নিৰ্ম্মল ভকত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
নিৰ্ম্মল ভকত  
লেখক ৰজনীকান্ত বৰদলৈ
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ঐতিহাসিক উপন্যাস
প্ৰকাশ ১৯২৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ
Wikisource-logo.svg ৱিকিউৎসত নিৰ্ম্মল ভকতৰ সম্পূৰ্ণ পাঠ পঢ়ক

নিৰ্ম্মল ভকত উপন্যাসখনৰ ৰচক হ'ল ৰজনীকান্ত বৰদলৈ। উপন্যাসখনত সামৰণিকে ধৰি মুঠ ২৬টা অধ্যায় আছে। 'নিৰ্ম্মল ভকত' উপন্যাসৰ কাহিনী সৃষ্টিৰ অন্তৰালৰ মূল কাৰণ হৈছে মানৰ আক্ৰমণ আৰু অত্যাচাৰ। নিৰ্ম্মল ভকত দক্ষিণপাট সত্ৰৰ এগৰাকী ভকত,তেওঁৰ সোঁৱৰণিত জিলিকি উঠিছে মানৰ আক্ৰমণৰ পটভূমি।[1] 'নিৰ্ম্মল ভকত' ১৯২৫ চনত ডিব্ৰুগড়ৰ পৰা বৰদলৈয়ে নিজে ছপাই উলিয়াইছে। অসমত দ্বিতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনা লৈ লিখা ই এখন বুৰঞ্জীমূলক উপন্যাস।[2] ইংৰাজ কবি টেনিচনৰ ৰচিত 'এনক আৰ্ডেন' নামৰ দীঘলীয়া কাহিনী কাব্যৰ প্ৰভাৱত এই উপন্যাস লেখা হয়।[3] মানৰ আক্ৰমণৰ ফলত অসমীয়ালোকৰ জীৱন কিদৰে ওলট পালট হৈছিল, বিশেষকৈ শোকে তাপে দুখে হতাশাই কেনেকৈ অসমীয়া মানহক দগ্ধ কৰিছিল তাৰে এটি বুজন আভাস নিৰ্ম্মলৰ চৰিত্ৰ মাজেদি ঔপন্যাসিকে দিছে। উপন্যাসৰ কাহিনী প্ৰথম পুৰুষত বৰ্ণনা কৰা হৈছে।

ঔপন্যাসিকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমীয়া সাহিত্যৰ বুৰঞ্জীত ৰজনীকান্ত বৰদলৈ এটি স্মৰণীয় নাম। ৰজনীকান্ত বৰদলৈৰ গুৱাহাটীৰ কুকুৰমুতা গাঁৱত (বৰ্তমানৰ হেদায়েৎপুৰ) ১৮৬৭ চনৰ ২৪ নবেম্বৰ তাৰিখে জন্ম হয়। ৰজনীকান্তৰ পিতৃ নৰকান্ত শৰ্মাই গুৱাহাটীত জুডিচিয়েল কমিছনাৰ অফিচত কাম কৰি কুকুৰমুতাত ঘৰ দুৱাৰ সাজে। সেই ঘৰতে ৰজনীকান্ত ভূমিষ্ঠ হয়।[2] সোতৰ বছৰ বয়সত ১৮৮৫ চনত সুখ্যাকিৰে এঞ্চ্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কুৰিটকীয়া ইলিয়টীয় বৃত্তি লাভ কৰে। ১৮৮৭ চনত তেওঁ এফ.এ পাছ কৰে। ১৮৮৯ চনত তেওঁ সুকলমে বি.এ পাছ কৰে। ইয়াৰ পিছত তেওঁ আইন পঢ়িবলৈও আৰম্ভ কৰিছিল। কিন্তু ঘৰুৱা জঞ্জালৰ বাবে তেওঁ ১৮৯০ চনত গুৱাহাটীলৈ গুচি আহে।[4] ১৮৯০ চনত ৰজনীকান্ত বৰদলৈয়ে তেওঁৰ কৰ্মজীৱন আৰম্ভ কৰে। ১৮৯১ চনত লক্ষীমপুৰৰ মাটি হাকিম হিচাপে নিযুক্ত হয়। নিজৰ দক্ষতাৰ বলত ১৯০১ চনত এক্সষ্ট্ৰা এচিষ্টেণ্ট কমিচনাৰ আৰু ১৯০৯ চনত কিছুকাৱৰ বাবে উপায়ুক্ত হিচাপেও পদবী লাভ কৰিছিল। ১৯১৮ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে। ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনা কৰাৰ লগতে লগতে সাহিত্যৰ অন্যান্য দিশতো হাত ফুৰাইছিল। অসম সাহিত্য সভাৰ অষ্টম অধিবেশনৰ সভাপতিৰ আসনো শুৱনি কৰিছিল বৰদলৈয়ে। ১৯৪০ চনৰ ২৫ মাৰ্চ তাৰিখে ৰজনীকান্ত বৰদলৈয়ে ইহলীলা সম্বৰণ কৰে[2]

কাহিনী[সম্পাদনা কৰক]

উজনিৰ পানীদিহিং মৌজাৰ লাহন গাঁৱত নিৰ্ম্মলৰ জন্ম হৈছিল। নিৰ্ম্মল, অনিৰাম আৰু ৰূপহী সৰুৰে পৰা একেলগে উমলি জামলি ডাঙৰ হোৱা হোৱা লগৰীয়া। সৰুতে দৰা কইনা খেলা নিৰ্ম্মল আৰু ৰূপহীৰ শৈশৱৰ ভাল লগাটো যৌৱনত ভৰি দিয়াৰ লগে লগে ভালপোৱালৈ পৰ্যবসিত হ'ল। নিৰ্ম্মলৰ পিতাক সৰ্ব্বানন্দ মেধিয়ে দুখীয়া ঘৰৰ ছোৱালী বুলি ৰূপহীক বোৱাৰী কৰি ল'বলৈ অমান্তি হ'ল। ভালপোৱাৰ গভীৰতাৰ বাবেই নিৰ্ম্মলে ৰূপহীক তাইৰ সন্মতি সাপেক্ষে জাজীমুখৰ সন্দিকৈ গাঁৱলৈ পলুৱাই লৈ গ'ল। দুয়ো গৈ মাহীয়েকৰ ঘৰত আশ্ৰয় ল'লে। কিছুদিনৰ পিছত মাহীয়েকৰ মধ্যস্থতাত নিৰ্ম্মলৰ দেউতাক সৰ্ব্বানন্দ মেধিয়ে পো বোৱাৰীক ঘৰলৈ আনি সমাজৰ নিয়ম অনুযায়ী বিবাহ দিলে। কিছুদিন পিছতে নিৰ্ম্মলৰ মাক দেউতাকৰ গ্ৰহণী ৰোগত মৃত্যু হ'ল। সুখে দুখে দাম্পত্য জীৱন আৰম্ভ কৰোঁতেই মানে অসম আক্ৰমণ কৰিলে আৰু সিহঁতৰ জীৱনলৈ দুৰ্যোগ নমাই আনিলে। নিৰ্ম্মলে স্বদেশৰ হকে মানৰ বিৰুদ্ধে যুঁজ কৰিবলৈ গৈ মানৰ হাতত বন্দী হ'ল আৰু মানে তেওঁক মানদেশলৈ লৈ গ'ল। নিৰ্ম্মলে উভতি আহিব বুলি বাৰ বছৰতকৈ অধিক কাল নিৰ্ম্মলৰ বাবে অপেক্ষা কৰি কৰি শেষত শৈশৱৰ শুভাকাঙ্খী অনিৰামৰ লগত ৰূপহী বিবাহত আৱদ্ধ হয়। অনিৰামেও ৰূপহীক সৰুৰে পৰাই ভাল পাইছিল যদিও কেতিয়াও মুখ ফুটাই কোৱা নাছিল। প্ৰায় বাৰ বছৰকাল মানদেশত জীৱন অতিবাহিত কৰি নিৰ্ম্মলে স্বদেশলৈ আহিবলৈ সুযোগ পালে। নিজ গাঁৱত ঘূৰি আহি কাকো নেদেখি বোকাখাতৰ বুঢ়া এজনৰ মুখত ৰূপহী অনিৰামৰ বিয়াৰ কথা শুনি নিৰ্ম্মলে বৈৰাগী বেশেৰে অনিৰাম ৰূপহীক স্বামী স্ত্ৰী ৰূপে দেখি আহে আৰু বাকী জীৱন পাৰ্থিৱ প্ৰেমক ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলে আৰু মাজুলীৰ দক্ষিণপাট সত্ৰত ভকত ৰূপে দিন নিয়াবলৈ ল'লে। নিৰ্ম্মলৰ মৃত্যুৰ পিছত ৰূপহী অনিৰামে সকলো কথা জানিব পাৰি নিৰ্ম্মলৰ অন্ত্যেষ্টিক্ৰিয়াত যোগদান কৰি পুত্ৰৰ হতুৱাই শ্ৰাদ্ধ পিণ্ডদান কৰালে আৰু ভক্তিৰ চিহ্নস্বৰূপে পুখুৰী খন্দাই নামঘৰ সাজি দিলে।[5]

চৰিত্ৰ চিত্ৰণ[সম্পাদনা কৰক]

  • নিৰ্ম্মল
  • ৰূপহী
  • অনিৰাম
  • মাহীয়েক
  • সৰ্ব্বানন্দ মেধি

নিৰ্ম্মল[সম্পাদনা কৰক]

নিৰ্ম্মল ভকত উপন্যাসৰ চৰিত্ৰসমূহৰ ভিতৰত নিৰ্ম্মলৰ চৰিত্ৰই সম্পূৰ্ণ বিকাশ লাভ কৰিছে। নিৰ্ম্মল চৰিত্ৰটি স্পষ্ট আৰু মনোৰম। উপন্যাসখনত নায়ক নিৰ্ম্মলেই প্ৰাধ্যান্য লাভ কৰিছে। নিৰ্ম্মল মান দেশলৈ বিতাৰিত হ'বলগা হৈছিল স্বদেশৰ হকে যুঁজলৈ গৈ। সুদীৰ্ঘ বাৰ বছৰকাল বিজতৰীয়া মানৰ দেশৰ থাকিলেও নিৰ্ম্মলৰ মন সদায় আছিল ৰূপহীৰ কাষত। জন্মভূমিলৈ আশাৰে উলটি আহি নিদৰ পত্নী ৰূপহীক অনিৰামৰ তিৰোতাৰ ৰূপত দেখি নিৰ্ম্মলৰ মনৰ অৱস্থা কেনে হৈছিল সেয়া সহজেই অনুমেয়। এনে প্ৰতিকূল পৰিস্থিতিতো নিৰ্ম্মলে নিজকে চম্ভালি ৰাখিব পাৰিছে। ৰূপহীৰ প্ৰতি থকা দুৰ্বাৰ প্ৰেমক নিৰ্ম্মলে আধ্যাত্মিক ঈশ্বৰ প্ৰেমলৈ উন্নীত কৰিছে। নিৰ্ম্মলৰ দৃষ্টিত ৰূপহী নিষ্পাপ। এবাৰলৈও নিৰ্ম্মলে ৰূপহীৰ প্ৰতি ভ্ৰূ-কুঞ্চিত কৰা নাই। তাৰ প্ৰাণাধিকা ৰূপহীয়ে দীৰ্ঘদিনীয়া দুখৰ পিছত অনিৰামৰ পৰাই কিছু সুখ লাভ কৰিছে। এইবোৰেই নিৰ্ম্মলৰ চৰিত্ৰৰ মনৰ উদাৰতা, বিশালতা আৰু ধৈৰ্য্যশীলতাৰ পৰিচয় দিছে। নিৰ্ম্মলৰ চৰিত্ৰ অতি সহজ সৰল | কোনো কথাকে সন্দেহৰ দৃষ্টিৰে চোৱাৰ প্ৰয়োজনবোধ কৰা নাই। সন্মুখত যি দেখিছে, যি ঘটিছে সকলো দ্বিধাহীনভাৱে মানি লৈছে, ঈশ্বৰৰ ইচ্ছা বুলি সময়ৰ সোঁতত নিজকে এৰি দিছে। নিৰ্ম্মলৰ চৰিত্ৰ সততা, নৈতিকতা আৰু বৈষ্ণৱ ধৰ্মীয় আধ্যাত্মিকতাৰ এক আদৰ্শ প্ৰতীক।[1]

ৰূপহী[সম্পাদনা কৰক]

ৰূপহী লাহন গাঁৱৰ মণিৰামৰ জীয়েক। শান্ত শিষ্ট, লাজুকী স্বভাৱৰ অথচ পিতৃ মাতৃ, জ্যেষ্ঠজনৰ প্ৰতি ভক্তি ভাবেৰে পূৰ্ণ হৃদয়েৰে ৰূপহী আছিল এগৰাকী আদৰ্শ যুবতী। ৰূপহী আছিল সহজ সৰল, নিৰহংকাৰী আৰু সৎস্বভাৱৰ। নিৰ্ম্মল ৰূপহীৰ মাজত গঢ়ি উঠিছিল আশৈশৱ প্ৰণয়ৰ ভাৱনা। নিৰ্ম্মলৰ প্ৰতি থকা গভীপ প্ৰণয়ৰ টান তাইৰ সংযত স্বভাৱৰ গুণত ঢাকি ৰাখিছে। এনে সংযমী গুণ গাভৰু ছোৱালীৰ অলংকাৰ স্বৰূপ। কিন্তু নিৰ্ম্মলৰ কথাত সৰল মনা ৰূপহীয়ে মনত সংকোচ থাকিলেও নিৰ্ম্মলৰ কথা বাৰণ কৰিব নোৱাৰি কৈ পেলাইছে -- "প্ৰিয় নিৰ্ম্মল, আই বোপাইক এৰি পলাই যোৱাটো বেয়া কথা | কিন্তু তই যিদৰে কৈছে, সেইদৰে হ'লে মোৰ আপত্তি নাই। " (নিৰ্ম্মল ভকত, পৃ - ৭) ৰূপহীয়ে তাঁত বব জনাৰ উপৰিও ঘৰুৱা ব্যৱহাৰিক কামতো পাকৈত আছিল | নিৰ্ম্মলৰ মাহীয়েকৰ সকলো কামতে সহায় কৰি মাহীয়েকৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল।[1]

অনিৰাম[সম্পাদনা কৰক]

'অনিৰাম' চৰিত্ৰৰ এটাই মাথোন বিশেষত্ব - সৰু কালৰ ওমলা লগৰী ৰূপহীৰ প্ৰতি একনিষ্ঠ প্ৰেম। ঔপন্যাসিকে য'ত যেনেকৈ এটা চৰিত্ৰৰ প্ৰয়োজনবোধ কৰিছে ত'তে কেনেকৈ অনিৰামক ৰূপায়িত কৰিছে। অনিৰামৰ নিজৰ আবেগ অনুভূতি, ভাল লগা, বেয়া লগা, আশা আকাংক্ষা একোৱে স্পষ্ট নহয়। অনিৰামক পাঠকে প্ৰত্যক্ষভাৱে লগ পোৱাৰ নাই। অনিৰামক Anoch Arden ৰ ফিলিপৰ চৰিত্ৰৰ অনুকৰণত চিত্ৰায়ন কৰা হৈছে।[1]

মাহীয়েক[সম্পাদনা কৰক]

নিৰ্ম্মল মাহীয়েক মানসিকভাৱে সুস্থিৰ আৰু সবল আছিল। পতি পুত্ৰক হেৰুৱাই অকলশৰীয়া হৈ পৰিলেও জীৱন ধাৰণৰ আশা ভৰসা নোহোৱা হৈ যোৱা নাছিল। বৰং এক আধ্যাত্মিক জীৱন যাপন কৰিছিল। কেতিয়াও কাৰো ওচৰত হাত নপতাকৈ চলিব পাৰিছিল। কৃষ্ণৰ পূজা কৰা মাহী আছিল আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী। গাঁৱৰ কাৰোবাৰ ঘৰত অসুখ বিসুখ হ'লে ৰোগীক শুশ্ৰূষা কৰা, পথ্য দিয়া, নিশা পৰ দি থাকি সহায় কৰিছিল।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ড॰ জাহ্নবী দেৱী (২০০৩). উপন্যাস বিচাৰ. প্ৰকাশক মিৰ্জা: ব্ৰহ্মপুত্ৰ বুকচ্. পৃষ্ঠা. ২১. 
  2. 2.0 2.1 2.2 ড॰ পৰীক্ষিত হাজৰিকা (১৯৮৯). আলোচনা সাহিত্য. প্ৰকাশক গুৱাহাটী -১: লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৩৩. 
  3. সত্যেন্দ্ৰনাথ শৰ্মা (১৯৬৫). অসমীয়া উপন্যাসৰ ভূমিকা. প্ৰকাশক গুৱাহাটী-৮: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ৭১. 
  4. ত্ৰৈলোক্য নাথ গোস্বামী (১৯৬৭). ঔপন্যাসিক ৰজনীকান্ত বৰদলৈ. প্ৰকাশক যোৰহাট: অসম সাহিত্য সভা. পৃষ্ঠা. ৩. 
  5. ৰজনীকান্ত বৰদলৈ (১৯৮৮). নিৰ্ম্মল ভকত. প্ৰকাশক গুৱাহাটী -১.