সমললৈ যাওক

নিত্যা দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিত্যা দত্ত (১৯৩৫-১৯৯১) এগৰাকী বিশিষ্ট কবিৰ লগতে এগৰাকী আৰক্ষী বিষয়াও আছিল। তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পীও আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৩৫ চনৰ ২ অক্টোবৰত নাহৰকটীয়াত নিত্যা দত্তৰ জন্ম হৈছিল।

শিক্ষা জীৱন

[সম্পাদনা কৰক]

তেওঁ নাহৰকটীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা ১৯৫৩ চনত মেট্ৰিক আৰু ১৯৫৫ চনত ইন্টাৰমিডিয়েট পাছ কৰাৰ পাছত ১৯৫৭ চনত কটন কলেজৰ পৰা বি.এ. পাছ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ নাহৰকটীয়া হাইস্কুলত শিক্ষকতা কৰিছিল আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া অভিনয় শিল্পী আছিল। লগতে এজন আৰক্ষী বিষয়া আছিল।

সাহিত্যকৃতি

[সম্পাদনা কৰক]
কবিতা-সংকলন
  • পান্থশালা(১৯৬৫)
  • এমুঠি পুৱাৰ নিয়ৰ (১৯৬৮)
  • ছন্দৰ ধ্বনি (১৯৭০)
  • অনুভূতিবোৰেই শব্দ(১৯৭৯)
  • সপোনে জিৰালে শুই (১৯৮৬)
  • ভিন্ন মুখ ভিন্ন গীত (১৯৮৮)
  • Rhythm of Broken Dreams (১৯৭৩)

১৯৯১ চনৰ ২৭ অক্টোবৰত কৰ্মৰত অৱস্থাত আততায়ীৰ গুলিত দত্তৰ মৃত্যু ঘটে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০(২০০৬), কথা প্ৰকাশন, গুৱাহাটী, শোণিত বিজয় দাস আৰু মুনীন বায়ন।