সমললৈ যাওক

নিৰ্বাচিত কলাম (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

নিৰ্বাচিত কলাম (ইংৰাজী: Nirbachito Column) ১৯৯২ চনত প্ৰকাশিত বাংলা ভাষাৰ এখন নাৰীবাদী গ্ৰন্থ। এইখন বাংলাদেশী লেখিকা তছলিমা নাছৰিনৰ প্ৰথম গদ্য পুথি যিখন মূলতঃ তেওঁৰ দ্বাৰা লিখিত স্তম্ভৰ সংকলন। গ্ৰন্থখনত সংকলিত ৰচনাসমূহ ১৯৯২ চনৰ মে’ মাহত ভাৰতৰ আনন্দ পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেডে গ্ৰন্থাকাৰে‍ প্ৰকাশ কৰাৰ পূৰ্বে আজকেৰ কাগজ নামৰ বাতৰি কাকতখনত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল।[1] তছলিমা নাছৰিনে‍ এই গ্ৰন্থখন প্ৰকাশ হোৱাৰ বছৰটোতেই গ্ৰন্থখনৰ বাবে‍ আনন্দ পুৰস্কাৰ লাভ কৰিছিল।

সংক্ষিপ্ত বিৱৰণ

[সম্পাদনা কৰক]

গ্ৰন্থখনৰ আৰম্ভণিৰ স্তম্ভত লেখকে আঠাইশ-উনৈশ বছৰ বয়সত এজন ল’ৰাৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ অভিজ্ঞতাৰ বৰ্ণনা কৰিছে। জ্বলি থকা চিগাৰেট লেখকৰ হাতত ঘঁহি‍ ল’ৰা এটা হাঁহি হাঁহি আঁতৰি যায়। স্তম্ভটোৰ সামৰণিত লেখকে কৈছে: "মইমনসিং চহৰৰ বিভিন্ন ঠাইত, বিশেষকৈ ছোৱালীৰ বিদ্যালয়, কলেজ, চিনেমা হলৰ ওচৰত, কাঠৰ খুঁটাত ওলমি থকা এক প্ৰকাৰৰ চাইনবৰ্ডত লিখা আছিল 'দুষ্টৰ উত্থানত টহল দিয়া আৰক্ষীৰ সহায় লওক। এই ব্যৱস্থা বেছি দিন নাথাকিল। সম্ভবত দুষ্টহঁতক তেওঁলোকে‍ পুলিয়ে প‍োখাই তুলি নিলে। চাইনবৰ্ডখন থকালৈকে দুষ্টহঁতে‍ ষ্টপেজটোত আওজি‍ ছোৱালীবোৰ স্কুললৈ অহা-যোৱা কৰাৰ সময়ত স‍ুঁহূৰি‍ মাৰিছিল। আৰু আটাইতকৈ মজাৰ কথাটো হ’ল এবাৰ টহলদাৰী আৰক্ষীৰ উৎপাতৰ বাবে স্কুলীয়া ছোৱালীবোৰে দুষ্টহঁতৰ সহায় ল’বলৈ বাধ্য হৈছিল।" গ্ৰন্থখনৰ এনে কেইবাটাও স্তম্ভই পুৰুষ প্ৰধান সমাজত নাৰীৰ জীৱন-যন্ত্ৰণাক উজ্জ্বল কৰি তুলিছে।

ইছলাম আৰু ইয়াৰ নবী মহম্মদ (ছঃ)ক পোনপটীয়াকৈ আক্ৰমণ কৰা এইখনেই বাংলা ভাষাৰ প্ৰথমখন গ্ৰন্থ।[2] গ্ৰন্থখনত হিন্দু ধৰ্মৰ সমালোচনাও সন্নিৱিষ্ট হৈছে। এই গ্ৰন্থখনে যেনেকৈ বহু নাৰীক অনুপ্ৰাণিত কৰিছে, তেনেকৈয়ে বহু মৌলবাদীক ক্ষুব্ধ কৰি তুলিছে। বাংলা ভাষাত প্ৰথমবাৰৰ বাবে এই কিতাপখনতেই এগৰাকী মহিলাই যৌন সম্পৰ্কৰ বিষয়ে মুকলিকৈ কৈছে। যৌনতাৰ বিষয়ে মুকলি আলোচনা বাংলাদেশী সমাজত এতিয়াও মানি লোৱা হোৱা নাই। এই গ্ৰন্থখনত সংকলিত স্তম্ভসমূহ ১৯৮৯ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত লিখা। বেগম ৰোকেয়াৰ প্ৰায় এশ বছৰৰ পাছত এই স্তম্ভবোৰৰ মাজেৰেই বাংলাদেশৰ নাৰীবাদৰ সংগ্ৰামে পুনৰুজ্জীৱন লাভ কৰে। এতিয়াও এই স্তম্ভবোৰ বাংলা ভাষাত নাৰীৰ দ্বাৰা ৰচিত সবাতকৈ‍ সাহসী লেখা হিচাপে‍ স্বীকৃত। পশ্চিমবংগ বা বাংলাদেশৰ ক'তো তছলিমা নাছৰিনৰ নিচিনা সাহসী বাঙালী মহিলা লেখক খুব কমেইহে দেখা পোৱা যায়।

প্ৰকাশন

[সম্পাদনা কৰক]

"ক" বা "দ্বিখণ্ডিত"ত তছলিমা নাছৰিনে দিয়া ভাষ্য অনুযায়ী ১৯৮৯ চনত তেওঁক সেইসময়ৰ জনপ্ৰিয় দৈনিক বাতৰি কাকত "আজকেৰ কাগজ"ত স্তম্ভ লিখাৰ বাবে‍ আমন্ত্ৰণ জনায় কাকতখনৰ সম্পাদক আৰু লেখকৰ ঘনিষ্ঠ বন্ধু নাঈমুল ইছলাম খানে (পাছত তেওঁৰ সৈতে‍ বিবাহপাশত আৱদ্ধ হৈছিল আৰু এসময়ত বিবাহবিচ্ছেদও হয়)। তাছলিমা নাছৰিনে উত্তৰ দিলে, "ধেৎ, মই স্তম্ভ লিখিব নাজানো।" নাঈমুল ইছলাম খানে তেওঁক অভয় দি কৈছিল,"যি বিচাৰা তাকে‍ লিখা, চিন্তাৰ কোনো কথা নাই।"

তছলিমা নাছৰিনে কি লিখিম সেই বিষয়ে চিন্তা কৰি থাকোঁতে তেওঁৰ দৃষ্টি সোঁহাতৰ ক’লা দাগ এটালৈ গ'ল। তেওঁৰ মনত পৰে, এসময়ত এজন ল’ৰাই তেওঁৰ হাতত জ্বলা চিগাৰেট এটা চেঁপি ধৰাৰ ফলতেই ক’লা দাগটোৰ সৃষ্টি হৈছিল। এই বিষযক লৈয়েই তেওঁ তেওঁৰ প্ৰথম স্তম্ভটো লিখিছিল। তথাপিও তেওঁ চিন্তিত আছিল যে লেখাটো স্তম্ভ হৈছে‍ নে নাই। অৱশেষত এসময়ৰ দ্বিধাগ্ৰস্ত লেখকজনে‍ "চোৱাঁ, স্তম্ভ কেনেকৈ লিখিব লাগে সেয়া মই নাজানো। নিজৰ জীবনৰ এক অভিজ্ঞতাৰ কথা লিখিছোঁ মাত্ৰ" বুলি‍ লেখাটো নাঈমুল ইছলাম খানৰ হাতত তুলি দিলে।

স্তম্ভ লেখাটো সঁচাকৈ‍ প্ৰকাশ হ'ব নে নহয় তাক লৈ তাছলিমা নাছৰিনৰ মনত সন্দেহ আছিল। তেওঁৰ আচৰিত কৰি‍ যথা সময়ত স্তম্ভটো প্ৰকাশ পালে। তেতিয়াই স্তম্ভটো বহু পাঠকৰ দৃষ্টিগোচৰ হ’ল। ইয়াৰ পাছতেই তাছলিমা নাছৰিনে নিয়মীয়াকৈ স্তম্ভ লিখিবলৈ আৰম্ভ কৰে। লাহে লাহে তেওঁ জনপ্ৰিয় হৈ উঠিল। তেওঁৰ স্তম্ভ ছপা হ’লে যিকোনো কাকত-আলোচনীৰ বিক্ৰী বৃদ্ধি পাবলৈ ধৰে।

১৯৯১ চনত প্ৰতিষ্ঠিত প্ৰকাশক মুজিবুৰ ৰহমান খোকাই (তেওঁ সেই সময়ত তাছলিমা নাছৰিনৰ ঘনিষ্ঠ বন্ধু) তেওঁক তেওঁৰ স্তম্ভৰ সংকলন এখন প্ৰকাশ কৰিবলৈ আগবাঢ়ি আহে। সেই বছৰৰ ফেব্ৰুৱাৰী মাহত "বিদ্যাপ্ৰকাশ" প্ৰকাশনৰ পৰা গ্ৰন্থখন প্ৰকাশ হয়। প্ৰকাশৰ লগে লগে কিতাপখনে বেষ্টচেলাৰৰ তালিকাত শীৰ্ষস্থান দখল কৰে।[3]

আনন্দ পুৰস্কাৰৰ বাবে গ্ৰন্থখনৰ নাম ঘোষণা কৰাৰ পাছত [4] তছলিমা নাছৰিনে বঁটা নিৰ্বাচন সমিতিক অৱগত কৰে‍ যে তেওঁ সুকুমাৰী ভট্টাচাৰ্যৰ বেদ সম্পৰ্কীয় লেখাৰ পৰা গ্ৰন্থখনৰ এটা স্তম্ভৰ কিছু অংশ নকল কৰিছে। অৱশ্য‍ে আনন্দ পুৰস্কাৰ সমিতিয়ে ইয়াক ডাঙৰ কথা বুলি গণ্য কৰা নাছিল, কাৰণ লেখকে নিজেই সততাৰে সেই কথা স্বীকাৰ কৰিছে। আনন্দবাজাৰ কাকতৰ অন্যতম ব্যক্তি‍ আৰু সুলেখক নিখিল সৰকাৰ ওৰফে শ্ৰীপান্থে আনন্দ পুৰস্কাৰৰ বাবে‍ গ্ৰন্থখনৰ নাম প্ৰস্তাৱ কৰিছিল।

এইটোৱেই হয়তো কিতাপখনক লৈ হোৱা মূল বিতৰ্ক।[4] ইয়াৰ উপৰিও মুছলমানসকলে সচৰাচৰৰ দৰে‍ই এই গ্ৰন্থখনতো তেওঁ ইছলামক সমালোচনা কৰা বুলি অভিযোগ তুলি আহিছে।

গ্ৰন্থখনে আনন্দ পুৰস্কাৰ লাভ কৰাৰ পাছত বাংলাদেশৰ বহু বুদ্ধিজীৱীয়ে তছলিমা নাছৰিনক লৈ ঈৰ্ষা অনুভৱ কৰিবলৈ আৰম্ভ কৰে। তছলিমা নাছৰিনৰ বহু শুভাকাংক্ষী ৰাতিটোৰ ভিতৰতে তেওঁৰ শত্ৰুলৈ পৰিণত হৈ তেওঁৰ নামত মিছা উৰাবাতৰি আৰু নিন্দা প্ৰচাৰত লিপ্ত হ’ল।

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

তছলিমা নাছৰিনে‍ এই গ্ৰন্থখনৰ বাবে‍ ১৯৯২ চনত আনন্দ পুৰস্কাৰ লাভ কৰিছিল।[4]

দেৱযানী সেনগুপ্তই এই গ্ৰন্থখন ইংৰাজী ভাষালৈ অনুবাদ কৰে। ইয়াৰ উপৰিও গ্ৰন্থখন হিন্দী, অসমীয়া, মাৰাঠীকে ধৰি বিভিন্ন ভাষালৈ অনূদিত হৈছে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Taslima Nasreen: Controversy's child". http://news.bbc.co.uk/2/hi/south_asia/7108880.stm। আহৰণ কৰা হৈছে: 6 June 2025. 
  2. Hashmi, T. (2000-03-10) (en ভাষাত). Women and Islam in Bangladesh: Beyond Subjection and Tyranny. Springer. ISBN 9780333993873 পাতাসমূহ=194. https://books.google.com/?id=KvOFDAAAQBAJ&pg=PA194&dq=Nirbachito+Column#v=onepage&q=Nirbachito%20Column&f=false. 
  3. (en ভাষাত) The Book Review. C. Chari for Perspective Publications. 2004-01-01. https://books.google.com/?id=WHksAAAAYAAJ&q=Nirbachito+Column&dq=Nirbachito+Column. 
  4. 4.0 4.1 4.2 Sekhon, Aradhika (15 February 2017). "Bangla rebel’s fresh tirade". http://www.tribuneindia.com/2004/20040822/spectrum/book4.htm.