কণ্ডম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(নিৰোধৰ পৰা পুনঃনিৰ্দেশিত)


কণ্ডম

এটা কণ্ডম।
পটভূমি
জন্ম নিয়ন্ত্ৰণৰ প্ৰকাৰ প্ৰতিৰোধক
প্ৰথম ব্যৱহাৰ ৰবৰ ১৮৫৫
লেটেক্স: ১৯২০
পলিআৰথিন: ১৯৯৪
পলিআইছোপ্ৰিন: ২০০৮
গৰ্ভধাৰণ হাৰ (প্ৰথম বছৰ লেটেক্স)
সঠিক ব্যৱহাৰ ২%
প্ৰচলিত ব্যৱহাৰ ১০-১৮%
ব্যৱহাৰবিধি
সুবিধা আৰু অসুবিধা
এছ টি আই সুৰক্ষা হয়
উপকাৰ কোনোধৰণৰ প্ৰতিষেধকৰ প্ৰয়োজন নহয় বা চিকিৎসাৰ প্ৰয়োজন নহয়।

কণ্ডম (ইংৰাজী: Condom) হৈছে নুফুলোৱা বেলুনৰ দৰে এক বিশেষ নমনীয় সামগ্ৰী। ইয়াৰ ব্যৱহাৰৰ দ্বাৰা গৰ্ভধাৰণ ৰোধ বা যৌনৰোগ আদিৰ সংক্ৰমণ ৰোধ কৰা হয়।[1] কণ্ডম সাধাৰণতে পুৰুষ মহিলা উভয়ৰ বাবে উপলব্ধ[2] পুৰুষৰ কণ্ডম, পুৰুষৰ উত্থিত পুৰুষাংগত পৰিধান কৰা হয়। ৰতিঃস্খলনৰ পিছত কণ্ডমে যৌনসংগীৰ শৰীৰত বীৰ্য প্ৰৱেশত বাধা দিয়ে। বীৰ্যহীনতাৰ চিকিৎসাত  ব্যৱহাৰৰ বাবে কণ্ডমৰ দ্বাৰা বীৰ্য সংগ্ৰহ কৰা হয়। আধুনিক যুগত কণ্ডম মূলত লেটেক্সৰ দ্বাৰা প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি কণ্ডম তৈয়াৰ কৰাৰ বাবে পলিআৰথিন, পলিইছোথ্ৰিন বা লেম্ব ইনচেছটাইন ব্যৱহৃত হয়। জন্ম নিয়ন্ত্ৰণৰ পদ্ধতি হিচাপে কণ্ডম অত্যন্ত সুলভ, সহজে ব্যৱহাৰ্য, কম পাৰ্শ্বপ্ৰতিক্ৰিয়াযুক্ত আৰু যৌনব্যাধি প্ৰতিৰোধৰ বাবে সৰ্বাধিক কাৰ্যক্ষম। সঠিক জ্ঞান তথা ব্যৱহাৰ কৌশল জানিলে যৌনসংগমৰ প্ৰতিটো ক্ৰিয়াত কণ্ডম ব্যৱহৃত দম্পতীৰ গৰ্ভধাৰণৰ বাৰ্ষিক হাৰ ২ শতাংশ।

কণ্ডম প্ৰায় ৪০০ বছৰ ধৰি ব্যৱহৃত হৈ আহিছে। ঊনবিংশ শতিকাত কণ্ডমৰ ব্যৱহাৰেই হৈছে জন্মনিৰোধৰ সৰ্বাধিক জন্মপ্ৰিয় পদ্ধতি বা উপায়। আধুনিক সমাজত কণ্ডমৰ ব্যবহাৰে ব্যাপক মান্যতা লাভ কৰিছে যদিও যৌনশিক্ষা পাঠ্যক্ৰমত কণ্ডম ব্যৱহাৰৰ প্ৰসংগক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Hatcher, Robert Anthony; M.D, Anita L. Nelson (2007) (en ভাষাত). Contraceptive Technology. Ardent Media. পৃষ্ঠা. 297–311. ISBN 9781597080019. Archived from the original on 2017-09-18. https://web.archive.org/web/20170918185600/https://books.google.com/books?id=txh0LpjjhkoC&pg=PA297. 
  2. WHO Model Formulary 2008. World Health Organization. 2009. পৃষ্ঠা. 372. ISBN 9789241547659.