৰাষ্ট্ৰীয় উদ্যানখনে প্ৰায় ১৬,৩৫২ হেক্টৰ (১৬৩.৫২ কিলোমিটাৰ বৰ্গফুট) মেনগ্ৰোভ বনাঞ্চলৰ বায়’ম সামৰি লৈছে। ১৯৭৪ চনৰ বন্যপ্ৰাণী আইন অনুসৰি, ২০০১ চনৰ ৮ এপ্ৰিলত বাংলাদেশ চৰকাৰে এই অঞ্চলটো ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।[1]

ইয়াৰ ওচৰৰ জলাশয়ক ২০১৯ চনত নিঝুম দ্বীপ সামুদ্ৰিক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল।[2]

অৱস্থান

[সম্পাদনা কৰক]

উদ্যানখন হাতিয়াৰ পৰা প্ৰায় ২ কিলোমিটাৰ (১.২ মাইল) দূৰৈত দক্ষিণ-পশ্চিম দিশত অৱস্থিত। নিঝুম দ্বীপত চাৰিৰ পৰা পাঁচটা সৰু দ্বীপ আছে, সেইবোৰ হ'ল- চৰ ওচমান, চৰ কমলা, চৰ মুৰি আৰু বেলাৰ চৰ দ্বীপ। এই অঞ্চলটো মূলতঃ আন্তঃজোৱাৰ-ভাটাৰ বোকা আৰু বালিৰ সমতল অঞ্চলেৰে গঠিত। ইয়াৰ ২০ কিলোমিটাৰ (১২ মাইল) বালিচহীয়া বিল আৰু ঘাঁহনি আছে। উদ্যানখনৰ জলবায়ু সাধাৰণতে আৰ্দ্ৰ আৰু উষ্ণ।

উদ্ভিদ আৰু প্ৰাণী

[সম্পাদনা কৰক]

উদ্ভিদকুল

[সম্পাদনা কৰক]

বোকাময় মাটি আৰু ছ’নেৰেটিয়া এপেটালা (কেওৰা) আৰু এভিচেনিয়া আলবা (বেইন) গছৰ নিউমেট’ফ’ৰসমূহৰ বাবে সাধাৰণতে অৰণ্যত খোজ কঢ়াটো সহজ নহয়। ৫৬টা পৰিয়ালৰ অন্তৰ্গত প্ৰায় ১৫২টা উদ্ভিদ প্ৰজাতিৰ তথ্য ইতিমধ্যে পোৱা গৈছে। বিৰল বুলি লিপিবদ্ধ কৰা উদ্যানখনৰ সাতটা উদ্ভিদ প্ৰজাতি হ’ল ব্ৰুগুইয়েৰা জিমন’ৰাইজা (কাঁকড়া), ডেৰিছ ট্ৰাইফ’লিয়াটা, ডিঅ’ছপাইৰ’ছ ব্লাংক’ই, টামাৰিস্ক গ্যালিকা, হেলিঅ’ট্ৰপিয়াম কাৰাছাভিকাম, টাইফা এলিফেণ্টেনিয়া, ছাৰ্ক’ল’বাছ কেৰিনেটাছ[3]

প্ৰাণীকুল

[সম্পাদনা কৰক]

উদ্যানখনত পোৱা জীৱ-জন্তুৰ অধিকাংশই চিত্ৰা হৰিণ, যিবোৰ ইয়াত প্ৰচুৰ পৰিমাণে দেখা যায়। ইয়াত দেখা পোৱা আন জীৱ-জন্তুসমূহ হ’ল উদ, শিয়াল, ম'হ, গুই সাপ, মেচেকা, কাছ আৰু ডলফিন। এই উদ্যানখন উল্লেখযোগ্য কাৰণ ইয়াত বিশ্বৰ সৰ্বাধিক দেশীয় গঙাচিলনী এই উদ্যানখনতেই পোৱা যায়।[4] ৰাষ্ট্ৰীয় উদ্যানখনত ১০০ৰো অধিক প্ৰজাতিৰ পৰিভ্ৰমী আৰু থলুৱা চৰাইৰ তথ্য পোৱা গৈছে। পৰিভ্ৰমী চৰাইৰ বাবে জলভাগসমূহ হৈছে ব্যস্ততম বিমানবন্দৰবোৰৰ দৰে। ইয়াত স্পুন-বিল্ড ছেণ্ডপাইপাৰ, এছিয়ান ডউইচাৰ, নৰ্ডমেন'চ্ গ্ৰীণশ্বেংক, স্পটেড ৰেডশ্বেংক, গলিয়াথ হেৰন আৰু ইণ্ডিয়ান স্কিমাৰৰ দৰে চৰাই দেখা পোৱা যায়।[5] দ্বীপসমূহৰ চাৰিওফালে থকা উপনৈসমূহত শিহু, ভাৰত-প্ৰশান্ত মহাসাগৰীয় হাম্পবেক ডলফিন, ভাৰত-প্ৰশান্ত মহাসাগৰীয় পাখিহীন পৰ্পইজ, ইৰাৱতী ডলফিনৰ বাসস্থান। মাজে মাজে তিমি মাছো দেখা পোৱা যায়। চ্যানেলবোৰত মাইক্ৰ’ বেন্থছ আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণী প্ৰচুৰ পৰিমাণে পোৱা যায়।

মানৱ বসতি

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ভিতৰত মানুহৰ বাসস্থান অতি কম। মাছ মৰা আৰু খেতি-বাতিক প্ৰধান জীৱিকা হিচাপে লৈ ৮ হাজাৰ লোকে অঞ্চলটোত জীৱন-যাপন কৰি আছে।

সংৰক্ষিত বনাঞ্চলৰ ভিতৰত পঞ্জীয়নভুক্ত বনবাসীসকলৰ কিছুমান অধিকাৰ আছে। ইয়াৰ ভিতৰত আছে ইন্ধন আৰু নিৰ্মাণ সামগ্ৰীৰ বাবে খৰি তথা কাঠ সংগ্ৰহ, চিকাৰ, পানৰ খেতি, পশুধন চাৰণ, অন্যান্য বনজ সামগ্ৰী সংগ্ৰহ, আবণ্টিত মাটিত সীমিত কৃষি আদি।

চিত্ৰ বীথিকা

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]