নীনা দোব্ৰেভ
| নীনা দোব্ৰেভ | |
|---|---|
২০২৫ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দোব্ৰেভ | |
| জন্ম | নিকোলিনা কামেনোভা দোব্ৰেভা ৯ জানুৱাৰী, ১৯৮৯ (৩৭ বছৰ) চোফিয়া, বুলগেৰিয়া |
| নাগৰিকত্ব |
|
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ২০০৬–বৰ্তমান |
নিকোলিনা কামেনোভা দোব্ৰেভা (বুলগেৰিয়ান: Николина Каменова Добрева; জন্ম ৯ জানুৱাৰী ১৯৮৯), পেছাগতভাৱে নীনা দোব্ৰেভ নামে পৰিচিত, এগৰাকী কানাডীয়ান অভিনেত্ৰী। তেওঁ দ্য চিডব্লিউ চেনেলৰ অতিপ্ৰাকৃত ধাৰাবাহিক নাটক দ্য ভেম্পায়াৰ ডায়েৰীজ (২০০৯–২০১৫) ত এলেনা গিলবাৰ্ট আৰু কেথেৰিন পিয়াৰ্চ চৰিত্ৰ দুটা অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
চোফিয়াত জন্মগ্ৰহণ কৰা দোব্ৰেভ টৰণ্টোত ডাঙৰ-দীঘল হৈছিল। তেওঁ চলচ্চিত্ৰত সৰু সৰু চৰিত্ৰত অভিনয় কৰি নিজৰ অভিনয় জীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ নাটকীয় ধাৰাবাহিক ডিগ্ৰাছি: দ্য নেক্স্ট জেনেৰেশ্বন (২০০৬–২০০৯)-ত মিয়া জোনছ চৰিত্ৰত অভিনয় কৰি প্ৰথমবাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰে। তাৰ পাছত দ্য ভেম্পায়াৰ ডায়েৰীজ ধাৰাবাহিকত অভিনয় কৰি তেওঁ ব্যাপক খ্যাতি অৰ্জন কৰে।
তেওঁ অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে— দ্য পাৰ্কছ অৱ বিং এ ৱালফ্লাৱাৰ (২০১২), লেট্ছ বি কপ্ছ (২০১৪), দ্য ফাইনেল গাৰ্লছ (২০১৫) আৰু ফ্লেটলাইনাৰ্ছ (২০১৭)। তেওঁৰ সৰ্বাধিক ব্যৱসায়িক সফলতা লাভ কৰা চলচ্চিত্ৰ হৈছে XXX: ৰিটাৰ্ন অৱ জেণ্ডাৰ কেজ (২০১৭)। ইয়াৰ উপৰিও তেওঁ ডগ ডেজ (২০১৮), দেন কেম ইউ (২০১৮) আৰু লাভ হাৰ্ড (২০২১) আদি ৰোমান্টিক কমেডি চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৯ চনত তেওঁ টেলিভিছন ছিটকম ফেমত মুখ্য চৰিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]নিকোলিনা কামেনোভা দোব্ৰেভাৰ জন্ম ৯ জানুৱাৰী ১৯৮৯ তাৰিখে বুলগেৰিয়াৰ চোফিয়া চহৰত হৈছিল। তেওঁৰ পিতৃ কামেন দোব্ৰেভ এজন কম্পিউটাৰ বিশেষজ্ঞ আৰু মাতৃ মিখায়েলা দোব্ৰেভা (ৰাদেভা) এগৰাকী শিল্পী।[1][2] তেওঁৰ এজন ডাঙৰ ভায়েক আছে।[3][4] তেওঁ দুবছৰীয়া হোৱা সময়ত পৰিয়ালটোৱে কানাডালৈ প্ৰব্ৰজন কৰে আৰু তেওঁ স্কাৰব’ৰো, টৰণ্টোত ডাঙৰ-দীঘল হয়।[5] দহ বছৰ বয়সত তেওঁ মাতৃৰ সৈতে দুবছৰৰ বাবে পুনৰ বুলগেৰিয়ালৈ যায়।[6]
দোব্ৰেভে ভ্ৰাডেনবাৰ্গ জুনিয়ৰ পাব্লিক স্কুল আৰু জে. বি. টাইৰেল ছিনিয়ৰ পাব্লিক স্কুলত পঢ়া-শুনা কৰে। এই সময়ছোৱাত তেওঁ বেলেট আৰু জাজ নৃত্য শিকিছিল আৰু ৰিদমিক জিমনাষ্টিকছত প্ৰতিযোগিতাত অংশ লৈছিল।[4] তেওঁ টৰণ্টোৰ আৰ্মষ্ট্ৰং এক্টিং ষ্টুডিঅ'ত অভিনয়ৰ ক্লাছ লৈছিল।[7] তাৰ পিছত তেওঁ স্কাৰব’ৰোৰ ৱেক্সফৰ্ড কলেজিয়েট স্কুল ফৰ দ্য আৰ্টছৰ কলা পাঠ্যক্ৰমত অধ্যয়ন কৰে আৰু স্নাতক বছৰলৈকে তাতেই পঢ়ে।[8]
দোব্ৰেভে টৰণ্টোৰ ৰায়ৰচন ইউনিভাৰ্ছিটি (বৰ্তমান টৰন্টো মেট্ৰ'পলিটান ইউনিভাৰ্চিটি)ত সমাজবিজ্ঞান বিষয়ত উচ্চ শিক্ষা আৰম্ভ কৰে, যদিও অভিনয় জীৱনৰ পিছত লাগি থকাৰ বাবে তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিব নোৱাৰিলে।[9][10]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Raycheva, Maria (July 22, 2017). "Михаела Добрев: Когато видях деца да спят пред хотела й, разбрах, че Нина е световна звезда" (bg ভাষাত). 24 Chasa. https://www.24chasa.bg/mneniya/article/6349785। আহৰণ কৰা হৈছে: August 15, 2022.
- ↑ "UPI Almanac for Thursday, Jan. 9, 2020". United Press International. January 9, 2020. https://www.upi.com/Top_News/2020/01/09/UPI-Almanac-for-Thursday-Jan-9-2020/6871578415895/। আহৰণ কৰা হৈছে: January 15, 2020. "… actor Nina Dobrev in 1989 (age 31)"
- ↑ Ryan, Andrew (September 22, 2009). "From DeGrassi to the dark side". The Globe and Mail. https://www.theglobeandmail.com/arts/from-degrassi-to-the-dark-side/article4286332/। আহৰণ কৰা হৈছে: June 12, 2017.
- ↑ 4.0 4.1 Calhoun, Crissy (2010). "Cast Bios: Nina Dobrev". Love You To Death: The Unofficial Companion to The Vampire Diaries. Ecw Pr. ISBN 978-1-55022-978-3.
- ↑ Kahn, Howie (May 11, 2015). "What's Next for Nina Dobrev?". Self. http://www.self.com/story/nina-dobrev-vampire-diaries-whats-next। আহৰণ কৰা হৈছে: April 1, 2022.
- ↑ Hudson, Kate; Hudson, Oliver (February 24, 2022). "Nina and Alex Dobrev". Sibling Revelry with Kate Hudson and Oliver Hudson (Podcast). Spotify. Event occurs at 21:05. Archived from the original on April 1, 2022. Retrieved April 1, 2022. Unknown parameter
|url-status=ignored (help) - ↑ Mancuso, Christina (October 6, 2014). "Performing Dance Arts Partners with Armstrong Acting Studios". Broadway World. https://www.broadwayworld.com/bwwdance/article/Performing-Dance-Arts-Partners-with-Armstrong-Acting-Studios-20141006। আহৰণ কৰা হৈছে: August 4, 2022.
- ↑ "Alumni". Wexford Collegiate School for the Arts. http://wexfordperformingarts.com/student-life/alumni/। আহৰণ কৰা হৈছে: June 12, 2017.
- ↑ Lewis, Jessica (November 5, 2008). "Degrassi Gets Schooled". The Eyeopener. https://theeyeopener.com/2008/11/degrassi-gets-schooled/। আহৰণ কৰা হৈছে: June 12, 2017.
- ↑ Goldfield Rodrigues, Brittany (January 26, 2015). "Top five actors you didn't know went to Ryerson". Ryerson School of JournalismThe Ryerson. http://ryersonian.ca/top-five-actors-you-didnt-know-went-to-ryerson/। আহৰণ কৰা হৈছে: June 12, 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত নীনা দোব্ৰেভ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ৱিকিউদ্ধৃতিত নীনা দোব্ৰেভ বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |
- নীনা দোব্ৰেভ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
