সমললৈ যাওক

নিম্মী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিম্মী

২০১৫ চনত নিম্মী
জন্ম নবাব বানো
১৮ ফেব্ৰুৱাৰী, ১৯৩৩
আগ্ৰা, আগ্ৰা আৰু অৱধ সংযুক্ত প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ২৫ মাৰ্চ, ২০২০ (৮৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ
সক্ৰিয় হৈ থকা সময় ১৯৪৯- ১৯৬৫
উল্লেখযোগ্য কৰ্ম বৰসাত
দীদাৰ
দাগ
আন
উড়ান খতোলা
দাম্পত্যসঙ্গী এচ আলী ৰাজা (বি. ১৯৬৫; his death ২০০৭)


নিম্মী (জন্ম:নবাব বানো; ইংৰাজী: Nimmi; ১৮ ফেব্ৰুৱাৰী ১৯৩৩ – ২৫ মাৰ্চ ২০২০), হিন্দী ছবিত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতীয় চলচ্চিত্ৰৰ "সোণালী যুগৰ" অন্যতম আগশাৰীৰ অভিনেত্ৰী হিচাপে গণ্য কৰা নিম্মি ১৯৫০ দশকৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।[1][2]

নিম্মীয়ে গাঁৱৰ উৎহাসী মহিলাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল যদিও ফেণ্টাচী আৰু সামাজিক ছবিৰ দৰে ভিন্ন ধাৰাতো অভিনয় কৰিছে। তেওঁৰ শ্ৰেষ্ঠ অভিনয় হৈছে বৰসাত (১৯৪৯), দীদাৰ (১৯৫১), সজা (১৯৫১), ভাৰতৰ প্ৰথম টেকনিকালাপ ছবি আন (১৯৫২), দাগ (১৯৫২), অমৰ (১৯৫৪), উৰাণ খতোলা (১৯৫৫), কুন্দন (১৯৫৫) আৰু বসন্ত বাহাৰ (১৯৫৬)। ৰাজ কাপুৰে তেওঁৰ নাম নবাব বানোৰ পৰা "নিম্মী"লৈ সলনি কৰে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]