নিমাই ভট্টাচাৰ্য
| নিমাই ভট্টাচাৰ্য | |
|---|---|
| জন্ম | ১০ এপ্ৰিল ১৯৩১ শালিখা, মাগুৰা, বেঙ্গল প্ৰেছিডেন্সী, বৃটিছ ভাৰত (বাংলাদেশ) |
| মৃত্যু | ২৫ জুন ২০২০ (বয়স ৮৯) কলকাতা, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| উল্লেখযোগ্য কৰ্ম | মেমচাহেব |
নিমাই ভট্টাচাৰ্য (ইংৰাজী: Nimai Bhattacharya; ১০ এপ্ৰিল ১৯৩১ – ২৫ জুন ২০২০)[1][2] এজন ভাৰতীয় বাঙালী সাহিত্যিক আৰু সাংবাদিক।
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]নিমাই ভট্টাচাৰ্যৰ জন্ম তৎকালীন যশোৰ জিলাৰ মাগুৰা মহকুমাৰ (বৰ্তমান জিলা) শালিখা থানাৰ অন্তৰ্গত শৰশুনা গাঁৱত।[3] তিনি বছৰ বয়সতে তেওঁ মাতৃহাৰা হয়। তেওঁৰ পিতৃৰ নাম সুৰেন্দ্ৰনাথ ভট্টাচাৰ্য। ১৯৪৮ চনত তেওঁ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত তেওঁ কলকাতাৰ ৰিপন কলেজত নামভৰ্ত্তি কৰে। তাৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈ স্নাতক হয়। নিমাই ভট্টাচাৰ্য বাংলাদেশৰ বগুড়া জিলাৰ কালীতলাৰ বিশিষ্ট ব্যৱসায়ীৰ কন্যা দীপ্তি ভট্টাচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দেশবিভাজনৰ পিছত তেওঁ পূৰ্ববঙ্গৰ পৰা পশ্চিমবঙ্গলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ আহে। তেতিয়াৰ পৰা তেওঁ কলকাতাৰ টালিগঞ্জৰ শাশমল ৰোডৰ নিজা গৃহত বসবাস কৰিছিল।
শিক্ষা জীৱন
[সম্পাদনা কৰক]পিতৃৰ নিষ্ঠুৰ ভাগ্যৰ বাবেই ডেৰ বছৰ বয়সতে নিমাই ভট্টাচাৰ্য মাতৃহীন হয় আৰু পিতৃৰ সীমিত আয়ৰ বাবেই অতি কষ্টেৰে কলকাতা নিগমৰ বিনামূলীয়া বিদ্যালয়ত নামভৰ্ত্তি কৰে। কিছুদিন কলিকতা ৰিপন কলেজত পঢ়া-শুনা কৰি যশোৰলৈ উভতি আহে। ১৯৪১ চনত যশোৰ সমবায় প্ৰতিষ্ঠানৰ চতুৰ্থ শ্ৰেণীত নামভৰ্ত্তি কৰি নৱম শ্ৰেণীলৈকে তাত অধ্যয়ন কৰে। নিমাই ভট্টাচাৰ্যৰ পিতৃ সুৰেন্দ্ৰনাথ ভট্টাচাৰ্য নিজেই যশোৰ সন্মিলনী প্ৰতিষ্ঠানৰ ছাত্ৰ আছিল আৰু পিছলৈ কলিকতালৈ স্থানান্তৰিত হোৱা মুহূৰ্তলৈকে শিক্ষক হিচাপে কাম কৰিছিল। পিছলৈ দেশ বিভাজনৰ পাছত নিমাই ভট্টাচাৰ্যই পিতৃৰ সৈতে কলকাতালৈ উভতি আহে আৰু তাতেই পুনৰ ৰিপন স্কুলত নামভৰ্তি কৰে। তাৰ পৰা ১৯৪৮ চনত মেট্ৰিক পাছ কৰি তাৰ পৰাই আই.এ. আৰু ১৯৫২ চনত বি.এ. পাছ কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]সাংবাদিকতাৰ যোগেদি নিমাই ভট্টাচাৰ্যই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁ পঁচিশ বছৰ ধৰি দিল্লীত ভাৰতীয় বাতৰি কাকতৰ ৰাজনৈতিক-কূটনৈতিক-সংসদীয় সাংবাদিক হিচাপে কাম কৰিছিল। তেওঁ ভাৰতৰ বহু প্ৰধানমন্ত্ৰীৰ সৈতে বিদেশ ভ্ৰমণ কৰি বাতৰি পৰিৱেশন কৰিছিল। ১৯৬৩ চনত তেখেতে লিখা এখন উপন্যাস কলকাতাৰ সাপ্তাহিক ‘অমৃতবজাৰ’ত প্ৰথম প্ৰকাশ কৰি বহুল প্ৰশংসা লাভ কৰে।[4] পৰৱৰ্তী সময়ত তেওঁৰ চাৰিখন উপন্যাস একেখন আলোচনীতে প্ৰকাশ পায়।
উল্লেখযোগ্য কিতাপ
[সম্পাদনা কৰক]নিমাই ভট্টাচাৰ্যৰ ১৫০ খনতকৈও অধিক গ্ৰন্থ প্ৰকাশ হৈছে।[5] ১৯৭২ চনত মেমচাহেবক একে নামৰ এখন বোলছবিলৈ ৰূপান্তৰিত কৰা হয়।[6] ইয়াত উত্তম কুমাৰ আৰু অপৰ্ণা সেনে মুখ্য চৰিত্ৰত অভিনয় কৰে। তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল-
- মেমচাহেব
- মিনিবাছ
- মাতাল
- ইনকিলাব
- বেচলাৰ
- ইমনকল্যাণ
- ডিফেন্স কলোনী
- প্ৰৱেশ নিষেধ
- কেৰানী
- ভায়া ডেলহাউছী
- হকাৰ্চ কৰ্ণাৰ
- ৰাজধানী এক্সপ্ৰেছ
- নিমন্ত্ৰণ
- নাচনী
- এংলো ইণ্ডিয়ান
- ডাৰ্লিং
- মেডাম
- ৱান আপ-টু-ডাউন
- গোধূলিয়া
- প্ৰিয়বৰেষু
- আকাশ ভৰা সূৰ্য তাৰা
- মোগল চৰাই জংছন
- ইয়ৰ অনাৰ
- ককটেল
- অনুৰোধেৰ আসৰ
- যৌৱন নিকুঞ্জে
- শেষ পৰানিৰ কড়ি
- হৰেকৃষ্ণ জুয়েলাৰ্স
- পথেৰ শেষে
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ৰয়ে গেল 'মেমসাহেব', প্ৰয়াত সাহিত্যিক-সাংবাদিক নিমাই ভট্টাচাৰ্য". টাইমস অফ ইণ্ডিয়া. ২৫ জুন ২০২০.
- ↑ "সাহিত্যিক নিমাই ভট্টাচাৰ্য প্ৰয়াত". আনন্দবাজাৰ. ২৫ জুন ২০২০.
- ↑ "নিমাই ভট্টাচাৰ্য বাংলাদেশেৰই সন্তান". একুশে টিভি. 10 February 2017. https://www.ekushey-tv.com/%E0%A6%A8%E0%A6%BF%E0%A6%AE%E0%A6%BE%E0%A6%87-%E0%A6%AD%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A7%8D%E0%A6%AF-%E0%A6%AC%E0%A6%BE%E0%A6%82%E0%A6%B2%E0%A6%BE%E0%A6%A6%E0%A7%87%E0%A6%B6%E0%A7%87%E0%A6%B0%E0%A6%87-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%A8/9349। আহৰণ কৰা হৈছে: 26 July 2019.
- ↑ "নিমাই ভট্টাচাৰ্য". ৰকমাৰি. https://www.rokomari.com/book/author/14353/nimai-bhattacharya। আহৰণ কৰা হৈছে: 24 January 2025.
- ↑ "মেমসাহেব'-এৰ নিমাই ভট্টাচাৰ্য: একাত্তৰেৰ মুক্তিযুদ্ধে বুদ্ধিজীবী হত্যাৰ পেছনেও মৌলবাদীৰা ছিল". বিডিনিউজ টোয়েণ্টিফোৰ ডটকম. ২৬ আগষ্ট ২০১৮.
- ↑ "8 Tollywood actors who essayed out every facet of being a journalist". Aug 29, 2018. https://timesofindia.indiatimes.com/entertainment/bengali/movies/photo-features/8-tollywood-actors-who-essayed-out-every-facet-of-being-a-journalist/photostory/64169935.cms। আহৰণ কৰা হৈছে: 24 January 2025.