নীম কৰোলী বাবা
| নীম কৰোলী বাবা | |
|---|---|
| জন্ম | প্ৰায় ১৯০০[1] আকবৰপুৰ গাঁও, উত্তৰ-ওশ্চিম প্ৰদেশ, ব্ৰিটিছৰাজ[2] বৰ্তমানৰ ফিৰোজাবাদ জিলা, উত্তৰ প্ৰদেশ |
| মৃত্যু | ১১ ছেপ্তেম্বৰ ১৯৭৩ বৃন্দাবন, ভাৰত |
| প্ৰকৃত নাম | লক্ষ্মণ নাৰায়ণ শৰ্মা |
| দৰ্শন | ভক্তি যোগ |
নীম কৰোলী বাবা (ইংৰাজী: Neem Karoli Baba)[3] বা নীব কাৰোৰী বাবা (জন্ম : লক্ষ্মণ নাৰায়ণ শৰ্মা; ১৯০০ – ১১ ছেপ্টেম্বৰ ১৯৭৩) হিচাপেও পৰিচিত৷ তেখেতৰ অনুগামীসকলে তেখেতক মহাৰাজ-জী বুলি মাতিছিল৷ তেখেত হনুমানৰ ভক্ত আছিল।[4]
১৯০০ চনৰ আশে-পাশে ভাৰতৰ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ আকবৰপুৰ গাঁৱত এটা ধনী ব্ৰাহ্মণ পৰিয়ালত লক্ষ্মণ নাৰায়ণ শৰ্মা[5] ৰ জন্ম হৈছিল।[1] ১১ বছৰ বয়সত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেখেত ঘৰৰপৰা ওলাই আহি বিচৰণকাৰী সাধু (ধৰ্মীয় সন্ন্যাসী) হিচাপে থাকে। পিছত তেখেত দেউতাকৰ অনুৰোধত ঘৰলৈ উভতি আহিল- বৈবাহিক জীৱন-যাপন কৰিবলৈ। তেখেতৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যাৰ জন্ম হয়। [6] সেই সময়ত বাবা লক্ষ্মণ দাস নামেৰে পৰিচিত নীম কৰোলী বাবাই, ১৯৫৮ চনত ঘৰ এৰি উত্তৰ ভাৰতত বিচৰণ কৰে।[7] তেখেতৰ জীৱনকালত কাশী আৰু বৃন্দাবনত দুখন মূল আশ্ৰম নিৰ্মাণ কৰা হয়।[1] সময়ত তেখেতৰ নামত ১০০ টাতকৈও অধিক মন্দিৰ নিৰ্মাণ কৰা হয়।[1]
জীৱনৰ শেষ দশকত তেখেত থকা কাশী ধাম ১৯৬৪ চনত হনুমান জী মন্দিৰ হিচাপে নিৰ্মাণ কৰা হৈছিল।[8][9][10] ১৯৭৩ চনৰ ১১ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১:১৫ বজাত ভাৰতৰ বৃন্দাবনৰ এখন চিকিৎসালয়ত[11][12] ডায়েবেটিছ ৰোগাক্ৰান্ত হৈ ক'মাত পিছলি পৰাৰ পাছত নীম কৰোলী বাবাৰ মৃত্যু হয়। আগ্ৰাৰপৰা নৈশ ৰেলযোগে নাইনীতালৰ ওচৰৰ কাশী[13] লৈ উভতি আহি থকা সময়ত তেখেত বুকুত বিষ অনুভৱ কৰে আৰু হৃদৰোগ বিশেষজ্ঞৰ ওচৰলৈ গৈছিল। তেখেত আৰু তেখেতৰ ভ্ৰমণকাৰীসকলে মথুৰা ৰেলৱে ষ্টেচনৰপৰা নামিছিল আৰু তাৰপৰাই তেখেতৰ অসহজ আৰম্ভ হৈছিল আৰু তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল৷ তাত তেখেতৰ মৃত্যু হৈছিল।[14][15] কেইবাবাৰো আওৰোৱা তেখেতৰ শেষৰ কথাবোৰ আছিল "জয়া জগদীশ হৰে" ("ব্ৰহ্মাণ্ডৰ প্ৰভুৰ প্ৰশংসা")।[16]তেখেতৰ সমাধি (মন্দিৰ) বৃন্দাবন আশ্ৰমৰ চৌহদত নিৰ্মাণ কৰা হৈছিল।
আমেৰিকালৈ উভতি অহাৰ পাছত তেখেতৰ শিষ্য ৰাম দাস আৰু লেৰী ব্ৰিলিয়েণ্টে কেলিফৰ্ণিয়াৰ বাৰ্কলেত অৱস্থিত সেৱা ফাউণ্ডেশ্যন নামৰ আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা প্ৰতিষ্ঠা কৰে।[17]২০০০ চনৰ শেষৰফালে নীম কৰোলী বাবাৰ শিক্ষাৰ প্ৰচাৰৰ বাবে 'লাভ চাৰ্ভ ৰিমেম্বাৰ ফাউণ্ডেশ্যন' স্থাপন কৰা হয়।[18] ২০২৪ চনত তেখেতৰ অনুগামী ৰাহুল বাৰ্মাই এন কে বি ডিভাইন মেডিটেচন ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰে, যিয়ে নীম কৰোলী বাবাৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি বিনামূলীয়াকৈ গাইডেড মেডিটেচন শিৱিৰ আগবঢ়ায়।[19][20]
সাক্ষাৎ
[সম্পাদনা কৰক]দেশ-বিদেশৰ বিভিন্ন ক্ষেত্ৰত বহু খ্যাতনামা ব্যক্তিয়ে নীম কৰোলী বাবাক দৰ্শন কৰিছে৷
- ১৯৭৪ চনত ভাৰত ভ্ৰমণৰ সময়ত এপলৰ প্ৰতিষ্ঠাপক ষ্টিভ জবছে নীম কৰোলী বাবাৰ আধ্যাত্মিকতাৰ সৈতে পৰিচিত হৈছিল। যদিও বাবাৰ ১৯৭৩ চনতে মৃত্যু হৈছিল, জবছে আশ্ৰমত থকা তেখেতৰ শিষ্যসকলৰ সৈতে বাৰ্তালাপ কৰিছিল৷ সেই আধ্যাত্মিক অভিজ্ঞতাই জবছৰ জীৱনৰ গতিপথ সলনি কৰি পেলাইছিল।পৰৱৰ্তী সময়ত এপলৰ ডিজাইনৰ দৰ্শনত[21] সৰলতা প্ৰোথিত কৰাত সহায়ক হৈছিল৷ [22]
- ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে মাত্ৰ এদিনহে কাশী ধাম আশ্ৰমত থাকিব বিচাৰিছিল যদিও শেষত তেওঁ আধ্যাত্মিক টান অনুভৱ কৰে আৰু অধিক সময় অতিবাহিত কৰে।[23] ২০১৫ চনত জুকাৰবাৰ্গে উন্মোচন কৰে যে-তেওঁ ষ্টিভ জবচৰ পৰামৰ্শ অনুযায়ী বাবাৰ আশ্ৰম দৰ্শন কৰিছিল৷[21]
- জুলিয়া ৰবাৰ্টছ নীম কৰোলী বাবাৰ সৈতে আধ্যাত্মিক সম্পৰ্ক শক্তিশালী হোৱাৰ পিছত এগৰাকী অনুশীলনকাৰী হিন্দু হৈ পৰিছিল। ধামৰ ভ্ৰমণে তাক আধ্যাত্মিক পথৰ প্ৰতি অধিক উৎসৰ্গিত কৰি তুলিছিল। কেৱল টেক আৰু মনোৰঞ্জনৰ তাৰকাসকলেই নহয় বৃন্দাবনত শ্ৰী নীম কাৰোলি বাবাৰ আশ্ৰমলৈ গৈ প্ৰাৰ্থনা কৰে। [24]
- ক্ৰিকেট খেলুৱৈ বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাই নীম কৰোলী বাবাৰ আশ্ৰমত দান-বৰঙণি আগবঢ়াইছিল৷ তেওঁলোকে নিম কৰোলী বাবাৰ দুয়োখন আশ্ৰম ভ্ৰমণ কৰি আধ্যাত্মিকভাৱে তেওঁলোকৰ ঘনিষ্ঠতা প্ৰকাশ কৰিছে। বিৰাট আৰু অনুষ্কা বাবাৰ পৰিচিত অনুগামী। তেওঁলোকে ২০২২ চনৰ নৱেম্বৰ মাহত উত্তৰাখণ্ডৰ আশ্ৰমলৈ গৈছিল। [25]
- আমেৰিকীয় মনোবিজ্ঞানী আৰু Emotional Intelligenceৰ লেখক ডেনিয়েল গ'লমেনে দুবাৰ ভাৰত ভ্ৰমণ কৰিছিল৷ আশীৰ দশকৰ আগভাগত হোৱা এই ভ্ৰমণত তেওঁ নীম কৰোলী বাবাৰ পোনপটীয়া সাক্ষাৎ লাভ কৰে আৰু তাৰেই আধাৰত ভাৰতীয় মনোবিজ্ঞান, চেতনা, আধ্যাত্মিকতা আদিৰ গৱেষণা কৰি The Meditative Mind নামৰ কিতাপখন লিখি উলিয়ায়৷ কিতাপখন তেওঁ নীম কৰোলী বাবা আৰু হনুমানলৈ উছৰ্গা কৰিছিল৷ [26][27] [28]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Constance Jones; James D. Ryan (2006). Encyclopedia of Hinduism. Infobase Publishing. পৃষ্ঠা. 310. ISBN 978-0-8160-7564-5. https://books.google.com/books?id=OgMmceadQ3gC&pg=PA310.
- ↑ "Akbarpur Maharaj ji birthplace". Maharaj Love. http://maharajji.love/akbarpur-maharajjis-birthplace/.
- ↑ "सुर्खियों में आया बाबा नीब करौरी का आश्रम" (hi ভাষাত). Dainik Bhaskar. 1 October 2015. https://www.bhaskar.com/news/NAT-NAN-neeb-karori-baba-who-has-been-magnet-for-mark-zuckerberg-steve-jobs-5129042-PHO.html। আহৰণ কৰা হৈছে: 2015-10-04.
- ↑ Swami Chidananda. "Baba Neem Karoli: A Wonder Mystic of Northern India". Divine Life Society. http://www.dlshq.org/saints/neemkaroli.htm। আহৰণ কৰা হৈছে: 2015-10-04.
- ↑ The Encyclopedic Sourcebook of New Age Religions. প্ৰকাশক United States: Prometheus. 2004. পৃষ্ঠা. 142.
- ↑ "10 facts to know about Neem Karoli Baba". 1 October 2015. http://www.indiatvnews.com/news/india/neem-karoli-baba-facebook-mark-zuckerberg-apple-steve-jobs-54973.html.
- ↑ Ram Dass (1995). Miracle of Love: Stories about Neem Karoli Baba. Hanuman Foundation. আই.এচ.বি.এন. 1-887474-00-5.
- ↑ "Devotees throng Kainchi Dham fair". 15 June 2015. http://timesofindia.indiatimes.com/city/dehradun/Devotees-throng-Kainchi-Dham-fair/articleshow/47680464.cms। আহৰণ কৰা হৈছে: 2015-10-01.
- ↑ "10 facts to know about Neem Karoli Baba". India TV News. 1 October 2015. http://www.indiatvnews.com/news/india/neem-karoli-baba-facebook-mark-zuckerberg-apple-steve-jobs-54973.html। আহৰণ কৰা হৈছে: 2015-10-01.
- ↑ "One 'Mark' who stayed two nights". The Telegraph. 30 September 2015. http://www.telegraphindia.com/1150930/jsp/frontpage/story_45349.jsp#.Vg09Kuyqqko। আহৰণ কৰা হৈছে: 2015-10-01.
- ↑ "My mystical experience at Neem Karoli Baba's Kainchai Dham ashram!". www.speakingtree.in. https://www.speakingtree.in/allslides/kainchi-dham-ashram-neem-karoli-baba-nainital। আহৰণ কৰা হৈছে: 2020-11-11.
- ↑ Aymard, Orianne (2014). When a Goddess Dies: Worshipping Ma Anandamayi after Her Death. Oxford University Press. পৃষ্ঠা. 257. ISBN 9780199368617.
- ↑ Jones, Constance; Ryan, James D. (2006). Encyclopedia of Hinduism. পৃষ্ঠা. 310. ISBN 0816075646.
- ↑ "The Divine Reality - Sri Baba Neeb Karori Ji Maharaj (Neem Karoli Baba) 9788190310505" (en ভাষাত). dokumen.pub. https://dokumen.pub/the-divine-reality-sri-baba-neeb-karori-ji-maharaj-neem-karoli-baba-9788190310505.html। আহৰণ কৰা হৈছে: 2020-11-11.
- ↑ Geraghty, Anne (2014-11-28) (en ভাষাত). Death, the Last God: A Modern Book of the Dead. John Hunt Publishing. ISBN 978-1-78279-708-1. https://books.google.com/books?id=1x_tBAAAQBAJ&q=diabetic&pg=PT30.
- ↑ Ram Dass (1995). Miracle of Love: Stories about Neem Karoli Baba. Hanuman Foundation. আই.এচ.বি.এন. 1-887474-00-5 [1]
- ↑ Anthony Imbimbo (2009). Steve Jobs: The Brilliant Mind Behind Apple. Gareth Stevens. পৃষ্ঠা. 43. ISBN 978-1-4339-0060-0. https://books.google.com/books?id=9Mv5tVPB4hEC&pg=PA42.
- ↑ "Love Serve Remember Foundation - Ram Dass". https://www.ramdass.org/love-serve-remember-foundation/। আহৰণ কৰা হৈছে: 2015-10-06.
- ↑ "An ode to Neem Karoli Baba: Delhi gets a new meditation centre in Greater Kailash". Hindustan Times. https://www.hindustantimes.com/htcity/htcity-delhi-junction/an-ode-to-neem-karoli-baba-delhi-gets-a-new-meditation-centre-in-greater-kailash-101725431746688.html.
- ↑ "NKB Divine Meditation Foundation". https://nkbmeditation.org/। আহৰণ কৰা হৈছে: 2024-09-09.
- ↑ 21.0 21.1 "how-neem-karoli-baba-inspired-tech-giants-like-mark-zuckerberg-steve-jobs-and-jack-dorsey". Times Of India. 3 December 2024. https://timesofindia.indiatimes.com/technology/tech-news/how-neem-karoli-baba-inspired-tech-giants-like-mark-zuckerberg-steve-jobs-and-jack-dorsey/articleshow/115807331.cms#:~:text=The%20late%20Apple%20co%2Dfounder,of%20personal%20and%20professional%20uncertainty.। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ "Virat Kohli, Anushka Sharma, Julia Roberts: Celebrities from the world who have visited Neem Karoli Baba". Dec 13, 2023, 13:01 IST. https://timesofindia.indiatimes.com/life-style/soul-search/virat-kohli-anushka-sharma-julia-roberts-celebrities-from-the-world-who-have-visited-neem-karoli-baba/photostory/105955473.cms?picid=105955489। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ Pandey, Saurav (19th Nov 2024). "5 Famous celebrities who visited Neem Karoli Baba". Money Control. https://www.moneycontrol.com/religion/5-famous-celebs-who-visited-neem-karoli-baba-virat-kohli-steve-jobs-mark-zuckerberg-julia-roberts-visual-story-2623210.html। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ Rai, Kashish (Wed, 04 Dec 2024 11:53 AM (IST)). "7 Famous Personalities Who Visited Neem Karoli Baba Ashram To Find Spiritual Solace". Jagaran. https://www.thedailyjagran.com/spiritual/7-famous-personalities-who-visited-neem-karoli-baba-ashram-to-find-spiritual-solace-virat-kohli-mark-zuckerberg-steve-jobs-more-10204831। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ Entertainment Desk (10 july 2024). "When Virat Kohli, Anushka Sharma, along with Vamika, visited ..". TOI. Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/throwback-when-virat-kohli-anushka-sharma-along-with-vamika-visited-baba-neem-karoli-ashram/articleshow/111597310.cms। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ Rajiv Malhotra, Vijaya Viswanathan. Who is raising your children. BluOne Ink Pvt. Ltd. পৃষ্ঠা. 33-38. ISBN 978-9365470673.
- ↑ "Daniel Goleman". Key Step Media. https://www.keystepmedia.com/authors/daniel-goleman/। আহৰণ কৰা হৈছে: 9 October 2025.
- ↑ "Mindrolling with Raghu Markus – Ep. 392 – We’re All Still Here with Krishna Das, Daniel Goleman, & Rameshwar Das". Be Here Now. https://beherenownetwork.com/mindrolling-with-raghu-markus-ep-392-were-all-still-here-with-krishna-das-daniel-goleman-rameshwar-das/। আহৰণ কৰা হৈছে: 9 October 2025.