নিভেথা থমাছ
| নিভেথা থমাছ | |
|---|---|
২০২২ চনত নিভেথা | |
| জন্ম | ০২ নৱেম্বৰ, ১৯৯৫ (৩০ বছৰ) চেন্নাই, তামিলনাডু, ভাৰত |
| শিক্ষা | বি.আৰ্চ. (এছ.আৰ.এম. ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন'লজী) |
| শিক্ষানুষ্ঠান | এছ.আৰ.এম. ইনষ্টিটিউট অৱ চাইন্স এণ্ড টেকন'লজী |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০০৮–বৰ্তমান |
নিভেথা থমাছ (ইংৰাজী: Nivetha Thomas; জন্ম: ২ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু, মালয়ালম আৰু তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে।[1] তেওঁ ২০০৮ চনৰ মালয়ালম ছবি ভেৰুথে অৰু ভাৰ্য্যত শিশু শিল্পী হিচাপে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল। নিভেথা এটা ফিল্মফেয়াৰ বঁটা, এটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ শ্ৰেষ্ঠ শিশু শিল্পী বঁটা আৰু এটা তেলেংগানা গাদ্দাৰ চলচ্চিত্ৰ বঁটাৰ প্ৰাপক।
নিভেথাই জেণ্টলমেন (২০১৬) ছবিৰ জৰিয়তে তেলুগু চলচ্চিত্ৰত অভিষেক ঘটায় আৰু শ্ৰেষ্ঠ মহিলা অভিষেককাৰীৰ এছ.আই.আই.এম.এ. বঁটা লাভ কৰে। ইয়াৰ পিছত নিভেথাই চাপ্পা কুৰিশ্বু (২০১১), ৰোমান্স (২০১৩), জিল্লা (২০১৪), পাপানাছম (২০১৫), নিনু কোৰী (২০১৭), জয় লৱ কুশ (২০১৭), ১১৮ (২০১৯), ব্ৰোচেভাৰেভাৰুৰা (২০১৯), ভি (২০২০), ৱকীল চাব (২০২১), শাকিনী ডাকিনী (২০২২) আৰু ৩৫ চিন্না কথা কাডু (২০২৪) ৰ দৰে সফল ছবিত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]নিভেথাৰ জন্ম ১৯৯৫ চনৰ ২ নৱেম্বৰত ভাৰতৰ মাদ্ৰাছত (বৰ্তমান চেন্নাই) হৈছিল।[2] তেওঁ কেৰালাৰ ইৰিটি তালুকৰ এডুৰ গাঁৱৰ নিবাসী।[3]
তেওঁ চেন্নাইৰ হোলী এঞ্জেলছ আৰু মণ্টফৰ্ট মেট্ৰিকুলেচন স্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু এছ.আৰ.এম. বিশ্ববিদ্যালয়ৰপৰা স্থপতি্যাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ছয়টা ভাষা ক’ব পাৰে — মালয়ালম, তামিল, ফৰাচী, হিন্দী, তেলুগু আৰু ইংৰাজী।[4]
সংবাদ মাধ্যমৰ ছবি
[সম্পাদনা কৰক]
হায়দৰাবাদ টাইমছৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত ২০১৭ চনত তেওঁ ১৮তম স্থান লাভ কৰিছিল।[5] ২০২৪ চনত দ্য হলিউড ৰিপ'ৰ্টাৰ ইণ্ডিয়াই তেওঁক "শীৰ্ষ ১০ তেলুগু অভিনেতা"ৰ তালিকাত স্থান দিছে।[6] অভিনেতা নানী আৰু ৰাণা ডগ্গুবাতীয়ে নিভেথাক তেলেগু চিনেমাৰ "উজ্জ্বল প্ৰতিভাসমূহৰ" ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।[7][8]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Dundoo, Sangeetha Devi (12 April 2021). "Nivetha Thomas: Enacting Pallavi in 'Vakeel Saab' came with responsibility". The Hindu. https://www.thehindu.com/entertainment/movies/nivetha-thomas-on-stepping-into-taapsee-pannus-shoes-for-vakeel-saab/article34302343.ece.
- ↑ "Happy Birthday Nivetha Thomas: 'Ninnu Kori' to 'Brochevarevarura', 4 must-watch films of the actress". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/happy-birthday-nivetha-thomas-ninnu-kori-to-brochevarevarura-4-must-watch-telugu-films-of-the-actress/articleshow/78985021.cms.
- ↑ "We are perfect the way we are, we just don't realise it: Nivetha Thomas" (en ভাষাত). The Indian Express. 27 September 2019. https://indianexpress.com/article/lifestyle/life-positive/nivetha-thomas-life-positive-6031340/। আহৰণ কৰা হৈছে: 4 March 2021.
- ↑ "Kamal sir was impressed with my marksheets too". The New Indian Express. 15 February 2017. https://www.newindianexpress.com/cities/hyderabad/2017/feb/14/kamal-sir-was-impressed-with-my-marksheets-too-1570663.html। আহৰণ কৰা হৈছে: 4 March 2021.
- ↑ "Hyderabad Times Most Desirable Women 2017: Take a bow, hotties!". The Times of India. 14 March 2018. https://timesofindia.indiatimes.com/city/hyderabad/hyderabad-times-most-desirable-women-2017-take-a-bow-hotties/articleshow/63287457.cms। আহৰণ কৰা হৈছে: 21 November 2020.
- ↑ "The 10 best Telugu film performances of 2024: Dulquer Salmaan, Nivetha Thomas, and more". The Hollywood Reporter India. https://www.hollywoodreporterindia.com/lists/all/the-10-best-telugu-film-performances-of-2024-dulquer-salmaan-amitabh-bachchan-and-more। আহৰণ কৰা হৈছে: 26 December 2024.
- ↑ "Nani on upcoming film Ninnu Kori: 'Nivetha Thomas is one of the finest performers I've seen'". Firstpost. 6 July 2017. https://www.firstpost.com/entertainment/nani-on-upcoming-film-ninnu-kori-nivetha-thomas-is-one-of-the-finest-performers-ive-seen-3781865.html। আহৰণ কৰা হৈছে: 21 August 2019.
- ↑ "Rana applauds Nivetha Thomas, calls her Telugu cinema's best find in recent times". Hindustan Times. 7 July 2017. https://www.hindustantimes.com/regional-movies/rana-applauds-nivetha-thomas-calls-her-telugu-cinema-s-best-find-in-recent-times/story-FZCBqHHDBm8phHOaPNOh5I.html। আহৰণ কৰা হৈছে: 25 August 2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত নিভেথা থমাছ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- নিভেথা থমাছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত নিভেথা থমাছ