নিমাতী ঘাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নিমাতীঘাটৰ পৰা পুনঃনিৰ্দেশিত)

নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।

ইতিহাস[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ককিলামুখ জাহাজ ঘাটেদি যুদ্ধৰ সামগ্ৰী, তেল, খাদ্যবস্তু আনিব লগা হৈছিল। ককিলামুখ জাহাজ ঘাটটো তৰাং হৈ পৰাত, ওচৰতে মাটিৰে বন্ধাই এটা নতুন ঘাট নিৰ্মাণ কৰা হৈছিল। এইদৰে নতুন মাটি দি জাহাজ ঘাট বন্ধোৱাত বিহাৰী শ্ৰমিকবিলাকে এই ঘাটৰ কথা কওঁতে ‘নয়া মাটি ঘাট’ বুলি কৈছিল। এনেদৰে ঘাটটোৰ নাম ‘নয়ামাটি’ বা ‘নিয়ামাটি’ হৈ শেষত নিমাতি হ’লগৈ।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭৭, ৭৮, ৭৯ পৃষ্ঠা.