সমললৈ যাওক

নীলগিৰি জৈৱমণ্ডল সংৰক্ষিত অঞ্চল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল
দোদাবেত্তা শৃংগৰ ওপৰৰপৰা দৃশ্যমান নীলগিৰি পাহাৰ
দোদাবেত্তা শৃংগৰ ওপৰৰপৰা দৃশ্যমান নীলগিৰি পাহাৰ
অৱস্থান দক্ষিণ ভাৰত
মাটিকালি 5,520 বৰ্গ কি.মি. (২,১৩০ বৰ্গ মাইল)
প্ৰতিস্থা 1986
কৰ্তৃপক্ষ তামিলনাডু বন বিভাগ, কৰ্ণাটক বন বিভাগ, কেৰালা বন বিভাগ, প্ৰজেক্ট টাইগাৰ
ৱেবছাইট nbnaturepark.com

নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল (ইংৰাজী: Nilgiri Biosphere Reserve) দক্ষিণ ভাৰতৰ এক বিশেষ সংৰক্ষিত অঞ্চল। এই অঞ্চলটো পশ্চিম ঘাট পৰ্বতমালানীলগিৰি পৰ্বতমালাত অৱস্থিত। এইখন ভাৰতৰ আটাইতকয়ে ডাঙৰ সংৰক্ষিত অৰণ্য অঞ্চল। ই তামিলনাডু, কৰ্ণাটক আৰু কেৰালা ৰাজ্যলৈ বিস্তৃত। এই অঞ্চলৰ ভিতৰত তামিলনাডুৰ মুদুমলাই ৰাষ্ট্ৰীয় উদ্যান, মুকুৰ্থী ৰাষ্ট্ৰীয় উদ্যান আৰু সত্যমংগলম বন্যপ্ৰাণী অভয়াৰণ্য অন্তৰ্ভুক্ত। কৰ্ণাটকৰ নাগৰহৌলে ৰাষ্ট্ৰীয় উদ্যান আৰু বাণ্ডীপুৰ ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ অংশ। কেৰালাৰ চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান, আৰালম বন্যপ্ৰাণী অভয়াৰণ্য, ৱায়ানাদ বন্যপ্ৰাণী অভয়াৰণ্য আৰু কৰিম্পুঝা বন্যপ্ৰাণী অভয়াৰণ্যও ইয়াৰ ভিতৰতে অৱস্থিত।

নীলগিৰি পাহাৰীয়া অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা প্ৰায় ৫০০০ বৰ্গ কিলোমিটাৰ অঞ্চলক সামৰি ১৯৮৬ চনৰ ছেপ্টেম্বৰ মাহত ইউনেস্ক’ৰ ‘মেন এণ্ড বায়’স্ফিয়াৰ প্ৰগ্ৰেম’ৰ অধীনত এই অঞ্চল গঠন কৰা হৈছিল। এইখন ভাৰতৰ প্ৰথম আৰু সৰ্বপ্ৰধান জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল। ইয়াৰ উদ্ভিদকুল আৰু প্ৰাণীকুল বৰ চহকী। এই সংৰক্ষিত অঞ্চলত টোডা, কোটা, ইৰুলা, কুৰুম্বা, পানীয়া, আদিয়ান, এদানাদন চেট্টী, আল্লাৰ আৰু মালায়ান আদি থলুৱা পাহাৰীয়া জনজাতীয় সম্প্ৰদায়সমূহ বাস কৰে।[1]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

নীলগিৰি শব্দটো তামিল ভাষাৰ ‘নীলম’ (নীলা) আৰু সংস্কৃত ভাষাৰ ‘গিৰি’ (পৰ্বত) শব্দৰপৰা উদ্ভৱ হৈছে।[2] এই পাহাৰবোৰত ফুলা কুৰিঞ্জী ফুলৰ নীলা আভাৰ বাবেই এই অঞ্চলটোৰ নাম নীলগিৰি ৰখা হৈছিল বুলি ধাৰণা কৰা হয়।[3]

১৯৭০-ৰ দশকত নীলগিৰি পৰ্বতমালাৰ প্ৰায় ৫৬৭০ বৰ্গ কিলোমিটাৰ অঞ্চল ভাৰতৰ জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চলৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ কৰা হৈছিল। এই প্ৰস্তাৱিত অঞ্চলৰ ভিতৰত ২২৯০ বৰ্গ কিলোমিটাৰ বনানিকৰণ মণ্ডল, ২০২০ বৰ্গ কিলোমিটাৰ কেন্দ্ৰীয় মণ্ডল, ১৩৩০ বৰ্গ কিলোমিটাৰ কৃষি মণ্ডল আৰু ৩০ বৰ্গ কিলোমিটাৰ পুনৰুদ্ধাৰ মণ্ডল আছিল। ১৯৮৬ চনৰ ছেপ্টেম্বৰ মাহত নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰা হয়। ইউনেস্ক’ৰ ‘মেন এণ্ড দ্য বায়’স্ফিয়াৰ প্ৰগ্ৰেম’ৰ অধীনত এইখন ভাৰতৰ প্ৰথমখন জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল।[4]

নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চলৰ ভৌগোলিক মানচিত্ৰ

এই সংৰক্ষিত অঞ্চলৰ মুঠ মাটি-কালি প্ৰায় ৫৫২০ বৰ্গ কিলোমিটাৰ। ই পশ্চিমে কোডাগু জিলাৰ পূব অংশৰপৰা পূবে ইৰোড জিলালৈ আৰু দক্ষিণে পালক্কাড গিৰিপথলৈকে বিস্তৃত। এই অঞ্চলৰ উচ্চতা ৮০ মিটাৰৰপৰা ২৬০০ মিটাৰ পৰ্যন্ত হয়। ইয়াৰ বাফাৰ মণ্ডল (buffer zone) ৪২৮০ বৰ্গ কিলোমিটাৰ। ইয়াৰ কেন্দ্ৰীয় মণ্ডল ১২৫০.৩ বৰ্গ কিলোমিটাৰ। এই কেন্দ্ৰীয় মণ্ডলৰ ভিতৰত কৰ্ণাটকত ৭০১.৮ বৰ্গ কিলোমিটাৰ, কেৰালাত ২৬৪.৫ বৰ্গ কিলোমিটাৰ আৰু তামিলনাডুত ২৭৪ বৰ্গ কিলোমিটাৰ মাটি আছে।[4]

এই সংৰক্ষিত অঞ্চলটো ঘাট পৰ্বতমালাৰ পশ্চিম ঢালৰ ক্ৰান্তীয় তথা উপ-ক্ৰান্তীয় আৰ্হিৰ চিৰসেউজ অৰণ্যৰপৰা পূব ঢালৰ ক্ৰান্তীয় শুকান অৰণ্যলৈকে বিস্তৃত। ইয়াত বাৰ্ষিক বৰ্ষাপাতৰ পৰিমাণ ৫০০ মিলিমিটাৰৰপৰা ৭০০০ মিলিমিটাৰ পৰ্যন্ত হয়। এই অঞ্চলটো তিনিটা মুখ্য পৰিস্থিতি অঞ্চল বা ইক’ৰিজিয়নৰ সংমিশ্ৰণ। সেইসমূহ হ’ল— দক্ষিণ-পশ্চিম ঘাটৰ আৰ্হিৰ পৰ্ণপাতী অৰণ্য, দক্ষিণ-পশ্চিম ঘাটৰ পাৰ্বত্য বৰ্ষাৰণ্য আৰু দক্ষিণ ডেক্কান মালভূমিৰ শুকান পৰ্ণপাতী অৰণ্য।[5]

উদ্ভিদকুল

[সম্পাদনা কৰক]
নীলগিৰি পাহাৰৰ শোলা অৰণ্য

এই সংৰক্ষিত অঞ্চলত ৩৭০০-তকৈও অধিকপ্ৰকাৰৰ গছ-লতা পোৱা যায়। ইয়াৰ ভিতৰত প্ৰায় ২০০প্ৰকাৰৰ ঔষধি উদ্ভিদ আছে। ইয়াত ১৩২প্ৰকাৰৰ থলুৱা সপুষ্পক উদ্ভিদ পোৱা যায়।[4] ১৮০০ মিটাৰতকয়ে ওখ পাহাৰীয়া স্থানসমূহৰ উপত্যকাবোৰত চাপৰ চিৰসেউজ ‘শোলা’ (shola) অৰণ্য দেখিবলৈ পোৱা যায়। এই অৰণ্যৰ গছবোৰ বিভিন্ন লাইকেন আৰু পৰাশ্ৰয়ী উদ্ভিদ বা এপিফাইটৰদ্বাৰা আবৃত থাকে।[6]

১৮ মিটাৰতকৈ অধিক উচ্চতাৰ ওখ গছবোৰ বৰ-মৌমাখিয়ে (Apis dorsata) বাহ সাজিবলৈ ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত ‘টেট্ৰামেলিছ নুডিফ্ল’ৰা’ (Tetrameles nudiflora), ইণ্ডিয়ান লৰেল (Ficus microcarpa), কেন্দু গছ ([iospyros melanoxylon), হালধীয়া সৰ্প-গছ (Stereospermum tetragonum), ৰাষ্টি কমলা (Mallotus tetracoccus) আৰু ‘এ ক্ৰ’কাৰ্পাছ ফ্ৰেক্সিনিফ’লিয়া’ (Acrocarpus fraxinifolius) আদি প্ৰজাতি অন্যতম।[7] জানুৱাৰীৰপৰা মে’ মাহলৈকে হোৱা ফুল ফুলাৰ মুখ্য ঋতুত অন্ততঃ ৭৩টা প্ৰজাতিৰ গছত ফুল ফুলে। ইয়াৰ ভিতৰত চেগুন (Tectona grandis), ৰেড চিদাৰ (Erythroxylum monogynum), মাধৱীলতা (Hiptage benghalensis), ডাঙৰ ফুলৰ বে গছ (Persea macrantha), জুন্না বেৰী (Ziziphus rugosa) আৰু ক্ৰিপিং স্মাৰ্টউইড (Persicaria chinensis) আদি অন্তৰ্ভুক্ত। এই উদ্ভিদসমূহ পৰাগযোগৰ বাবে বৰ-মৌমাখি, এছিয়াটিক মৌমাখি (Apis cerana), সৰু-মৌমাখি (Apis florea) আৰু ‘ট্ৰাইগোনা’ (Trigona) মৌমাখিৰ ওপৰত নিৰ্ভৰ কৰে।[8]

প্ৰাণীকুল

[সম্পাদনা কৰক]

চৰাই-চিৰিকটি

[সম্পাদনা কৰক]
নীলগিৰি লাফিংথ্ৰাছ

নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চলত ১৪টা প্ৰজাতিৰ চৰাই পোৱা যায়, যিবোৰ পশ্চিম ঘাট পৰ্বতমালাৰ থলুৱা প্ৰজাতি (endemic)।[4] ইয়াৰ ভিতৰত নীলগিৰি লাফিংথ্ৰাছে (Strophocincla cachinnans) কেৱল ১২০০ মিটাৰতকৈ অধিক ওখ স্থানতহে বাস কৰে।[9] আন আন থলুৱা আৰু অৰ্ধ-থলুৱা চৰাইৰ ভিতৰত— নীলগিৰি কাঠনি পাৰ (Nilgiri wood-pigeon), মালাবাৰ ধূসৰ ধনেশ (Malabar grey hornbill), মালাবাৰ ভাটৌ (Malabar parakeet), বগাপেটীয়া কোকলোঙা (white-bellied treepie), বগা-পেটৰ চুটি ডেউকাৰ চৰাই (white-bellied shortwing), ধূসৰ-মূৰৰ বুলবুলি (grey-headed bulbul), ধূসৰ-বুকুৰ লাফিংথ্ৰাছ, মাটিয়া বাবলৰ (rufous babbler), ক’লা-ৰঙা চাতক (black-and-rufous flycatcher), নীলগিৰি চাতক চৰাই আৰু নীলগিৰি টিপচী চৰাই (Nilgiri pipit) অন্যতম।[5]

স্তন্যপায়ী প্ৰাণী

[সম্পাদনা কৰক]
কাবিনী নদীত ভাৰতীয় হাতীৰ জাক

নীলগিৰি জৈৱ-মণ্ডল সংৰক্ষিত অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা বনাঞ্চলসমূহত ভাৰতৰ ভিতৰতে আটাইতকয়ে ডাঙৰ ভাৰতীয় হাতীৰ বাসস্থান। ২০০৭ চনৰ গণনা অনুসৰি ইয়াত প্ৰায় ৫,৭৫০টা হাতী আছিল। হাতীৰ জাকবোৰে ৫৬২ ৰপৰা ৮০০ বৰ্গ কিলোমিটাৰ জুৰি থকা নিজৰ এলেকাত চলাচল কৰে। সিহঁতে শুকান বা খৰাং ঋতুত চিৰস্থায়ী পানীৰ উৎসসমূহৰ ওচৰত গোট খায়।[10]

ইয়াত ১০০তকৈও অধিক প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী, ৩৭০ প্ৰজাতিৰ চৰাই, ৮০ প্ৰজাতিৰ সৰীসৃপ, প্ৰায় ৩৯ প্ৰজাতিৰ মাছ, ৩১ প্ৰজাতিৰ উভচৰ আৰু ৩১৬ প্ৰজাতিৰ পখিলা পোৱা যায়। এই অঞ্চলটো ঢেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী বাঘ, ফুটুকী হৰিণ, মেঠোন, শৰপহু, বনৰীয়া কুকুৰ, সোণালী শিয়াল, বনৰীয়া গাহৰি, নীলগিৰি তহৰ (Nilgiri tahr), ফুটুকী পহু (spotted chevrotain), কৃষ্ণসাৰ মৃগ, জহামাল (palm civet), ভলুক, চাৰিটা শিং থকা এণ্টিলপ, নীলগিৰি মাৰ্টেন, কেটেলাপহু (porcupine), মালয়ালম বৰ-কেৰ্কেটুৱা (Malabar giant squirrel), মৌ-ভলুক (honey badger), ধূসৰ নেউল, বন-ৰৌ (pangolin), শিয়াল, মিহি নোমৰ উড (otter) আৰু ৰঙীন বাদুলী (painted bat) আদি স্তন্যপায়ী প্ৰাণীৰ বাসস্থান। বান্দৰ জাতীয় প্ৰাণীৰ ভিতৰত সিংহ-নেজীয়া বান্দৰ (lion tailed macaque), নীলগিৰি লেংগুৰ, হনূমান বান্দৰ (gray langur) আৰু টুপীয়া বান্দৰ (bonnet macaque) পোৱা যায়।

উভচৰ আৰু সৰীসৃপ

[সম্পাদনা কৰক]

উভচৰ প্ৰাণীসমূহৰ ভিতৰত বেঙুনীয়াৰঙী ভেকুলী (purple frog), চাইলেণ্ট ভেলী ব্ৰাছ ভেকুলী (Silent valley brush frog), মালাবাৰ গ্লাইডিং ভেকুলী (Malabar gliding frog) আৰু ‘বেডড’মিক্সেলছ’ (Beddomixalus) অন্যতম। ভাৰতৰ প্ৰায় ৫০ শতাংশ উভচৰ প্ৰজাতি এই অঞ্চলৰ থলুৱা প্ৰজাতি। ইয়াত প্ৰায় ৯০টা প্ৰজাতিৰ সৰীসৃপ পোৱা যায়। ইয়াৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ বংশ (genera) যেনে— Brachyopihidium, Dravidogecko, Melanophidum, Ristella, Salea, Plectrurus, Teretrurus আৰু Xylophis অন্তৰ্ভুক্ত।[5]

ভাবুকিসমূহ

[সম্পাদনা কৰক]
২০১৯ চনত বাণ্ডীপুৰ ৰাষ্ট্ৰীয় উদ্যানত লগা বনজুই

সুৰক্ষিত বনাঞ্চলৰ বাহিৰত থকা শোলা অৰণ্যসমূহ ক্ৰমান্বয়ে খণ্ড-বিখণ্ড হোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে। বিশেষকৈ মানুহৰ বসতি প্ৰধান অঞ্চলৰ ওচৰৰ বনাঞ্চলসমূহ আটাইতকয়ে বেছি ক্ষতিগ্ৰস্ত হৈছে।[6] আক্ৰমণাত্মক বিদেশী লতা ‘পাছিফ্ল’ৰা মলিচিমা’ (Passiflora mollissima)-ৰ দ্ৰুত আৰু ঘন বৃদ্ধিয়ে শোলা অৰণ্যৰ থলুৱা গছৰ প্ৰাকৃতিক পুনৰুৎপাদন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিছে।[11]

অবৈধ চিকাৰ, বনাঞ্চল ধ্বংস, বনজুই আৰু থলুৱা জনজাতিসমূহৰ প্ৰতি অহা বিপদ এই অঞ্চলৰ প্ৰধান ভাবুকি। যদিও ১৯৭২ চনৰ আইন অনুসৰি বন্যপ্ৰাণী চিকাৰ কৰাটো সম্পূৰ্ণ নিষিদ্ধ, তথাপি একাংশ লোকে চাল, নোম বা হাতীৰ দাঁতৰ বাবে বাঘ, হাতী আৰু ফুটুকী হৰিণৰ দৰে জীৱ-জন্তু অবৈধভাৱে চিকাৰ কৰে।

সূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. "About Nilgiri Biosphere Reserve (NBR)". Nilgiri Biosphere Reserve. http://nilgiribiospherereserve.com আহৰণ কৰা হৈছে: 7 December 2012.
  2. Lengerke, H.J. (1977) (en ভাষাত). The Nilgiris: Weather and Climate of a Mountain Area in South India. Steiner. পৃষ্ঠা. 5. ISBN 978-3-515-02640-6. https://google.com.
  3. "Decline of a Montane Ecosystem". Kartik Shanker Centre for Ecological Sciences, Indian Institute of Science. 1997. http://iisc.ernet.in.
  4. 1 2 3 4 Ranjit Daniels, R.J.; Vijayan, V.S. (1996). The Nilgiri Biosphere Reserve: A Review of Conservation Status with Recommendations for a Wholistic Approach to Management (Report). Working Paper No. 16. প্ৰকাশক Paris: UNESCO South-South Co-operation Programme for Environmentally Sound Socio-Economic Development in the Humid Tropics. http://unesco.org.
  5. 1 2 3 Wikramanayake, Eric D. (2002). Terrestrial ecoregions of the Indo-Pacific: a Conservation Assessment. প্ৰকাশক Washington, D.C.: Island Press. পৃষ্ঠা. 284–285. ISBN 1-55963-923-7. OCLC 48435361. https://archive.org/details/terrestrialecore0000unse_k1h5.
  6. 1 2 Chandrashekara, U.M.; Muraleedharan, P.K.; Sibichan, V. (2006). "Anthropogenic pressure on structure and composition of a shola forest in Kerala, India". Journal of Mountain Science খণ্ড 3 (1): 58–70. doi:10.1007/s11629-006-0058-0. https://researchgate.net.
  7. Thomas, S.G.; Varghese, A.; Roy, P.; Bradbear, N.; Potts, S.G.; Davidar, P. (2009). "Characteristics of trees used as nest sites by Apis dorsata (Hymenoptera, Apidae) in the Nilgiri Biosphere Reserve, India". Journal of Tropical Ecology খণ্ড 25 (5): 559–562. doi:10.1017/S026646740900621X. https://repository.si.edu/bitstream/handle/10088/15956/stri_Thomas_Varghese_Roy_Bradbear_Potts_and_Davidar_2009.pdf.
  8. Thomas, S.G.; Rehel, M.S.; Varghese, A.; Davidar, P.; Potts, S.G. (2009). "Social bees and food plant associations in the Nilgiri Biosphere Reserve, India". Tropical Ecology খণ্ড 50 (1): 79–88. https://www.researchgate.net/publication/237584631.
  9. BirdLife International (2017). Strophocincla cachinnans.
  10. Baskaran N.; Kanakasabai, R.; Desai, A.A. (2018). "Ranging and spacing behaviour of Asian Elephant (Elephas maximus Linnaeus) in the tropical forests of Southern India". Indian Hotspots. প্ৰকাশক Singapore: Springer. পৃষ্ঠা. 295–315. doi:10.1007/978-981-10-6605-4_15. ISBN 978-981-10-6604-7.
  11. Jose, F.C. (2012). "The 'living fossil' shola plant community is under threat in upper Nilgiris". Current Science খণ্ড 102 (8): 1091–1092. https://www.researchgate.net/publication/287703029.