নিতম্ব-সন্ধি প্ৰতিস্থাপন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Hip replacement

An X-ray showing a right hip (left of image) has been replaced, with the ball of this ball-and-socket joint replaced by a metal head that is set in the femur and the socket replaced by a white plastic cup (clear in this X-ray).
ICD-9-CM 81.5181.53
MeSH D019644
MedlinePlus 002975


নিতম্ব-সন্ধি প্ৰতিস্থাপন হৈছে এক শল্যচিকিৎসা প্ৰণালী য'ত নিতম্ব বা শ্ৰোণীৰ বিসংগতিযুক্ত যোৰা কৃত্ৰিম প্ৰত্যাৰোপকৰ (implant) দ্বাৰা প্ৰতিস্থাপন কৰা হয়। ইয়াত যোৰাটো আংশিক বা সম্পূৰ্ণৰূপে প্ৰতিস্থাপন কৰা হ'ব পাৰে। বাতৰ বিষ নিৰাময় বা হাড় ভগা নিৰাময়ৰ বাবে এনে চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে। সম্পূৰ্ণ প্ৰতিস্থাপনৰ ক্ষেত্ৰত কঁকালৰ "এচিটাবুলাম" (acetabulum) নামৰ হাড়ডাল আৰু উৰ্বস্থিৰ (femor) ওপৰাংশ - দুয়োটাৰে আৰু আংশিক প্ৰতিস্থাপনত অকল উৰ্বস্থিৰ ওপৰাংশ প্ৰতিস্থাপন কৰা হয়।

প্ৰয়োজনীয়তা

নিতম্ব-সন্ধি প্ৰতিস্থাপনৰ সকলোতকৈ সাধাৰণ কাৰণটো হৈছে অষ্টিঅ'আৰ্থৰাইটিছ (osteoarthritis)। ইয়াৰ উপৰিও ৰিউমেটইড আৰ্থাৰাইটিছ (rheumatoid arthritis), ট্ৰমেটিক আৰ্থাৰাইটিছ

(traumatic arthritis), হাড় ভগা, হাড়ৰ টিউমাৰ হাড়ৰ পেগেটছ ডিজিজ (Paget's disease), এংক্লীয়'ছিং স্পণ্ডিলাইটিছ (ankylosing spondylitis) আৰু জুভেনাইল ৰিউমেটইড আৰ্থাৰাইটিছ (juvenile rheumatoid arthritis) আদিৰ বাবেও ইয়াৰ প্ৰয়োজন হ'ব পাৰে। সাধাৰণতে ইয়াক বিষ নিৰাময়ৰ শেষ প্ৰচেষ্টা হিচাবে ব্যৱহাৰ কৰা হয়।

আশংকাসমূহ (Risks)

সকলো অস্থি প্ৰতিস্থাপনৰ পৰা হ'ব পৰা জটিলতা - হাড়ৰ বিস্থাপন, সন্ধি ঢিলা হোৱা, খুন্দা খোৱা,সংক্ৰমণ, অষ্টিঅ'লাইছিছ, ধাতু সংবেদনশীলতা, নাৰভ পালছি, যন্ত্ৰণা আৰু মৃত্যু - আদি নিতম্ব সন্ধি প্ৰতিস্থাপনৰ ক্ষেত্ৰতো প্ৰযোজ্য।