নিশলদা
| অন্য নাম | নিশল্লো, নিশাল্ডো, নিশলদা |
|---|---|
| প্ৰকাৰ | মিষ্টান্ন |
| পৰিবেশনৰ উষ্ণতা | ঠাণ্ডা |
| মুখ্য উপাদান | কনিৰ বগা অংশ, চেনি, চোপৰুট বা যষ্টিমধু চিৰাপ |
| আন উপাদান | চাইট্ৰিক এছিড,ভেনিলা, অঞ্জিস গুঁড়ি |
| ২০০ কিলোকেলৰি |
নিশলদা( ইংৰাজী: Nisholda ), এবিধ মিঠা সোৱাদ যুক্ত খাদ্য। দেখাত স্ফটিক-সদৃশ বগা জেলি বা জেমৰ নিচিনা যদিও, কিন্তু ই তাতকৈও বহু বেছি ঘন। ইয়াক ঠাই ভেদে নিশল্লো, নিশাল্ডো বা নিশলদা (ফাৰ্ছী: نشلا; বুক্হাৰিয়ান উপভাষা: Нишалло; তাজিক: Нишолло; উজবেক: Nisholda) বুলিও জনা যায়। এই খাদ্যবিধ আফগানিস্থান, ইৰান, তাজিকিস্থান আৰু উজবেকিস্থান ৰন্ধনশৈলীত জনপ্ৰিয়। নিশলদা বুক্হাৰান (মধ্য এছিয়াৰ, সামাৰ্কাণ্ড) ইহুদীসকলৰ পৰম্পৰাগত খাদ্য বুলিও গণ্য কৰা হয়।[1]
ইৰান, আফগানিস্তান, তাজাকিস্তান আৰু উজবেকিস্তানত যিসকলে নিশলদা বনায়, তেওঁলোকক নিশল্লোপাজ বুলি কোৱা হয়।
নিশলদা পৰম্পৰাগতভাৱে ৰমজান মাহত প্ৰস্তুত কৰা হয় আৰু ইফতাৰৰ সময়ত যিসকলে উপবাস ভংগ কৰে, তেওঁলোকে পুৱা ৰুটিৰ সৈতে আৰু সাধাৰণতে গৰম চাহ (সাধাৰণতে সেউজীয়া চাহৰ)ৰ সৈতে এই খাদ্য ভোজন কৰে।[1]
প্ৰস্তুত প্ৰণালী
[সম্পাদনা কৰক]ঘাই কৈ চাৰিটা কেঁচা ডিমৰ বগা অংশ লৈ তাক ফেটি লোৱা হয়। যেতিয়ালৈকে কণীৰ বগা অংশৰ আয়তন বহুগুণে বৃদ্ধি হৈ ফেন প্ৰস্তুত হৈ চামুচত লাগি নধৰে, তেতিয়ালৈকে ইয়াক ফেটি থকা হয়। তাৰ পাছত,“চোপৰুট” বা “ছাবুন গুটিৰ মূল” বখলিয়াই, টুকুৰা কৰি পানীত ২৫ মিনিটমান উতলাই লোৱা হয়। কিছুমান মানুহে অঞ্চল ভেদে চোপ ৰুটৰ ঠাইত ষষ্টিমধু (licorice root)ৰ ৰস ব্যৱহাৰ কৰে। ইয়াতো প্ৰাকৃতিক ফেন-বঢ়োৱা গুণ আছে আৰু ই নিশলদা মিঠাইবিধত এক বিশেষ স্বাদ যোগ কৰে। ইয়াৰ পিছত তৈয়াৰ কৰা চোপৰুটৰ জলপান ঠাণ্ডা কৰি ডিমৰপৰা তৈয়াৰ কৰা ফোমত যোগ কৰি পুনৰ দ্ৰুতগতিত ফেটি লোৱা হয়।[1][2]
ইতিমধ্যে চেনি, চাইট্ৰিক এছিড আৰু পানীৰে এক মিশ্ৰণ তৈয়াৰ কৰা হয়। তাৰ পাছত, ঠাণ্ডা হোৱা এই মিশ্ৰণখিনি ডিম ফেঁটী তৈয়াৰ কৰা ফোমত যোগ কৰি ধিৰে ধিৰে ফেঁটী লোৱা হয় যেতিয়ালৈকে গোটেই মিশ্ৰণটো জেম বা জেলিৰ দৰে টেক্সচাৰ প্ৰস্তুত নহয়।[1][2]
নিশোল্ডা তৈয়াৰ কৰোঁতে বিশেষ ধৰণৰ কাঠৰ চামুচেৰে লৰোৱা হয়। তৈয়াৰ কৰা নিশোল্ডা বাতি বা ডাঙৰ থালত থৈ পৰিৱেশন কৰা হয়। পৰম্পৰাগতভাৱে, নিশোল্ডাৰ ওপৰত অলপ সুগন্ধিযুক্ত অঞ্জিস গুৰি দি লোৱা হয়, কিছুমান মানুহে ভেনিলা যোগ কৰিও পৰিৱেশন কৰে।[1][2]
তাচকেণ্ট আৰু উজবেকিস্তান ৰিপাব্লিকৰ বিভিন্ন অঞ্চলত, এই খাদ্য সামগ্ৰীবিধ বজাৰত ডাঙৰ পাত্ৰত বিক্ৰী কৰা হয়। যিহেতু নিশোল্ডা তৈয়াৰ কৰা প্ৰক্ৰিয়াত কেঁচা ডিম লোৱা হয় গতিকে পাষ্টুৰাইজ্ড ডিমৰ বগা অংশ বা বিশ্বস্তু উৎপাদকৰপৰা পোৱা ভালদৰে ধোৱা সজীৱ কেঁচা ডিমহে ব্যৱহাৰ কৰা উত্তম।
ভালদৰে ফেটি তৈয়াৰ কৰা নিশোলদাৰ ফোমৰপৰা ৰস পৃথক হৈ তললৈ নবহে,গতিকে খাদ্যবিধৰ গুণাগুণ ফেটাৰ ওপৰত নিৰ্ভৰশীল। স্বাদৰ বাবে, নিশোলদা ফেঁটাৰ সময়তে তাত চাইট্ৰিক এছিড আৰু ভেনিলা যোগ কৰিব লাগে। যি কোনো উৎসৱ বা অনুষ্ঠানত চাহৰ সৈতে বাতি, কাপ বা ফ্লাৱাৰভেছত ইয়াক সেৱন কৰা হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 O'zbekiston Milliy Ensiklopediyasi . N harfi. প্ৰকাশক Tashkent: «Ўзбекистон миллий энциклопедияси» Давлат илмий нашриёти. 2000. https://n.ziyouz.com/books/uzbekiston_milliy_ensiklopediyasi/O'zbekiston%20Milliy%20Ensiklopediyasi%20-%20N%20harfi.pdf। আহৰণ কৰা হৈছে: 27 November 2023.
- 1 2 3 "Большая книга рецептов узбекской и таджикской кухни. Нишалло.". bookbig.ru. http://bookbig.ru/nishallo.php। আহৰণ কৰা হৈছে: 2016-12-04.
- ↑ Анастасия Пулина (2021-01-11). "Шишалда (нишалло): Пошаговый фото и видео рецепт: состов, инструкция". Готовим.uz. Archived from the original on 2023-03-17. https://web.archive.org/web/20230317130424/https://gotovim.uz/recept-nishalda/। আহৰণ কৰা হৈছে: 2023-03-17.