নীলগিৰি তহৰ
| নীলগিৰি তহৰ (Nilgiri tahr) | |
|---|---|
| এটা মতা নীলগিৰি তহৰ | |
| এজনী মাইকী নীলগিৰি তহৰ | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | স্তন্যপায়ী |
| পৰিয়াল: | Bovidae |
| উপপৰিয়াল: | Caprinae |
| গণ: | Nilgiri tahr Ropiquet & Hassanin, 2005 |
| প্ৰজাতি: | N. hylocrius |
| দ্বৈৰাশিক নামকৰণ | |
| Nilgiritragus hylocrius (Ogilby, 1838) | |
| নীলগিৰি তহৰৰ বিচৰণক্ষেত্ৰ | |
| সমাৰ্থক[1] | |
| |
নীলগিৰি তহৰ (ইংৰাজী: Nilgiri tahr; বৈজ্ঞানিক নামঃ Nilgiritragus hylocrius) হৈছে ভাৰতৰ তামিলনাডু আৰু কেৰালা ৰাজ্যৰ নীলগিৰি পাহাৰ আৰু পশ্চিম ঘাটৰ দক্ষিণ অংশৰ স্থানীয় প্ৰাণী। ই নীলগিৰিট্ৰাগছ (Nilgiritragus) গণৰ একমাত্ৰ প্ৰজাতি। এই প্ৰজাতিটোক আই ইউ চি এনৰ ৰঙা তালিকাত বিপন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। ই তামিলনাডুৰ ৰাজ্যিক প্ৰাণী।[2]
ঊনবিংশ শতিকাত জন এডৱাৰ্ড গ্ৰেয়ে নীলগিৰি তহৰক প্ৰথমে কেপ্ৰা ৱাৰিয়াটো (Capra warryato) বুলি বৰ্ণনা কৰিছিল। পৰৱৰ্তী সময়ত ইয়াক আৰৱ আৰু হিমালয়ৰ তহৰৰ সৈতে একেটা প্ৰজাতিৰ অধীনলৈ অনা হয়। কিন্তু ২০০৫ চনৰ বংশবিন্যাসৰ ভিত্তিত ইয়াক পুনৰ নতুন গণ নীলগিৰিট্ৰাগাছত ভাগ কৰা হয় আৰু অভিছ গণৰ সৈতে এক উমৈহতীয়া পূৰ্বপুৰুষৰ অংশীদাৰ।
নীলগিৰি তহৰ হৈছে চুটি, ডাঠ হালধীয়া বাদামী ৰঙৰ নোমৰ খৰ্বাকৃতি পাহাৰৰ এবিধ ছাগলী। প্ৰাপ্তবয়স্ক মতাবোৰৰ উচ্চতা প্ৰায় ১০০ চে.মি.(৩৯ ইঞ্চি) আৰু ওজন ৮০–১০০ কিলোগ্ৰাম (১৮০–২২০ পাউণ্ড)। মতাবোৰ মাইকীতকৈ ডাঙৰ, আৰু ডিঙিৰ পিছফালে টান কেশৰ আৰু জিনৰ দৰে এক সুকীয়া ঠাই থাকে। উভয় লিংগৰে পিছলৈ বক্ৰ শিং থাকে, যাৰ জোখ ৪০ চে.মি. (১৬ ইঞ্চি) পৰ্যন্ত হ’ব পাৰে। সিহঁত চঞ্চল আৰু পাকৈত পৰ্বতাৰোহী, চকুৰ দৃষ্টিশক্তি তীক্ষ্ণ।
নীলগিৰি তহৰ বেছিভাগৰে বিচৰণক্ষেত্ৰ নীলগিৰি আৰু অনামলাই পাহাৰত সীমাৱদ্ধ, ইয়াৰে সৰ্বাধিকসংখ্যক এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা যায়। তামিলনাডুৰ মুকুৰ্থী আৰু গ্ৰাছ হিলছ ৰাষ্ট্ৰীয় উদ্যানতো ইহঁতৰ বেছিভাগক দেখা যায়, কেৰালাৰ পনমুডী পাহাৰ আৰু পৰম্বিকুলামত সৰু, বিচ্ছিন্ন গোট দেখা যায় আৰু তামিলনাডুৰ কমসংখ্যক জিলাত ইয়াক দেখা যায়। এই প্ৰজাতিটো খৰ্বাকৃতিৰ চিৰসেউজ অৰণ্যৰ মাজত থকা উচ্চ উচ্চতাৰ ঘাঁহনিত বাস কৰে আৰু শিলৰ থিয় পাহাৰ আৰু মুকলি মালভূমি ইহঁতৰ বাবে অনুকূল। ঐতিহাসিকভাৱে সমগ্ৰ পশ্চিম ঘাট অঞ্চলত এই প্ৰজাতিটো ব্যাপ্ত আছিল কিন্তু চিকাৰ আৰু বাসস্থান ধ্বংসৰ ফলত ইয়াৰ সংখ্যা তীব্ৰভাৱে হ্ৰাস পায়, ২০ শতিকাৰ শেষৰ ফালে বনাঞ্চলত মাত্ৰ কেইশমানহে বাকী আছেগৈ৷ সংৰক্ষণৰ প্ৰচেষ্টাই ইয়াৰ সংখ্যা বৃদ্ধি কৰিছে, যিটো ২০১৫ চনত প্ৰায় ৩,১২২টা আৰু ২০২৫ চনত ২,৬৫৫টা হিচাপে নথীভুক্ত কৰা হৈছিল।
ব্যুৎপত্তিবিজ্ঞান
[সম্পাদনা কৰক]নীলগিৰিট্ৰাগছ গণৰ নামটো সংস্কৃত শব্দ 'নীলা' অৰ্থাৎ 'নীলা' আৰু 'গিৰি' অৰ্থাৎ 'পাহাৰ'ৰ সংমিশ্ৰণৰ পৰা আহিছে নীলগিৰি পাহাৰক উদ্দেশ্যি আৰু গ্ৰীক শব্দ trágos ৰ অৰ্থ হৈছে 'ছাগলী'।[3]
শ্ৰেণীবিভাজন
[সম্পাদনা কৰক]ঊনবিংশ শতিকাৰ শেষৰফালে জন এডৱাৰ্ড গ্ৰেয়ে নীলগিৰি তহৰক কেপ্ৰা ৱাৰিয়াটো (Capra warryato) বুলি বৰ্ণনা কৰিছিল।[4] পাছলৈ ইয়াক আৰৱীয় তহৰ (Arabitragus jayakari) আৰু হিমালয়ান তহৰ (H. jemlahicus)ৰ সৈতে একেলগে হেমিট্ৰাগছ গণত স্থান দিয়া হয়। ২০০৫ চনত কৰা বংশবিজ্ঞান বিশ্লেষণত দেখা গৈছে যে হিমালয় আৰু আৰৱীয় তহৰ কেপ্ৰা গণৰ অন্তৰ্গত ভগ্নী হোৱাৰ বিপৰীতে নীলগিৰি তহৰ অভিছ গণৰ সৈতে সম্পৰ্কিত, আৰু সেয়েহে ইয়াক একপ্ৰকাৰৰ গণ নীলগিৰিট্ৰাগাছ হিচাপে পৃথক কৰা হৈছিল।[5] অভিছ আৰু নীলগিৰিট্ৰগাছৰ সাধাৰণ পূৰ্বপুৰুষৰ পৰা জিনীয়ভাৱে প্ৰায় ২৭ৰ পৰা ৫২ লাখ বছৰ আগতে বিচ্ছিন্ন হোৱা বুলি অনুমান কৰা হৈছে। আনাইমালাই পাহাৰৰ দক্ষিণৰ খিনিৰপৰা পালাক্কাড ফাঁক সিপাৰে নীলগিৰিৰ উত্তৰৰখিনি প্ৰায় ১৫ লাখ বছৰ আগতে পৃথকীকৰণ হৈছিল।[6]
বিৱৰণ
[সম্পাদনা কৰক]
নীলগিৰি তহৰ হৈছে এক সুঠাম ছাগলী যাৰ গোটেই শৰীৰটো চুটি আৰু ডাঠ নোমেৰে আৱৰি থাকে। প্ৰাপ্তবয়স্ক মতাবোৰ কান্ধলৈকে প্ৰায় ১০০ চে.মি.(৩৯ ইঞ্চি) ওখ, আৰু ওজন ৮০ৰপৰা ১০০ কিলোগ্ৰাম (১৮০ৰপৰা ২২০ পাউণ্ড) হয়।[2] মাইকীতকৈ মতাবোৰ আকাৰত ডাঙৰ, পৰিপক্ব হোৱাৰ পাছত নোম গাঢ় ৰঙৰ হয়, আৰু ডিঙিৰ পিছফালৰ শৰীৰৰ সৰ্বোচ্চ অংশত কেশৰ থাকে।[2][7] নোমবোৰ ওপৰৰফালে গাঢ় হালধীয়া বাদামী ৰঙৰ আৰু তলৰ ফালটো শেঁতা। মাইকী আৰু নাবালকৰ নোম ধূসৰ ৰঙৰ হ'ব পাৰে।[7] প্ৰাপ্তবয়স্ক মতাবোৰৰ পিঠিত ক’লা নোমৰ থূপ থাকে আৰু ইয়াক "চেডেলবেক" বুলিও কোৱা হয়।[2]
উভয় লিংগৰে দুটা বক্ৰ শিং থাকে, মতাবোৰৰ শিং ৪০ চে.মি. (১৬ ইঞ্চি) আৰু মাইকীবোৰৰ ৩০ চে.মি. (১২ ইঞ্চি) দীঘল হয়৷ শিংবোৰ আগফালৰ বা বাহিৰৰ ফালে উত্তল আৰু পৃষ্ঠৰ কাষ অগভীৰ শিখৰযুক্ত। শিংবোৰ মূৰৰ ওপৰৰ পৰা কিছু দূৰলৈকে ইটো-সিটোৰ সমান্তৰালভাৱে থাকে আৰু তাৰ পিছত ইটো-সিটোৰ পৰা ক্ৰমাত বিচ্ছিন্ন হয়।[7]
বিতৰণ আৰু বাসস্থান
[সম্পাদনা কৰক]
নীলগিৰি তহৰ দক্ষিণ ভাৰতৰ দক্ষিণ পশ্চিম ঘাটৰ নীলগিৰি পাহাৰ আৰু আনামালাই পাহাৰৰ স্থানীয় প্ৰাণী।[7][8][9] নীলগিৰি তহৰৰ বিদ্যমান পৰিসৰ উত্তৰৰপৰা দক্ষিণলৈ ৪০০ কিলোমিটাৰ (২৫০ মাইল)তকৈও অধিক আৰু কেৰালাৰ এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানত সৰ্বাধিকসংখ্যক আছে।[9][10] তামিলনাডুত তহৰৰ সংখ্যাৰ মূল ঘনত্ব মুকুৰ্থী আৰু গ্ৰাছ হিলছ ৰাষ্ট্ৰীয় উদ্যানত আছে, মাজে মাজে নীলগিৰি অঞ্চলৰ অন্যান্য অঞ্চলতো ইয়াক দেখা যায়।[11] কেৰালাৰ পনমুডী পাহাৰ আৰু পাৰম্বিকুলাম বাঘ সংৰক্ষিত বনাঞ্চলত বিচ্ছিন্নসংখ্যকৰ অস্তিত্ব পোৱা গৈছে,[12][13] আৰু তামিলনাডুৰ ডিণ্ডিগুল, কন্যাকুমাৰী, থেনি আৰু তিৰুনেলভেলি জিলাৰ কিছু অংশত ইয়াৰ বিচৰণ দেখা যায়।[14]

ঐতিহাসিকভাৱে তামিল সংগম সাহিত্য অনুসৰি পশ্চিম তামিলনাডুৰ কইম্বাটুৰৰপৰা তামিলনাডুৰ দক্ষিণ অংশৰ তিৰুনেলভেলীলৈকে নীলগিৰি তহৰ ব্যাপকভাৱে বিস্তৃত আছিল।[11] কিন্তু কুৰি শতিকাৰ শেষৰফালে মাত্ৰ কেইশমান নীলগিৰি তহৰহে হাবিত বৰ্তি আছে। সংৰক্ষণৰ কাৰ্য্যকলাপ আৰম্ভ হোৱাৰ সময়ৰপৰাই ইহঁতৰ সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।[15] ২০১৫ চনত নীলগিৰি তহৰৰ সংখ্যা প্ৰায় ৩,১২২টা বুলি অনুমান কৰা হৈছিল।[15] ২০২৫ চনৰ এপ্ৰিল মাহত তামিলনাডু আৰু কেৰালাৰ বন বিভাগে যৌথভাৱে কৰা দ্বিতীয়টো সমন্বিত নীলগিৰি তহৰৰ জৰীপত মুঠ ২,৬৫৫ সংখ্যক নীলগিৰি তহৰ নথীভুক্ত কৰা হৈছিল, তাৰে কেৰালাত ১,৩৫২টা আৰু তামিলনাডুত ১,৩০৩টা নথীভুক্ত কৰা হৈছিল।[14] ২০২৫ চনত এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যানত ৮৪১টা নীলগিৰি তহৰ আছিল, ২০১৪ চনত ৮৯৪টা নীলগিৰি তহৰ আছিল আৰু ১৯৯৬ চনত প্ৰথম লোকপিয়লৰ সময়ত ৬৪০টা নীলগিৰি তহৰ আছিল।[16]
নীলগিৰি তহৰ দক্ষিণ-পশ্চিম ঘাটৰ পাহাৰীয়া বৰ্ষাৰণ্যৰ মুকলি ঘাঁহনিত বাস কৰে।[1] ইহঁতে সাধাৰণতে ১২০০ৰ পৰা ২,৬০০ মিটাৰ (৩,৯০০ৰ পৰা ৮,৫০০ ফুট) উচ্চতাৰ উন্মুক্ত শিলনি আৰু থিয় পাহাৰত বাস কৰে যদিও কেতিয়াবা কম উচ্চতাতো পোৱা যায়।[1][7][8] ২০২৫ চনত কৰা জৰীপৰ সময়ত পেয়ানাৰত সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২৭০ মিটাৰ (৮৯০ ফুট) উচ্চতাত ইয়াক দেখা পোৱাৰ বাতৰি পোৱা গৈছিল, যিটো এই প্ৰজাতিটোৰ বাবে লিপিৱদ্ধ কৰা আটাইতকৈ কম উচ্চতা।[14] ইহঁতে সাধাৰণতে কম উচ্চতাৰ অৰণ্যৰ পৰা আঁতৰি থাকে আৰু স্থানীয়ভাৱে শ্বোলা নামেৰে জনাজাত অৰণ্যৰ মাজৰ বৃহৎ মুকলি ঘাঁহনি দখল কৰে।[1][7][8] নীলগিৰি তহৰ পূৰ্বতে পশ্চিম ঘাটৰ ঘাঁহনিত বৃহৎ পৰিসৰত বিস্তৃত আছিল যদিও ঊনবিংশ শতিকাত চোৰাং চিকাৰে ইহঁতৰ সংখ্যা হ্ৰাস কৰে।[1]
আচৰণ
[সম্পাদনা কৰক]
নীলগিৰি তহৰবোৰ সাধাৰণতে ৰাতিপুৱা আৰু গধূলি শিলৰে গঢ় লোৱ মালভূমি আৰু ঘাঁহনিৰ প্ৰান্তত খাদ্য গ্ৰহণ কৰে আৰু দিনত পাহাৰৰ শিখৰত জিৰণি লোৱা দেখা যায়।[7][17] ইহঁতে সাধাৰণতে ঘাঁহ আৰু সৰু জোপোহা খায়।[17] ইহঁতক সাধাৰণতে ১৫০ৰ পৰা ২০০টাৰ একো একোটা গোটত পোৱা যায়।[8] ইহঁত চঞ্চল ছাগলী, আৰু উৎকৃষ্ট শিলাৰোহী। ভাৰসাম্য আৰু চঞ্চলতা বজাই ৰাখি ইহঁতে প্ৰায়ে সংকীৰ্ণ আৰু ওখ শিখৰত উঠে৷ তহৰৰ দৃষ্টিশক্তি ভাল আৰু দিনত প্ৰায়ে বিপদৰ প্ৰতি চকু ৰাখে।[7][8] ইহঁতে সাধাৰণতে গোটত খাদ্য গ্ৰহণ কৰে আৰু এজনী বুঢ়ী নীলগিৰি তহৰে সেই সময়ত চকু ৰাখে।[7]
প্ৰজনন
[সম্পাদনা কৰক]নীলগিৰি তহৰৰ প্ৰজননৰ শীৰ্ষ সময় বাৰিষা কালৰ জুন মাহৰপৰা ছেপ্টেম্বৰ মাহলৈকে, অৱশ্যে ইহঁতক বছৰজুৰি প্ৰজনন কৰা দেখা যায়। সাধাৰণতে ঠাণ্ডা বতৰত জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত পোৱালিবোৰ জন্ম হয় আৰু ছাগলীবোৰে এবাৰত দুটালৈকে সন্তান জন্ম দিয়ে।[7][8] মতাবোৰ প্ৰায়ে মাইকী নীলগিৰি তহৰ অধিকাৰ কৰাৰ বাবে যুঁজত লিপ্ত হয়। ইহঁতে প্ৰায়ে ইটো-সিটোৰ বিপৰীত দিশত থিয় হয় আৰু শিং ব্যৱহাৰ কৰি এটাই আনটোক আক্ৰমণ কৰে। প্ৰভাৱশালী মতাটোৱে মাইকীবোৰৰ সংগ লাভ কৰে, কিন্তু হৰাটোক আন কিছুমান ছাগলী পৰিয়ালৰ দৰে জাকৰ পৰা খেদি পঠিওৱা নহয়।[8][18] ২০২৫ চনৰ এক সমীক্ষাত নীলগিৰি তহৰৰ লিংগ অনুপাত প্ৰতি ১০০জনী মাইকী নীলগিৰি তহৰৰ বিপৰীতে ৪৯টা মতা নীলগিৰি তহৰ আৰু ডেকা-ডেকেৰী নীলগিৰি তহৰৰ অনুপাত ৫০ৰ বিপৰীতে ১০০ পোৱা গৈছিল৷[14]
ভাবুকি আৰু সংৰক্ষণ
[সম্পাদনা কৰক]
নীলগিৰি তহৰক আই ইউ চি এনৰ ৰঙা তালিকাত বিপন্ন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে। এই প্ৰজাতিটোলৈ প্ৰধানকৈ বাসস্থান ধ্বংস আৰু আক্ৰমণাত্মক প্ৰজাতিৰ আক্ৰমণ, কিছুমান ঠাইত পশুধনৰ বিচৰণ, চোৰাং চিকাৰ আৰু ভূ-প্ৰকৃতিৰ খণ্ডিতকৰণে ভাবুকি কঢ়িয়াই আনিছে।[1] ভাৰতত এই প্ৰজাতিটো আইনগতভাৱে সংৰক্ষিত আৰু কেৰেলা আৰু তামিলনাডুৰ বিভিন্ন সংৰক্ষিত অঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যানত ইহঁতক নিৰাপত্তা দিয়া হয়। বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটি, নীলগিৰি ৱাইল্ড লাইফ এছ'চিয়েচন আৰু ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়া বৈজ্ঞানিক গৱেষণা, ৰাইজৰ সৈতে সংযোগ স্থাপন আৰু শিক্ষা কাৰ্যসূচীৰ সৈতে জড়িত।[17] ২০২২ চনত তামিলনাডু চৰকাৰে আৰম্ভ কৰা 'প্ৰকল্প নীলগিৰি তাহৰ'ৰ লক্ষ্য হৈছে ঘাঁহনি পুনৰুদ্ধাৰ, ৰেডিঅ'-কলাৰিং আৰু ইহঁতৰ সংখ্যা নিৰীক্ষণ আৰু বন্দী প্ৰজনন আৰু পুনৰ বনাঞ্চলত এৰি দিয়া পৰিকল্পনাৰ জৰিয়তে প্ৰজাতিটোক সংৰক্ষণ কৰা।[14][19][20] তামিলনাডু চৰকাৰেও ৭ অক্টোবৰ দিনটোক তামিলনাডুত 'নীলগিৰি তহৰ দিৱস' হিচাপে ঘোষণা কৰিছে, যিটো সংৰক্ষণবিদ ই আৰ চি ডেভিডাৰৰ জন্মদিন।[19][20]
সমগ্ৰ বিশ্বতে বন্দী নীলগিৰি তহৰৰ সংখ্যা কম, উত্তৰ আমেৰিকাত প্ৰায় ৩০টা আৰু ভাৰতৰ বাহিৰৰ এছিয়াত ২০টা বুলি অনুমান কৰা হৈছে।[8]
আলোকচিত্ৰ
[সম্পাদনা কৰক]- মাইকী নীলগিৰি তহৰ
- নীলগিৰি তহৰ
- নীলগিৰি তহৰ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 4 5 6 7 Alempath, M.; Rice, C. (2008). Nilgiritragus hylocrius. doi:10.2305/IUCN.UK.2008.RLTS.T9917A13026736.en.
- 1 2 3 4 Prater, S. H. (1971). The book of Indian Animals. প্ৰকাশক Bombay: Bombay Natural History Society.
- ↑ Liddell, H. G.; Scott, R. (1940). "τράγος". A Greek–English Lexicon (Ninth সম্পাদনা). প্ৰকাশক Oxford: Oxford University Press. https://www.perseus.tufts.edu/hopper/text?doc=Perseus:text:1999.04.0057:entry=tra/gos&highlight=.
- ↑ Hamilton, G. D. (1892). Hamilton, E.. ed. Records of sport in southern India chiefly on the Annamullay, Nielgherry and Pulney mountains, also including notes on Singapore, Java and Labuan, from journals written between 1844 and 1870. প্ৰকাশক London: R. H. Porter. পৃষ্ঠা. 284. OCLC 4008435. https://archive.org/details/recordsofsportin00hamirich/page/284.
- ↑ Ropiquet, A.; Hassanin, A. (2005). "Molecular evidence for the polyphyly of the genus Hemitragus (Mammalia, Bovidae)". Molecular Phylogenetics and Evolution খণ্ড 36 (1): 154–168. doi:10.1016/j.ympev.2005.01.002. PMID 15904863. https://archive.org/details/molecular-phylogenetics-and-evolution_2005_36_1/page/154.
- ↑ Joshi, B. D.; Matura, R.; M. A., P.; De, R.; Pandav, B.; Sharma, V.; Nigam, P.; Goyal, S. P. (2018). "Palghat gap reveals presence of two diverged populations of Nilgiri tahr (Nilgiritragus hylocrius) in Western Ghats, India". Mitochondrial DNA Part B খণ্ড 3 (1): 245–249. doi:10.1080/23802359.2018.1436990. PMID 33474132.
- 1 2 3 4 5 6 7 8 9 10 Lydekker, Richard (1901). Mammals. Merrill & Baker. পৃষ্ঠা. 845.
- 1 2 3 4 5 6 7 8 Anne Hildyard; Paul Thompson (2001). Endangered Wildlife and Plants of the World. Marshall Cavendish. পৃষ্ঠা. 1485-1486. ISBN 978-0-761-47194-3.
- 1 2 Fauna of Eravikulam National Park. Zoological Survey of India. 2002. পৃষ্ঠা. 1. ISBN 978-8-185-87459-3.
- ↑ "About Nilgiri tahr". World Wide Fund for Nature. https://www.wwfindia.org/about_wwf/priority_species/threatened_species/nilgiri_tahr/। আহৰণ কৰা হৈছে: 1 June 2025.
- 1 2 "How Sangam texts helped track the Nilgiri tahr: Habitats rediscovered through ancient tamil literature". The Times of India. 7 May 2025. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/chennai/how-sangam-texts-helped-track-the-nilgiri-tahr-habitats-rediscovered-through-ancient-tamil-literature/articleshow/120942341.cms.
- ↑ "Squeezing Life out of Ponmudi". The Hindu. 30 January 2012. https://wwfin.awsassets.panda.org/downloads/mruthika_jan___feb_2012.pdf.
- ↑ "Kerala Forest Statistics". Government of Kerala. 2021. https://forest.kerala.gov.in/forestapp/public/documents/publications/file0211202408:51:58.pdf। আহৰণ কৰা হৈছে: 6 August 2025.
- 1 2 3 4 5 "In Conservation Win, Tamil Nadu State Animal Nilgiri Tahr's Numbers Shoot Up". NDTV. 6 August 2026. https://www.ndtv.com/india-news/in-conservation-win-tamil-nadu-state-animal-nilgiri-tahrs-numbers-shoot-up-9026910। আহৰণ কৰা হৈছে: 6 August 2025.
- 1 2 "Nilgiri tahr population over 3,000: WWF-India". The Hindu. 3 October 2015. http://www.thehindu.com/news/cities/Coimbatore/nilgiri-tahr-population-over-3000-wwfindia/article7717561.ece.
- ↑ "Report finds 1,365 Nilgiri tahrs in Kerala". The Times of India. 6 August 2025. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/kochi/report-finds-1365-nilgiri-tahrs-in-kerala/articleshow/123125223.cms.
- 1 2 3 Sondhi, Sanjay (2012). Protected Animals of India. Energy and Resources Institute. পৃষ্ঠা. 28-29. ISBN 978-8-179-93314-5.
- ↑ Rice, G. Clifford. "Reproductive biology of Nilgiri tahr". Journal of Zoology (London). Archived from the original on 20 June 2013. https://web.archive.org/web/20130620010316/http://wdfw.wa.gov/conservation/research/staff/publications/rice_cliff/reproductive_biology_nilgiri_tahr.pdf। আহৰণ কৰা হৈছে: 30 July 2026.
- 1 2 "Project to protect Nilgiri Tahr, Tamil Nadu animal, launched". The Times of India. 29 December 2022. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/chennai/project-to-protect-nilgiri-tahr-tamil-nadu-animal-launched/articleshow/96588874.cms.
- 1 2 "Project Nilgiri Tahr". Government of Tamil Nadu. https://tnprojectnilgiritahr.com/। আহৰণ কৰা হৈছে: 6 August 2025.