সমললৈ যাওক

নীলগিৰি লেংগুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলগিৰি লেংগুৰ (Nilgiri langur)
ফল খাই থকা অৱস্থাত নীলগিৰি লেংগুৰ
পৰম্বিকুলমত।
সংৰক্ষণ স্থিতি
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
অধিজগৎ: সংকোষকেন্দ্ৰী
ৰাজ্য: প্ৰাণী
পৰ্ব: পৃষ্ঠদণ্ডী
শ্ৰেণী: স্তন্যপায়ী
বৰ্গ: Primate
উপবৰ্গ: Haplorhini
পৰিয়াল: Old World monkey
গণ: Semnopithecus
প্ৰজাতি: S. johnii
দ্বৈৰাশিক নামকৰণ
Semnopithecus johnii
(J. Fischer, 1829)
Nilgiri langur range
সমাৰ্থক[2]
  • Semnopithecus cucullatus I.Geoffroy Saint-Hilaire, 1834
  • Semnopithecus jubatus Wagner, 1839
  • Simia johnii (Fischer, 1829)
  • Trachypithecus cucullatus (Fischer, 1829)
  • Trachypithecus johnii (J.Fischer, 1829)
  • Trachypithecus jubatus (Wagner, 1839)
  • Trachypithecus leonina (Shaw, 1800)

নীলগিৰি লেংগুৰ (ইংৰাজী: Nilgiri langur; বৈ‍জ্ঞানিক নামঃ Semnopithecus johnii) পুৰণি বিশ্বৰ বান্দৰৰ এবিধ এছিয়ান লেংগুৰ। ইয়াৰ চকচকীয়া, ক’লা নোম আৰু মূৰত কমলা-সোণালী বাদামী মানুহৰ দৰে চুলি থাকে। মাইকী নীলগিৰি লেংগুৰৰ ভিতৰৰ উৰুত বগা নোমৰ দাগ থাকে। পোৱালিবোৰ ৰঙা-বাদামী ৰঙৰ হয় আৰু আৰু ৪-৫ মাহৰ ভিতৰত প্ৰাপ্তবয়স্কৰ ৰং লাভ কৰে।[3] নীলগিৰি লেংগুৰ প্ৰাকৃতিকভাৱে‍ বৃক্ষবাসী আৰু সাধাৰণতে গ্ৰীষ্মমণ্ডলীয় চিৰসেউজ অৰণ্যত > ৫০০ মিটাৰ উচ্চতাত পোৱা যায়।[4] ই সাধাৰণতে ঋতু অনুসৰি সন্তানসহ অথবা সন্তানবিহনে‍ ৯ৰপৰা ১০ টালৈকে দলৱদ্ধভাৱে গোটত থাকে‍। ইয়াৰ খাদ্য তালিকাত ফল, শিপা আৰু পাত থাকে। ইয়াক আই.ইউ.চি.এন.ৰ ৰঙা তালিকাত ইয়াক অসুৰ‍ক্ষিত প্ৰজাতি‍ হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ইয়াৰ বাসস্থান ধ্বংস আৰু শৰীৰৰ অংগসমূহৰ বাবে চোৰাং চিকাৰ কৰাৰ ফলত প্ৰাণীবিধলৈ‍ ভাবুকি আহিছে‍, শৰীৰৰ অংগসমূহত কামোদ্দীপক গুণ আছে বুলি ভবা হয়।

শ্ৰেণীবিভাজন

[সম্পাদনা কৰক]

নীলগিৰি লেংগুৰৰ শ্ৰেণীবিভাজনৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছে। পৰম্পৰাগতভাৱে ইয়াক ট্ৰেচিপিথেকাছ (Trachypithecus) প্ৰজাতিৰ ভিতৰৰ ৰূপগত সাদৃশ্য যেনে ক্ৰেনিয়েল মৰ্ফ'লজী আৰু নৱজাতকৰ ছালৰ ৰঙৰ ওপৰত ভিত্তি কৰি আৰু ট্ৰেচিপিথেকাছ ভেটুলাছ গোটৰ ভিতৰৰ বেঙুনীয়া মুখৰ লেংগুৰ (Purple-faced langur, Semnopithecus vetulus)ৰ সৈতে অনুমাণিক ঘনিষ্ঠ সম্পৰ্কৰ ভিত্তিত ৰখা হয়, যিটোক পূৰ্বতে টি.ভেটুলাছ বোলা হৈছিল। ডি এন এ আৰু অন্যান্য প্ৰমাণৰপৰা অনুমান কৰিব পাৰি যে নীলগিৰি লেংগুৰ আৰু বেঙুনীয়া মুখৰ লেংগুৰ (Purple-faced langur)ৰ ধূসৰ লেংগুৰ (Gray langurs)ৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু সেয়ে‍ Semnopithecus প্ৰজাতিৰ ভিতৰত ইয়াক পুনৰ শ্ৰেণীভুক্ত কৰা হৈছে।[5][6][7][8][9]

প্ৰাপ্তবয়স্ক মতাবোৰৰ মূৰৰপৰা শৰীৰৰ দৈৰ্ঘ্য ৭৮–৮০ চে.মি. (৩১–৩১ ইঞ্চি) আৰু প্ৰাপ্তবয়স্ক মাইকীবোৰৰ দৈৰ্ঘ্য ৫৮–৬০ চে.মি. (২৩–২৪ ইঞ্চি); ইহঁতৰ নেজডাল ৬৮.৫–৯৬.৫ চে.মি. (২৭.০–৩৮.০ ইঞ্চি) দীঘল। মতা নীলগিৰি লেংগুৰৰ ওজন ৯.১–১৪.৮ কিলোগ্ৰাম (২০–৩৩ পাউণ্ড) আৰু মাইকী নীলগিৰি লেংগুৰৰ ওজন ১০.৯–১২ কিলোগ্ৰাম (২৪–২৬ পাউণ্ড)।[10]

নীলগিৰি লেংগুৰ দক্ষিণ ভাৰতৰ নীলগিৰি পাহাৰৰ স্থানীয় বান্দৰ, ইয়াক কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যৰ ৩০০–২,০০০ মিটাৰ (৯৮০–৬,৫৬০ ফুট) উচ্চতাত পোৱা যায়।[1] ইয়াক আগষ্ট্যামালা বায়’স্ফিয়াৰ ৰিজাৰ্ভ, আলিয়াৰ ফৰেষ্ট ৰিজাৰ্ভ, আনামালাই টাইগাৰ ৰিজাৰ্ভ, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান, এৰাভিকুলাম ৰাষ্ট্ৰীয় উদ্যান, ইদামালায়াৰ সংৰক্ষিত বনাঞ্চল, মুডুমলাই ৰাষ্ট্ৰীয় উদ্যান, মুকুৰ্থী ৰাষ্ট্ৰীয় উদ্যান, মুণ্ডানথুৰাই বাঘ সংৰক্ষিত বনাঞ্চল, নেলিয়ামপাথি, পেৰিয়াৰ ৰাষ্ট্ৰীয় উদ্যান, শ্বেণ্ডুৰ্নি বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা যায়।[11]

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

[সম্পাদনা কৰক]

গৰ্ভাৱস্থাৰ সময় সঠিকভাৱে জনা নাযায় যদিও ২০০ দিন বুলি ধৰা হৈছে।[10] নীলগিৰি লেংগুৰ বছৰজুৰি প্ৰজননৰ বতৰ থাকে, যাৰ ফলত ইহঁতে বছৰৰ যিকোনো সময়তে সন্তান জন্ম দিব পাৰে।[12] নীলগিৰি লেংগুৰৰ জন্মৰ হাৰ মে’ৰ পৰা জুন মাহৰ ভিতৰত আৰু পুনৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত বৃদ্ধি পায় (যদিও কম পৰিমাণে)।[12]

এই প্ৰজাতিটোৰ ছাল (ঢোল তৈয়াৰ কৰিবলৈ), মাংস আৰু পৰম্পৰাগত ঔষধৰ বাবে চিকাৰ কৰা হয়।[3] শস্যৰ বাগিছা, খনন, বান্ধ, খণ্ডিতকৰণ, মানৱ বসতি, চিকাৰ, পথ দুৰ্ঘটনা, ইচ্ছাকৃতভাৱে দিয়া জুই, ধুমুহা/বানপানী, ভূমিস্খলন আৰু পোহনীয়া জন্তুৰ হিচাপে থ'বলৈ কৰা ব্যৱসায়ে এই প্ৰাণীবিধৰ বাবে ভাবুকি কঢি়য়াই আনিছে।[3] লাগনি‍ কাঠৰ বাবে গছ কটা কাৰ্যই লেংগুৰৰ বাসস্থানত জৈৱিক চাপ সৃষ্টি কৰিছে আৰু ই পৰৱৰ্তী সময়ত প্ৰাণীবিধৰ বাসস্থানত প্ৰভাৱ পেলাব, খাদ্য-উদ্ভিদ হ্ৰাস কৰিব, আচ্ছাদনৰ ধাৰাবাহিকতা নাইকিয়া কৰি সামগ্ৰিক পৰিৱৰ্তন সাধন কৰিব; সেয়াও প্ৰাণীবিধৰ বাবে ভাবুকিস্বৰূপ।[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Singh, M.; Kumara, H.N.; Kumar, A. (2020). Semnopithecus johnii. doi:10.2305/IUCN.UK.2020-2.RLTS.T44694A17958623.en.
  2. "Semnopithecus johnii (J.Fischer, 1829)" (ইংৰাজী ভাষাত). Global Biodiversity Information Facility. http://www.gbif.org/species/5786340 আহৰণ কৰা হৈছে: 24 May 2025.
  3. 1 2 3 4 "NATIONAL STUDBOOK Nilgiri Langur (Trachypithecus johnii): III Edition". https://cza.nic.in/uploads/documents/studbooks/english/Nilgiri%20langur%20Studbook%20(Trachypithecus%20johnii)%20-final%20(25%20July).pdf আহৰণ কৰা হৈছে: 29 July 2026.
  4. "Ecology and Conservation of Nilgiri Langur (Trachypithecus johnii)". https://digitalrepository.wii.gov.in/server/api/core/bitstreams/d9fdef93-c834-48c8-9355-59e16abe3836/content আহৰণ কৰা হৈছে: 29 July 2026.
  5. Brandon–Jones, D. (2004). "Asian Primate Classification". International Journal of Primatology খণ্ড 25 (1): 97–164. doi:10.1023/B:IJOP.0000014647.18720.32. https://archive.org/details/international-journal-of-primatology_2004-02_25_1/page/97.
  6. Osterholz, M.; Walter, L.; Roos, C. (2008). "Phylogenetic position of the langur genera Semnopithecus and Trachypithecus among Asian colobines, and genus affiliations of their species groups". BMC Evolutionary Biology খণ্ড 8 (58): 58. doi:10.1186/1471-2148-8-58. PMID 18298809.
  7. Karanth, K.P.; Singh, L.; Collura, R.V.; Stewart, C.B. (2008). "Molecular phylogeny and biogeography of langurs and leaf monkeys of South Asia (Primates: Colobinae)". Molecular Phylogenetics and Evolution খণ্ড 46 (2): 683–694. doi:10.1016/j.ympev.2007.11.026. PMID 18191589. http://wgbis.ces.iisc.ernet.in/biodiversity/pubs/ces_pubs/pubs_2008/theme1_08.pdf.
  8. Wilson, D.E.; Mittermeier, R.A.; Rylands, A.B. (2012). "Introduction". Handbook of the Mammals of the World, Volume 3: Primates (1st সম্পাদনা). Lynx Edicions. ISBN 978-84-96553-89-7. https://www.lynxeds.com/hmw/introduction/introduction-hmw-volume-3-primates.
  9. Wang, X.P. (2012). "Phylogenetic Relationships among the Colobine Monkeys Revisited: New Insights from Analyses of Complete mt Genomes and 44 Nuclear Non-Coding Markers". PLOS ONE খণ্ড 7 (4). doi:10.1371/journal.pone.0036274. PMID 22558416.
  10. 1 2 Malviya, M.; Srivastav, A.; Nigam, P.; Tyagi, P. C. (2011). Indian National Studbook of Nilgiri Langur (Trachypithecus johnii). Wildlife Institute of India, Dehradun and Central Zoo Authority, New Delhi. http://www.cza.nic.in/Nilgiri%20Langur%20studbook.pdf.
  11. Govt of India (2020). The Gazette of India. Government of India. পৃষ্ঠা. 20. https://moef.gov.in/wp-content/uploads/2019/02/silent-valley.pdf আহৰণ কৰা হৈছে: 14 April 2022.
  12. 1 2 "NILGIRI LANGUR Semnopithecus johnii". https://neprimateconservancy.org/nilgiri-langur/ আহৰণ কৰা হৈছে: 29 July 2026.