সমললৈ যাওক

নীটা ক্ৰ'ফ'ৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীটা চি. ক্ৰ'ফ'ৰ্ড
এফবিএ
জন্ম ১৯৬১ (বয়স ৬৪৬৫)
শৈক্ষিক পটভূমি
শিক্ষা ব্ৰাউন বিশ্ববিদ্যালয়, মেছাচুছেটছ ইনষ্টিটিউট অৱ টেকন'লজি
শৈক্ষিক কৰ্ম
প্ৰতিষ্ঠানসমুহ ব্ৰাউন বিশ্ববিদ্যালয়, বষ্টন বিশ্ববিদ্যালয়, অক্সফৰ্ড বিশ্ববিদ্যালয়

নীটা চি. ক্ৰ'ফ'ৰ্ড (জন্ম: ১৯৬১) হৈছে এগৰাকী আমেৰিকান ৰাজনৈতিক বিজ্ঞানী। তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ মণ্টেগু বাৰ্টন অধ্যাপিকা আৰু বেলিয়ল কলেজত প্ৰফেছৰিয়েল ফেল'শ্বিপ ধাৰণ কৰিছে,[1] ইয়াৰ পূৰ্বে তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যাপিকা আৰু বিভাগীয় মুৰব্বী আছিল,[2]

২০১০ চনত তেওঁ কেথেৰিন লাট্‌জৰ সৈতে কষ্টছ অৱ ৱাৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰিছিল আৰু বৰ্তমান ষ্টেফানি ছাভেলৰ সৈতে সহ-নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে,[3]

শিক্ষা আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

ক্ৰ'ফ'ৰ্ডে ১৯৮৫ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাত তেওঁ “যুদ্ধ ব্যৱস্থা আৰু সামৰিকতাবাদৰ বিকল্পসমূহ” বিষয়ত অধ্যয়ন কৰিছিল। তেওঁ ১৯৯২ চনত মেছাচুছেটছ ইনষ্টিটিউট অৱ টেকন'লজিৰপৰা ৰাজনৈতিক বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।

১৯৯৪ চনৰপৰা ১৯৯৬ চনলৈ তেওঁ ব্ৰাউন বিশ্ববিদ্যালয়ৰ ৱাটছন ইনষ্টিটিউট অৱ ইণ্টাৰন্যাশ্যনেল এণ্ড পাব্লিক এফেয়াৰছত পষ্ট-ডক্টৰেল ফেল'শ্বিপ সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ মেছাচুছেটছ বিশ্ববিদ্যালয়, এমহাৰ্ষ্টত অধ্যাপনা কৰিছিল,[4] পিছত পুনৰ ব্ৰাউন বিশ্ববিদ্যালয়লৈ উভতি সহযোগী আৰু পিছত অধ্যাপিকা হৈছিল। ২০০৫ চনত তেওঁ বষ্টন বিশ্ববিদ্যালয়ত ৰাজনৈতিক বিজ্ঞানৰ অধ্যাপিকা হিচাপে নিযুক্ত হৈছিল,[5]

২০১০ চনত তেওঁ কষ্টছ অৱ ৱাৰ প্ৰজেক্ট প্ৰতিষ্ঠা কৰিছিল, যাৰ লক্ষ্য আছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ মানৱীয় আৰু আৰ্থিক ব্যয় নথিভুক্ত কৰা,[6] এই প্ৰজেক্টে ২০১১ চনত প্ৰথম প্ৰতিৱেদন প্ৰকাশ কৰিছিল আৰু এতিয়াও অব্যাহত ৰাখিছে,[7][8]

২০১৭ চনৰপৰা তেওঁ কাউন্সিল ফৰ এ লিভেবল ৱৰ্ল্ডৰ পৰিচালনা পৰিষদৰ সদস্য হিচাপে কাম কৰি আছে। তেওঁ দ্য জাৰ্নেল অৱ পলিটিকেল ফিলছফি আৰু গ্লোবেল পাৰ্সপেক্টিভছ আলোচনীৰ সম্পাদকীয় পৰিষদৰ সদস্য,[5]

২০২১ চনত তেওঁ অক্সফৰ্ড বিশ্ববিদ্যালয়ত মণ্টেগু বাৰ্টন অধ্যাপিকা হিচাপে নিযুক্ত হৈছিল,[1] ২০২৩ চনত তেওঁ ব্ৰিটিছ একাডেমীৰ ফেল' হিচাপে নিৰ্বাচিত হৈছিল,[9]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

ক্ৰ'ফ'ৰ্ড আফ্ৰিকান-আমেৰিকান আৰু নেটিভ আমেৰিকান পৰিয়ালৰ। তেওঁ এগৰাকী লেচবিয়ান[4][10]

গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • দ্য পেণ্টাগন, ক্লাইমেট চেঞ্জ, এণ্ড ৱাৰ (২০২২), এমআইটি প্ৰেছ
  • একাউণ্টেবিলিটি ফৰ কিলিং (২০১৩), অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ
  • আৰ্গুমেণ্ট এণ্ড চেঞ্জ ইন ৱৰ্ল্ড পলিটিক্স (২০০২), কেম্ব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছ
  • হাউ ছেংশ্যনছ ৱৰ্ক (১৯৯৯), পালগ্ৰেভ মেকমিলান
  • ছোভিয়েট মিলিটাৰী এয়াৰক্ৰাফ্ট (১৯৮৭)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Neta Crawford appointed Montague Burton Professor of International Relations". www.politics.ox.ac.uk. Archived from the original on 2021-09-27. https://web.archive.org/web/20210927223855/https://www.politics.ox.ac.uk/news/neta-crawford-appointed-montague-burton-professor-of-international-relations.html আহৰণ কৰা হৈছে: 2021-09-25.
  2. "Neta Crawford appointed Montague Burton Professor of International Relations". www.politics.ox.ac.uk. Archived from the original on 2021-09-27. https://web.archive.org/web/20210927223855/https://www.politics.ox.ac.uk/news/neta-crawford-appointed-montague-burton-professor-of-international-relations.html আহৰণ কৰা হৈছে: 2021-09-25.
  3. Li, Aubrey (2019-11-08). "'Costs of War' project initiates research series to evaluate post-9/11 wars" (en-US ভাষাত). Brown Daily Herald. https://www.browndailyherald.com/2019/11/08/costs-war-project-initiates-research-series-evaluate-post-9-11-wars/ আহৰণ কৰা হৈছে: 2021-09-12.
  4. 1 2 Wilson, Robin (23 November 2001). "Divided Loyalties at UMass". www.chronicle.com. https://www.chronicle.com/article/divided-loyalties-at-umass/ আহৰণ কৰা হৈছে: 2021-09-25.
  5. 1 2 Crawford, Neta (2021). "Neta C. Crawford". Archived from the original on 2021-07-18. https://web.archive.org/web/20210718174418/https://www.bu.edu/polisci/files/2021/06/Crawford-CV-2021.pdf আহৰণ কৰা হৈছে: 2026-02-23.
  6. Masco, Joseph (2013). "Auditing the War on Terror: The Watson Institute's Costs of War Project". American Anthropologist খণ্ড 115 (2): 312–313. https://onlinelibrary.wiley.com/doi/abs/10.1111/aman.12012.
  7. Gagosz, Alexa (1 September 2021). "The costs of post-9/11 wars exceed $8 trillion for US". Boston Globe. https://www.bostonglobe.com/2021/09/01/metro/costs-post-911-wars-exceed-8-trillion-us/ আহৰণ কৰা হৈছে: 2021-09-12.
  8. Hussain, Murtaza (1 September 2021). "Over Two Decades, U.S.'s Global War on Terror Has Taken Nearly 1 Million Lives and Cost $8 Trillion". The Intercept. https://theintercept.com/2021/09/01/war-on-terror-deaths-cost/ আহৰণ কৰা হৈছে: 2021-09-12.
  9. "Professor Neta Crawford FBA". The British Academy. https://www.thebritishacademy.ac.uk/fellows/neta-crawford-fba/ আহৰণ কৰা হৈছে: 2023-10-21.
  10. Sinister wisdom. Sinister Wisdom. 1992. পৃষ্ঠা. 112.