সমললৈ যাওক

নিনা হচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিনা হচ

২০২৪ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত নিনা হচ
জন্ম ০৭ জুলাই, ১৯৭৫ (৫১ বছৰ)
ষ্টুটগাৰ্ট, পশ্চিম জাৰ্মানী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
জনা যায়
  • দ্য হোৱাইট মাচাই
  • এ ওমেন ইন বাৰ্লিন
  • বাৰ্বৰা
  • ফিনিক্স
  • এ মষ্ট ওৱাণ্টেড মেন
  • হোমলেণ্ড
  • টাৰ
  • হেড্ডা
দাম্পত্যসঙ্গী এলেক্স চিলভা (বি. ২০১৫)

নিনা হচ (জাৰ্মান: Nina Hoss; জন্ম: ৭ জুলাই ১৯৭৫) এগৰাকী জাৰ্মান মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। পৰিচালক ক্ৰীষ্টিয়ান পেটজোল্ডৰ সৈতে তেওঁৰ সহযোগিতা তথা তেওঁলোকৰ ছবি 'বাৰ্বৰা' (২০১২) আৰু 'ফিনিক্স' (২০১৪) আদিৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁ অভিনয় কৰা অন্যান্য ছবিসমূহৰ ভিতৰত 'দ্য হোৱাইট মাচাই' (২০০৫), 'পেলিকান ব্লাড' (২০২০), 'টাৰ' (২০২২), আৰু 'হেড্ডা' (২০২৫) অন্যতম। ইয়াৰ উপৰি তেওঁ আমেৰিকান টেলিভিছন ধাৰাবাহিক 'হোমলেণ্ড' (২০১৪–২০১৭), 'দ্য ডিফিটেড' (২০২০), আৰু 'জ্যাক ৰায়ান'ত (২০২২) অভিনয় কৰিছে।

২০১৩ চনত জাৰ্মানীৰ চৰকাৰে তেওঁক 'অৰ্ডাৰ অৱ মেৰিট অৱ দ্য ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানী' সন্মানেৰে বিভূষিত কৰে আৰু ২০১৫ চনত তেওঁক ফ্ৰান্সৰ 'অৰ্ডাৰ ডেচ আৰ্টছ এট ডেচ লেটাৰছ' উপাধি প্ৰদান কৰা হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৫ চনত পশ্চিম জাৰ্মানীৰ ষ্টুটগাৰ্টত নিনা হচৰ জন্ম হৈছিল।[1][2] তেওঁৰ পিতৃ উইলি হচ এজন জাৰ্মান ট্ৰেড ইউনিয়ন কৰ্মী আৰু ৰাজনীতিবিদ আছিল (তেওঁ 'এলায়েন্স ৯০/দ্য গ্ৰীণছ'ৰ সহ-প্ৰতিষ্ঠাপক আৰু বুণ্ডেষ্টাগৰ সদস্য আছিল)।[3] তেওঁৰ মাতৃ হাইডেমৰী ৰোহৱেডাৰ ষ্টুটগাৰ্ট নেশ্যনেল থিয়েটাৰৰ এগৰাকী অভিনেত্ৰী আছিল আৰু পিছলৈ এছলিংগেন স্থিত ভুৰ্টেমবাৰ্গ ষ্টেট প্লেহাউচৰ পৰিচালিকা হৈছিল।

হচে সাত বছৰ বয়সৰপৰাই অনাতাঁৰ নাটকত অভিনয় কৰিছিল আৰু ১৪ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে মঞ্চত অভিনয় কৰে।[4]

১৯৯৭ চনত হচে বাৰ্লিনৰ আৰ্নষ্ট বাছ একাডেমী অৱ ড্ৰামেটিক আৰ্টছৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাত তেওঁ লাৰ্চ আইডিংগাৰ, ফ্ৰিটজি হেবাৰলেণ্ড, ডেভিড ষ্ট্ৰীচো আৰু মাৰ্ক ৱাচকেৰ সৈতে অধ্যয়ন কৰিছিল।[5][6]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নিনা হচে ১২ বছৰ ধৰি ব্ৰিটিছ সংগীত প্ৰযোজক এলেক্স চিলভাৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত ২০১৫ চনত তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kellaway, Kate (2024-04-28). "German actor Nina Hoss: 'London is more driven. In the theatre, people are full of positive energy'" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/stage/2024/apr/28/german-actor-nina-hoss-tar-homeland-cherry-orchard.
  2. "Nina Hoss". Filmmakers. https://www.filmmakers.eu/en/actors/nina-hoss আহৰণ কৰা হৈছে: 15 December 2024.
  3. Zarin, Cynthia (2018-02-15). ""Returning to Reims": A German Theatre Company's Meditation on the Politics of Working-Class Families" (en-US ভাষাত). The New Yorker. ISSN 0028-792X. https://www.newyorker.com/culture/culture-desk/returning-to-reims-a-german-theatre-companys-meditation-on-the-politics-of-working-class-families আহৰণ কৰা হৈছে: 2024-07-05.
  4. Nina Hoss is judge of the 2012 Alfred Kerr Acting Prize (1 March 2012)[সংযোগবিহীন উৎস] Berliner Theatertreffen.
  5. Philip Oltermann (23 March 2017), Lars Eidinger: 'The Nazis cramp us Germans up. But Brits have a Third Reich fascination' The Guardian.
  6. Anna Kemper, and Daniel Müller (7 February 2013), Deutsche Schauspieler: Eine Klasse für sich ZEITmagazin.
  7. Adey, Oliver (16 September 2020). "Nina Hoss: She has been secretly married for five years". gettotext.com. https://gettotext.com/nina-hoss-she-has-been-secretly-married-for-five-years/ আহৰণ কৰা হৈছে: 31 August 2021.
  8. "Nina Hoss: Habe vor five Jahren geheiratet" (de ভাষাত). www.mainpost.de. 16 September 2020. Archived from the original on 19 August 2021. https://web.archive.org/web/20210819150423/https://www.mainpost.de/ueberregional/boulevard/boulevard/nina-hoss-habe-vor-fuenf-jahren-geheiratet-art-10499817 আহৰণ কৰা হৈছে: 31 August 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]