নীলগিৰি কাঠনি পাৰ
| নীলগিৰি কাঠনি পাৰ
(Nilgiri wood pigeon) | |
|---|---|
| নীলগিৰি কাঠনি পাৰ (Nilgiri wood pigeon) Columba elphinstonii | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Columbidae |
| পৰিয়াল: | Columbidae |
| গণ: | Columba (genus) |
| প্ৰজাতি: | C. elphinstonii |
| দ্বৈৰাশিক নামকৰণ | |
| Columba elphinstonii (Sykes, 1832)[2] | |
| সাঁচ:Colorbull range records | |
| সমাৰ্থক | |
|
Alsocomus elphinstonii | |
নীলগিৰি কাঠনি পাৰ (ইংৰাজী: Nilgiri wood pigeon; বৈজ্ঞানিক নামঃ Columba elphinstonii) দক্ষিণ-পশ্চিম ভাৰতৰ পশ্চিম ঘাটৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু পাহাৰীয়া ক্ৰান্তীয় বনভূমিত এবিধ বৃহৎ আকাৰৰ পাৰ চৰাই৷ ইহঁত প্ৰধানকৈ ফলভোজী আৰু ঘন পাহাৰীয়া অৰণ্যৰ ওখ ওখ গছৰ আচ্ছাদন থকা ঠাইত খাদ্য বিচাৰি ঘূৰি ফুৰে। ডাঙৰ আকাৰ, গাঢ় ৰং আৰু ডিঙিত থকা স্বকীয় দবাবৰ্ডৰ আৰ্হিৰ দ্বাৰা ইহঁতক হাবিত সহজে চিনাক্ত কৰিব পাৰি৷
বিৱৰণ
[সম্পাদনা কৰক]
এই পাৰ চৰাইবিধৰ ৰং গাঢ় ধূসৰ আৰু ডিঙিৰ পিছফালে বগা টিপযুক্ত কঠিন পাখিৰে নিৰ্মিত ক’লা আৰু বগা দবাবৰ্ডৰ আৰ্হিৰ এক স্বকীয় বৈশিষ্ট্য আছে। শৰীৰৰ আৱৰণ বাদামী ৰঙৰ। মতাটোৰ মুকুট শেঁতা ধূসৰ হোৱাৰ বিপৰীতে মাইকীজনীৰ শেঁতা ধূসৰ ৰঙৰ মুকুট থাকে। এই চৰাইবিধৰ সৈতে আটাইতকৈ বিভ্ৰান্তি সৃষ্টি কৰিব পৰা চৰাই প্ৰজাতিটো হ'ল পাহাৰীয়া ইম্পেৰিয়েল পাৰ চৰাই, কিন্তু পাহাৰীয়া ইম্পেৰিয়েল পাৰ চৰাই পাখিৰ তলৰ আৱৰণ শেঁতা।[3] ভৰি আৰু ঠোঁটৰ গুৰি ৰঙা।[4][5]
এই প্ৰজাতিটো বিৱৰ্তনৰ ফালৰ পৰা চিলন কাঠনি পাৰ, কলম্বা টৰিংটনি আৰু ছাইৰঙী কাঠনি পাৰ, কলম্বা পুলচ্ৰিকোলিছৰ ওচৰৰ যিয়ে পুৰণি বিশ্বৰ কলম্বা প্ৰজাতিৰ ভিতৰত এক ভিত্তিগত প্ৰাকৃতিক দল গঠন কৰে।[6][7][8] ইয়াৰ দ্বিপদ নামে মাউণ্টষ্টুয়াৰ্ট এলফিনষ্টন (১৭৭৯–১৮৫৯)ক সোঁৱৰাই দিয়ে৷
বিতৰণ
[সম্পাদনা কৰক]এই প্ৰজাতিটো প্ৰধানকৈ পশ্চিম ঘাটৰ কাষত আৰু নীলগিৰি পাহাৰত পোৱা যায়।[3] যদিও ইয়াক প্ৰধানকৈ পাহাৰত পোৱা যায়, কেতিয়াবা ইয়াক পশ্চিম ঘাটৰ ভিতৰৰ কম উচ্চতাৰ ঠাইতো দেখিবলৈ পোৱা যায়।[9] অঞ্চলটোৰ উচ্চ উচ্চতাৰ পাহাৰ যেনে বিলিগিৰিৰংগন পাহাৰ[10] আৰু বাংগালুৰুৰ ওচৰৰ নন্দী পাহাৰত মূল বৰ্গ লুপ্ত হোৱাৰ পথৰ অৱশিষ্ট কেইটামান এই প্ৰজাতিৰ চৰাই জীয়াই আছে।[11][12]

আচৰণ আৰু পৰিৱেশ বিজ্ঞান
[সম্পাদনা কৰক]নীলগিৰি কাঠনি পাৰবোৰ সাধাৰণতে এককভাৱে, যোৰকৈ বা সৰু সৰু গোটত দেখা যায়, প্ৰায় সম্পূৰ্ণৰূপে গছত খাদ্য গ্ৰহণ কৰে যদিও কেতিয়াবা মাটিলৈ নামি আহি তলসৰা ফল খাদ্য হিচাপে গ্ৰহণ কৰাও দেখা পোৱা যায়৷ যদিও ইহঁতে প্ৰধানকৈ ফল খায় তথাপি ইহঁতক সৰু শামুক আৰু অন্যান্য অমেৰুদণ্ডী প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰাৰ তথ্য লিপিৱদ্ধ কৰা হৈছে।[3] ইহঁতৰ প্ৰজননৰ সময় মাৰ্চৰ পৰা জুলাইলৈকে হয় আৰু এই সময়ছোৱাত ইহঁতে ডালৰ এখন ক্ষীণ মঞ্চ তৈয়াৰ কৰে আৰু এটা বগা কণী পাৰে যিটো সাধাৰণতে তলৰ পৰাই বাহত থকাটো দৃষ্টিগোচৰ হয়।[4] ইহঁতে ডাঙৰ ফল খায় আৰু বহুতো বনজ গছৰ বীজ সিঁচৰতি হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।[13] ইহঁতে ল'ৰেচিয়া পৰিয়ালৰ ফল বিশেষভাৱে পছন্দ কৰে আৰু ইহঁতৰ বেছিভাগ খাদ্য গছৰ মধ্য আৰু ওপৰৰ আচ্ছাদনৰ বাহিৰৰ ডালবোৰৰ পৰা সংগ্ৰহ কৰে।[14] ইহঁতে খনিজ পুষ্টিকৰ উপাদান প্ৰদান কৰিব পৰা বা পাচনত সহায় কৰিব পৰা মাটি গ্ৰহণ কৰাৰ তথ্যও লিপিৱদ্ধ কৰা হৈছে।[15] ঋতু অনুসৰি প্ৰিয় গছৰ ফলৰ সন্ধানত ইহঁতে প্ৰায়ে হাবিৰ ভিতৰতে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰে। ইহঁতৰ মাতটো হৈছে লেংগুৰৰ দৰে জোৰেৰে "হু" আৰম্ভ কৰি কম কম্পাঙ্কত "হুটিং" আৰু তাৰ পাছত গম্ভীৰকৈ "হু-হু-হু" বুলি এক ধ্বনি শৃংখলা।[16]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2025). Columba elphinstonii. 2025. doi:10.2305/IUCN.UK.2025-2.RLTS.T22690173A250437157.en.
- ↑ Sykes WH (1832). "Catalogue of Birds of the Rasorial, Grallatorial and Natatorial Orders, observed in the Dukhun". Proceedings of the Zoological Society of London (Part 2): 149–172. https://archive.org/stream/lietuvostsrmoksl30liet#page/149/mode/1up/.
- 1 2 3 Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. 2005. পৃষ্ঠা. 206.
- 1 2 Baker, EC Stuart (1913). Indian pigeons and doves. Witherby and Co.. পৃষ্ঠা. 164–167. https://archive.org/stream/indianpigeonsdov00bake#page/164/mode/2up.
- ↑ Blanford WT (1898). Fauna of British India. Birds. Volume 4. Taylor and Francis, London. পৃষ্ঠা. 36. https://archive.org/stream/birdsindia04oaterich#page/35/mode/1up/.
- ↑ Goodwin, D. (1959). "Taxonomy of the genus Columba". Bull. Br. Mus. (Nat. Hist.) Zool. খণ্ড 6: 1–23. doi:10.5962/bhl.part.26842. https://archive.org/stream/bulletinofbritis06zoollond#page/n5/mode/2up.
- ↑ Johnston, Richard F (1962). "The taxonomy of pigeons". Condor খণ্ড 64 (1): 69–74. doi:10.2307/1365442. http://sora.unm.edu/sites/default/files/journals/condor/v064n01/p0069-p0074.pdf.
- ↑ Johnson KP; de Kort, Selvino; Dinwoodey, Karen; Mateman, A. C.; ten Cate; Carel; Lessells, C. M.; Clayton, Dale H. et al. (2001). "A molecular phylogeny of the dove genera Streptopelia and Columba". The Auk খণ্ড 118 (4): 874–887. doi:10.1642/0004-8038(2001)118[0874:AMPOTD]2.0.CO;2. Archived from the original on 9 March 2012. https://web.archive.org/web/20120309173246/http://www.inhs.illinois.edu/~kjohnson/kpj_pdfs/Auk.2001.pdf। আহৰণ কৰা হৈছে: 12 October 2010.
- ↑ "The Nilgiri Wood Pigeon, Columba elphinstonii (Sykes) on Salsette Island, Bombay". J. Bombay Nat. Hist. Soc. খণ্ড 71 (2): 304. 1974. https://biodiversitylibrary.org/page/48286503.
- ↑ Srinivasan U.; Prashanth N.S. (2006). "Preferential routes of bird dispersal to the Western Ghats in India: An explanation for the avifaunal peculiarities of the Biligirirangan Hills". Indian Birds খণ্ড 2 (4): 114–119. Archived from the original on 18 August 2011. https://web.archive.org/web/20110818122536/http://indianbirds.in/pdfs/Preferential%20routes%20of%20bird%20dispersal%20to%20the%20Western%20Ghats%20in%20India.pdf। আহৰণ কৰা হৈছে: 28 July 2026.
- ↑ Karthikeyan, S. (2000). "Circumstantial evidence of breeding of the Nilgiri wood pigeon Columba elphinstonii (Sykes) at Nandi hills, near Bangalore". J. Bombay Nat. Hist. Soc. খণ্ড 97 (3): 429. https://biodiversitylibrary.org/page/48567873.
- ↑ Subramanya, S.; Prasad J.N.; Karthikeyan S. (1994). "Nilgiri Wood Pigeon Columba elphinstonii (Sykes) at Nandi Hills near Bangalore". J. Bombay Nat. Hist. Soc. খণ্ড 91 (2): 319–320.
- ↑ Ganesh T; Priya Davidar (2001). "Dispersal modes of tree species in the wet forests of southern Western Ghats". Current Science খণ্ড 80 (3): 394–399. http://www.ias.ac.in/currsci/feb102001/394.pdf.
- ↑ "Foraging ecology of the globally threatened Nilgiri Wood Pigeon (Columba elphinstonii) in the Western Ghats, India". Chinese Birds খণ্ড 1 (1): 9–21. 2010. doi:10.5122/cbirds.2009.0017.
- ↑ "Soil Feeding Behaviour of Globally Threatened Nilgiri Woodpigeon Columba elphinstonii in the Western Ghats, South India". Podoces খণ্ড 6 (1): 92–94. 2011. http://www.wesca.net/Podoces/Podoces6.1/PODOCES%206_1_%20Soil%20feeding%20of%20Nilgiri%20Woodpigeon%20in%20India.pdf.
- ↑ Handbook of the Birds of India and Pakistan. Volume 3 (2nd সম্পাদনা). Oxford University Press. 1981. পৃষ্ঠা. 132–133.