সমললৈ যাওক

নীতু চন্দ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীতু চন্দ্ৰা

২০১৭ চনত নীতু
জন্ম নীতু চন্দ্ৰা শ্ৰীবাস্তৱ
২০ জুন, ১৯৮৪ (৪১ বছৰ)
পাটনা, বিহাৰ, ভাৰত
পেচা অভিনেত্ৰী, চলচ্চিত্ৰ প্ৰযোজক, মডেল, সমৰ কলাবিদ
সক্ৰিয় হৈ থকা সময় ২০০৩–বৰ্তমান
আত্মীয়-স্বজন নিতিন চন্দ্ৰা (ভাতৃ)

নীতু চন্দ্ৰা (জন্ম: ২০ জুন ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, চলচ্চিত্ৰ প্ৰযোজক আৰু নাট্যশিল্পী। তেওঁ হিন্দী, তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।[1] তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু খেলুৱৈও। এনবিএ-ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ জৰিয়তে দেশত বাস্কেটবলৰ প্ৰসাৰৰ সৈতে তেওঁ জড়িত। ইয়াৰ উপৰি তেওঁ টাইকোৱাণ্ডোত ‘ফৰ্থ ডান ব্লেক-বেল্ট’ বিজয়ী।[2] তেওঁৰ ‘চম্পাৰণ টকীজ’ নামৰ নিজা প্ৰডাকচন হাউচ আছে। তেওঁ প্ৰযোজনা কৰা মিথিলা মখান নামৰ ছবিখনে শ্ৰেষ্ঠ মৈথিলী চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।[3] ৰাষ্ট্ৰীয় বঁটা বিজয়ী এই ছবিখন পৰিচালনা কৰিছিল তেওঁৰ ভাতৃ নিতিন চন্দ্ৰাই।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

নীতু চন্দ্ৰাৰ জন্ম ১৯৮৪ চনৰ ২০ জুনত বিহাৰপাটনাত হৈছিল। তেওঁৰ মাতৃভাষা হ’ল ভোজপুৰী[4] তেওঁ পাটনাৰ নটৰ ডেম একাডেমীত শিক্ষা লাভ কৰিছিল আৰু দিল্লীৰ ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।[5] তেওঁ মডেলিঙৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁৰ সফলতাৰ কৃতিত্ব বিহাৰৰ পূব চম্পাৰণৰ নিবাসী মাতৃক প্ৰদান কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছৰেপৰা তেওঁ বিভিন্ন প্ৰতিষ্ঠানৰ বিজ্ঞাপন আৰু ভিডিঅ’ত অভিনয় কৰি আহিছে। তেওঁ টাইকোৱাণ্ডোত দুটাকৈ ডান ব্লেক বেল্ট লাভ কৰিছে আৰু ১৯৯৭ চনত হংকঙত অনুষ্ঠিত হোৱা বিশ্ব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।[6]

চন্দ্ৰাৰ ভাতৃ নিতিন চন্দ্ৰাই দেশৱা নামৰ কথাছবিখন পৰিচালনা কৰিছিল।[7]

অভিনয় জীৱন

[সম্পাদনা কৰক]

২০০৫ চনত গৰম মছলা নামৰ হিন্দী ছবিৰ জৰিয়তে চন্দ্ৰাই হিন্দী চলচ্চিত্ৰ জগতত অভিষেক ঘটায়, য’ত তেওঁ ছুইটি নামৰ এগৰাকী বিমান সেৱিকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৬ চনত তেওঁ তেলুগু ছবি গোদাবৰীত অভিনয় কৰে। ২০০৭ চনত তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ছবি ট্ৰাফিক চিগনেলত অভিনয় কৰিছিল।

২০০৮ চনত তেওঁৰ চাৰিখন ছবি মুক্তি পাইছিল, যিবোৰ পৰিচালনা কৰিছিল দিবাকৰ বেনাৰ্জী, ৰাহুল ঢোলাকীয়া, অশ্বিনী ধীৰ আৰু বিক্ৰমে। ২০০৯ চনত আৰ মাধৱনৰ সৈতে অভিনীত তেওঁৰ তামিল ছবি য়াভাৰুম নালাম এখন ডাঙৰ হিট ছবি হিচাপে পৰিগণিত হয়। ২০১০ চনত তেওঁক ৰাণ, এপাৰ্টমেণ্ট, নো প্ৰব্লেম—য’ত তেওঁ বিশেষ ভূমিকা পালন কৰিছিল—আৰু সদিয়া নামৰ চাৰিখন হিন্দী ছবিৰ লগতে থিৰাধা বিলায়ত্তু পিল্লাই নামৰ এখন তামিল ছবিত দেখা গৈছিল।

২০১১ চনত তেওঁ প্ৰযোজনা কৰা আৰু ভাতৃয়ে পৰিচালনা কৰা দেশৱা নামৰ এখন ভোজপুৰী ছবি মুক্তি পায়।[8]

২০১৩ চনত তেওঁ জয়ম ৰবিৰ সৈতে তামিল একচন ছবি আমেৰিন আধি-ভগৱানত অভিনয় কৰে। ২০১৩ চনতে তেওঁ হ’ম ছুইট হ’ম নামৰ এখন গ্ৰীক ছবিৰ কাম সম্পূৰ্ণ কৰে,[9] য’ত তেওঁ এগৰাকী ভাৰতীয় ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছে। পৰিচালক অনুৰাগ কাশ্যপৰ পৰামৰ্শ অনুসৰি তেওঁ স্কাইপৰ জৰিয়তে এই ছবিখনৰ বাবে অডিশ্যন দিছিল।[10] ছবিখনৰ বাবে তেওঁ গ্ৰীক ভাষা শিকিবলগীয়া হৈছিল আৰু নিজে ডাবিঙো কৰিছিল। পিছলৈ জানিব পৰা গৈছিল যে হ’ম ছুইট হ’ম আছিল ছবিখনৰ কাৰ্যকৰী নাম আৰু প্ৰকৃত নাম আছিল ব্লক ১২, য’ত তেওঁ এগৰাকী ভাৰতীয় দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনত মুক্তি পোৱা এই ছবিখন দ্বিভাষিক আছিল।[11] তেওঁৰ কুচৰ প্ৰসাদ কা ভূত আৰু শ্বুটাৰ নামৰ দুখন হিন্দী ছবি আহিবলগীয়া আছে।[4]

২০২০ চনত তেওঁ বলীউডৰ অভিনেতা ছেমী জন হিনিৰ সৈতে হলিউডৰ শ্ব’ গাউন এণ্ড আউট ইন বেভাৰ্লি হিলছত অভিনয় কৰে। ২০২১ চনত তেওঁ নাৰী-কেন্দ্ৰিক সমৰ কলাৰ ছবি নেভাৰ বেক ডাউন: ৰিভ’ল্টৰ জৰিয়তে হলিউডৰ চলচ্চিত্ৰত অভিষেক ঘটায়। এই ছবিখন নেভাৰ বেক ডাউন শৃংখলাৰ চতুৰ্থটো খণ্ড। তেওঁ ছবিখনত জয়া নামৰ এগৰাকী সমৰ কলাবিদৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ সদৰী কৰে যে ২০১৯ চনত চনী পিকচাৰ্ছ ষ্টুডিঅ’ত বেড বয়জ ফৰ লাইফৰ বিশেষ প্ৰদৰ্শনৰ সময়ত তেওঁ ছবিখনৰ প্ৰযোজক ডেভিদ জেলনক লগ পাইছিল, যিয়ে সেই সময়ত ছবিখনৰ বাবে এগৰাকী ভাৰতীয় অভিনেত্ৰীৰ সন্ধানত আছিল। জেলন তেওঁৰ পূৰ্বৰ কাম আৰু সমৰ কলাৰ অভিজ্ঞতাৰ দ্বাৰা ইমানেই প্ৰভাৱিত হৈছিল যে কোনো অডিশ্যন বা লুক টেষ্ট নোলোৱাকৈয়ে তেওঁক এই চৰিত্ৰটোৰ বাবে নিৰ্বাচিত কৰা হৈছিল। এই চৰিত্ৰটোৰ বাবে প্ৰস্তুত হ’বলৈ চন্দ্ৰাই কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ছবিখনত তেওঁৰ সকলো ষ্টাণ্ট কোনো বডী ডাবল ব্যৱহাৰ নকৰাকৈ নিজেই কৰিছিল। ১৬ নৱেম্বৰ ২০২১-ত ছবিখন ডিজিটেল প্লেটফৰ্ম আৰু ডিভিডিত মুক্তি পায়।

অন্যান্য কাম-কাজ

[সম্পাদনা কৰক]

চন্দ্ৰা গীতাঞ্জলি ব্ৰেণ্ডৰ ‘হুপ’ৰ ব্ৰেণ্ড এম্বেছেডৰ হৈছিল।[12] তেওঁ মহীশূৰ চেণ্ডল ছোপৰ এটা বিজ্ঞাপনতো অংশ লৈছিল। নীতু চন্দ্ৰাই সংগীত পৰিচালক ইছমাইল দৰবাৰৰ সংগীত ভিডিঅ’ "ৰচিয়া চাজন"ত জুবিন গাৰ্গৰ সৈতে অভিনয় কৰিছিল।[13] তেওঁক বম্বে ভাইকিংছৰ গায়ক নীৰজ শ্ৰীধৰৰ হিট একক গীত "আ ৰহা হুঁ মই"-ৰ সংগীত ভিডিঅ’তো দেখা গৈছিল।[14] ইয়াৰ উপৰি তেওঁ ‘সজনা হায় মুঝে’ গীতটোৰ এটা সফল ৰিমিক্সত অভিনয় কৰিছিল। চফী চৌধুৰীৰ সৈতে তেওঁৰ আন এটা হিট গীত আছিল ‘মেৰা বাবু ছাইল ছাবিলা’।

২০১৩ চনত চন্দ্ৰাই ‘উমৰাও’ নামৰ এখন নাটকত নামভূমিকাত অভিনয় কৰি মঞ্চ জগতত অভিষেক ঘটায়।[15][16] ২০১৭ চনৰ মে’ মাহৰপৰা তেওঁ ডিডি নেচনেলত ‘ৰঙ্গোলী’ অনুষ্ঠানটোৰ আঁত ধৰি আহিছে। ২০১৮ চনত চন্দ্ৰা প্ৰ’ কাবাডী লীগত পাটনা পাইৰেটছৰ ‘কমিউনিটি এম্বেছেডৰ’ হৈছিল।

সংবাদ মাধ্যমত

[সম্পাদনা কৰক]

২০০৮ চনত ৭ চিছ টেকন’লজিছে নীতু চন্দ্ৰাক মুখ্য চৰিত্ৰ হিচাপে লৈ নীতু — দ্য এলিয়েন কিলাৰ নামৰ এটা ত্ৰিমাত্ৰিক (3D) ম’বাইল গেম মুকলি কৰিছিল।[17]

২০০৯ চনৰ জানুৱাৰী মাহৰ মেক্সিম ইণ্ডিয়া আলোচনীৰ বেটুপাতত নীতু চন্দ্ৰাক প্ৰদৰ্শিত কৰা হৈছিল।[18]

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]

অভিনেত্ৰী হিচাপে

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ ভাষা টোকা
২০০৩বিষ্ণুতেজজুতেলুগুতেলুগু অভিষেক কথাছবি
২০০৫গৰম মচলাছুইটিহিন্দীহিন্দী অভিষেক কথাছবি
২০০৬গোদাবৰীৰাজেশ্বৰী ‘ৰাজি’তেলুগু
২০০৭ট্ৰাফিক চিগনেলৰাণীহিন্দী
২০০৮ৱান টু থ্ৰীইনস্পেক্টৰ মায়াৱতী চৌতালা
চামাৰ ২০০৭গীতত বিশেষ উপস্থিতি
অয় লাকী! লাকী অয়!সোনাল
২০০৯সত্যমেৱ জয়তেবাচৰা পাপাতেলুগু
য়াভাৰুম নালামপ্ৰিয়া মনোহৰতামিলদ্বিভাষিক কথাছবি
তামিল অভিষেক
১৩বিহিন্দী
২০১০মুম্বাই কাটিং
ৰাণয়াচমিন হুছেইন
এপাৰ্টমেণ্টনেহা ভাৰ্গৱ
নো প্ৰব্লেমচোফিয়া
সদিয়াগীতত বিশেষ উপস্থিতি
থিৰাধা বিলায়ত্তু পিল্লাইতেজস্বিনীতামিল
২০১১যুদ্ধম চেইকেবেৰে নৃত্যশিল্পী"কান্নিথেভু পন্না" গীতত বিশেষ উপস্থিতি
কুচ লাভ জয়ছাৰিয়াহিন্দী
দেশৱাভোজপুৰীবিশেষ উপস্থিতি
২০১৩আধি ভগৱানৰাণী সম্পথা / কৰিষ্মাতামিলশ্ৰেষ্ঠ খলনায়িকাৰ দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (SIIMA)
চেট্টাইনিজে"লাইলা লাইলা" গীতত বিশেষ উপস্থিতি
ব্লক ১২ভাৰতীয় দেৱীগ্ৰীকগ্ৰীক চলচ্চিত্ৰত অভিষেক
২০১৪মনমবিমান সেৱিকাতেলুগুকেমিঅ’ উপস্থিতি
পাৱাৰকানাড়া"হোৱাই হোৱাই" গীতত বিশেষ উপস্থিতি
২০১৫থিলাগৰগ্ৰাম্য নৃত্যশিল্পীতামিলগীতত বিশেষ উপস্থিতি
২০১৭চিল্কম ৩বাৰ ডান্সাৰ"অ’ চ’নে চ’নে" গীতত বিশেষ উপস্থিতি
ভাইগাই এক্সপ্ৰেছৰাধিকা/ জ্যোতিকাদ্বৈত ভূমিকা
ব্ৰহ্মা.কমনীতু চন্দ্ৰা
২০২১নেভাৰ বেক ডাউন: ৰিভ’ল্টজয়াইংৰাজীহলিউডত অভিষেক[19][20]
২০২৬নো মিন্স নোইংৰাজী, হিন্দী, পলিছত্ৰিভাষিক কথাছবি

প্ৰযোজক হিচাপে

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ ভাষা টোকা
২০১১দেশৱাভোজপুৰী
২০১৬মিথিলা মখানমৈথিলী

দূৰদৰ্শন

[সম্পাদনা কৰক]
বৰ্ষ অনুষ্ঠান চৰিত্ৰ চেনেল টোকা সংগ্ৰহ
২০১৭–২০১৮ ৰঙ্গোলী সূত্ৰধাৰী/উপস্থাপিকা ডিডি নেচনেল [21]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "'Mithila Makhaan' has something for all: Neetu Chandra". The Times of India. http://timesofindia.indiatimes.com আহৰণ কৰা হৈছে: 18 July 2016.
  2. "'Taekwondo' has something for all: Neetu Chandra". The Times of India. 17 October 2012. http://timesofindia.indiatimes.com আহৰণ কৰা হৈছে: 18 July 2016.
  3. "'Champaran Talkies' has something for all: Neetu Chandra". Champaran Talkies. Archived from the original on 16 August 2016. https://web.archive.org/web/20160816212246/http://www.champaran-talkies.com/ আহৰণ কৰা হৈছে: 18 July 2016.
  4. 1 2 "Bhojpuri film industry not growing: Neetu Chandra". 4 September 2013. http://www.sify.com/movies/bhojpuri-film-industry-not-growing-neetu-chandra-news-national-njesuugecfj.html.
  5. "Neetu shoots kick & punch". The Telegraph (Calcutta). 3 September 2012. http://www.telegraphindia.com/1120903/jsp/bihar/story_15928618.jsp.
  6. "Neetu Chandra receives second black belt in Taekwondo". The Times of India. 17 October 2012. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Neetu-Chandra-receives-second-black-belt-in-Taekwondo/articleshow/16838987.cms.
  7. "Patna boy to represent India at global business meet in Ireland". The Times of India. 5 April 2013. http://timesofindia.indiatimes.com/city/patna/Patna-boy-to-represent-India-at-global-business-meet-in-Ireland/articleshow/19400352.cms আহৰণ কৰা হৈছে: 28 May 2016.
  8. "Timing relief for Deswa". The Telegraph (Calcutta). 12 December 2011. http://www.telegraphindia.com.
  9. "Rediscovered myself with my Greek film: Neetu Chandra". The Times of India. 4 July 2013. Archived from the original on 5 November 2012. https://web.archive.org/web/20121105000533/http://articles.timesofindia.indiatimes.com/ আহৰণ কৰা হৈছে: 13 December 2013.
  10. "Neetu in awe of her Greek film look". Hindustan Times. 3 July 2012. http://www.hindustantimes.com আহৰণ কৰা হৈছে: 13 December 2013.
  11. "I'm too young for marriage: Neetu Chandra". The Times of India. 5 September 2013. https://timesofindia.indiatimes.com আহৰণ কৰা হৈছে: 13 December 2013.
  12. Das, Chuman (29 January 2009). "Neetu Chandra signs her first ad campaign". Businessofcinema.com. http://www.businessofcinema.com/news.php?newsid=11729.
  13. . Bollywood Hungama. 5 January 2008. https://www.bollywoodhungama.com/news/box-office-special-features/2007-30-screens-in-u-k/ আহৰণ কৰা হৈছে: 10 July 2012.
  14. "Bombay Vikings - Aa Raha Hoon Main". Universal Music India/Vevo. 3 July 2013. https://www.youtube.com/watch?v=CbgteelMvWo আহৰণ কৰা হৈছে: 26 September 2015.
  15. Jha, Subhash K. (12 November 2013). "Don't want to dilute my moment of glory: Neetu Chandra". The New Indian Express. Archived from the original on 3 December 2013. https://web.archive.org/web/20131203023128/http://newindianexpress.com/entertainment/hindi/Dont-want-to-dilute-my-moment-of-glory-Neetu-Chandra/2013/11/12/article1886630.ece আহৰণ কৰা হৈছে: 13 December 2013.
  16. "Theatre Review: Umrao". The Times of India. 15 November 2013. http://timesofindia.indiatimes.com/entertainment/theatre/Theatre-Review-Umrao/articleshow/25760705.cms আহৰণ কৰা হৈছে: 13 December 2013.
  17. "7Seas Technologies ropes in Neetu Chandra for 3D mobile action game — The Economic Times". The Times of India. 20 March 2008. http://economictimes.indiatimes.com/7seas-technologies-ropes-in-neetu-chandra-for-3d-mobile-action-game/articleshow/2885325.cms.
  18. "Bollywood Movie News, Desi Blog: Neetu Chandra Maxim January 2009". Archived from the original on 18 January 2009. https://web.archive.org/web/20090118042511/http://bollywoodmovies.us/blog/2009/01/neetu-chandra-maxim-january-2009.html আহৰণ কৰা হৈছে: 11 January 2009.
  19. D'Alessandro, Anthony (11 November 2020). "'Never Back Down: Revolt': Kellie Madison Directing For Mandalay, Wonder Street & SPWA". Deadline. https://deadline.com/2020/11/never-back-down-revolt-kellie-madison-directing-for-mandalay-wonder-street-spwa-1234612624/ আহৰণ কৰা হৈছে: 16 November 2020.
  20. Unnikrishnan, Abhilasha (31 December 2020). "Neetu Chandra on making her Hollywood debut in 'Never Back Down: Revolt'". The Hindu. https://www.thehindu.com/entertainment/movies/neetu-chandra-on-never-back-down-revolt/article33462440.ece আহৰণ কৰা হৈছে: 20 February 2021.
  21. "Swara Bhaskar bids adieu to DD National's 'Rangoli'". https://timesofindia.indiatimes.com/tv/news/hindi/swara-bhaskar-bids-adieu-to-dd-nationals-rangoli/articleshow/58680591.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]