নিৰ্মিত ভাষা
নিৰ্মিত ভাষা (ইংৰাজী: Constructed language, সংক্ষেপে কনলেং বুলি কোৱা হয়) হৈছে মানুহৰ মাজত যোগাযোগৰ বাবে সৃষ্টি কৰা একো একোটা ভাষা (কম্পিউটাৰৰ সৈতে বা কম্পিউটাৰৰ মাজত নহয়)। এই ভাষা মানুহৰ পাৰস্পৰিক ক্ৰিয়াৰ পৰা স্বাভাৱিকতে উদ্ভৱ হোৱা ভাষাৰ দৰে নহয়। কোনো ব্যক্তি বা গোটে কোনো বিশেষ উদ্দেশ্যৰ বাবে এনে ভাষাৰ উদ্ভাৱন কৰে। নিৰ্মিত ভাষাক বহু সময়ত কাল্পনিক ভাষা, কৃত্ৰিম ভাষা, পৰিকল্পিত ভাষা, উদ্ভাৱনী ভাষা আদি নামাকৰণ কৰা হয় যদিও ই সম্পূৰ্ণৰূপে কৃত্ৰিম ভাষাৰ শাৰীত নপৰে। নিৰ্মিত ভাষাত ধ্বনিবিজ্ঞান, ব্যাকৰণ, অৰ্থলিপি আৰু শব্দভাণ্ডাৰকে ধৰি প্ৰাকৃতিক ভাষাৰ কথা মনত পেলোৱা দিশসমূহ অন্তৰ্ভুক্ত হ'ব পাৰে। আন্তঃভাষাবিজ্ঞানত নিৰ্মিত ভাষাৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰা হৈছে।
কৃত্ৰিম ভাষাৰ সৈতে পাৰ্থক্য
[সম্পাদনা কৰক]কৃত্ৰিম ভাষা (ইংৰাজী: Artificial language) হৈছে সাধাৰণতে অতি সীমিত আকাৰৰ ভাষা। যিবোৰ কৃত্ৰিম এজেণ্টৰ মাজত কম্পিউটাৰ চিমুলেচন, ৰবটৰ পাৰস্পৰিক ক্ৰিয়া বা মানুহৰ সৈতে নিয়ন্ত্ৰিত মানসিক পৰীক্ষাত উত্থাপন হয়। এইবোৰ নিৰ্মিত ভাষা আৰু আনুষ্ঠানিক ভাষা দুয়োটাৰে পৰা পৃথক কাৰণ ইহঁত কোনো ব্যক্তি বা গোটৰ দ্বাৰা সচেতনভাৱে উদ্ভাৱন কৰা হোৱা নাই কিন্তু প্ৰাকৃতিক ভাষাৰ দৰেই (বিতৰণ কৰা) গতানুগতিককৰণ প্ৰক্ৰিয়াৰ ফল। কেন্দ্ৰীয় ডিজাইনাৰ ধাৰণাটোৰ বিপৰীতে কৃত্ৰিম ভাষাৰ বিৱৰ্তনৰ ক্ষেত্ৰখনক অধিক সাধাৰণ সাংস্কৃতিক বিৱৰ্তন অধ্যয়নৰ উপ-অংশ হিচাপে গণ্য কৰিব পাৰি।
নিৰ্মিত ভাষাৰ গ্ৰহণযোগ্যতা
[সম্পাদনা কৰক]নিৰ্মিত ভাষাত পাকৈত বা নিপুণ কওঁতাৰ সংখ্যা অতি নগণ্য। উদাহৰণস্বৰূপে, ২০১১ চনৰ হাংগেৰীৰ লোকপিয়লত ৮,৩৯৭ জন এস্পেৰাণ্টো ভাষী লোক পোৱা গৈছিল,[1] আৰু ২০০১ চনৰ লোকপিয়লত ১০ জন ৰোমানিড, দুজনকৈ ইণ্টাৰলিংগুৱা আৰু ইডো তথা এজনকৈ ইডিয়ম নিউট্ৰেল আৰু মুণ্ডোলিনকো ভাষী লোক পোৱা গৈছিল।[2] ২০১০ চনৰ ৰাছিয়ান লোকপিয়ল অনুসৰি ৰাছিয়াত প্ৰায় ৯৯২ জন এস্পেৰাণ্টো ভাষী (১২০তম আটাইতকৈ সচৰাচৰ ব্যৱহৃত ভাষা) আৰু ৯ জন এস্পেৰানটিডো শাখাৰ ইডো ভাষী লোক আছিল।[3]
এথন’লগৰ মতে, প্ৰায় ২০০ৰ পৰা ২০০০ জন লোকে এস্পেৰাণ্টোক প্ৰথম ভাষা বা মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।
ক্লিংগন লেংগুৱেজ ইনষ্টিটিউটৰ এজন সদস্য ডি'আৰমণ্ড স্পীৰ্ছে ইংৰাজী আৰু নিৰ্মিত ক্লিংগন ভাষা দুয়োটাকে ব্যৱহাৰ কৰি তেওঁৰ পুত্ৰক দ্বিভাষিক হিচাপে ডাঙৰ-দীঘল কৰাৰ প্ৰয়াস কৰিছিল।[4]
পৰিচায়ক ক’ডসমূহ
[সম্পাদনা কৰক]নিৰ্মিত ভাষাৰ বাবে ক’ডসমূহৰ ভিতৰত ISO 639-2-ৰ art ক’ড অন্তৰ্ভুক্ত; অৱশ্যে কিছুমান কৃত্ৰিম ভাষাৰ নিজস্ব ISO 639 ভাষা ক’ড আছে (যেনে— এস্পেৰাণ্টোৰ বাবে eo আৰু epo, লজবানৰ বাবে jbo, ইণ্টাৰলিংগুৱাৰ বাবে ia আৰু ina, ইণ্টাৰলিংগুৱেৰ বাবে ie, ক্লিংগনৰ বাবে tlh, ইডোৰ বাবে io আৰু ido, লিংগুৱা ফ্ৰাংকা নোভাৰ বাবে lfn, আৰু টোকি পোনাৰ বাবে tok)।
ৱিকিপিডিয়াত নিৰ্মিত ভাষাসমূহ
[সম্পাদনা কৰক]তলত উল্লেখ কৰা এঘাৰটা নিৰ্মিত ভাষাৰ প্ৰতিটোৰে ৱিকিপিডিয়াৰ একোটা সংস্কৰণ আছে। ইয়াৰে আঠটা ভাষা হৈছে আইএএল বা আইএঅ' (আন্তঃৰাষ্ট্ৰীয় সহায়ক ভাষা), লজবান আৰু টোকি পোনা হৈছে অভিযান্ত্ৰিক ভাষা, আৰু ইণ্টাৰশ্লাভিক হৈছে এটা আঞ্চলিক সহায়ক ভাষা। ২০০৫ চনলৈকে টোকি পোনা আৰু ক্লিংগন নামৰ নিৰ্মিত ভাষা দুটাৰো ৱিকিপিডিয়া সংস্কৰণ আছিল, কিন্তু পিছলৈ সেইবোৰ বিলোপ কৰা হয়।[5] টোকি পনা ৱিকি প্ৰকল্পটো স্বতন্ত্ৰভাৱে "ৱিকিপেচিজা" নামেৰে চলি আছিল আৰু ২০২৫ চনত ইয়াক পুনৰ মুকলি কৰা হয়।
| নাম | ৱিকিপিডিয়াৰ লিংক | উৎপত্তি | বিশ্বজুৰি ব্যৱহাৰকাৰী | সক্ৰিয় সম্পাদক | প্ৰবন্ধসমূহ |
|---|---|---|---|---|---|
| ভোলাপ্যুক | vo | ১৮৮০ | ? | 40 | 57,931 |
| এস্পেৰাণ্টো | eo | ১৮৮৭ | ১০০,০০০ – ২,০০০,০০০ | 401 | 3,90,739 |
| ইডো | io | ১৯০৭ | আনুমানিক ১,০০০ | 56 | 65,573 |
| ইণ্টাৰলিংগুৱে | ie | ১৯২২ | ? | 29 | 13,845 |
| নোভিয়াল | nov | ১৯২৮ | ? | 8 | 2,066 |
| ইণ্টাৰলিংগুৱা | ia | ১৯৫১ | আনুমানিক ১,০০০ | 53 | 30,470 |
| কটাভা | avk | ১৯৭৮ | ? | 22 | 29,906 |
| লজবান | jbo | ১৯৮৭ | ? | 36 | 1,376 |
| লিংগুৱা ফ্ৰাংকা নোভা | lfn | ১৯৯৮ | ? | 20 | 4,689 |
| টোকি পোনা | tok | ২০০১ | ? | 81 | 4,862 |
| ইণ্টাৰশ্লাভিক | isv | ২০১১–২০১৭ | ৭,০০০ – ২০,০০০ | 31 | 1,791 |
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Hungarian Central Statistical Office". www.ksh.hu. http://www.ksh.hu/nepszamlalas/tables_regional_00। আহৰণ কৰা হৈছে: 18 August 2019.
- ↑ "18. Demográfiai adatok – Központi Statisztikai Hivatal". www.nepszamlalas2001.hu. http://www.nepszamlalas2001.hu/hun/kotetek/18/tables/load2_39_1.html। আহৰণ কৰা হৈছে: 10 March 2013.
- ↑ "Kiom da esperantistoj en Ruslando? Ne malpli ol 992 – La Ondo de Esperanto". 18 December 2011. http://sezonoj.ru/2011/12/censo/.
- ↑ Derian, James Der (1 August 1999). "Hollywood at War: The Sequel". Wired. https://www.wired.com/1999/08/hollywood-at-war-the-sequel/.
- ↑ Meta:List of Wikipedias