সমললৈ যাওক

নিতেশ তিৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিতেশ তিৱাৰী

২০১৬ চনত তিৱাৰী
জন্ম ২২ মে', ১৯৭৩ (৫২ বছৰ)
ইটাৰ্ছী, মধ্য প্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বাই, ১৯৯৬
পেচা পৰিচালক, প্ৰযোজক, লেখক
সক্ৰিয় হৈ থকা সময় ২০১১–বৰ্তমানলৈকে
উল্লেখযোগ্য কৰ্ম দংগল
চিচোৰে
দাম্পত্যসঙ্গী অশ্বিনী আয়াৰ তিৱাৰী
সন্তান


নিতেশ তিৱাৰী (ইংৰাজী: Nitesh Tiwari; জন্ম: ২২ মে' ১৯৭৩) হিন্দী ছবি-জগতত পৰিচিত এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, আৰু গীতিকাৰ।[1][2] তেওঁ চিলাৰ পাৰ্টি (২০১১) ছবিৰ সহ-পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে যিখন ছবিয়ে শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।[1] তেওঁ অতিপ্ৰাকৃতিক ৰাজনৈতিক নাটক ভূতনাথ ৰিটাৰ্নছ (২০১৪)ও পৰিচালনা কৰিছিল।[3][4]

তিৱাৰীয়ে ডংগল (২০১৬)ৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছিল, যিখন বেইজিং আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু ২০১৭ চনত দ্বিতীয় ব্ৰিকছ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।[5] ভাৰতীয় ছবিখনে সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি আৰু চীনত ১২০০ কোটিকে ধৰি ২০০০ কোটিৰো অধিক উপাৰ্জন কৰা অ-ইংৰাজী ছবিৰ ভিতৰত স্থান লাভ কৰিছে।[6][7] য'ত ই সৰ্বকালৰ শীৰ্ষ ২০ খন সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ভিতৰত অন্যতম হিচাপে আত্মপ্ৰকাশ কৰিছে।[8] তিৱাৰীয়ে ৬২ সংখ্যক ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা আৰু ২০১৭ চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত টেলষ্ট্ৰা পিপলছ চয়ছ বঁটা লাভ কৰে।[9][10] তাৰ পিছত তেওঁ সমালোচকৰ প্ৰশংসিত কমেডী-ড্ৰামা ছবি ছিচোৰে (২০১৯ ব্যৱসায়িক সফলতাৰে) নিৰ্মাণ কৰে।[11]

তেওঁ আৰ্থস্কাই পিকচাৰ্ছৰ সহ-প্ৰতিষ্ঠাপক আছিল, বিজ্ঞাপন ছবি আৰু ভাৰতীয় টেনিছ কিংবদন্তি মহেশ ভূপতি আৰু লিয়েণ্ডাৰ পেজৰ আধাৰত নিৰ্মিত ডকু-ছিৰিজ ব্ৰেক পইণ্ট নিৰ্মাণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

তিৱাৰীৰ মধ্যপ্ৰদেশত জন্ম হৈছিল। তেওঁৰ এজন ভাতৃ আৰু এগৰাকী ভনীয়েক আছে। ১৯৯৬ চনত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজি বম্বেৰ পৰা ধাতুবিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে।[12] বলিউডত প্ৰৱেশ কৰাৰ আগতে তেওঁ লিঅ' বাৰ্নেটত সৃষ্টিশীল পৰিচালক হিচাপে কাম কৰিছিল।[13] তিৱাৰীয়ে সৰু চহৰ গঞ্জ বাসোদাত ডাঙৰ-দীঘল হৈছিল, অষ্টম শ্ৰেণীলৈকে ভাৰত মাতা কনভেণ্ট স্কুলত পঢ়িছিল। তেওঁ "তাপোৰী-মোগল-ই-আজম" শীৰ্ষক এখন বিদ্যালয়ৰ নাটকত অভিনয় কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তিৱাৰীয়ে লিঅ’ বাৰ্নেটৰ প্ৰাক্তন সহকৰ্মী আৰু সৃষ্টিশীল পৰিচালক অশ্বিনী আয়াৰ তিৱাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয় যি এগৰাকী চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, লেখক। তেওঁ যমজ সন্তান, এজন ল'ৰা আৰু এগৰাকী ছোৱালীৰ পিতৃ।[14][15]

বঁটা আৰু মনোনয়ন

[সম্পাদনা কৰক]
বৰ্ষ বঁটা চলচ্চিত্ৰ ফল
২০১১ শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা চিলাৰ পাৰ্টী বিজয়ী
শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী
২০১৫ শ্ৰেষ্ঠ সংলাপৰ বাবে ফিল্মফেয়াৰ বঁটা ভূতনাথ ৰিটাৰ্ণছ মনোনীত
২০১৭ শ্ৰেষ্ঠ পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা দংগল বিজয়ী
২০১৮ শ্ৰেষ্ঠ সংলাপৰ বাবে ফিল্মফেয়াৰ বঁটা বৰেলি কি বৰ্ফী মনোনীত
২০২০ চিচোৰে মনোনীত
শ্ৰেষ্ঠ কাহিনীৰ বাবে ফিল্মফেয়াৰ বঁটা মনোনীত
শ্ৰেষ্ঠ পৰিচালকৰ বাবে ফিল্মফেয়াৰ বঁটা মনোনীত
শ্ৰেষ্ঠ কাহিনীৰ বাবে আইফা বঁটা মনোনীত
হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "59th National Film Awards for the Year 2011 Announced". Press Information Bureau (PIB), India. http://pib.nic.in/release/rel_print_page.asp?relid=80734। আহৰণ কৰা হৈছে: 7 March 2012. 
  2. "Vidya Balan wins National Award for 'The Dirty Picture'". The Times of India. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Vidya-Balan-wins-National-Award-for-The-Dirty-Picture/articleshow/12173411.cms. 
  3. Hungama, Bollywood. "Featured Movie News - Featured Bollywood News - Bollywood Hungama". Bollywood Hungama. http://www.bollywoodhungama.com/movies/features/type/view/id/6460. 
  4. "Bhoothnath Returns Fails To Make An Impact". Box Office India Trade Network. Box Office India. 18 April 2014. http://www.boxofficeindia.com/Details/art_detail/bhoothnathreturnsfailstomakeanimpact। আহৰণ কৰা হৈছে: 18 April 2014. 
  5. Aneja, Atul (25 June 2017). "China's 'Dangal' mega-success echoes at second BRICS film festival". The Hindu. https://www.thehindu.com/news/international/chinas-dangal-mega-success-echoes-at-second-brics-film-festival/article19144747.ece. 
  6. "Aamir Khan's Rs 3,000 crore dream". Deccan Chronicle. 24 June 2017. https://www.deccanchronicle.com/entertainment/bollywood/240617/aamir-khans-rs-2000-crore-dream.html. 
  7. "Dangal Update - Worldwide And All Formats - Box Office India". www.boxofficeindia.com. https://www.boxofficeindia.com/report-details.php?articleid=3072. 
  8. "আৰ্কাইভ কপি" (zh-hans ভাষাত). Archived from the original on 3 June 2016. https://web.archive.org/web/20160603230313/http://www.cbooo.cn/Alltimedomestic। আহৰণ কৰা হৈছে: 21 May 2017. 
  9. Goswami, Parismita (12 August 2017). "IFFM 2017: Aishwarya Rai looks gorgeous; Sushant Singh wins Best Actor award [PHOTOS"]. International Business Times, India Edition. https://www.ibtimes.co.in/iffm-2017-aishwarya-rai-looks-gorgeous-sushant-singh-wins-best-actor-award-photos-738179. 
  10. "My next a departure from children's films: Nitesh Tiwari". IANS - Yahoo. https://in.celebrity.yahoo.com/news/next-departure-childrens-films-nitesh-tiwari-064004713.html। আহৰণ কৰা হৈছে: 22 April 2014. 
  11. "Winners of the 62nd Filmfare Awards 2017 - filmfare.com". www.filmfare.com. https://www.filmfare.com/features/winners-of-the-62nd-filmfare-awards-2017_-26077-1.html. 
  12. "Mr. Nitesh Tiwari". Indian Institute of Technology Bombay. http://www.alumni.iitb.ac.in/en/awards/2018/distinguished-alumnus/mr-nitesh-tiwari। আহৰণ কৰা হৈছে: 29 June 2020. 
  13. "Dangal director Nitesh Tiwari's next film with Sajid Nadiadwala". 20 February 2017. https://indianexpress.com/article/entertainment/bollywood/dangal-director-nitesh-tiwari-sajid-nadiadwala-4534968/. 
  14. ""This Is The First Time In My Career That Aamir Khan Has Said Yes To A Film After The First Narration" – Nitesh Tiwari". Man's World. 22 December 2016. http://www.mansworldindia.com/art/first-time-career-Aamir-khan-said-yes-film-first-narration-Nitesh-Tiwari-interview/। আহৰণ কৰা হৈছে: 23 May 2017. 
  15. "Ashwiny Iyer Tiwari: Director With A Purpose" (en ভাষাত). Forbes India. https://www.forbesindia.com/article/self-made-women-2020/ashwiny-iyer-tiwari-director-with-a-purpose/58149/1। আহৰণ কৰা হৈছে: 23 November 2020. 


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]