সমললৈ যাওক

নিৰ্মল পূৰ্জা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিৰ্মল পূৰ্জা (Nirmal Purja)
MBE

২০২১ চনত পূৰ্জা
জন্ম ২৫ জুলাই, ১৯৮৩
ডানা, ম্যাগদি, নেপাল
মৃত্যু ৩০ জুলাই, ২০২৬ (৪৩ বছৰ)
ব্ৰড পিক, গিলগিট-বাল্টিস্তান, পাকিস্তান
নাগৰিকত্ব জন্ম:
নেপাল[1]
নাগৰিক:
যুক্তৰাজ্য[2]
দাম্পত্যসঙ্গী সুচি পূৰ্জা
সন্তান ১
আত্মীয়-স্বজন তেজন গুৰুং
(ভগ্নীপতি)[3]

নিৰ্মল পূৰ্জা (ইংৰাজী: Nirmal Purja; নেপালী: निर्मल पुर्जा; ২৫ জুলাই ১৯৮৩ – ৩০ জুলাই ২০২৬) নিমছ বা নিমছদাই নামেৰে পৰিচিত এজন নেপালী-ব্ৰিটিছ পৰ্বতাৰোহী৷ পৰ্বতাৰোহণক কেৰিয়াৰ হিচাপে গঢ়ি তোলাৰ পূৰ্বে তেওঁ ব্ৰিগেড অৱ গোৰ্খাৰ সৈতে ব্ৰিটিছ সেনাবাহিনীত আৰু পাছলৈ ৰয়েল নেভিৰ বিশেষ বাহিনীৰ ইউনিট স্পেচিয়েল ব’ট চাৰ্ভিচ (SBS)ত সেৱা আগবঢ়াইছিল৷

২০১৯ চনৰ এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত পূৰ্জাই অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ কৰি মাত্ৰ ছমাহ আৰু ছয় দিনৰ ভিতৰতে ১৪টা "আঠহাজাৰী শৃংগ" ( eight-thousanders) — ৮,০০০ মিটাৰ (২৬,০০০ ফুট)তকৈ অধিক উচ্চতাৰ শৃংগ আৰোহণ কৰিছিল। ২০২৩ চনত ক্ৰীষ্টিন হাৰিলা আৰু টেনজেন শ্বেৰ্পাই এই অভিলেখ ভংগ নকৰালৈকে এইটোৱেই আছিল সৰ্বাধিক দ্ৰুত সময়ৰ অভিলেখ। ইয়াৰ উপৰিও পূৰ্জাই পৰিপূৰক অক্সিজেন অবিহনে "আঠহাজাৰী শৃংগ"ৰ আৰোহণৰ আটাইতকৈ দ্ৰুততম অভিলেখ গঢ়িছিল, যিটো অভিলেখ তেওঁ দুবছৰ ১৫০ দিনৰ ভিতৰত গঢ়িছিল।[4] মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে মাউণ্ট এভাৰেষ্ট, লোচে, মাকালুৰ শিখৰত উপনীত হোৱা প্ৰথমজন ব্যক্তি হৈছে পূৰ্জা। ২০২১ চনত তেওঁ আৰু আন ৯ জন নেপালী পৰ্বতাৰোহীয়ে কে ২ ৰ প্ৰথম শীতকালীন আৰোহণ সম্পূৰ্ণ কৰে। তেওঁক তেওঁৰ প্ৰজন্মৰ অন্যতম নিপুণ পৰ্বতাৰোহী বুলি গণ্য কৰা হয় আৰু আধুনিক উচ্চ উচ্চতাৰ পৰ্বতাৰোহণৰ এজন আগশাৰীৰ ব্যক্তি হিচাপে তেওঁক বহুলভাৱে গণ্য কৰা হয়।[5][6][7][8]

২০২৬ চনৰ জুলাই মাহত পাকিস্তানৰ ব্ৰড পিকত হোৱা হিমস্খলনত পূৰ্জা আৰু আন ৯ গৰাকী পৰ্বতাৰোহীৰ মৃত্যু হয়৷

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

নিৰ্মল ("নিমছ")[9] পূৰ্জাৰ জন্ম হৈছিল ১৯৮৩ চনৰ ২৫ জুলাইত[10] নেপালৰ ম্যাগদি জিলাৰ[11] এখন সৰু গাঁও ডানাত —— যিখন ধৌলাগিৰিৰ ওচৰত সমুদ্ৰপৃষ্ঠৰপৰা ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত।[12] নন্দ বাহাদূৰ পূৰ্জা আৰু পূৰ্ণ কুমাৰীৰ পাঁচটা সন্তানৰ ভিতৰত তেওঁ আছিল চতুৰ্থ সন্তান।[13] তেওঁৰ পিতৃ গোৰ্খা সৈনিক আছিল আৰু মাক আছিল খেতিয়ক পৰিয়ালৰ।[12] তেওঁলোক যিহেতু ভিন্ ভিন্ নেপালী জনগোষ্ঠীৰ অন্তৰ্গত আছিল, সেয়েহে তেওঁলোকৰ বিবাহক সহজে গ্ৰহণ কৰা হোৱা নাছিল; ফলস্বৰূপে, দুয়োজনেই আৰ্থিক আৰু সামাজিকভাৱে পৰিয়ালৰপৰা বিচ্ছিন্ন হৈ পৰে।[12] পূৰ্জাই নেচনেল জিঅ'গ্ৰাফিকক জনাইছিল, "আমি সঁচাকৈয়ে দুখীয়া পৰিয়ালৰপৰা আহিছোঁ," আৰু "মোৰ মনত আছে যে সৰুতে মোৰ ফ্লিপ-ফ্লপ্‌চও (flip-flops) নাছিল।"[12] তেওঁৰ বয়স চাৰি বছৰ হওঁতে‍ তেওঁলোকৰ পৰিয়ালটো কাঠমাণ্ডুৰ ওচৰৰ নিম্নভূমি চিটৱান জিলালৈ গুচি যায়।[12]

পূৰ্জাৰ তিনিজন ডাঙৰ ভাতৃ গোৰ্খা সৈনিক হৈছিল আৰু তেওঁলোকেই তেওঁৰ ইংৰাজী মাধ্যমৰ বৰ্ডিং স্কুলৰ খৰচ বহন কৰিছিল।[12] স্কুলত পঢ়ি থকাৰ সময়তে তেওঁ কিকবক্সিঙত পাকৈত হৈ পৰিছিল।[12] পৰৱৰ্তী সময়ত তেওঁ ইংলেণ্ডৰ ল'ফব'ৰ' বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে আৰু তাতেই নিৰাপত্তা ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে।[14]

সামৰিক জীৱন (২০০৩–২০১৮)

[সম্পাদনা কৰক]

২০০৩ চনত পূৰ্জাই ব্ৰিগেড অৱ গোৰ্খাত যোগদান কৰে আৰু ২০০৯ চনত ৰয়েল নেভিৰ বিশেষ নাও সেৱা (SBS)ত অংশগ্ৰহণ কৰে,[11] অভিজাত ব্ৰিটিছ ইউনিটত যোগদান কৰা তেওঁ হ'ল প্ৰথমজন গোৰ্খা।[10] তেওঁ এছ বি এছত শীতকালীন যুদ্ধ বিশেষজ্ঞ হিচাপে কাম কৰিছিল।[10][15] পূৰ্জাই কয় যে ব্ৰিটেইনৰ সকলো যুদ্ধতে তেওঁ জড়িত আছিল আৰু স্নাইপাৰৰ গুলীয়ে এবাৰ তেওঁৰ ৰাইফলৰ কুণ্ডাত খুন্দা মৰাত তেওঁ আহত হৈছিল আৰু অলপৰ বাবে তেওঁৰ ডিঙিত গুলী লগা নাছিল।[12]

২০১৮ চনত তেওঁ এছ বি এছৰপৰা পদত্যাগ কৰি উচ্চ উচ্চতাৰ পৰ্বতাৰোহণত পূৰ্ণকালীনভাৱে মনোনিৱেশ কৰে।[12] সামৰিক বাহিনীত থকা সময়ছোৱাত তেওঁ পৰিয়ালৰ বাবে এজন মূল উপাৰ্জনকাৰী হৈ পৰিছিল,[16] গতিকে সেৱা এৰি যোৱাৰ অৰ্থ আছিল তেওঁৰ সেনাবাহিনীৰ পেঞ্চনও হাতৰ পৰা এৰি দিয়া৷ তেওঁ নিজেই এই ধনৰাশিক "জীৱন সলনি কৰা" ধন বুলি অভিহিত কৰিছিল।[12]

পৰ্বতাৰোহণ জীৱন (২০১২–২০২৬)

[সম্পাদনা কৰক]

আৰম্ভণিৰ হিমালয় আৰোহণ

[সম্পাদনা কৰক]

২০১২ চনত পূৰ্জাই প্ৰথমটো বৃহৎ হিমালয় আৰোহণ কৰিছিল, পূৰ্বৰ কোনো পৰ্বতাৰোহণৰ অভিজ্ঞতা নোহোৱাকৈ লোবুচে ইষ্টৰ শিখৰত উপনীত হৈছিল। ২০১৪ চনৰ ১৮ মে’ত মাত্ৰ ১৫ দিনীয়া অভিযানত তেওঁ ধৌলাগিৰি (৮,১৬৭ মিটাৰ) শিখৰত উপনীত হয়; এইটোৱেই আছিল তেওঁৰ প্ৰথম "আঠহাজাৰী শৃংগ" ( eight-thousanders) আৰোহণ।[17] ২০১৬ চনৰ ১৩ মে'ত তেওঁ দ্বিতীয়টো আঠহাজাৰী শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে।[17]

২০১৭ চনৰ ১৫ মে'ত[17] পূৰ্জাই "G200E" গোৰ্খা অভিযানৰ নেতৃত্ব দিয়ে, য'ত তেওঁ ১৩ জন গোৰ্খাৰ সৈতে এভাৰেষ্টৰ শিখৰত উপনীত হয়; এই অভিযান ব্ৰিটিছ সেনাবাহিনীত ২০০ বছৰীয়া গোৰ্খা সেৱাৰ স্মৰণত আয়োজন কৰা হৈছিল।[18] মুঠতে পূৰ্জাই ৯ বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে: তৃতীয়বাৰৰ বাবে ২০১৭ চনৰ ২৭ মে'ত;[19] চতুৰ্থটো ২০১৯ চনৰ ২২ মে'ত;[20] পঞ্চমটো ২০২১ চনৰ ৩১ মে'ত;[21] ষষ্ঠটো ২০২২ চনৰ ১৫ মে'ত;[22] সপ্তমটো মাত্ৰ ১৩ দিনৰ পাছত, ২০২২ চনৰ ২৮ মে'ত;[23] অষ্টমটো ২০২৩ চনৰ ১৭ মে'ত;[24] আৰু নৱমটো ২০২৬ চনৰ ২৭ মে’ত৷[25]

প্ৰকল্প সম্ভৱ ১৪/৭

[সম্পাদনা কৰক]
২০১৯ চনত প্ৰজেক্ট পচিবলৰ চূড়ান্ত আৰোহণৰ পাছত কাঠমাণ্ডুত পূৰ্জা

সাত মাহত "আঠহাজাৰী"ৰ চৈধ্যটা শৃংগৰ শিখৰত উপনীত হোৱাৰ পৰিকল্পনাৰে পূৰ্জাই ২০১৯ চনৰ ২৩ এপ্ৰিলত প্ৰথমটো শিখৰত উপনীত হয় আৰু ইয়াৰ পাছত ২০১৯ চনৰ ২৪ মে'ত তেওঁ নিজৰ "প্ৰকল্প সম্ভৱ ১৪/৭" সম্পূৰ্ণ কৰে।[26] প্ৰথম পৰ্যায়ত ছটা শৃংগ আৰোহন কৰে, সেয়া হ'ল - অন্নপূৰ্ণা, ধৌলাগিৰি, কাঞ্চনজঙ্ঘা, মাউণ্ট এভাৰেষ্ট, লোচে আৰু মাকালু।[26] এই আৰোহণত তেওঁৰ লগত আছিল শ্বেৰ্পা মিংমা গাবু "ডেভিদ" শ্বেৰ্পা, লাকপা ডেণ্ডি (জেকচন ছন), গেলজেন শ্বেৰ্পা, টেনচি কাছাং, আৰু আন কেইবাজনো পৰ্বতাৰোহী। মাত্ৰ ১২ দিনতে তেওঁ শেষ পাঁচটা শৃংগ আৰোহন কৰে। তেওঁ দুদিন ৩০ মিনিটৰ ভিতৰতে এভাৰেষ্ট, লোচে, মাকালু আৰোহণ কৰি নিজৰ পূৰ্বৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰে।[17][27][28][29][30][31]

২০১৯ চনৰ জুলাই মাহত পূৰ্জাই দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰে, য’ত তেওঁ নাংগা পৰ্বত (৮,১২৬ মিটাৰ, ৩ জুলাই), গাশ্বাৰব্ৰাম-প্ৰথম (৮,০৮০ মিটাৰ, ১৫ জুলাই), গাশ্বাৰব্ৰাম-দ্বিতীয় (৮,০৩৪ মিটাৰ, ১৮ জুলাই), কে২ (৮,৬১১ মিটাৰ, ২৪ জুলাই) আৰু ব্ৰড পিক (৮,০৪৭ মিটাৰ, ২৬ জুলাই)ৰ শিখৰত উপনীত হয়; এই সকলোবোৰ পাকিস্তানত অৱস্থিত।[32][33]

২০১৯ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা তৃতীয় আৰু অন্তিম পৰ্যায় আৰম্ভ হৈছিল। তেওঁ ২৩ ছেপ্টেম্বৰত চো অয়ু (৮১৮৮ মিটাৰ, তিব্বত) আৰু ২৭ ছেপ্টেম্বৰত মানসলু (৮১৬৩ মিটাৰ, নেপাল) শিখৰত উপনীত হয়। ২০১৯ চনৰ ১ অক্টোবৰত চীন কৰ্তৃপক্ষই নেপালী চৰকাৰৰ অনুৰোধত পূৰ্জা আৰু তেওঁৰ দলটোক শৰৎকালত শিশাপাংমা (৮০২৭ মিটাৰ, তিব্বত, চীন) বগাবলৈ বিশেষ অনুমতি প্ৰদান কৰে।[34] ২০১৯ চনৰ ১৮ অক্টোবৰত পূৰ্জাই নেপাল এৰি তিব্বতলৈ যায়, পাঁচজনীয়া অভিযানৰ নেতৃত্ব দি[35] আৰু পৰিপূৰক অক্সিজেন ব্যৱহাৰ কৰি ২৯ অক্টোবৰত সফলভাৱে‍ শিখৰত উঠি ১৪/৭ প্ৰজেক্ট পচিবল সম্পূৰ্ণ কৰে।[36]

২০২২ চনত প্ৰকাশিত গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰকল্প ১৪/৭ৰ সময়ত পূৰ্জা ধৌলাগিৰিৰ শিলা-শিখৰত আৰু মানসলুৰ শৈলশিৰাৰ এটি বিন্দুত ৰৈ দিব লগা হৈ‍ছিল।

পৰিপূৰক অক্সিজেনৰ সৈতে ১৪টা সৰ্বোচ্চ শৃংগৰ ভিতৰত সৰ্বাধিক দ্ৰুততম আৰোহণৰ অভিলেখৰ উপৰিও পূৰ্জাই আন কেইবাটাও অভিলেখ গঢ়িছিল: বসন্ত কালত সবাতোকৈ‍ বেছি ৮,০০০ মিটাৰ শিখৰ আৰোহণ (ছয়); গ্ৰীষ্মকালত সবাতোকৈ‍ বেছি (পাঁচটা); বিশ্বৰ তিনিটা সৰ্বোচ্চ শৃংগ (এভাৰেষ্ট, কে ২, আৰু কাঞ্চনজঙ্ঘা)ৰ আটাইতকৈ দ্ৰুততম আৰোহণ; বিশ্বৰ পাঁচটা উচ্চতম পৰ্বতৰ (এভাৰেষ্ট, কে ২, কাঞ্চনজঙ্ঘা, লোচে‍, আৰু মাকালু) আটাইতকৈ দ্ৰুততম আৰোহণ; তলৰ স্তৰৰ ৮,০০০ মিটাৰ শৃংগ (গাশ্বাৰব্ৰাম I, II, আৰু ব্ৰড পিক)ৰ আটাইতকৈ দ্ৰুত আৰোহণ; আৰু উচ্চ স্তৰৰ ৮,০০০ মিটাৰ শৃংগৰ আটাইতকৈ দ্ৰুততম আৰোহণ — য'ত মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে একেৰাহে এভাৰেষ্ট, লোচে‍ আৰু মাকালু বগাই নিজৰ পূৰ্বৰ পাঁচ দিনৰ অভিলেখ ভংগ কৰাটোও অন্তৰ্ভুক্ত হৈ আছে‍।[26]

২০১৯ চনৰ মে’ মাহত ‘প্ৰজেক্ট পচিবল’ৰ সময়ত পূৰ্জাই তোলা এখন ফটো ভাইৰেল হৈছিল, য’ত এভাৰেষ্টত পৰ্বতাৰোহীৰ ভিৰ দেখা গৈছিল। এই ছবিখন দি‍ নিউয়ৰ্ক টাইমছতো প্ৰকাশ পাইছিল।[37]

নেটফ্লিক্সে প্ৰজেক্ট পচিবলৰ বিষয়ে ১৪ পিকছ: নথিং ইজ ইম্পচিবল ছবিখন নিৰ্মাণ কৰিছিল, যিখন ছবি ২০২১ চনৰ ২৯ নৱেম্বৰত মুক্তি পাইছিল।[38][39]

কে২-ৰ প্ৰথম শীতকালীন আৰোহণ

[সম্পাদনা কৰক]

২০২১ চনৰ ১৬ জানুৱাৰীত পূৰ্জাই আন ৯ জন নেপালী পৰ্বতাৰোহীৰ সৈতে ইতিহাস ৰচনা কৰে। তেওঁৰ দলটোৱে – মিংমা ডেভিদ শ্বেৰ্পা, মিংমা টেঞ্জি শ্বেৰ্পা, গেলজেন শ্বেৰ্পা, পেম চিৰি শ্বেৰ্পা, ডাৱা টেম্বা শ্বেৰ্পা, আৰু তেওঁ নিজেই – মিংমা গিয়ালজে শ্বেৰ্পা (মিংমা জি), ডাৱা টেনজিন শ্বেৰ্পা আৰু কিলু পেম্বা শ্বেৰ্পা আৰু চেভেন ছামিটছ ট্ৰেকছৰপৰা ছ’না শ্বেৰ্পাৰ দলত যোগদান কৰে। তেওঁলোকে পাকিস্তানত স্থানীয় সময় অনুসৰি ১৬:৫৮ বজাত কে ২ৰ শীৰ্ষত উপনীত হয়।[40][41][42][43]১৯৮৭ চনৰ পাছত বহু প্ৰচেষ্টাৰ অন্তত এইটোৱেই আছিল প্ৰথম সফল কে২-ৰ শীতকালীন আৰোহণ। পূৰ্জা আছিল একমাত্ৰ দলৰ সদস্য যিয়ে পৰিপূৰক অক্সিজেন অবিহনে শিখৰত উপনীত হৈছিল, শীতকালত তেনে কৰা তেওঁ আছিল প্ৰথমজন ব্যক্তি।[44][45][46][47][48]

কে২-ৰ তলত থকা শিবিৰসমূহত ভয়াবহ বতৰৰ প্ৰভাৱ পৰাত আৰু কিছুমান সঁজুলি হেৰাই যোৱাৰ পাছত তিনিটা দলৰ নেপালী পৰ্বতাৰোহীয়ে একত্ৰিত হৈ পৰ্বত বগাবলৈ সিদ্ধান্ত লয়।[49]

অধিক কৃতিত্ব

[সম্পাদনা কৰক]

২০২২ চনৰ মে’ মাহত পূৰ্জাই মাত্ৰ ৮ দিন, ২৩ ঘণ্টা আৰু ১০ মিনিটত পৰিপূৰক অক্সিজেন নোহোৱাকৈ একেৰাহে কাঞ্চনজঙ্ঘা, মাউণ্ট এভাৰেষ্ট, আৰু লোচে‍ বগাই এক নতুন গতিৰ অভিলেখ গঢ়িছিল। ৭ মে’ৰ পুৱা ১০:৫০ বজাত তেওঁ কাঞ্চনজঙ্ঘা আৰোহন কৰিছিল, ১৫ মে’ৰ পুৱা ৮:০০ বজাত এভাৰেষ্টৰ শিখৰত উপনীত হৈছিল (এভাৰেষ্টত তেওঁৰ ষষ্ঠ আৰোহণ) আৰু ২৬ ঘণ্টাৰ পাছত ১৬ মে’ৰ পুৱা ১০:০০ বজাত তেওঁ লোচে‍ আৰোহণ কৰিছিল।[22]

২০২৪ চনৰ ৪ অক্টোবৰত পূৰ্জাই শিশপাংমাৰ শিখৰত উপনীত হোৱাৰ পাছত দুটা বিশ্ব অভিলেখ ভংগ কৰে: পৰিপূৰক অক্সিজেন অবিহনে ১৪টা শিখৰত উপনীত হোৱাৰ আটাইতকৈ দ্ৰুত সময় (২ বছৰ আৰু ৫ মাহ) আৰু পৰিপূৰক অক্সিজেনৰ সহায়ত আৰু অবিহনে ১৪টা শৃংগ সৰ্বাধিক দ্ৰুত আৰোহন।[50]

২০২৪ চনৰ ২১ অক্টোবৰত তেওঁ পৰিপূৰক অক্সিজেনৰ সৈতে আৰু অবিহনে ১৪টা শৃংগ আৰু সাতটা শিখৰত (Seven Summits) উপনীত হোৱা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হয়।[51]

২০২৫ চনত পূৰ্জাই তেওঁৰ শেহতীয়া প্ৰত্যাহ্বান হেটট্ৰিক চেলেঞ্জ ঘোষণা কৰে, যাৰ লক্ষ্য আছিল তৃতীয়বাৰৰ বাবে ১৪টা শৃংগ আৰু সাতটা শীৰ্ষ শিখৰত উপনীত হোৱা।[52] তেওঁ কয় যে তেওঁ এই প্ৰকল্পৰ বাবে স্ব-পুঁজি আগবঢ়াব, সকলো অনুদান আৰু পৃষ্ঠপোষকতাৰ ধনেৰে নিমছডাই ফাউণ্ডেশ্যনক সহায় কৰিব।[53] শিক্ষা, জৰুৰীকালীন সাহায্য, আৰু পৰিৱেশৰ সৈতে জড়িত বিভিন্ন পদক্ষেপৰ জৰিয়তে উচ্চ পাহাৰীয়া অঞ্চলৰ সম্প্ৰদায়সমূহক সহায় কৰাটোৱেই এই ফাউণ্ডেশ্যনৰ লক্ষ্য। ইয়াৰ আটাইতকৈ বেছি চৰ্চিত প্ৰকল্পটো হৈছে "বিগ মাউণ্টেন ক্লিন আপ",[54] যিটো উচ্চ শৃংগৰ পৰা আৱৰ্জনা আঁতৰাবলৈ আৰম্ভ কৰা হৈছিল।[55]

২০২৫ চনৰ ৩ জুলাইত পূৰ্জাই পাকিস্তানত নংগা পৰ্বত আৰোহন কৰা বুলি ঘোষণা কৰে। এইটোৱেই আছিল তেওঁৰ ৮,০০০ মিটাৰ শৃংগত ৫০ সংখ্যক সফল আৰোহণ আৰু পৰিপূৰক অক্সিজেন নোহোৱাকৈ তেওঁৰ ২২ সংখ্যক আৰোহন।[56] এই আৰোহণসমূহে দুটা নতুন অভিলেখ গঢ়িছিল: যিকোনো পৰ্বতাৰোহীৰ আটাইতকৈ সফল শিখৰ আৰোহন আৰু পৰিপূৰক অক্সিজেন নথকা আটাইতকৈ সফল শিখৰ আৰোহন।[57][58]

২০২৬ চনৰ মে’ মাহত পূৰ্জাই পৰিপূৰক অক্সিজেন অবিহনে এভাৰেষ্ট আৰু লোচে‍ৰ দ্ৰুততম আৰোহক হিচাপে‍ নিজৰ বিশ্ব অভিলেখ ভংগ কৰে। তেওঁ ১৩ ঘণ্টাত এভাৰেষ্টৰ শিখৰৰ পৰা লোচেৰ শিখৰলৈ উঠি পূৰ্বৰ ২৫ ঘণ্টাৰ অভিলেখ অতিক্ৰম কৰে।[25] কেইদিনমানৰ পিছত তেওঁ মাকালুৰ শিখৰত উপনীত হয়—৮,০০০ মিটাৰ শৃংগত তেওঁৰ ৫৬ সংখ্যক আৰোহণ—তাৰ ফলত তেওঁৰ সৰ্বাধিক ৮,০০০ মিটাৰ শৃংগ আৰোহণৰ অভিলেখ আৰু অধিক বৃদ্ধি পায়।[59]

আঠহাজাৰী শৃংগ আৰোহণ

[সম্পাদনা কৰক]

২০২২ চনত প্ৰকাশিত গৱেষণাই মাত্ৰ তিনিজন পৰ্বতাৰোহী – পূৰ্জা, এড ভিয়েষ্টাৰ আৰু ভেইকা গুষ্টাফছনক ১৪টা আঠহাজাৰী শৃংগৰ প্ৰকৃত ভৌগোলিক শিখৰত থিয় হোৱা বুলি নিশ্চিত কৰিছিল।[60] গৱেষকসকলে লক্ষ্য কৰিছে যে ১৪/৭ প্ৰকল্পৰ সময়ত পূৰ্জা ধৌলাগিৰিৰ শিলা-শিখৰত আৰু মানসলুৰ শৈলশিৰাৰ এটি বিন্দুত ৰৈছিল।[60] তেওঁলোকে এইটোও লক্ষ্য কৰিছিল যে ২০২১ চনৰ শৰৎকালত তেওঁ দুয়োটা পৰ্বতৰ প্ৰকৃত শিখৰত উপনীত হোৱাৰ সময়ত এই কথা শুধৰাইছিল।[60]

তলৰ তালিকাখনত পূৰ্জাৰ আঠহাজাৰী শৃংগ আৰোহণৰ তথ্য দিয়া হৈছে:[61]

ক্ৰমিক নং।আট হাজাৰি শৃঙ্গ (উচ্চতা)আৰোহণেৰ তাৰিখ
১.মাউণ্ট এভাৰেষ্ট (৮৮৪৮ মি)১৩ মে ২০১৬, ১৫ মে ২০১৭, ২৭ মে ২০১৭, ২২ মে ২০১৯, ৩১ মে ২০২১, ১৫ মে ২০২২, ২৮ মে ২০২২, ১৭ মে ২০২৩, ২৭ মে ২০২৬
২.কে২ (৮৬১১ মি)২৪ জুলাই ২০১৯, ১৬ জানুৱাৰী ২০২১, ২২ জুলাই ২০২২[62]
৩.কাঞ্চনজঙ্ঘা (৮৫৮৬ মি)১৫ মে ২০১৯, ৭ মে ২০২২, ১৮ মে ২০২৫
৪.লোচে‍ (৮৫১৬ মি)২৭ মে ২০১৭, ২২ মে ২০১৯, ১৬ মে ২০২২, ২৮ মে ২০২২, মে ২০২৩, ২৭ মে ২০২৬
৫.মাকালু (৮৪৮৫ মি)১ জুন ২০১৭, ২৪ মে ২০১৯, ৫ জুন ২০২৩,
৬.চো ইউ (৮১৮৮ মি)২৩ ছেপ্টেম্বৰ ২০১৯, ২ অক্টোবৰ ২০২৩
৭.ধৌলাগিৰি (৮১৬৭ মি)১৮ মে ২০১৪, ১২ মে ২০১৯, ৮ অক্টোবৰ ২০২১
৮.মানসলু (৮১৬৩ মি)২৭ ছেপ্টেম্বৰ ২০১৯, ২৭ ছেপ্টেম্বৰ ২০২১, ২৫ ছেপ্টেম্বৰ ২০২৫
৯.নংগা পৰ্বত (৮১২৫ মি)৩ জুলাই ২০১৯, ২ জুলাই ২০২৩, ৩ জুলাই ২০২৫
১০.অন্নপূৰ্ণা (৮০৯১ মি)২৩ এপ্ৰিল ২০১৯, এপ্ৰিল ২০২৩, ১৫ এপ্ৰিল ২০২৪[63]
১১.গাশ্বাৰব্ৰাম ১ (৮০৮০ মি)১৫ জুলাই ২০১৯, ২১ জুলাই ২০২৩, জুলাই ২০২৫
১২.ব্ৰড পিক (৮০৫১ মি)২৬ জুলাই ২০১৯, ২৫ জুলাই ২০২৩, জুলাই ২০২৫
১৩.গাশাৰব্ৰুম ২ (৮০৩৪ মি)১৮ জুলাই ২০১৯, ১৭ জুলাই ২০২৩, ২১ জুলাই ২০২৬
১৪.শিশপাংমা (৮০২৭ মি)২৯ অক্টোবৰ ২০১৯, ৪ অক্টোবৰ ২০২৪,

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নিৰ্মল পূৰ্জা বহুলভাৱে নিমছদাই নামেৰে জনাজাত আছিল, দাইৰ অৰ্থ নেপালী ভাষাত "ডাঙৰ ভাই।" পূৰ্জা মগৰ বংশৰ আৰু হিন্দু হিচাপে‍ ডাঙৰ-দীঘল হৈছিল।[64][65][44] ব্ৰিগেড অৱ গোৰ্খাৰ সৈতে তেওঁৰ পৰিয়ালৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। তেওঁৰ পিতৃয়ে ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল, আনহাতে তেওঁৰ তিনিজন ডাঙৰ ভাতৃয়ে গোৰ্খা সৈনিক হিচাপে সেৱা আগবঢ়াইছিল। মাক খেতিয়কৰ পৰিয়ালৰপৰা অহা। পূৰ্জাই পিতৃ আৰু ভাতৃদ্বয়ে দেখুওৱা আদৰ্শ অনুসৰণ কৰি গোৰ্খা হোৱাটোকে তেওঁৰ শৈশৱৰ প্ৰধান উচ্চাকাংক্ষা আছিল বুলি উল্লেখ কৰিছে।[66][67]

২০০৬ চনত তেওঁ দন্ত চিকিৎসা সেৱাত কৰ্মৰত গোৰ্খা জোৱানৰ কন্যা সূচি পূৰ্জাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। এই দম্পতীহালে চাউথমপটনৰ ওচৰৰ ইষ্টলিত বসতি স্থাপন কৰে আৰু এগৰাকী কন্যা সন্তান জন্ম দিয়ে।[13] ১৪ পিকছ: নথিং ইজ ইম্পচিবল নামৰ তথ্যচিত্ৰখনকে ধৰি স্বামীৰ পৰ্বতাৰোহণ জীৱনৰ লগত জড়িত হৈ থকা দেখা গৈছিল সূচিক; ছবিখনত নিৰ্মল পূৰ্জাৰ অভিযান আৰু উচ্চাকাংক্ষাই তেওঁলোকৰ পাৰিবাৰিক জীৱনত কেনে প্ৰভাৱ পেলাইছিল তাক চিত্ৰিত কৰা হৈছিল।

বিশেষ নাও সেৱা এৰি পূৰ্জাই পূৰ্ণকালীনভাৱে পৰ্বতাৰোহণ কৰাৰ সিদ্ধান্তত ব্যক্তিগত আৰু আৰ্থিকভাৱে যথেষ্ট বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। ২০১৮ চনত সামৰিক বাহিনী এৰি তেওঁ সম্পূৰ্ণ সামৰিক পেঞ্চন লাভৰ সম্ভাৱনা ত্যাগ কৰিছিল, যিটোক তেওঁ জীৱন সলনি কৰা ধন বুলি অভিহিত কৰিছিল। প্ৰজেক্ট পচিবলৰ বাবে পৰ্যাপ্ত পৃষ্ঠপোষকতা লাভ কৰিবলৈ সংগ্ৰাম কৰাৰ পাছতো তেওঁ এই অভিযানৰ বিত্তীয় সাহায্যত সহায় কৰিবলৈ পৰিয়ালৰ ঘৰটো পুনৰ বন্ধকত থ'ব লগা হৈছিল।[13]

পৰৱৰ্তী সময়ত পূৰ্জাই উল্লেখ কৰি কৈছিল যে যেতিয়া তেওঁ প্ৰকল্পটো আৰম্ভ কৰিবলৈ হিথ্ৰ’ৰপৰা কাঠমাণ্ডুলৈ উৰা মাৰিছিল, তেতিয়া তেওঁ প্ৰয়োজনীয় মুঠ ধনৰ প্ৰায় ১৫ শতাংশহে লাভ কৰিছিল। তেওঁ অভিযানৰ আগৰ বছৰটোক শাৰীৰিক প্ৰস্তুতিৰ পৰিৱৰ্তে ধন সংগ্ৰহৰ প্ৰচেষ্টাৰ সময় বুলি বৰ্ণনা কৰিছে আৰু সম্ভাৱ্য পৃষ্ঠপোষকে বাৰে বাৰে নাকচ কৰাটোৱে তেওঁৰ মনত যথেষ্ট মানসিক চাপৰ সৃষ্টি কৰিছিল বুলি উল্লেখ কৰিছে‍।[67]

তথ্যচিত্ৰ ১৪ পিকছত প্ৰজেক্ট পচিবলৰ সময়ত সৃষ্ট তেওঁৰ পৰিয়ালৰ ভিতৰচ'ৰাৰ উত্তেজনাও চিত্ৰিত কৰা হৈছিল। তেওঁৰ পত্নীয়ে তেওঁ সন্মুখীন হোৱা বিপদৰ বাবে চিন্তিত আছিল, মাক গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ এজন ডাঙৰ ভাতৃয়ে তেওঁ নিৰাপদ সামৰিক কেৰিয়াৰ এৰি এই প্ৰকল্পটো আগবঢ়াই নিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল। গাৰ্ডিয়ানে এই পৰিস্থিতিসমূহক পৃষ্ঠপোষকতাৰ প্ৰতিশ্ৰুতিৰ হেঁচা আৰু তেওঁৰ ঘৰৰ ওপৰত দ্বিতীয়টো বন্ধকৰ ফলত সৃষ্ট হেঁচাক এই অভিযানৰ আঁৰৰ ব্যক্তিগত সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি বৰ্ণনা কৰিছে।[68]

সশস্ত্ৰ বাহিনীত কৰ্মৰত অৱস্থাত পূৰ্জাই ল’ফব’ৰ’ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি নিৰাপত্তা ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিশ্ববিদ্যালয়খনে তেওঁক সামৰিক সেৱা আৰু পৰ্বতাৰোহণৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে।[69]

যৌন অসৎ আচৰণৰ অভিযোগ

[সম্পাদনা কৰক]

২০২৪ চনৰ মে' মাহত দ্য নিউয়ৰ্ক টাইমছত ফিনলেণ্ডৰ পৰ্বতাৰোহী লোটা হিন্টছা আৰু কেলিফৰ্ণিয়াৰ চিকিৎসক এপ্ৰিল লিওনাৰ্ডোৱে পূৰ্জাৰ বিৰুদ্ধে যৌন অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰিছিল।[70][71][72] ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁৰ স্মৃতিকথাৰ গ্ৰন্থ Elämäni Vuoret 2 ("মোৰ জীৱনৰ পৰ্বত")ত হিন্টছাই চমুকৈ বৰ্ণনা কৰিছিল “এক বিচলিত কৰা কাণ্ড”ৰ য'ত নেপালৰ কাঠমাণ্ডুত ব্যৱসায়িক আলোচনাৰ সময়ত নাম প্ৰকাশ নকৰা এজন "অতি বিখ্যাত পুৰুষ পৰ্বতাৰোহীয়ে.... [তেওঁক] সম্পূৰ্ণৰূপে আগতীয়া সম্ভেদ নিদিয়াকৈ‍ চুমা খাইছিল"। পাছলৈ দ্য নিউয়ৰ্ক টাইমছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ নিশ্চিত কৰে যে “তেওঁৰ অভিজ্ঞতা কিতাপখনত বৰ্ণনা কৰাতকৈ অধিক বিৰক্তিকৰ আছিল” আৰু প্ৰকাশ কৰে যে পূৰ্জাই তেওঁক তেওঁৰ হোটেলৰ বিলাসবহুল বাসস্থানত থকা শোৱা কোঠালৈ লৈ গৈছিল, কাপোৰ খুলিবলৈ চেষ্টা কৰিছিল, অপ্ৰত্যাশিতভাৱে স্পৰ্শ কৰিছিল আৰু বাৰে বাৰে আপত্তি কৰাৰ পাছতো কাষতে হস্তমৈথুন কৰিছিল।[70] ২০২২ চনত সংঘটিত হোৱা এটা সুকীয়া কাণ্ডত লিঅ’নাৰ্ডোৱে অভিযোগ কৰে যে পূৰ্জাই “নিমন্ত্ৰণ নোহোৱাকৈয়ে তেওঁৰ তম্বুত দেখা দিছিল” আৰু তাৰ পাছত কেইবাবাৰো তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল। যিহেতু এই কাণ্ডবোৰ নিজৰ দেশৰ বাহিৰত সংঘটিত হৈছিল, গতিকে হিন্টছা আৰু লিওনাৰ্ডো দুয়োজনেই “শক্তিহীন অনুভৱ কৰিছিল” আৰু তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে আইন প্ৰয়োগকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰা নাছিল।[70][71]

পূৰ্জাই তেওঁৰ অধিবক্তাৰ জৰিয়তে “অসৎ কাৰ্য্যৰ অভিযোগ নিৰ্দ্বিধায় অস্বীকাৰ কৰিছিল” আৰু এই বিৱৰণীসমূহক “মানহানিকাৰক আৰু মিছা” বুলি অভিহিত কৰিছিল।[72][70]আন এক বিবৃতিত তেওঁ ঘোষণা কৰে যে তেওঁৰ দলটোৱে দ্য নিউয়ৰ্ক টাইমছৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিব।[73]

অভিযোগ দেখি‍ অস্প্ৰে পেকছ পূৰ্জাৰ পৃষ্ঠপোষকতাৰ পৰা আঁতৰি যায়। গ্ৰীভেল আৰু স্কাৰপাই পৰ্বতাৰোহীজনক তেওঁলোকৰ বিপণন আৰু প্ৰচাৰমূলক কাৰ্য্যকলাপৰ পৰা আঁতৰাই দিয়ে।[74][75]

হিমালয়ান টাইমছ ব্লেকলিষ্টিং

[সম্পাদনা কৰক]

২০২৫ চনত নেপাল প্ৰেছ কাউন্সিলে দ্য হিমালয়ান টাইমছক ব্লেকলিষ্ট কৰি চৰকাৰী পুঁজিৰ বিজ্ঞাপন প্ৰত্যাহাৰ কৰে; ইয়াৰ পূৰ্বে পৰিষদে পূৰ্জা আৰু তেওঁৰ কোম্পানী স্কাইডাইভ নিমছডাই আৰু এলিট এক্সপেডৰ বিষয়ে প্ৰকাশিত "অসন্তুলিত" প্ৰবন্ধৰ তদন্ত কৰিছিল।[76]

২০২৪ চনত দ্য হিমালয়ান টাইমছে পূৰ্জা আৰু তেওঁৰ ব্যৱসায়ৰ বিৰুদ্ধে অসৎ আচৰণৰ অভিযোগ উত্থাপন কৰি মুঠ ১৭টা প্ৰবন্ধ প্ৰকাশ কৰিছিল আৰু ইয়াৰ উত্তৰত পূৰ্জা আৰু তেওঁৰ কোম্পানীসমূহে নেপাল প্ৰেছ কাউন্সিলত অভিযোগ দাখিল কৰে আৰু কাউন্সিলে তদন্ত আৰম্ভ কৰে।[77]

২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত পৰিষদে কাকতখনে সাংবাদিকতাৰ আচৰণ বিধি উলংঘা কৰা বুলি ৰায় দিয়ে। তেওঁলোকৰ ভাষাত প্ৰবন্ধবোৰ আছিল "একপক্ষীয় আৰু ভাৰসাম্যহীন, ঘৃণা আৰু বৈষম্য বিয়পাই দিয়া আৰু সম্ভৱতঃ ব্যক্তিৰ ক্ষতি কৰা।" এই ৰায়দানৰ ফলত পৰিষদে দ্য হিমালয়ান টাইমছক ব্লেকলিষ্ট কৰে আৰু চৰকাৰী পুঁজিৰ বিজ্ঞাপন প্ৰত্যাহাৰ কৰে।[78]

২০২৫ চনৰ ১২ মাৰ্চত দ্য হিমালয়ান টাইমছে ইয়াৰ উত্তৰত অভিযোগ কৰে যে নেপাল প্ৰেছ কাউন্সিলে তেওঁলোকৰ বিৰুদ্ধে "'অসাংবিধানিক ব্যৱস্থা লোৱাৰ স্বেচ্ছাচাৰী সিদ্ধান্ত লৈছে"।[79]

২০২৬ চনৰ ৩০ জুলাইত পাকিস্তানৰ কাৰাকোৰাম ৰেঞ্জৰ ব্ৰড পিক বগাই যোৱাৰ সময়ত পূৰ্জাৰ মৃত্যু হয়।[80][81][82] তেওঁৰ দহজনীয়া পৰ্বতাৰোহীৰ দলটোৰ সদস্য আমেৰিকান মেল’ৰী গেইছ, চাইনিজ ৱাং ঝং, নেপালী পুৰ বাহাদূৰ গুৰুং, পাকিস্তানী সোহেইল সাখী আৰু ওমানী নাধিৰা আল হাৰ্থী স্থানীয় সময় অনুসৰি পুৱা ৯ বজাত প্ৰায় ৬,৬০০ মিটাৰ উচ্চতাত, পৰ্বতৰ পশ্চিম দিশৰ শৈলশিৰাৰ ২ আৰু ৩ নং শিবিৰৰ মাজত হিমস্খলনৰ সন্মুখীন হয়।[83][84] পূৰ্জাৰ ক্লাইম্বিং কোম্পানীয়ে ১ আগষ্টত দলৰ সকলো সদস্যৰ মৃত্যু হোৱাটো নিশ্চিত কৰে। ২ আগষ্টত নেপালী-পাকিস্তানী উদ্ধাৰকাৰী দলে প্ৰায় ৫,৭০০ মিটাৰ উচ্চতাত পূৰ্জাৰ মৃতদেহ উদ্ধাৰ কৰে;[83][85] পাকিস্তানৰ আলপাইন ক্লাৱে‍ ৫ আগষ্টত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথা ঘোষণা কৰে।[86]

শ্ৰদ্ধাঞ্জলি

[সম্পাদনা কৰক]

ৱেলছৰ ৰাজকুমাৰ উইলিয়ামে পূৰ্জাক "বিশ্বৰ অন্যতম শ্ৰেষ্ঠ পৰ্বতাৰোহী" বুলি বৰ্ণনা কৰি তেওঁৰ সমবেদনা পূৰ্জাৰ পৰিয়ালৰ লগতে‍ নিহত আনসকলৰ পৰিয়ালৰ সৈতে আছে বুলি উল্লেখ কৰে‍।[87] বিয়েৰ গ্ৰিলচে‍ শ্ৰদ্ধাঞ্জলি জনাই পূৰ্জাক "এজন অসাধাৰণ আৰু অনন্য ব্যক্তি" বুলি অভিহিত কৰে আৰু তেওঁৰ "অদম্য আত্মা" বুলি উল্লেখ কৰে।[88] নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে কয় যে পৰ্বতাৰোহীজনৰ সাহস আৰু নিষ্ঠাৰ ইতিহাস “সদায় প্ৰেৰণাদায়ক হৈ থাকিব”।[89]

  • ২০১৮ চনত পূৰ্জাক চৰম উচ্চ উচ্চতাৰ পৰ্বতাৰোহণত অসাধাৰণ কৃতিত্বৰ বাবে দ্বিতীয় ৰাণী এলিজাবেথৰ দ্বাৰা ব্ৰিটিছ সাম্ৰাজ্যৰ অৰ্ডাৰ (এম বি ই)ৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।[90][91]
  • ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁ জাৰ্মানীৰ ডাচেলডৰ্ফত পৰ্বতাৰোহণ কেৰিয়াৰ আৰু নিমছডাই ফাউণ্ডেশ্যনৰ জৰিয়তে কৰা দাতব্য কামৰ স্বীকৃতি স্বৰূপে আই এছ পি অ’ কাপ বঁটা লাভ কৰে।[92]
  • ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ সামৰিক সেৱা আৰু পৰ্বতাৰোহী হিচাপে লাভ কৰা কৃতিত্বৰ বাবে ল’ফব’ৰ’ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰে।[93]
  • ২০২৬ চনৰ আগষ্ট মাহত নতুনকৈ আৱিষ্কাৰ হোৱা হিমালয়ৰ ফুলগছ ইম্পাটিয়েন্স নিমছপুৰজায়ে (Impatiens nimspurjae)ৰ নাম পূৰ্জাৰ নামেৰে ৰখা হয়। এই উদ্ভিদবিধ নেপালৰ ম্যাগদি জিলাৰ স্থানীয় উদ্ভিদ আৰু ইয়াতেই তেওঁৰ জন্ম হৈছিল। পৰ্বতাৰোহণ কেৰিয়াৰ আৰু পৰিৱেশৰ পোষকতাত ক্ষেত্ৰত তেওঁ আগ বঢে়াৱা অৱদানৰ স্বীকৃতি স্বৰূপে পূৰ্জাৰ নামেৰে উদ্ভিদবিধৰ নামকৰণ কৰা হয়।[94] বিগ মাউণ্টেন ক্লিনআপ অভিযানৰ দৰে পদক্ষেপৰ জৰিয়তে পূৰ্জাই উচ্চ উচ্চতাৰ পৰিৱেশৰ পৰা পৰিত্যক্ত আৱৰ্জনা আঁতৰোৱাৰ কাম কৰিছিল।[95]

ফিল্মগ্ৰাফী

[সম্পাদনা কৰক]
বছৰ শিৰোনাম ভূমিকা টোকা তথ্যসূত্ৰ
২০২১ ১৪ পিকছ: নথিং ইজ ইম্পচিবল তেওঁ নিজে‍ [96]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "Famed mountaineer Nimsdai receives NRN citizenship". nepalkhabar.com. 9 November 2023. https://en.nepalkhabar.com/news/detail/6956/। আহৰণ কৰা হৈছে: 9 November 2023.
  2. ↑ "Elite Himalayan Adventures Private Limited". find-and-update.company-information.service.gov.uk. https://find-and-update.company-information.service.gov.uk/company/10846049/officers। আহৰণ কৰা হৈছে: 31 October 2021.
  3. ↑ Liu, Gloria (26 September 2024). "Death on Shishapangma". Outside. https://www.outsideonline.com/outdoor-adventure/exploration-survival/death-on-shishapangma/.
  4. ↑ "Fastest ascent of all mountains over 8,000 m without supplementary oxygen (male)" (en ভাষাত). Guinness World Records. https://www.guinnessworldrecords.com/world-records/623486-fastest-ascent-of-all-mountains-over-8-000-m-without-supplementary-oxygen-male। আহৰণ কৰা হৈছে: 7 August 2026.
  5. ↑ Schaffer, Grayson (19 January 2023). "The Controversial King of Hardcore Climbing". GQ. https://www.gq.com/story/nims-purja-profile। আহৰণ কৰা হৈছে: 6 August 2026.
  6. ↑ Abdul, Geneva (1 August 2026). "Top mountaineer Nirmal Purja confirmed dead after 11 hit by avalanche in Pakistan". The Guardian. https://www.theguardian.com/world/2026/aug/01/top-mountaineer-nirmal-purja-confirmed-dead-after-11-hit-by-avalanche-in-pakistan.
  7. ↑ "Goodbye, Nimsdai: The Climber Who Rewrote Mountaineering History". Open Magazine. 1 August 2026. https://openthemagazine.com/world/goodbye-nimsdai-the-climber-who-rewrote-mountaineering-history.
  8. ↑ Dhakal, Binod. "Obituary | Nirmal Purja, whose Himalayan feats rewrote mountaineering history, dies at 43". Nepal News. https://english.nepalnews.com/s/travel-tourism/obituary-nirmal-purja-whose-himalayan-feats-rewrote-mountaineering-history-dies-at-43/। আহৰণ কৰা হৈছে: 1 August 2026.
  9. ↑ Kennedy, Lisa (1 December 2021). "'14 Peaks: Nothing Is Impossible' Review: Climbing at a Breakneck Pace" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2021/12/01/movies/14-peaks-nothing-is-impossible-review.html.
  10. 1 2 3 "Nirmal Purja". RedBull. https://www.redbull.com/my-en/athlete/nirmal-purja। আহৰণ কৰা হৈছে: 28 January 2021.
  11. 1 2 "Meet the man who climbed 14 mountains in six months and stunned the world" (en ভাষাত). Red Bull. https://www.redbull.com/au-en/project-possible-nirmal-purja-climbing-worlds-highest-peaks-record। আহৰণ কৰা হৈছে: 30 October 2019.
  12. 1 2 3 4 5 6 7 8 9 10 Bliss, Dominic (12 January 2021). "How a Nepali climber with a "freakish physiology" stormed the world of high-altitude mountaineering". National Geographic. https://www.nationalgeographic.co.uk/adventure/2020/12/the-nepalese-mountaineer-who-is-taking-a-spiritual-view-to-new-heights। আহৰণ কৰা হৈছে: 5 December 2021.
  13. 1 2 3 "Nirmal Purja obituary: intrepid mountaineer with extreme ambition". The Times. 1 August 2026. https://www.thetimes.com/uk/obituaries/article/nirmal-purja-obituary-death-avalanche-dj9pffn0k.
  14. ↑ "Nirmal (Nims) Purja MBE | Loughborough Business School | Loughborough University". www.lboro.ac.uk. https://www.lboro.ac.uk/schools/business-school/about-us/alumni/distinguished-alumni/nirmal-nims-purja/। আহৰণ কৰা হৈছে: 26 July 2023.
  15. ↑ "Nirmal Purja: Nepali climber carving mountaineering history" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/other-sports/nepal-nirmal-purja-mountaineer-project-possible-mountaineering-record-reinhold-messner/article29823944.ece.
  16. ↑ "BBC Sport: Nimsdai Purja". BBC Sport. 30 November 2021. https://www.bbc.co.uk/sport/59482665.
  17. 1 2 3 4 Dream Wanderlust (24 May 2019). "Nirmal Purja summits 5th eight-thousander in 12 days, ends 1st phase of 'Project Possible'". Dreamwanderlust.com.com. http://www.dreamwanderlust.com/news/nirmal-purja-summits-5th-eight-thousander-in-12-days-ends-1st-phase-of-project-possible। আহৰণ কৰা হৈছে: 26 May 2019.
  18. ↑ "Gurkha Everest Expedition – Himalayan Odyssey". Gurkha Brigade Association. 3 February 2015. Archived from the original on 26 May 2019. https://web.archive.org/web/20190526125632/https://www.gurkhabde.com/gurkha-everest-expedition-himalayan-oddyssey/। আহৰণ কৰা হৈছে: 26 May 2019.
  19. ↑ "The Himalayan Database, Spring 2017". http://www.himalayandatabase.com/2017%20Season%20Lists/2017%20Spring%20A15.html। আহৰণ কৰা হৈছে: 26 June 2022.
  20. ↑ "The Himalayan Database, Spring 2019". http://www.himalayandatabase.com/2019%20Season%20Lists/2019%20Spring%20A12.html। আহৰণ কৰা হৈছে: 26 June 2022.
  21. ↑ "The Himalayan Database, Spring 2021". http://www.himalayandatabase.com/2021%20Season%20Lists/2021%20Spring%20A10.html। আহৰণ কৰা হৈছে: 26 June 2022.
  22. 1 2 Raju Silwal (19 May 2022). "Nirmal Purja sets another record". nepalnews.com. Archived from the original on 6 June 2023. https://web.archive.org/web/20230606235802/https://nepalnews.com/s/travel-and-tourism/nirmal-purja-sets-another-record। আহৰণ কৰা হৈছে: 30 June 2022.
  23. ↑ "Timeline: The life and career of Nirmal “Nims” Purja" (en ভাষাত). Nepal News. https://english.nepalnews.com/s/travel-tourism/timeline-the-life-and-career-of-nirmal-nims-purja/। আহৰণ কৰা হৈছে: 4 August 2026.
  24. ↑ "Man rescues climber near summit of Mount Everest" (en ভাষাত). Daily Echo. 29 May 2023. https://www.dailyecho.co.uk/news/23552865.mount-everest-rescue-hampshire-climber-saves-man-near-peak/। আহৰণ কৰা হৈছে: 1 August 2026.
  25. 1 2 Kuprianowicz, Martin (1 June 2026). "Nims Purja Shatters Own Speed Record in Historic Everest-Lhotse Traverse" (en ভাষাত). SnowBrains. https://snowbrains.com/nims-purja-shatters-own-speed-record-in-historic-everest-lhotse-traverse/.
  26. 1 2 3 ""Project Possible" webpage.". Archived from the original on 26 May 2019. https://web.archive.org/web/20190526082829/https://www.manojbohara.com/nirmal-purja-and-project-possible/। আহৰণ কৰা হৈছে: 26 May 2019.
  27. ↑ Rakhan Pokhrel (15 May 2019). "Nirmal Purja stands atop Kangchenjunga after heroic ascent of Dhaulagiri, Annapurna". The Himalaya Times. https://thehimalayantimes.com/nepal/nirmal-purja-stands-atop-kanchenjunga-after-heroic-ascent-of-dhaulagiri-annapurna/। আহৰণ কৰা হৈছে: 26 May 2019.
  28. ↑ "Primeras cimas de la temporada en el Annapurna, Nirmal Purja tacha el primer 8.000" (Spanish ভাষাত). Desnivel.com. 24 April 2019. https://www.desnivel.com/expediciones/primeras-cimas-de-la-temporada-en-el-annapurna-nirmal-purja-tacha-el-primer-8-000/। আহৰণ কৰা হৈছে: 26 May 2019.
  29. ↑ "Nirmal Purja aclara que sí hizo cima en el Dhaulagiri… ahora va a por Everest, Lhotse y Makalu." (Spanish ভাষাত). Desnivel.com. 20 May 2019. https://www.desnivel.com/expediciones/nirmal-purja-aclara-que-si-hizo-cima-en-el-dhaulagiri-ahora-va-a-por-everest-lhotse-y-makalu/। আহৰণ কৰা হৈছে: 26 May 2019.
  30. ↑ Isaac Fernández (23 May 2019). "Nirmal Purja corona Everest y Lhotse en el día… y hoy intenta el Makalu." (Spanish ভাষাত). Desnivel.com. https://www.desnivel.com/expediciones/nirmal-purja-corona-everest-y-lhotse-en-el-dia-y-hoy-intenta-el-makalu/। আহৰণ কৰা হৈছে: 26 May 2019.
  31. ↑ Isaac Fernández (24 May 2019). "Nirmal Purja completa sus 6×8000 de primavera con el Makalu" (Spanish ভাষাত). Desnivel.com. https://www.desnivel.com/expediciones/nirmal-purja-completa-sus-6x8000-de-primavera-con-el-makalu/। আহৰণ কৰা হৈছে: 26 May 2019.
  32. ↑ Rajan Pokhrel (7 July 2019). "Nirmal 'Nims' Purja scales Nanga Parbat to complete his seventh 8000er". The Himalayan Times. https://thehimalayantimes.com/nepal/nirmal-nims-purja-sets-world-record-climbing-11-mountains-in-4-months/। আহৰণ কৰা হৈছে: 28 July 2019.
  33. ↑ Angela Benavides (26 July 2019). "Breaking: Nirmal Purja Climbs Broad Peak". Explorers.web. https://explorersweb.com/2019/07/26/breaking-nirmal-purja-climbs-broad-peak-11th-8000er-ticked-off/। আহৰণ কৰা হৈছে: 28 July 2019.
  34. ↑ "China to allow Nirmal 'Nims' Purja to climb Shishapangma". October 2019. https://thehimalayantimes.com/nepal/china-to-allow-nirmal-nims-purja-to-climb-shishapangma/। আহৰণ কৰা হৈছে: 1 October 2019.
  35. ↑ "Nirmal 'Nims' Purja leaves for Shishapangma to complete 14 peaks in 6 months". 18 October 2019. https://thehimalayantimes.com/nepal/nirmal-nims-purja-leaves-for-shishapangma-to-complete-14-peaks-in-6-months/। আহৰণ কৰা হৈছে: 22 October 2019.
  36. ↑ Rajana Ppokhrel (27 September 2019). "Nirmal 'Nims' Purja sets world record scaling 13 peaks in five months". The Himalayan Times. https://thehimalayantimes.com/nepal/nirmal-nims-purja-sets-world-record-scaling-13-peaks-in-five-months/। আহৰণ কৰা হৈছে: 27 September 2019.
  37. ↑ Mutrie, Tim (18 September 2019). "New York Times: the climber whose traffic jam photo went viral". The New York Times. https://www.nytimes.com/2019/09/18/sports/the-everest-climber-whose-traffic-jam-photo-went-viral.html.
  38. ↑ "JRE 1790". Spotify. https://open.spotify.com/episode/0JEBeXmsbltKWYuf4TqJ6k?si=3c57bd822cb94dbc। আহৰণ কৰা হৈছে: 10 March 2022.
  39. ↑ "14 Peaks: All the records Nims Purja broke in new Netflix documentary" (en-gb ভাষাত). Guinness World Records. 3 December 2021. https://www.guinnessworldrecords.com/news/2021/12/14-peaks-all-the-records-nims-purja-broke-in-new-netflix-documentary-684255.
  40. ↑ "K2: Nepalese mountaineers claim historic first winter ascent". planetmountain.com. https://www.planetmountain.com/en/news/alpinism/k2-nepalese-mountaineers-claim-historic-first-winter-ascent.html/। আহৰণ কৰা হৈছে: 28 January 2021.
  41. ↑ "Nepali mountaineers make first K2 winter ascent | DW | 16 January 2021" (en-GB ভাষাত). Deutsche Welle. https://www.dw.com/en/nepali-mountaineers-make-first-k2-winter-ascent/a-56249929। আহৰণ কৰা হৈছে: 16 January 2021.
  42. ↑ "Nepalese team makes first successful winter ascent of K2" (en ভাষাত). The Guardian. 16 January 2021. http://www.theguardian.com/world/2021/jan/16/nepalese-team-makes-first-successful-winter-ascent-of-k2। আহৰণ কৰা হৈছে: 16 January 2021.
  43. ↑ "Nepali mountaineers achieve historic winter first on K2" (en ভাষাত). Adventure. 16 January 2021. https://www.nationalgeographic.com/adventure/article/nims-purja-attempts-to-summit-k2-the-worlds-second-highest-peak। আহৰণ কৰা হৈছে: 16 January 2021.
  44. 1 2 Sangam Prasain (19 January 2021). "My body was freezing. I told my teammates I couldn't move.". The Kathmandu Post. https://kathmandupost.com/national/2021/01/19/nirmal-purja-announces-he-climbed-k2-without-supplemental-oxygen। আহৰণ কৰা হৈছে: 28 January 2021.
  45. ↑ Nirmal Purja (18 January 2021). "Update 11 – With or without O2 ?". nimsdai.com. https://www.nimsdai.com/post/k2-winter-update-11-with-or-without-o2। আহৰণ কৰা হৈছে: 28 January 2021.
  46. ↑ "Nirmal Purja climbed K2 in winter without supplementary oxygen". Planet Mountain. http://www.planetmountain.com/en/news/alpinism/nirmal-purja-climbed-k2-in-winter-without-supplementary-oxygen.html। আহৰণ কৰা হৈছে: 29 January 2021.
  47. ↑ "First winter ascent of K2 achieved by Nirmal Purja and fellow Nepalese". South China Morning Post. 16 January 2021. https://www.scmp.com/sport/outdoor/extreme-sports/article/3118032/first-winter-ascent-k2-achieved-nirmal-purja-and। আহৰণ কৰা হৈছে: 29 January 2021.
  48. ↑ "Nirmal Purja's K2 winter summit proves ANYTHING is possible" (en ভাষাত). Red Bull. https://www.redbull.com/ca-en/nirmal-purja-k2-summit-winter। আহৰণ কৰা হৈছে: 29 January 2021.
  49. ↑ Tomlinson, Hugh. "Storm wrecks bid to reach K2 summit in winter" (en ভাষাত). The Times. ISSN 0140-0460. https://www.thetimes.co.uk/article/storm-wrecks-bid-to-reach-k2-summit-in-winter-5qbc9n0cp.
  50. ↑ Nismdai, Purja. "Nimsdai completes 14 peaks, without the use of supplemental oxygen". nimsdai.comNIMSDAI. https://www.nimsdai.com/post/nimsdai-completes-14-peaks-without-the-use-of-supplemental-oxygen। আহৰণ কৰা হৈছে: 22 October 2024.
  51. ↑ Nimsdai, Purja. "Nimsdai "Nims" Purja completes the Seven Summits". nimsdai.comNIMSDAI. https://www.nimsdai.com/post/nimsdai-nims-purja-completes-the-seven-summits। আহৰণ কৰা হৈছে: 22 October 2024.
  52. ↑ "Nimsdai Purja summits Kanchenjunga, launches his historic 'Hat Trick Challenge'" (en ভাষাত). everestchronicle.com. 21 May 2025. https://everestchronicle.com/nimsdai-purja-summits-kanchenjunga-launches-his-historic-hat-trick-challenge। আহৰণ কৰা হৈছে: 11 July 2025.
  53. ↑ "Nims Purja eyes for 14 peaks hat-trick and seven summits for charity" (en ভাষাত). www.myrepublica.nagariknetwork.com. 8 August 2024. https://www.myrepublica.nagariknetwork.com/news/nims-purja-eyes-for-14-peaks-hat-trick-and-seven-summits-for-charity-679358a7b02b0.html। আহৰণ কৰা হৈছে: 11 July 2025.
  54. ↑ Mathew, Meghna (26 April 2022). "Trash-Free Mountains: A Foundation On Their Way To Clean The Himalayas" (en ভাষাত). Homegrown. https://homegrown.co.in/homegrown-explore/trash-free-mountains-a-foundation-on-their-way-to-clean-the-himalayas। আহৰণ কৰা হৈছে: 11 July 2025.
  55. ↑ "The record-breaking Nepali mountaineer cleaning up the Himalaya" (en ভাষাত). Lonely Planet. https://www.lonelyplanet.com/news/nepal-himalaya-clean-up। আহৰণ কৰা হৈছে: 11 July 2025.
  56. ↑ "Nimsdai sets new world record" (en-US ভাষাত). Nepal Press. https://english.nepalpress.com/2025/07/09/nimsdai-sets-new-world-record/। আহৰণ কৰা হৈছে: 11 July 2025.
  57. ↑ "Nimsdai 'Nims' Purja sets new world record:50 x 8,000er successful summits" (en-US ভাষাত). DCnepal. 9 July 2025. https://english.dcnepal.com/2025/07/09/nimsdai-nims-purja-sets-new-world-record50-x-8000er-successful-summits/। আহৰণ কৰা হৈছে: 11 July 2025.
  58. ↑ "Nimsdai 'Nims' Purja sets new world record: 50 x 8 – Equity Nepal" (en-US ভাষাত). https://equitynepal.com/tag/nimsdai-nims-purja-sets-new-world-record-50-x-8/। আহৰণ কৰা হৈছে: 11 July 2025.
  59. ↑ "Nimsdai reaches new milestone with 56th 8,000m peak summit" (en ভাষাত). Everest Chronicle. 8 June 2026. https://everestchronicle.com/nimsdai-reaches-new-milestone-with-56th-8000m-peak-summit। আহৰণ কৰা হৈছে: 23 June 2026.
  60. 1 2 3 Franz, Derek (20 July 2022). "Researchers challenge historical records for 8000-meter peaks". http://www.alpinist.com/doc/web22c/newswire-8000er-records-challenged-by-photographic-research। আহৰণ কৰা হৈছে: 3 August 2022.
  61. ↑ "Timeline: The life and career of Nirmal “Nims” Purja" (en ভাষাত). Nepal News. https://english.nepalnews.com/s/travel-tourism/timeline-the-life-and-career-of-nirmal-nims-purja/। আহৰণ কৰা হৈছে: 4 August 2026.
  62. ↑ "K2 Expedition 2022 : List of climbers summited K2 in 2022". baltistantimes.com. 22 July 2022. Archived from the original on 12 July 2023. https://web.archive.org/web/20230712205706/https://baltistantimes.com/list-of-climbers-summited-k2-2022/.
  63. ↑ "Nirmal Purja sets new record in climbing mountains higher than 8,000 meters". myrepublica.nagariknetwork.com. 17 April 2024. https://myrepublica.nagariknetwork.com/news/nirmal-purja-sets-new-record-in-climbing-mountains-higher-than-8-000-meters/। আহৰণ কৰা হৈছে: 17 April 2024.
  64. ↑ Purja 2020, পৃষ্ঠা. 38.
  65. ↑ Adam Skolnick; Bhadra Sharma (19 January 2021). "How Climbers Reached the Summit of K2 in Winter for the First Time". The New York Times. https://www.nytimes.com/2021/01/19/sports/summit-k2-nepalese-sherpas.html। আহৰণ কৰা হৈছে: 28 January 2021.
  66. ↑ "Nirmal Purja". Loughborough University. https://www.lboro.ac.uk/alumni/our-alumni/nirmal-purja/। আহৰণ কৰা হৈছে: 5 August 2026.
  67. 1 2 "Nothing is Impossible: A Q&A with Nims Purja". Climbing. 25 November 2021. https://www.climbing.com/culture-climbing/nothing-is-impossible-a-conversation-with-nims-purja/। আহৰণ কৰা হৈছে: 5 August 2026.
  68. ↑ Lawrence, Andrew (3 December 2021). "14 Peaks: the quest to climb the world's highest mountains in less than a year". The Guardian. https://www.theguardian.com/sport/2021/dec/03/nirmal-purja-mountaineer-14-peaks-documentary.
  69. ↑ "World record-breaking mountaineer and Loughborough alumnus awarded honorary degree". Loughborough University. 14 December 2023. https://www.lboro.ac.uk/news-events/news/2023/december/record-breaking-mountaineer-awarded-hon-degree/। আহৰণ কৰা হৈছে: 5 August 2026.
  70. 1 2 3 4 Callaghan, Anna; Vrentas, Jenny (31 May 2024). "For Female Climbers, Dangers Go Beyond Avalanches and Storms". The New York Times. https://www.nytimes.com/2024/05/31/sports/mountaineering-sexual-harassment-abuse-nims-purja.html.
  71. 1 2 "If absolute power corrupts absolutely – does absolute 'fame' do the same?". Adventure Magazine. 8 June 2024. https://adventuremagazine.co.nz/if-absolute-power-corrupts-absolutely-does-absolute-fame-do-the-same/। আহৰণ কৰা হৈছে: 5 August 2026.
  72. 1 2 Ayers, Ben (2026-08-11). "Nirmal Purja obituary" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2026/aug/11/nirmal-purja-obituary.
  73. ↑ Ayers, Ben (2026-08-11). "Nirmal Purja obituary" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2026/aug/11/nirmal-purja-obituary.
  74. ↑ "Nepali lawmaker wants elite mountaineer accused of sexual assault banned from Everest" (en ভাষাত). The Independent. 2024-06-08. https://www.independent.co.uk/asia/south-asia/nirmal-nims-purja-sexual-assault-nepal-everest-ban-b2558593.html। আহৰণ কৰা হৈছে: 2026-08-21.
  75. ↑ "Women mountaineers say sexual harassment runs deep" (en ভাষাত). dw.com. https://www.dw.com/en/women-mountaineers-say-sexual-harassment-runs-deep/a-69274973। আহৰণ কৰা হৈছে: 2026-08-21.
  76. ↑ "Press Council Nepal Takes Historic Action: Himalayan Times Blacklisted For False Reporting On Famous Mountaineer Nirmal Purja" (en ভাষাত). NepalverifiedNews. Archived from the original on 12 March 2025. https://web.archive.org/web/20250312163658/https://nepalverifiednews.com/news/press-council-of-nepal-takes-historic-action-himal। আহৰণ কৰা হৈছে: 12 March 2025.
  77. ↑ संसार, अर्थ. "निर्मल पुर्जा विरुद्ध फेक समाचार लेखेको आधारमा प्रेस काउन्सिलद्वारा हिमालयन टाइम्स कालोसूचीमा" (en ভাষাত). Arthasansar. https://arthasansar.com/news/67104। আহৰণ কৰা হৈছে: 12 March 2025.
  78. ↑ "प्रेस काउन्सिल नेपालले दि हिमालयन टाइम्सलाई कालोसूचीमा राख्यो". प्रेस काउन्सिल नेपालले दि हिमालयन टाइम्सलाई कालोसूचीमा राख्यो. https://www.capitalnepal.com/detail/57463?fbclid=IwZXh0bgNhZW0CMTEAAR0KGukcFVNiV0K6KV6IwG8ini0o8e9j_kTVBAagjLCl9V8mIsXSxTHDQFE_aem_VgGjEwlp6_MaZoD-5Msg-w। আহৰণ কৰা হৈছে: 12 March 2025.
  79. ↑ "Press Council Nepal unilaterally targets THT for responsible and fearless journalism" (en ভাষাত). The Himalayan Times. 12 March 2025. https://thehimalayantimes.com/nepal/press-council-nepal-unilaterally-targets-tht-for-responsible-and-fearless-journalism। আহৰণ কৰা হৈছে: 12 March 2025.
  80. ↑ Taylor, Kelly-Anne; Lateef, Samaan (31 July 2026). "Ex-Royal Marine Nirmal Purja among climbers missing after avalanche". The Daily Telegraph. https://www.telegraph.co.uk/world-news/2026/07/31/climber-nirmal-purja-missing-after-avalanche-pakistan/.
  81. ↑ Yeung, Tinshui (1 August 2026). "Mountaineer Nirmal Purja killed in Pakistan avalanche, his company says". BBC News. https://www.bbc.co.uk/news/articles/clyljq79kdko.
  82. ↑ Prasain, Sangam (31 July 2026). "Nirmal Purja, who redrew the limits of human endurance and reshaped Nepali mountaineering, dies in Broad Peak avalanche". The Kathmandu Post. https://kathmandupost.com/national/2026/07/31/nirmal-purja-who-redrew-the-limits-of-human-endurance-and-reshaped-nepali-mountaineering-xxx-in-broad-peak-avalanche.
  83. 1 2 Abdul, Geneva (1 August 2026). "Top mountaineer Nirmal Purja confirmed dead after 11 hit by avalanche in Pakistan" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/2026/aug/01/top-mountaineer-nirmal-purja-confirmed-dead-after-11-hit-by-avalanche-in-pakistan.
  84. ↑ Pokhrel, Chhabi (2 August 2026). "Nirmal 'Nimsdai' Purja Obituary" (en-US ভাষাত). Everest Today. https://everesttoday.com/nirmal-nimsdai-purja-obituary/। আহৰণ কৰা হৈছে: 4 August 2026.
  85. ↑ "Rescuers recover climber Nirmal Purja’s body— Alpine Club of Pakistan" (en ভাষাত). Arab News. 2 August 2026. https://arab.news/m6sp8। আহৰণ কৰা হৈছে: 4 August 2026.
  86. ↑ "Alpine Club of Pakistan – Instagram". Alpine Club of Pakistan – Instagram. 5 August 2026. https://www.instagram.com/p/Dbpwp1wKpC3/.
  87. ↑ Willix, Pierra (2 August 2026). "William 'truly saddened' as ex-British Army soldier Nirmal Purja confirmed dead". The Standard. https://www.standard.co.uk/news/uk/instagram-everest-spencer-matthews-bear-grylls-prince-of-wales-b1292081.html.
  88. ↑ Roberts, Jamie (1 August 2026). "Spencer Matthews and Bear Grylls pay tribute as Netflix star climber Nirmal Purja confirmed dead". Daily Mirror. https://www.mirror.co.uk/3am/celebrity-news/nirmal-purja-nims-dead-climber-37503657.
  89. ↑ "PM Shah expresses grief over mountaineers' death". The Rising Nepal. 1 August 2026. https://risingnepaldaily.com/news/84397.
  90. ↑ "The London Gazette: Nirmal Purja MBE". 9 June 2018. https://www.thegazette.co.uk/notice/3041428। আহৰণ কৰা হৈছে: 26 May 2019.
  91. ↑ "Nimsdai Purja MBE — Ground-breaking Record Holder, Philanthropist, Ex-Gurkha and UKSF". Nimsdai. https://www.nimsdai.com/nimsdai-purja-mbe। আহৰণ কৰা হৈছে: 31 July 2026.
  92. ↑ "Mountaineer Nirmal Purja receives ISPO Cup Award" (English ভাষাত). kathmandupost.com. https://kathmandupost.com/national/2023/11/25/mountaineer-nirmal-purja-receives-ispo-cup-award। আহৰণ কৰা হৈছে: 4 August 2026.
  93. ↑ "Achievements of inspiring individuals recognised with honorary degrees" (en ভাষাত). Loughborough University. 15 December 2023. https://www.lboro.ac.uk/news-events/news/2023/december/honorary-degrees/। আহৰণ কৰা হৈছে: 15 December 2023.
  94. ↑ "New Himalayan Plant Named After Nirmal Purja – GKToday". www.gktoday.in. https://www.gktoday.in/new-himalayan-plant-named-after-nirmal-purja/?hl=en-US#:~:text=The%20species%20was%20formally%20described%20in%20a,the%20Himalayan%20region.%20Discovery%20and%20scientific%20description.। আহৰণ কৰা হৈছে: 2026-08-18.
  95. ↑ Rai, Dewan (2026-08-17). "Nirmal Purja’s legacy takes root in a Himalayan plant" (en ভাষাত). everestchronicle.com. https://everestchronicle.com/nirmal-purjas-legacy-takes-root-in-a-himalayan-plant। আহৰণ কৰা হৈছে: 2026-08-18.
  96. ↑ Remley, Hilary (3 November 2021). "'14 Peaks: Nothing Is Impossible' Trailer Reveals a Man's Pursuit to Climb Every Mountain" (en-US ভাষাত). Collider. https://collider.com/14-peaks-trailer-mountain-climbing-documentary/। আহৰণ কৰা হৈছে: 15 November 2021.