সমললৈ যাওক

নিতাশা কৌল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিতাশা কৌল

২০১৩ চনত কৌল
জন্ম নিতাশা কৌল
নৱেম্বৰ ১৯৭৬[1]
গোৰখপুৰ, ভাৰত[2]
নাগৰিকত্ব যুক্তৰাজ্য
শিক্ষা চেইণ্ট থমাছ স্কুল
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয়
হাল বিশ্ববিদ্যালয়
পেচা লেখিকা, কবি, সক্ৰিয় কৰ্মী, শিক্ষাবিদ
জনা যায় ৰেচিডিউ (Residue)

নিতাশা কৌল (ইংৰাজী: Nitasha Kaul) লণ্ডনত বসবাস কৰা এগৰাকী ব্ৰিটিছ শিক্ষাবিদ, লেখিকা আৰু কবি।[3][1][4] কল্পকাহিনীৰ উপৰিও তেওঁ ৰাজনৈতিক অৰ্থনীতি, ভূটান, কাশ্মীৰ, ভাৰতত জাতীয়তাবাদ, লিংগ আৰু পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত লিখে আৰু ভাষণ প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৬ চনৰ নৱেম্বৰ মাহত ভাৰতৰ [[উত্তৰ প্ৰদেশ][ ৰাজ্যৰ গোৰখপুৰত নিতাশা কৌলৰ জন্ম হৈছিল। তেওঁ জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰৰ ডাউনটাউন মহলাৰ পৰা প্ৰব্ৰজন কৰা এক কাশ্মীৰী হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।[2][5]

কৌল নতুন দিল্লীত ডাঙৰ-দীঘল হৈছিল আৰু চেইণ্ট থমাছ স্কুলত অধ্যয়ন কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ শ্ৰী ৰাম কলেজ অৱ কমাৰ্চৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

১৯৯৭ চনত ২১ বছৰ বয়সত কৌলে হাল বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে ভাৰতৰ পৰা ইংলেণ্ডলৈ যায়। ২০০৩ চনত তেওঁ সেই একেখন বিশ্ববিদ্যালয়ৰ পৰাই অৰ্থনীতি আৰু দৰ্শন বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।[6] তেওঁৰ ডক্টৰেট গৱেষণা পত্ৰৰ বিষয় আছিল ইণ্টাৰ’গেটিং দ্য চাবজেক্ট-ৱৰ্ল্ড অৱ ইক’নমিক এপ্টিষ্টেম’লজী: ৰি-ইমাজিনিং থিয়ৰী এণ্ড ডিফাৰেন্স[7]

কেৰিয়াৰ

[সম্পাদনা কৰক]

কৌল যুক্তৰাজ্যৰ ৱেষ্টমিনষ্টাৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি, আন্তৰ্জাতিক সম্পৰ্ক আৰু ক্ৰিটিকেল ইণ্টাৰডিচিপ্লিনেৰী ষ্টাডিজৰ এগৰাকী অধ্যাপিকা। ইয়াৰ উপৰিও তেওঁ 'চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ডেম’ক্ৰেচি'ৰ (CSD) সঞ্চালিকা। কৌলে ২০০২ চনৰ পৰা ২০০৭ চনলৈ বাথ বিশ্ববিদ্যালয়ত অৰ্থনীতিৰ প্ৰবক্তা[7] আৰু ব্ৰিষ্টল বিজনেছ স্কুলত অৰ্থনীতিৰ সহকাৰী অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছত ২০১০ চনত তেওঁ ভূটানৰ ৰয়েল থিম্পু কলেজত ক্ৰিয়েটিভ ৰাইটিং বিষয়ৰ সহযোগী অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে।[6] তেওঁ বৰ্তমান ৱেষ্টমিনষ্টাৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি আৰু আন্তৰ্জাতিক সম্পৰ্ক বিভাগৰ অধ্যাপিকা।[6][8][9] তেওঁ গণতন্ত্ৰ, ৰাজনৈতিক অৰ্থনীতি, হিন্দুত্ব/ভাৰতীয় ৰাজনীতি, নাৰীবিদ্বেষ, প্ৰযুক্তি/কৃত্ৰিম বুদ্ধিমত্তা, পৰিচয়, সোঁপন্থী জাতীয়তাবাদৰ উত্থান, নাৰীবাদী আৰু উত্তৰ-ঔপনিবেশিক সমালোচনা, ভূ-ৰাজনীতিৰ ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহ আৰু ভূটান, কেৰালা তথা কাশ্মীৰৰ দৰে অঞ্চলৰ ওপৰত বহুতো লেখা প্ৰকাশ কৰিছে। গৱেষণা, লিখনি আৰু সক্ৰিয় কৰ্মৰ বাবে একাধিক গৱেষণা অনুদান আৰু বঁটা লাভ কৰা কৌলে এতিয়ালৈকে ১৫০টাতকৈও অধিক ৰচনা প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত তেওঁৰ দ্বাৰা এককভাৱে লিখিত বা সম্পাদিত ৭খন শৈক্ষিক আৰু সাহিত্যিক গ্ৰন্থ, বিভিন্ন গ্ৰন্থৰ অধ্যায় আৰু মানৱীয় তথা সমাজ বিজ্ঞানৰ অসংখ্য জাৰ্নেলত প্ৰকাশিত গৱেষণা পত্ৰ অন্তৰ্ভুক্ত।[10]

২০১৯ চনৰ ২২ অক্টোবৰত কৌলে ভাৰতত 'কাশ্মীৰৰ বিশেষ মৰ্যাদা বিলোপ'ৰ পৰৱৰ্তী সময়ত জম্মু আৰু কাশ্মীৰৰ মানৱাধিকাৰ পৰিস্থিতি সম্পৰ্কে আমেৰিকাৰ হাউচ কমিটি অন ফৰেইন এফেয়াৰ্ছৰ এক শুনানিৰ এজন মুখ্য সাক্ষী হিচাপে অংশগ্ৰহণ কৰিছিল।[11] কৌলে ভাৰত আৰু পাকিস্তান উভয় শাসিত কাশ্মীৰত মানৱাধিকাৰ তথা গণতান্ত্ৰিক নীতি উলংঘাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ (UNHCHR) বিস্তৃত প্ৰতিবেদনসমূহ দাঙি ধৰিছিল। লগতে তেওঁ সেই সময়ত ভাৰতীয় ভূখণ্ডত যোগাযোগ ব্যৱস্থাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আৰু গণ-গ্ৰেপ্তাৰৰ দৰে বিষয়সমূহ উল্লেখ কৰিছিল।[12]

গ্ৰন্থসমূহ

[সম্পাদনা কৰক]

তেওঁৰ প্ৰথম গ্ৰন্থ ইমাজিনিং ইক’নমিক্স আদাৰৱাইজ: এনকাউণ্টাৰ্ছ উইথ আইডেণ্টিটী/ডিফাৰেন্স (২০০৭) অৰ্থনীতি আৰু দৰ্শনৰ ওপৰত এক গৱেষণামূলক গ্ৰন্থ আছিল আৰু ই মিশ্ৰিত সঁহাৰি লাভ কৰিছিল।[13][14][15]

২০০৯ চনত তেওঁ ৰেচিডিউ (Residue) ৰচনা কৰে, যিখন এগৰাকী কাশ্মীৰী মহিলাৰ দ্বাৰা ইংৰাজী ভাষাত লিখিত প্ৰথমখন উপন্যাস আছিল।[16] উপন্যাসখন ২০০৯ চনৰ 'মেন এছিয়ান লিটাৰেৰী প্ৰাইজ'ৰ বাবে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হৈছিল।[5]

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত কৌলক কৰ্ণাটকৰ বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন দুদিনীয়া সন্মিলনত বক্তা হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু বৈধ 'অ'ভাৰচিজ চিটিজেন অৱ ইণ্ডিয়া' (OCI) নথিপত্ৰ থকাৰ পিছতো তেওঁক ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ'ল।[17][18] তেওঁক কি কাৰণে প্ৰৱেশত বাধা দিয়া হ'ল সেই সন্দৰ্ভত ভাৰত চৰকাৰৰ পৰা কোনো চৰকাৰী বিবৃতি প্ৰকাশ পোৱা নাই যদিও অনুমান কৰা হৈছে যে কাশ্মীৰ সন্দৰ্ভত ভাৰত চৰকাৰৰ নীতিৰ সমালোচনা কৰা আৰু তেওঁৰ পাঠ্যক্ৰমত ৰাজ্যখনৰ বাবে "অকিউপাইড" (occupied) শব্দটো ব্যৱহাৰ কৰাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে।[19] এই ঘটনাৰ সময়তে কৌলৰ অ'চিআই কাৰ্ড বাতিল কৰা হৈছিল।[20]

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • ফিউচাৰ টেন্স (Future Tense), হাৰ্পাৰকলিন্স ইণ্ডিয়া, ২০২০ আই.এচ.বি.এন. 978-9353572631
  • ৰেচিডিউ (Residue), ৰূপা পাব্লিকেশ্বনছ, ২০১৪ আই.এচ.বি.এন. 9788129124852
  • নৱেম্বৰ লাইট: এন এন্থ’লজী অৱ ক্ৰিয়েটিভ ৰাইটিং ফ্ৰম ভূটান
  • ইমাজিনিং ইক’নমিক্স আদাৰৱাইজ: এনকাউণ্টাৰ্ছ উইথ আইডেণ্টিটী/ডিফাৰেন্স, লণ্ডন: ৰুটলেজ, ২০০৭ আই.এচ.বি.এন. 9780415383974
  • মেন এছিয়ান লিটাৰেৰী প্ৰাইজ, ২০০৯, মনোনীত (চুড়ান্ত তালিকা)[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Nitasha KAUL". find-and-update.company-information.service.gov.ukgov.uk. https://find-and-update.company-information.service.gov.uk/officers/s8qqnlDe2Uv8X33fIm6uUJLjkxk/appointments আহৰণ কৰা হৈছে: 27 July 2023.
  2. 1 2 PhD, Professor Nitasha Kaul [@NitashaKaul] (25 February 2024). "My origin is from a downtown mohalla in Srinagar, Kashmir and I was born in Gorakhpur, Uttar Pradesh — the land of saffron to the 'saffronisation' heartland. This is about the threat to me & my safety, & the important impact of my work that worries anti-democratic sensibilities (although as I said after speaking as an expert witness at the US Congress, given how I have been repeatedly threatened, if I come to any accident, it probably merits a closer look).". https://twitter.com/NitashaKaul/status/1761711484814413827 আহৰণ কৰা হৈছে: 27 February 2024.
  3. Nitasha Kaul. University of Westminster.
  4. Poovanna, Sharan (25 February 2024). "Indian-origin UK professor claims she was denied entry into India despite invite by Karnataka govt" (en-IN ভাষাত). ThePrint. https://theprint.in/india/indian-origin-uk-professor-claims-she-was-denied-entry-into-india-despite-invite-by-karnataka-govt/1978495/ আহৰণ কৰা হৈছে: 28 February 2024.
  5. 1 2 3 Flood, Alison (21 October 2009). "Indian subcontinent dominates Man Asian literary prize shortlist" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/books/2009/oct/21/subcontinent-man-asian-literary-prize.
  6. 1 2 3 "Home Page" (en-US ভাষাত). nitashakaul. Archived from the original on 28 December 2019. https://web.archive.org/web/20191228175347/http://nitashakaul.com/Home_Page.html আহৰণ কৰা হৈছে: 28 December 2019.
  7. 1 2 "CURRICULUM VITAE" (en-US ভাষাত). nitashakaul. Archived from the original on 28 December 2019. https://web.archive.org/web/20191228175346/http://nitashakaul.com/CURRICULUM_VITAE.html আহৰণ কৰা হৈছে: 28 December 2019.
  8. "Dr Nitasha Kaul". University of Westminster. https://www.westminster.ac.uk/about-us/our-people/directory/kaul-nitasha আহৰণ কৰা হৈছে: 24 February 2016.
  9. "U.K. professor says she was denied entry into India for event" (en-IN ভাষাত). The Hindu. 25 February 2024. ISSN 0971-751X. https://www.thehindu.com/news/national/indian-origin-professor-denied-entry-to-country/article67885528.ece.
  10. "Dr. Nitasha Kaul Research Outputs". University of Westminster. Archived from the original on 29 December 2019. https://web.archive.org/web/20191229080225/https://westminsterresearch.westminster.ac.uk/researcher/88811 আহৰণ কৰা হৈছে: 29 December 2019.
  11. "Human Rights in South Asia: Views from the State Department and the Region, Panel II 116th Congress (2019-2020)". US Congress. https://www.congress.gov/event/116th-congress/house-event/110143 আহৰণ কৰা হৈছে: 29 December 2019.
  12. "Written Testimony of Dr Nitasha Kaula: Hearing on "Human Rights in South Asia: Views from the State Department and the Region, Panel II" U.S. House of Representatives Subcommittee on Asia, the Pacific and Nonproliferation (Committee on Foreign Affairs)". US Congress. https://www.congress.gov/116/meeting/house/110143/witnesses/HHRG-116-FA05-Wstate-KaulN-20191022.pdf আহৰণ কৰা হৈছে: 29 December 2019.
  13. Charusheela, S. (April 2010). "Imagining Economics Otherwise: Encounters with Identity/Difference" (en ভাষাত). Feminist Economics খণ্ড 16 (2): 141–146. doi:10.1080/13545701003731864. ISSN 1354-5701.
  14. Richardson, Colin (2008). "Review of IMAGINING ECONOMICS OTHERWISE: ENCOUNTERS WITH IDENTITY/DIFFERENCE". Heterodox Economics Newsletter (62). http://www.heterodoxnews.com/htnf/htn62a/Kaul-Richardson.pdf.
  15. "A Postmodernist Critique" (en-US ভাষাত). The Book Review. https://thebookreviewindia.org/a-postmodernist-critique/ আহৰণ কৰা হৈছে: 28 December 2019.
  16. Bazliel, Sharla (28 March 2014). "The urge for closure". IndiaToday. https://www.indiatoday.in/magazine/leisure/story/20140407-sharla-bazliel-reviews-residue-by-nitasha-kaul-801780-1999-11-29.
  17. "India denies entry to UK academic visiting to 'speak on democratic values'" (en ভাষাত). The Independent. 26 February 2024. https://www.independent.co.uk/asia/india/india-nitasha-kaul-karnataka-modi-b2502513.html আহৰণ কৰা হৈছে: 27 February 2024.
  18. "Prof. Kaul's Twitter". https://twitter.com/NitashaKaul/status/1761711445375410514.
  19. "Twitter". https://twitter.com/OSINTWa_com/status/1761773802617536744.
  20. "Globally Renowned Scholar of Hindi Deported from Delhi Airport Despite Valid Visa". The Wire. 20 October 2025. https://thewire.in/rights/globally-renowned-scholar-of-hindi-deported-from-delhi-airport-despite-valid-visa.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]