সমললৈ যাওক

নীলগিৰি ফুলটোকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

Eukaryota

নীলগিৰি ফুলটোকা

(Nilgiri flowerpecker)

হেলিকেৰেছ আইছ’ৰাৰ ৰস পান কৰি থকা অৱস্থাত
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: Aves
বৰ্গ: Passerine
পৰিয়াল: Flowerpecker
গণ: Dicaeum
প্ৰজাতি: D. concolor
দ্বৈৰাশিক নামকৰণ
Dicaeum concolor
Jerdon, 1840
Distribution of members in the species complex

নীলগিৰি ফুলটোকা (ইংৰাজী: Nilgiri flowerpecker; বৈ‍জ্ঞানিক নামঃ Dicaeum concolor) ফুলটোকা চৰাই পৰিয়ালৰ এবিধ ক্ষুদ্ৰ চৰাই। পূৰ্বতে সাধাৰণ ফুলটোকা (Plain flowerpecker) বুলি কোৱা এটা উপপ্ৰজাতি আছিল যদিও সেই নাম এতিয়া Dicaeum minullumৰ বাবে সংৰক্ষিত। গোটৰ আন আন প্ৰজাতিৰ দৰে য়ো প্ৰধানকৈ ফুলৰ ৰস আৰু ফল-মূল খায়। বনাঞ্চলৰ আচ্ছাদনৰ ভিতৰত খাদ্য বিচাৰি থকা দেখা যায় আৰু ইহঁতক ভাৰতত পোৱা যায়। ইহঁত অপ্ৰব্ৰজনকাৰী আৰু ব্যাপক বিতৰণৰ পৰিসৰত কেইবাটাও প্ৰজাতি‍ অন্তৰ্ভুক্ত যিবোৰ বিচৰণৰ ক্ষেত্ৰত ওপৰা-উপৰি নহয় আৰু ৰূপগতভাৱে পৃথক, ইয়াৰে কিছুমানক সম্পূৰ্ণ প্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছে। ইহঁত অৰণ্যৰ গুৰুত্বপূৰ্ণ পৰাগযোগ ঘটক আৰু বীজ সঞ্চাৰক।

এই চৰাইবোৰ ক্ষুদ্ৰ আকাৰৰ (৯ চে.মি. দীঘল) আৰু মতা আৰু মাইকী চৰাইৰ মাজত কোনো লক্ষণীয় পাৰ্থক্য দেখা নাযায়। দক্ষিণ ভাৰতৰ পশ্চিম ঘাট আৰু নীলগিৰি পাহাৰৰ পাহাৰীয়া অৰণ্যত ইয়াক পোৱা যায়। ইয়াৰ গাৰ ওপৰৰ ফালৰ ৰং শেঁতা মুগা আৰু তলৰ ফালৰ ৰং বগা৷ চকুৰ সন্মুখৰ বগা ৰঙৰ ভ্ৰূটো ডাইচিয়াম ইৰিথ্ৰ’ৰাইঞ্চোছ (Dicaeum erythrorhynchos)তকৈ বহল। এই উপপ্ৰজাতিটোক পামেলা ৰাছমুচেনে সম্পূৰ্ণ প্ৰজাতিলৈ উন্নীত কৰিছে। উত্তৰ-পূব ভাৰতত পোৱা, ম্যানমাৰ, লাওছ আৰু দক্ষিণ চীনলৈকে বিস্তৃত এই উপপ্ৰজাতিটোক পূৰ্বৰ লেখকসকলে অলিভাচিয়াম বুলি কৈছিল, কিন্তু ৰাছমুচেন আৰু অন্যান্য শ্ৰেণীবিভাজনবিদসকলে ইয়াক এতিয়া এটা পৃথক প্ৰজাতি ডাইচিয়াম মিনুলাম (Dicaeum minullum) হিচাপে গণ্য কৰে (য'ত হাইনান দ্বীপৰ minullum-ক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এতিয়া ইয়াক অধিক ধৰা-বন্ধা অৰ্থত সাধাৰণ ফুলটোকা বুলি কোৱা হয়)। এইটোৰ ওপৰভাগ জলফাই ৰঙৰ আৰু ক’লা ঠোঁটখন মিহি আৰু অলপ বেঁকা। আন্দামান দ্বীপপুঞ্জত পোৱা এই চৰাইবিধক এটা পৃথক প্ৰজাতি ডাইচিয়াম ভাইৰেছেন্স (Dicaeum virescens) বা আন্দামান ফুলটোকা ( Andaman flowerpecker) বুলি গণ্য কৰা হয়। ইয়াৰ ওপৰৰ ফালৰ ৰং উজ্জ্বল জলফাই-সেউজীয়া আৰু মুকুটত ক’লা দাগ থাকে। পেটৰ মাজত শেঁতা হালধীয়া ৰঙৰ উজ্জ্বল ৰং থাকে।[2]

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

[সম্পাদনা কৰক]

নীলগিৰি ফুলটোকা কাঠনিৰ প্ৰান্তত থকা এক সাধাৰণ স্থানীয় চৰাই, ই খেতি, বিচ্ছিন্ন গছ আৰু প্ৰায়ে পাহাৰীয়া ঠাইত থাকে। নীলগিৰি ফুলটোকাৰ মাতটো শুনিবলৈ চেক চেক ধৰণৰ আৰু ই দ্ৰুত শৃংখলিত, আনহাতে মাতটো উচ্চস্বৰৰ হয়। নীলগিৰি ফুলটোকাৰ প্ৰজননৰ বতৰ জানুৱাৰীৰপৰা এপ্ৰিললৈকে হয় আৰু সম্ভৱতঃ মে' আৰু জুন মাহত দ্বিতীয়টো প্ৰজননৰ বতৰ।[3] গছ বা জোপোহাত ওলমি থকা পাৰ্চৰ দৰে বাহ এটাত দুটা বা তিনিটা কণী পাৰি।[4] আন ফুলটোকাৰ দৰে ইহঁতৰ জিভা পাখিযুক্ত যাৰ ফলত ইহঁতে ৰস চুমুক দিব পাৰে, কিন্তু ইহঁতে কোমল জামুৰ লগতে সৰু পোক-পৰুৱাও খায়।

গ্ৰীষ্মমণ্ডলীয় অৰণ্যত পৰাগ সংযোগ কৰাত ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে‍ আৰু বীজ সঞ্চালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে‍।[5]

আলোকচিত্ৰ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. BirdLife International (2016). Dicaeum concolor. 2016. doi:10.2305/IUCN.UK.2016-3.RLTS.T103776128A94537687.en.
  2. Rasmussen PC; JC Anderton (2005). Birds of South Asia: The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃষ্ঠা. 545–546.
  3. Ali, S; S. D. Ripley (1999). Handbook of the Birds of India and Pakistan. Volume 10 (2nd সম্পাদনা). Oxford University Press. পৃষ্ঠা. 15–16.
  4. Hume, AO (1890). The nests and eggs of Indian birds. Volume 2. R H Porter. পৃষ্ঠা. 272–274. https://archive.org/stream/nestseggsofindia02hume#page/272/mode/2up.
  5. Devy, M. Soubadra; Davidar, Priya (2003). "Pollination systems of trees in Kakachi, a mid-elevation wet evergreen forest in Western Ghats, India". Am. J. Bot. খণ্ড 90 (4): 650–657. doi:10.3732/ajb.90.4.650. PMID 21659160. https://archive.org/details/american-journal-of-botany_2003-04_90_4/page/650. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)