নিৰুপমা দত্ত
নিৰুপমা দত্ত | |
---|---|
জন্ম | ১৯৫৫ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | কবি, সাংবাদিক আৰু অনুবাদক |
নিৰুপমা দত্ত (ইংৰাজী: :Nirupama Dutt জন্ম ১৯৫৫) এগৰাকী ভাৰতীয় কবি, সাংবাদিক আৰু অনুবাদক।[1] তেখেতে পঞ্জাবী ভাষাত কবিতা লিখে, আৰু নিজেই ইংৰাজীলৈ অনুবাদ কৰে।
কৰ্মৰাজি
[সম্পাদনা কৰক]তেখেত এগৰাকী অভিজ্ঞ জ্যেষ্ঠ সাংবাদিক। তেখেতে চল্লিশ বছৰীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে, ভাৰতৰ আগশাৰীৰ কাকত আৰু আলোচনীৰ সৈতে কাম কৰি আহিছে। তেখেতে লিখা দলিত আইকন বান্ত সিংৰ বিষয়ে জীৱনী, দ্য বেলাড অৱ বন্ত সিং: এ কিছা অৱ ক'ৰেজএ ব্যাপকভাৱে স্বীকৃতি লাভ কৰিছে।[2] পঞ্জাৱৰ দলিত বিপ্লৱী কবি লাল সিং দিলৰ স্মৃতিগ্ৰন্থ আৰু কবিতা, পয়েট অৱ ৰিভলিউশ্বন: দ্যা মে'মৰি এণ্ড পয়েম অৱ লাল সিং দিল নামৰ খণ্ড এটাত অনুবাদ কৰিছে। তেখেতে Ik Nadi Sanwali Jahi (A Stream Somewhat Dark) (এখন গাঢ় ৰঙৰ নদী) শীৰ্ষক এখন কবিতা সংকলন প্ৰকাশ কৰিছে, যাৰ বাবে ২০০০ চনত পাঞ্জাবী সাহিত্য একাডেমি বঁটা লাভ কৰে। তেখেতৰ কবিতা ইংৰাজী, হিন্দী, কানাড়া, বাংলা আৰু উৰ্দু ভাষালৈ অনুবাদ কৰাৰ লগতে বিভিন্ন সংকলনত অন্তৰ্ভুক্ত হৈছে। ২০০৪ চনত তেওঁ অজিত ক’ৰৰ সৈতে সহ-সম্পাদনা কৰে SARC (South Asian Association for Regional Cooperation)ৰ কবিতা সংকলন, যাৰ নাম আছিল আমাৰ কণ্ঠ।
তেখেতে গুলজাৰৰ চুটি কবিতাসমূহ ‘প্লুটো’ শীৰ্ষক খণ্ডত অনুবাদ কৰে, লগতে ‘মাটিৰ কাহিনী’ Stories of the Soil নামৰ সংকলনত ৪১ খন পাঞ্জাবী গল্প ইংৰাজীলৈ অনুবাদ কৰিছে। ইয়াৰ উপৰিও তেখেতে পাকিস্তানী মহিলা লেখিকাসকলৰ হাফ দ্য স্কাই[3] নামৰ কল্পকাহিনীৰ এখন কিতাপ আৰু ‘চাইল্ড্ৰেন অৱ দ্য নাইট’ নামৰ পাকিস্তানৰ প্ৰতিৰোধমূলক সাহিত্যৰ এখন কিতাপ সম্পাদনা কৰিছে।
সাংবাদিক হিচাপে দত্তই মৌলবাদ আৰু সাম্প্ৰদায়িকতাবাদী হিংসাৰ বিৰুদ্ধে থিয় দি শক্তিশালী ধৰ্মনিৰপেক্ষ মনোভাৱ লৈ কাম কৰিছে। পঞ্জাৱত সন্ত্ৰাসবাদ, ১৯৮৪ চনৰ নৱেম্বৰ মাহত শিখসকলৰ হত্যাকাণ্ড, বাবৰি মছজিদ ভাঙি পেলোৱা আৰু গুজৰাটৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি তেওঁ বহুতো গুৰুত্বপূৰ্ণ বিষয়ত লিখি আহিছে।[4] নিৰুপমাৰ কবিতা কবিতা ৱেব ইণ্টাৰনেশ্যনেল Poetry Web Internationalত প্ৰকাশ পাইছে।
নিৰুপমা হামছিৰা নামৰ মহিলা অধ্যয়ন গোটৰ আহ্বায়ক।[5] তেখেত চণ্ডীগড়ত থাকে আৰু তাৰ পৰাই লিখা-মেলা কৰে।
বঁটা
[সম্পাদনা কৰক]- পঞ্জাৱ ললিত কলা একাডেমী সন্মান-২০১৯[6]
- ইক নাদি সাঁৱালি জাহি (এটা ষ্ট্ৰিম কিছু অন্ধকাৰ)ৰ বাবে পাশঞ্জাবী একাডেমী বঁটা - ২০০০[7]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nirupama Dutt". Archived from the original on 18 May 2021. https://web.archive.org/web/20210518020241/https://www.speakingtigerbooks.com/authors/nirupama-dutt/। আহৰণ কৰা হৈছে: 18 January 2021.
- ↑ Kulkarni, Dhaval (February 28, 2016). "Book Review: The Ballad of Bant Singh- A Qissa of Courage". DNA India. https://www.dnaindia.com/lifestyle/review-book-review-the-ballad-of-bant-singh-a-qissa-of-courage-2183164। আহৰণ কৰা হৈছে: January 18, 2021.
- ↑ Jolly, Asit (2005-02-10). "Pakistan women authors honoured". BBC News. http://news.bbc.co.uk/1/hi/world/south_asia/4254645.stm। আহৰণ কৰা হৈছে: 2008-01-31.
- ↑ "Nirupama Dutt (poet) - India - Poetry International". www.poetryinternational.org. https://www.poetryinternational.org/pi/site/poet/item/7451/27/Nirupama-Dutt। আহৰণ কৰা হৈছে: 2019-11-09.
- ↑ "Love will keep us alive - Indian Express". archive.indianexpress.com. http://archive.indianexpress.com/news/love-will-keep-us-alive/513534। আহৰণ কৰা হৈছে: 2019-11-09.
- ↑ "Punjab Lalit Kala Akademi honours artists". The Tribune. 6 April 2019. Archived from the original on 9 November 2019. https://web.archive.org/web/20191109035417/https://www.tribuneindia.com/news/chandigarh/punjab-lalit-kala-akademi-honours-artists/753943.html.
- ↑ Singh, Paramjeet (2018-04-07) (en ভাষাত). Legacies of the Homeland: 100 Must Read Books by Punjabi Authors. Notion Press. ISBN 9781642494242. https://books.google.com/books?id=lbZUDwAAQBAJ&q=Ik+Nadi+Sanwali+Jahi&pg=PT446.