সমললৈ যাওক

নিৰ্মলা শ্ৰীবাস্তৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰী মাতাাজী নিৰ্মলা দেৱী
জন্ম ২১ মাৰ্চ, ১৯২৩
ছিণ্ডৱাৰা, মধ্যপ্ৰদেশ, ভাৰত
মৃত্যু ২৩ ফেব্ৰুৱাৰী, ২০১১ (৮৭ বছৰ)
জেনোৱা, ইটালী
জনা যায় সহজ যোগ
দাম্পত্যসঙ্গী চন্দ্ৰিকা প্ৰসাদ শ্ৰীবাস্তৱ (বি. ১৯৪৭)
ৱেবছাইট
http://www.sahajayoga.org/

নিৰ্মলা শ্ৰীবাস্তৱ (পূৰ্বৰ নাম: নিৰ্মলা ছালৱে; ২১ মাৰ্চ ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১১), যি শ্ৰী মাতাাজী নিৰ্মলা দেৱী নামেৰেও পৰিচিত, তেওঁ আছিল এক নতুন ধৰ্মীয় আন্দোলন সহজ যোগৰ প্ৰতিষ্ঠাপক আৰু গুৰু।[1][2][3] তেওঁ জন্মৰে পৰাই আধ্যাত্মিকভাৱে জাগ্ৰত বুলি দাবী কৰিছিল আৰু এক সৰল কৌশল বিকশিত তথা প্ৰচাৰ কৰি শান্তিৰ বাবে কাম কৰি জীৱন অতিবাহিত কৰিছিল, যাৰ জৰিয়তে মানুহে আত্ম-উপলব্ধি লাভ কৰিব পাৰে।[4][5]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ভাৰতৰ মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত এজন হিন্দু পিতৃ প্ৰসাদ ছালৱে আৰু খ্ৰীষ্টান মাতৃ কৰ্ণেলিয়া ছালৱেৰ কোলাত তেওঁৰ জন্ম হৈছিল। পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল নিৰ্মলা, যাৰ অৰ্থ হ'ল "নিৰ্মল" বা "খুঁতহীন"।[6][7][8] তেওঁ কৈছিল যে তেওঁ জন্মৰে পৰাই আত্ম-উপলব্ধি প্ৰাপ্ত আছিল। তেওঁৰ পিতৃ চৈধ্যটা ভাষাৰ পণ্ডিত আছিল আৰু তেওঁ পবিত্ৰ কোৰানখন মাৰাঠী ভাষালৈ অনুবাদ কৰিছিল। আনহাতে তেওঁৰ মাতৃ আছিল গণিতত অনাৰ্ছ ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা।[5] শ্ৰী মাতাাজী ৰাজকীয় সাতবাহন বংশৰ বংশধৰ আছিল।[9] প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এন.কে.পি. ছালৱে তেওঁৰ ভাতৃ আছিল আৰু অধিবক্তা হৰিশ ছালৱে তেওঁৰ ভতিজা।

তেওঁ শৈশৱৰ বছৰবোৰ নাগপুৰৰ পৈতৃক গৃহত অতিবাহিত কৰিছিল।[10] যৌৱন কালত তেওঁ মহাত্মা গান্ধীৰ আশ্ৰমত আছিল।[6][11] পিতৃ-মাতৃৰ দৰে তেৱোঁ ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত আছিল আৰু এগৰাকী যুৱ নেত্ৰী হিচাপে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হৈছিল।[6][12][13] তেওঁ লুধিয়ানাৰ খ্ৰীষ্টান মেডিকেল কলেজ আৰু লাহোৰৰ বালৰাম মেডিকেল কলেজত অধ্যয়ন কৰিছিল।[10]

১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ কিছু সময় পূৰ্বে শ্ৰী মাতাাজীয়ে চন্দ্ৰিকা প্ৰসাদ শ্ৰীবাস্তৱৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[12] চন্দ্ৰিকা প্ৰসাদ আছিল এজন উচ্চপদস্থ ভাৰতীয় অসামৰিক সেৱা বিষয়া, যিয়ে পাছলৈ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ যুটীয়া সচিব হিচাপে কাম কৰিছিল। ১৯৭৪ চনত তেওঁ লণ্ডনত অৱস্থিত ৰাষ্ট্ৰসংঘৰ সংস্থা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ (IMO) সচিব প্ৰধান হিচাপে নিৰ্বাচিত হয় আৰু ১৯৮৯ চনলৈকে এই পদত কাৰ্যনিৰ্বাহ কৰে। তেওঁলোকৰ কল্পনা শ্ৰীবাস্তৱ আৰু সাধনা বৰ্মা নামৰ দুগৰাকী কন্যা সন্তান আছিল।[14] ১৯৬১ চনত নিৰ্মলা শ্ৰীবাস্তৱে যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰীয়, সামাজিক আৰু নৈতিক মূল্যবোধ গঢ়ি তুলিবলৈ "ইউথ ছচাইটি ফৰ ফিল্মছ" মুকলি কৰে। তেওঁ কেন্দ্ৰীয় চলচিত্ৰ প্ৰমাণীকৰণ বৰ্ডৰো সদস্য আছিল।

নাড্ডিত থকা শ্ৰী মাতাাজী নিৰ্মলা দেৱীৰ আশ্ৰম বা মন্দিৰ

নিৰ্মলা শ্ৰীবাস্তৱে ১৯৭০ চনত সহজ যোগ প্ৰতিষ্ঠা কৰিছিল।[15] তেওঁৰ মতে "সহজ" মানে হ'ল "জন্মগত" আৰু "যোগ" মানে হ'ল "পৰমাত্মাৰ সৈতে মিলন"। তেওঁৰ পদ্ধতিটো কুণ্ডলিনী শক্তিৰ জাগৰণৰ ওপৰত আধাৰিত, যিটো তেওঁৰ মতে অতি সহজে আৰু বিনা কষ্টত লাভ কৰিব পাৰি।

এই ধ্যান পদ্ধতিৰ জৰিয়তে সাধকে "আত্ম-উপলব্ধি" (Self-realization) লাভ কৰিব পাৰে। এই প্ৰক্ৰিয়াত মানুহৰ শৰীৰত থকা সূক্ষ্ম শক্তি কেন্দ্ৰ বা চক্ৰসমূহ সক্ৰিয় হৈ উঠে আৰু এজন ব্যক্তিয়ে নিজৰ হাতৰ তলুৱাত বা মূৰৰ ওপৰত এক শীতল বতাহ অনুভৱ কৰিব পাৰে বুলি কোৱা হয়। শ্ৰী মাতাাজীয়ে এই যোগক বিশ্বজনীন বুলি অভিহিত কৰিছিল আৰু ইয়াৰ শিক্ষা বিশ্বৰ বহু দেশলৈ সম্প্ৰসাৰিত কৰিছিল।

পৰৱৰ্তী কাম-কাজ

[সম্পাদনা কৰক]
২০১১ চনত নিৰ্মলা শ্ৰীবাস্তৱ

২০০৩ চনত দিল্লীত নিৰাশ্ৰয় মহিলাসকলৰ পুনৰ্সংস্থাপনৰ বাবে এটা দাতব্য গৃহ স্থাপন কৰা হয় (বিশ্ব নিৰ্মল প্ৰেম আশ্ৰম)।[16] একে বছৰতে শাস্ত্ৰীয় সংগীত আৰু ললিত কলাই প্ৰসাৰৰ বাবে তেওঁ নাগপুৰত এখন আন্তঃৰাষ্ট্ৰীয় সংগীত বিদ্যালয় হিচাপে শ্ৰী পি.কে. ছালৱে কলা প্ৰতিষ্ঠান গঢ়ি তোলে।[5][17]

২০০৪ চনলৈকে তেওঁ নিজৰ ভ্ৰমণৰ সময়ত অসংখ্য ৰাজহুৱা ভাষণ, পূজা আৰু বাতৰি কাকত, টেলিভিছন তথা ৰেডিঅ'ক সাক্ষাৎকাৰ প্ৰদান কৰিছিল। ২০০৪ চনত তেওঁৰ আনুষ্ঠানিক ৱেবছাইটত ঘোষণা কৰা হয় যে তেওঁ নিজৰ কাম সম্পূৰ্ণ কৰিছে আৰু বৰ্তমান বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে সহজ যোগ কেন্দ্ৰ আছে।[18] ইয়াৰ পিছতো তেওঁ ভক্তসকলক আধ্যাত্মিক উপদেশ দি গৈছিল[19] আৰু তেওঁলোকক পূজা অৰ্পণ কৰিবলৈ অনুমতি দিছিল।[20]

তেওঁ কেইবাবাৰো মদ্যপানৰ অপকাৰিতাৰ বিষয়েও উল্লেখ কৰিছিল[21] আৰু কৈছিল যে বহু লোকে সহজ যোগৰ জৰিয়তে আত্ম-উপলব্ধি লাভ কৰাৰ পিছত নিচামুক্তি লাভ কৰিছে।[22]

বঁটা আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  • ইটালী, ১৯৮৬: ইটালী চৰকাৰৰ দ্বাৰা "বছৰৰ ব্যক্তিত্ব" (Personality of the Year) হিচাপে ঘোষিত।[23]
  • নিউয়ৰ্ক, ১৯৯০–১৯৯৪: বিশ্ব শান্তিৰ উপায়ৰ বিষয়ে ভাষণ দিবলৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা ধাৰাবাহিকভাৱে চাৰি বছৰ ধৰি আমন্ত্ৰিত।[24]
  • ছেইণ্ট পিটাৰ্ছবাৰ্গ, ৰাছিয়া, ১৯৯৩: পেট্ৰোভস্কায়া একাডেমি অফ আৰ্ট এণ্ড চাইন্সৰ সন্মানীয় সদস্য হিচাপে নিযুক্তি।[25]
  • ৰোমানিয়া, ১৯৯৫: বুখাৰেষ্ট ইক'লজিকেল ইউনিভাৰ্চিটিৰ দ্বাৰা 'কগনিটিভ চাইন্স'ত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান।[26]
  • চীন, ১৯৯৫: ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় মহিলা সন্মিলনত ভাষণ দিবলৈ চীন চৰকাৰৰ চৰকাৰী অতিথি হিচাপে আমন্ত্ৰিত।[27]
  • পুনে, ভাৰত, ১৯৯৬: সন্ত জ্ঞানেশ্বৰৰ ৭০০ বছৰীয়া জয়ন্তী উপলক্ষে মহাৰাষ্ট্ৰ ইনষ্টিটিউট অফ টেকন'লজীত আয়োজিত "বিশ্ব দাৰ্শনিক সন্মিলন '৯৬"ত ভাষণ প্ৰদান।[28]
  • লণ্ডন, ১৯৯৭: আলফ্ৰেড নোবেলৰ ভতিজা আৰু 'ইউনাইটেড আৰ্থ'ৰ অধ্যক্ষ ক্লেছ নোবেলে ৰয়েল এলবাৰ্ট হলত এক ৰাজহুৱা ভাষণত তেওঁৰ জীৱন আৰু কৰ্মক সন্মান জনায়।[29]
  • নবী মুম্বাইৰ সহজ যোগ স্বাস্থ্য আৰু গৱেষণা কেন্দ্ৰৰ ওচৰৰ এটা পথ তেওঁৰ সন্মানত নামকৰণ কৰা হয়।[30]
  • ইটালী, ২০০৬: তেওঁক সন্মানীয় ইটালীৰ নাগৰিকত্ব প্ৰদান কৰা হয়।[31]
  • ইটালী, ২০০৯: ভজন ছোপোৰী আৰু তেওঁৰ পুত্ৰ অভয় ছোপোৰীয়ে তেওঁৰ সন্মানত নিৰ্মলকৌনস ৰাগ ৰচনা কৰে।[32]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lewis, James R.; Tollefsen, Inga B. (2016). The Oxford Handbook of New Religious Movements: Volume II. Oxford University Press. পৃষ্ঠা. 293. ISBN 9780190466190. https://books.google.com/books?id=HZdHDAAAQBAJ&pg=PA293. "A few female gurus have gained international recognition... Sahaja Yoga's guru, Shri Mataji Nirmala Devi."
  2. "Advies van het Informatie- en Adviescentrum inzake de Schadelijke Sektarische Organisaties (IACSSO) over Sahaja Yoga" (nl ভাষাত). IACASSO [nl]. 7 March 2005. https://www.iacsso.be/publicatiesadvies050307.htm.
  3. Abgrall, Jean-Marie (2000). Soul Snatchers: The Mechanics of Cults. Algora Publishing. পৃষ্ঠা. 139–144. ISBN 978-1-892941-04-6.
  4. Wayne Dyer, "The power of intention" "She is the primordial mother", p56-57, Hay House, 2004
  5. 1 2 3 "Sahaja Yoga founder Nirmala Devi is dead". Indian Express. Express News Service. 25 February 2011. http://www.indianexpress.com/news/sahaja-yoga-founder-nirmala-devi-is-dead/754645/.
  6. 1 2 3 H.P. Salve, My memoirs (New Delhi: LET, 2000), chapter 1
  7. "Origin and meaning of the name Nirmala". http://babynamesworld.parentsconnect.com/meaning_of_Nirmala.html আহৰণ কৰা হৈছে: 1 March 2011.
  8. Rao, Mukunda (2022-04-25) (en ভাষাত). India’s Greatest Minds: Spiritual Masters, Philosophers, Reformers. Hachette India. ISBN 978-93-89253-54-2. https://www.google.com/books/edition/India_s_Greatest_Minds/-zllEAAAQBAJ?hl=en&gbpv=1&dq=Nirmala+name+immaculate&pg=PT266&printsec=frontcover.
  9. "Shri Mataji Nirmala Devi's Family and Heritage". Archived from the original on 6 December 2013. https://web.archive.org/web/20131206211710/http://shrimataji.org/site/life/shri-mataji-family.html আহৰণ কৰা হৈছে: 13 January 2014.
  10. 1 2 Biography at shrimataji.net Archived 4 May 2006 at the Wayback Machine
  11. "Shri Mataji Nirmala Devi - Childhood". Archived from the original on 14 January 2014. https://web.archive.org/web/20140114001031/http://shrimataji.org/site/life/biography-from-nirmala-srivastava-to-shri-mataji/childhood.html আহৰণ কৰা হৈছে: 4 March 2013.
  12. 1 2 H.P. Salve, My memoirs (New Delhi: LET, 2000), chapter 4
  13. "A message for one and all, The Hindu, 7 April 2003". The Hindu. Archived from the original on 8 November 2012. https://web.archive.org/web/20121108134808/http://hindu.com/thehindu/mp/2003/04/07/stories/2003040700860400.htm আহৰণ কৰা হৈছে: 6 April 2014.
  14. Rommel Varma; Sadhana Varma. Ascent to the Divine: Himalaya Kailasa-Manasarovar in Scripture, Art and Thought আই.এচ.বি.এন. 978-2-88169-001-3
  15. Jones, Lindsey, ed (2005). Encyclopedia of Religion (2nd সম্পাদনা). প্ৰকাশক Detroit: Macmillan Reference USA [Imprint]. ISBN 978-0-02-865997-8.
  16. Arshiya Khanna (16 November 2006). "A New Childhood" (Editorial). The Times of India. https://timesofindia.indiatimes.com/home/opinion/edit-page/A-New-Childhood/articleshow/457754.cms আহৰণ কৰা হৈছে: 4 November 2007.
  17. "Shri P.K. Salve Kala Pratishthan". PKS Academy. Archived from the original on 15 July 2011. https://web.archive.org/web/20110715091513/http://www.pksacademy.com/about.htm আহৰণ কৰা হৈছে: 25 February 2011.
  18. We want the world to know... Archived 4 February 2012 at the Wayback Machine "Shri Mataji has completed her work"
  19. "Sunday 23rd March. You have to forgive – Easter puja talk". Shrimataji.org. Archived from the original on 2 October 2011. https://web.archive.org/web/20111002161134/http://www.shrimataji.org/india2007/story/226#more আহৰণ কৰা হৈছে: 26 November 2011.
  20. Shri Mataji allowed to offer her puja on the occasion of Buddha Purnima Archived 20 July 2008 at the Wayback Machine (20 May 2008)
  21. "Saturday 17th May. Will power and the menace called alcohol". Shrimataji.org. Archived from the original on 2 October 2011. https://web.archive.org/web/20111002161225/http://www.shrimataji.org/italy2008/story/242 আহৰণ কৰা হৈছে: 26 November 2011.
  22. "Stop Drinking with Yoga". https://www.sahajayogaportal.org/en/stop-drinking-with-yoga.html.
  23. Rome, Marcus (21 May 2011). "Yogi shared teachings at no cost". The Sydney Morning Herald. https://www.smh.com.au/national/yogi-shared-teachings-at-no-cost-20110520-1ewo1.html আহৰণ কৰা হৈছে: 19 Nov 2019.
  24. "A Selection of Awards and Recognitions". Archived from the original on 30 March 2017. https://web.archive.org/web/20170330195304/http://shrimataji.org/site/life/awards-and-recognition.html আহৰণ কৰা হৈছে: 2 March 2017.
  25. "International Scientific Conference, St. Peterburg". প্ৰকাশক 00:15:46. 14 September 1994. https://www.amruta.org/1994/09/14/medical-conference-in-st-petersburg-1994/ আহৰণ কৰা হৈছে: 2 March 2017.
  26. "Medical Conference, Ecological University of Bucharest". প্ৰকাশক 55:17. 2 August 1995. https://www.amruta.org/1995/08/02/medical-conference-at-ecological-university-of-bucharest-1995/ আহৰণ কৰা হৈছে: 2 March 2017.
  27. "Fourth World Conference On Women, Beijing, China". 13 September 1995. https://www.amruta.org/1995/09/13/conference-on-women-in-beijing-1995/ আহৰণ কৰা হৈছে: 2 March 2017.
  28. "Public Program at Maharashtra Institute of Technology". 25 November 1996. https://www.amruta.org/1996/11/25/pp-on-the-700th-birthday-of-shri-gyaneshwara-1996/ আহৰণ কৰা হৈছে: 2 March 2017.
  29. "Tribute To Shri Mataji Nirmala Devi By Claes Nobel". 3 July 1997. https://www.amruta.org/1997/07/03/public-program-tribute-to-shri-mataji-nirmala-devi-by-claes-nobel-royal-albert-hall-london/ আহৰণ কৰা হৈছে: 2 March 2017.
  30. "Awards and Achievements". http://www.sahajayogahealthcentre.org/awards-and-achievments.html আহৰণ কৰা হৈছে: 2 March 2017.
  31. "Cittadinanza onoraria, Il Secolo XIX" (it ভাষাত). Il Secolo XIX. 25 February 2011. Archived from the original on 7 February 2017. https://web.archive.org/web/20170207032009/http://www.ilsecoloxix.it/p/basso_piemonte/2011/02/25/AOJ2KW-cabella_addio_santona.shtml আহৰণ কৰা হৈছে: 2 March 2017.
  32. "Nirmalkauns (Pandit Bhajan Abhay Sopori) in honor of Shri Mataji". প্ৰকাশক 0:14-3:03: YouTube. 19 September 2013. https://www.youtube.com/watch?v=6lCWb-ZSSp0 আহৰণ কৰা হৈছে: 3 March 2017.

গ্ৰন্থতালিকা

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]