নীলগিৰি মাৰ্টেন
| নীলগিৰি মাৰ্টেন
Nilgiri marten | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| অধিজগৎ: | সংকোষকেন্দ্ৰী |
| ৰাজ্য: | প্ৰাণী |
| পৰ্ব: | পৃষ্ঠদণ্ডী |
| শ্ৰেণী: | স্তন্যপায়ী |
| বৰ্গ: | Carnivora |
| পৰিয়াল: | Mustelidae |
| গণ: | Marten |
| প্ৰজাতি: | M. gwatkinsii |
| দ্বৈৰাশিক নামকৰণ | |
| Martes gwatkinsii (Horsfield, 1851) | |
| Nilgiri marten range | |
| সমাৰ্থক | |
|
Charronia gwatkinsii | |
নীলগিৰি মাৰ্টেন (ইংৰাজী: Nilgiri marten; বৈজ্ঞানিক নামঃ Martes gwatkinsii) হৈছে দক্ষিণ ভাৰতৰ স্থানীয় একমাত্ৰ মাৰ্টেন প্ৰজাতি। ই নীলগিৰিৰ পাহাৰ আৰু পশ্চিম ঘাটৰ কিছু অংশত বাস কৰে। সংখ্যাত ই মাত্ৰ প্ৰায় এক হাজাৰমান বৰ্তি থকাৰ বাবে ইয়াক আই ইউ চি এনৰ ৰঙা তালিকাত অসুৰক্ষিত প্ৰজাতি হিচাপে তালিকাভুক্ত কৰা হৈছে।[1]
শ্ৰেণীবিভাজন
[সম্পাদনা কৰক]ইষ্ট ইণ্ডিয়া কোম্পানীৰ সংগ্ৰহালয়ত থকা এটা ছালৰ ওপৰত ভিত্তি কৰি থমাছ হৰ্চফিল্ডে নীলগিৰি মাৰ্টেনৰ বৰ্ণনা কৰিছিল; সংগ্ৰাহক ৰেইনল্ডছ গ্ৱাটকিন্স (Reynolds Gwatkins)ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।[3]
বৈশিষ্ট্য
[সম্পাদনা কৰক]নীলগিৰি মাৰ্টেনৰ ৰং মূৰৰ পৰা তপিনালৈকে গাঢ় মুগা, সমুখৰ দুভৰি আৰু কান্ধ প্ৰায় ৰঙা ৰঙৰ, ডিঙি উজ্জ্বল হালধীয়াৰ পৰা কমলা ৰঙৰ৷ ইয়াৰ সন্মুখৰ অৱতল অংশ বিশিষ্ট আৰু ই হালধীয়া ডিঙিৰ মাৰ্টেনতকৈ ডাঙৰ।[4] ই মূৰৰ পৰা পায়ুলৈকে প্ৰায় ৫৫–৬৫ চে.মি.(২২–২৬ ইঞ্চি) দীঘল, আৰু নেজডাল ৪০–৪৫ চে.মি. (১৬–১৮ ইঞ্চি) হয়। ইয়াৰ ওজন প্ৰায় ২.১ কিলোগ্ৰাম (৪.৬ পাউণ্ড)।[5]:6 নীলগিৰি মাৰ্টেনৰ ভৰি চুটি আৰু আংশিকভাৱে পিছুৱাই যাব পৰা নখ থাকে।[6]
বিতৰণ আৰু বাসস্থান
[সম্পাদনা কৰক]নীলগিৰি মাৰ্টেন মূলতঃ শ্বোলা ঘাঁহনি আৰু দক্ষিণ-পশ্চিম ঘাটৰ পাহাৰীয়া বৰ্ষাৰণ্যত বাস কৰে, আৰু মাজে মাজে কাষৰীয়া দক্ষিণ-পশ্চিম ঘাটৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু বাণিজ্যিক বাগিচাত পোৱা যায় যি দক্ষিণ ভাৰতৰ কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যৰ পশ্চিম ঘাটসমূহক সামৰি লৈছে৷ নীলগিৰি পাহাৰ ইয়াৰ পৰিসৰৰ কেন্দ্ৰবিন্দু, কিন্তু চৰমাদি ঘাট আৰু নেয়াৰ আৰু পেপ্পাৰা বন্যপ্ৰাণী অভয়াৰণ্যতো দেখা পোৱাৰ তথ্য পোৱা গৈছে।[7][8][9][10][11][12]
আচৰণ আৰু পৰিৱেশ বিজ্ঞান
[সম্পাদনা কৰক]নীলগিৰি মাৰ্টেন দিবাচৰ। ই প্ৰধানকৈ বৃক্ষবাসী, কিন্তু মাজে মাজে মাটিলৈ নামি যায়। ই সৰ্বভোজী আৰু চৰাই, সৰু স্তন্যপায়ী প্ৰাণী (মালাবাৰ বৰ কেৰ্কেটুৱাকে ধৰি) আৰু জিলীৰ দৰে পতঙ্গ চিকাৰ কৰে।[13][4] ইয়াৰ উপৰিও ইয়াক বিভিন্ন ধৰণৰ ফল-মূল আৰু বীজ খোৱাও দেখা গৈছে।[14]
সংৰক্ষণৰ সমস্যা
[সম্পাদনা কৰক]ব্লেক ৱাটল একেচিয়া মেয়াৰ্নচি ৰোপণে ইয়াৰ বাসস্থানৰ গুণাগুণত প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰা হৈছে।[15] পথ, ক্ৰমৱৰ্ধমান পৰ্যটন আদিয়েও নীলগিৰি মাৰ্টেনৰ লগতে আন আন জীৱকুলৰ বাবে বিপদ আনিব পাৰে।
আলোকচিত্ৰ
[সম্পাদনা কৰক]- নীলগিৰি মাৰ্টেন
- নীলগিৰি মাৰ্টেন
- নীলগিৰি মাৰ্টেন
- নীলগিৰি মাৰ্টেন
- নীলগিৰি মাৰ্টেন
- নীলগিৰি মাৰ্টেন
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 Mudappa, D.; Jathana, D.; Raman, T. R. S. (2015). Martes gwatkinsii. doi:10.2305/IUCN.UK.2015-4.RLTS.T12847A45199025.en.
- ↑ সাঁচ:Cite Species+
- ↑ Horsfield, Thomas (1851). Catalogue of the Mammalia in the Museum of the Hon. East-India Company. প্ৰকাশক London: Printed by J. & H. Cox. পৃষ্ঠা. 99–101. doi:10.5962/bhl.title.32671. OCLC 1109424. https://archive.org/details/catalogueofmamma00eastrich.
- 1 2 Prater, S. H. (2005). The Book of Indian Animals (3rd সম্পাদনা). প্ৰকাশক Mumbai: Bombay Natural History Society, Oxford University Press.
- ↑ Hussain, S. A. (1999). "Mustelids, Viverrids and Herpestids of India: Species Profile and Conservation Status". ENVIS Bulletin: Wildlife and Protected Areas খণ্ড 2 (2): 1–38. https://archive.org/details/MustelidsViverridsIndia/page/n6.
- ↑ "InfographicsNilgiri marten: Facts, Distribution and Diet". https://roundglasssustain.com/infographics/nilgiri-marten-facts। আহৰণ কৰা হৈছে: 2 August 2026.
- ↑ Christopher, G.; Jayson, E. A. (1996). "Sightings of Nilgiri marten (Martes gwatkinsii Horsfield) at Peppara Wildlife Sanctuary and Silent Valley National Park, Kerala, India". Small Carnivore Conservation খণ্ড 15: 3–4. http://nebula.wsimg.com/64d3896788bb835fc33faca74f75641f?AccessKeyId=35E369A09ED705622D78&disposition=0&alloworigin=1.
- ↑ Madhusudan, M. D. (1995). "Sighting of the Nilgiri marten (Martes gwatkinsii) at Eravikulam National Park, Kerala, India". Small Carnivore Conservation খণ্ড 13: 6–7. http://nebula.wsimg.com/4a5cc4f2fa3c0b46304f59b6fe74ad45?AccessKeyId=35E369A09ED705622D78&disposition=0&alloworigin=1.
- ↑ Gokula, V.; Ramachandran, N. K. (1996). "A record of the Nilgiri marten (Martes gwatkinsii Horsfield) in Upper Bhavani". Journal of the Bombay Natural History Society খণ্ড 93 (1): 82. https://archive.org/details/journalofbombay931996bomb/page/82/mode/1up.
- ↑ Mudappa, D. (1999). "Lesser Known Carnivores of the Western Ghats". ENVIS Bulletin: Wildlife and Protected Areas (Dehradun: Wildlife Institute of India) খণ্ড 2 (2): 65–70. https://archive.org/details/MustelidsViverridsIndia/page/n85.
- ↑ Balakrishnan, P. (2005). "Recent sightings and habitat characteristics of the endemic Nilgiri Marten Martes gwatkinsii in Western Ghats, India". Small Carnivore Conservation খণ্ড 33: 14–16. http://nebula.wsimg.com/8e6155184fe900bd8dd47aada16e4b88?AccessKeyId=35E369A09ED705622D78&disposition=0&alloworigin=1.
- ↑ Krishna, K.; Karnad, D. (2010). "New records of the Nilgiri marten Martes gwatkinsii in the Western Ghats, India". Small Carnivore Conservation খণ্ড 43: 23–27. http://nebula.wsimg.com/29fcac2ce03b2ae724f045e27b3d66bf?AccessKeyId=35E369A09ED705622D78&disposition=0&alloworigin=1.
- ↑ Hutton, A. F. (1948). "Feeding habits of the Nilgiri marten [Charronia gwatkinsii (Horsfield)". Journal of the Bombay Natural History Society খণ্ড 48 (2): 355–356. https://archive.org/details/journalofbo4819481949bomb/page/354.
- ↑ Anil, G.; Kishor, N.; Gafoor, N.; Ommer, N.; Nameer, P. O. (2018). "Observations on the Nilgiri Marten Martes gwatkinsii (Mammalia: Carnivora: Mustelidae) from Pampadum Shola National Park, the southern Western Ghats, India". Journal of Threatened Taxa খণ্ড 10 (1): 11226–11230. doi:10.11609/jott.3446.10.1.11226-11230.
- ↑ "Observations on the Nilgiri Marten Martes gwatkinsii (Mammalia: Carnivora: Mustelidae) from Pampadum Shola National Park, the southern Western Ghats, India". https://threatenedtaxa.org/index.php/JoTT/article/view/3446/4310। আহৰণ কৰা হৈছে: 2 August 2026.