নীনা ৰুছাকোভা
| নীনা ইভানভনা ৰুছাকোভা | |
|---|---|
| চিত্ৰ:Nina Ivanovna Rusakova.jpg | |
| প্ৰকৃত নাম | Нина Ивановна Русакова |
| জন্ম | ২৫ জানুৱাৰী ১৯১৫ চাগুনি, ভৰোনেজ, ৰাছিয়ান এম্পায়াৰ |
| মৃত্যু | ১২ নৱেম্বৰ ১৯৯৭ স্কাইল’কোভো, মস্কো অব্লাষ্ট ৰাছিয়ান ফেডাৰেচন |
| আনুগত্য | সাঁচ:USSR |
| চাকৰি/শাখা | |
| চাকৰিৰ কাৰ্যকাল | ১৯৩৪-১৯৬১ |
| পদমৰ্যদা | কৰ্ণেল |
| যুদ্ধ-বিগ্ৰহ | দ্বিতীয় বিশ্বযুদ্ধ |
| পুৰস্কাৰ | অৰ্ডাৰ অৱ ৰেড বেনাৰ মেৰিটেড টেষ্ট পাইলট অৱ ইউ এছ এছ আৰ |
নীনা ইভানভনা ৰুছাকোভা ( ইংৰাজী : Nina Ivanovna Rusakova; ২৫ জানুৱাৰী ১৯১৫ – ১২ নৱেম্বৰ ১৯৯৭) প্ৰথম মহিলা পৰীক্ষামূলক পাইলটৰ ভিতৰত অন্যতম আৰু ইউ এছ এছ আৰৰ সন্মানীয় পৰীক্ষা পাইলট উপাধিৰে সন্মানিত একমাত্ৰ মহিলা।[1]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]ৰুছাকোভাৰ জন্ম হৈছিল ২৫ জানুৱাৰীত ১৯১৫ চনত তেতিয়াৰ ৰাছিয়ান সাম্ৰাজ্যৰ অংশ ভৰোনেজ অঞ্চলৰ ছাগুনি গাঁৱত জন্মগ্ৰহণ কৰে। ১৯৩৩ চনত ভৰোনেজ এৰ'ক্লাবৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৩৪ চনৰ জানুৱাৰী মাহত ভৰোনেজ এভিয়েশন টেকনিকেল স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে, তাৰ পিছত লগে লগে সামৰিক বাহিনীত যোগদান কৰে। সেই বছৰতে তেওঁ অৰেনবাৰ্গ মিলিটাৰী এভিয়েশন স্কুল অৱ পাইলটৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত জিট’মাইৰলৈ নিয়োজিত হয়, য'ত তেওঁ আই-৫, ডি আই-৬ আৰু আই-১৬ যুঁজাৰু বিমান উৰুৱাইছিল।[2][3]
সামৰিক কেৰিয়াৰ
[সম্পাদনা কৰক]১৯৪০ চনৰ জুলাই মাহত ৰুছাকোভাই পাইলট ইন কমাণ্ড মাৰিয়া নেষ্টেৰেংকো আৰু সহ-পাইলট মাৰিয়া মিখাইলেভাৰে গঠিত বিমান দলত নেভিগেটৰ হিচাপে উৰা মাৰে যিয়ে ১৯৩৮ চনত ভেলেণ্টিনা গ্ৰীজোডুবোভা, পলিনা অচিপেংকো আৰু মেৰিনা ৰাস্কোভাই পূৰ্বে স্থাপন কৰা ষ্ট্ৰেইট লাইন মহিলা বিমানৰ দূৰত্বৰ বিশ্ব অভিলেখ ভংগ কৰাৰ চেষ্টা কৰে। খাবাৰোভস্কত উৰা মাৰি মাজিৰ পোৱাৰ কথা আছিল যদিও ধুমুহা আৰু আইচিঙৰ সৈতে সংযুক্ত প্ৰচণ্ড হেডৱিণ্ডৰ বাবে বিমানখনে ছানচুৰ্স্কি জিলাৰ ইছাকোভ’ গাঁৱৰ ওচৰৰ এখন পথাৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। দলটোৱে ২২ ঘণ্টা ৩২ মিনিট ননষ্টপ উৰা মাৰিছিল যদিও এই প্ৰচেষ্টাই কম প্ৰচাৰ লাভ কৰিছিল আৰু সোনকালে পাহৰি গৈছিল।[4]
১৯৪০ চনত ৰুছাকোভাই ষ্টেট ৰেড বেনাৰ এয়াৰ ফৰ্চ ৰিচাৰ্চ ইনষ্টিটিউটত টেষ্ট পাইলট হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ যুদ্ধ বিমান, গ্লাইডাৰ, বোমাৰু বিমান, আৰু গোপন বিমানকে ধৰি বিভিন্ন বিমান পৰীক্ষা কৰাৰ উপৰি ইয়াকোভলেভ আৰু লাভোচকিন বিমানৰ লগতে কুখ্যাত কঠিন আৰু ক্ষমাহীন পেটলিয়াকভ পে-২ বিমানৰ নতুন পাইলট প্ৰশিক্ষণ দিছিল। ১৯৫৫ চনত তেওঁ কৰ্ণেল পদবী লাভ কৰে আৰু ১৯৫৯ চনত তেওঁক "মেৰিটেড টেষ্ট পাইলট অৱ দ্য ইউ এছ এছ আৰ" সন্মানীয় উপাধিৰে সন্মানিত হয়। গোটেই কেৰিয়াৰত তেওঁ ডি বি-৩, লি-২, ইল-২, ইল-১০, ইল-১২, ইল-১৪, লা-৭, মিগ-৩, পে-২, এছ বি, টু-২, টু-৪, ইয়াক-৩, আৰু ইয়াক-৭কে ধৰি বিভিন্ন ছোভিয়েট নিৰ্মিত বিমানত পৰীক্ষামূলক বিমান চলাইছিল।[4][3]
পিছৰ জীৱন
[সম্পাদনা কৰক]১৯৬১ চনত ৰুছাকোভাই কৰ্ণেল পদবী লৈ অৱসৰ গ্ৰহণ কৰে। ১৯৯৭ চনৰ ১২ নৱেম্বৰত মৃত্যুৰ আগলৈকে তেওঁ মস্কো অব্লাষ্টৰ চকালোভস্কি বসতিস্থলত বাস কৰিছিল।[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Simonov 2009, পৃষ্ঠা. 9.
- 1 2 Архивариус (2013-02-03). "Русакова Нина Ивановна » Испытатели" (ru ভাষাত). Испытатели. https://testpilot.ru/base/2013/02/rusakova-n-i/। আহৰণ কৰা হৈছে: 2018-12-16.
- 1 2 Simonov 2009, পৃষ্ঠা. 168.
- 1 2 "Русакова Нина Ивановна - советская летчица - Красные соколы. Русские авиаторы летчики-асы 1914 - 1953". airaces.narod.ru. http://airaces.narod.ru/woman/rusakova.htm। আহৰণ কৰা হৈছে: 2018-12-16.