সমললৈ যাওক

নীলম দেও

অসমীয়া ৱিকিপিডিয়াৰ পৰা
২০১২ চনত হেলিফেক্স আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা মঞ্চত দেও

নীলম দেও ইংৰাজী: : Neelam Deo; ১৯৭৫ চনৰ ব্যাচৰ ভাৰতীয় বৈদেশিক সেৱাৰ (আই এফ এছ) বিষয়া আছিল। তেওঁ ডেনমাৰ্ক আৰু ক’ট ডি আইভ’ৰত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। লগতে ছিয়েৰা লিয়ন, নাইজাৰ আৰু গিনিত সমান্তৰালভাৱে দ্বায়িত্ব পালন কৰিবলৈ স্বীকৃতি লাভ কৰিছিল।

চাকৰি কৰি থকা সময়ছোৱাত তেওঁ দুবাৰকৈ আমেৰিকাত নিযুক্তি লাভ কৰিছিল – প্ৰথম বাৰ ৱাশ্বিংটন ডি চি (১৯৯২–১৯৯৫) আৰু দ্বিতীয় বাৰ নিউয়ৰ্কত (২০০৫–২০০৮)। নিউয়ৰ্কত কনছুল জেনেৰেল হিচাপে তেওঁ বিনিয়োগ প্ৰসাৰৰ কামত নিয়োজিত আছিল।

ভাৰতীয় বৈদেশিক সেৱাত ৩৩ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৯ চনত গেটৱে হাউছ: ইণ্ডিয়ান কাউন্সিল অন গ্ল’বেল ৰিলেচনছৰ সহ-প্ৰতিষ্ঠাপক হিচাবে আছিল। তেওঁ চেণ্টাৰ ফৰ এয়াৰ পাৱাৰ ষ্টাডিজৰ বিশিষ্ট ফেলো, দ্য ক্লাইমেট গ্ৰুপৰ উপদেষ্টা – স্থিতিশীল উন্নয়নৰ বাবে পৰামৰ্শদাতা – আৰু মানৱ অধিকাৰ সংস্থা ব্ৰেকথ্ৰুৰ ব’ৰ্ডত পৰিচালনা পৰিষদৰ সদস্য পদত সেৱা আগ বঢ়াইছিল।

নীলম দেও দিল্লী স্কুল অৱ ইকনমিক্সৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল । ভাৰতীয় বৈদেশিক সেৱাত(আই এফ এছ)ত যোগদান কৰাৰ পূৰ্বে তেওঁ ১৯৭১-১৯৭৪ চনলৈকে দিল্লী বিশ্ববিদ্যালয়ৰ কমলা নেহৰু কলেজত অৰ্থনীতিৰ বিষয়ত অধ্যাপনা কৰিছিল। [1]নীলমৰ বিশেষকৈ আফ্ৰিকা, দক্ষিণ-পূব এছিয়া, ভাৰত-আমেৰিকাৰ বিভিন্ন বিষয়সমূহৰ ওপৰত বিস্তৃত জ্ঞান আৰু পৰিচয় আছিল। দ্বিপাক্ষিক সম্পৰ্ক, বাংলাদেশ আৰু অন্যান্য ছাৰ্কৰ প্ৰতিবেশী দেশসমূহৰ বিষয়ে গভীৰ জ্ঞান আৰু দীৰ্ঘদিনৰ অভিজ্ঞতা আছিল। [2]

কূটনৈতিক কেৰিয়াৰ

[সম্পাদনা কৰক]

নীলাম দেওয়ে ১৯৭৭-১৯৮০ চনৰ সময়ছোৱাত ইটালীত ভাৰতীয় বৈদেশিক সেৱা (IFS)ৰ সৈতে নিজৰ কূটনৈতিক জীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী পোষ্টিঙৰ ভিতৰত থাইলেণ্ডৰ ৰাজনৈতিক আৰু প্ৰেছ বিষয়া হিচাপে (১৯৮৪–১৯৮৭) চনৰ সময়ছোৱাত দায়িত্বত আছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত নিযুক্তিৰ সময়ছোৱাত বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আৰু মালদ্বীপৰ যুটীয়া সচিব আছিল। ইয়াৰ পূৰ্বে ডেনমাৰ্কৰ ৰাষ্ট্ৰদূত হিচাপে (১৯৯৬–৯৯), আৰু তাৰ পিছত কোট ডি আইভৰিৰ ৰাষ্ট্ৰদূত হিচাপে (১৯৯৯–২০০২) নিযুক্তি লাভ কৰে, ছিয়েৰা লিয়ন, নাইজাৰ আৰু গিনিত সমান্তৰালভাৱে স্বীকৃতি লাভ কৰে। তেওঁৰ শেষৰটো নিযুক্তি (২০০৫–০৮) আছিল নিউয়ৰ্কত কনছুল জেনেৰেল হিচাপে। কৌশলগত বিষয়ত আমেৰিকাৰ কংগ্ৰেছ, থিংক টেংক আৰু বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰাটো তেওঁৰ বিশেষ দায়িত্বৰ ভিতৰত আছিল। [3]

প্ৰকাশ আৰু উপস্থিতি

[সম্পাদনা কৰক]

ভাৰতৰ অৰ্থনৈতিক উত্থান,[4] diaspora[5] প্ৰব্ৰজন [6] আৰু বিশ্ব ৰাজনীতিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত তেওঁ সঘনাই মন্তব্য প্ৰদান কৰি আহিছে। তেওঁৰ প্ৰবন্ধসমূহ বিভিন্ন প্ৰকাশনত প্ৰকাশ পাইছে –সেই বোৰ হ'ল গেটৱে হাউচ, নিউজৱিক, [7] rediff.com,[8] আৰু প্ৰগতি।[9] সম্প্ৰচাৰিত মাধ্যমত বিশেষ কৈ BBC, CNN-IBN আদি টেলিভিছন চেনেলত বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰিছে। তাৰ উপৰি, তেওঁ বহুতো ৰাজহুৱা অনুষ্ঠানত বক্তৃতা দিবলৈ আমন্ত্ৰিত হৈছিল, য’ত তেওঁ গ্ল’বেল সম্পৰ্ক, ভূ-ৰাজনৈতিক বিষয়, আৰু ভাৰতৰ কূটনৈতিক নীতি সম্পৰ্কত আলোকপাত কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

নীলাম দেও প্ৰমোদ দেওৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁ এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ (IAS) অধিকাৰী আছিল আৰু পূৰ্বে কেন্দ্ৰীয় বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগ (Central Electricity Regulatory Commission)-ৰ অধ্যক্ষৰ পদত আছিল।

তেওঁলোকৰ নন্দিনী দেও নামৰ এগৰাকী কন্যা আছে, যি লেহাই বিশ্ববিদ্যালয় (Lehigh University), পেনসিলভেনিয়াত ৰাজনীতি বিজ্ঞানৰ সহ-প্ৰফেচৰ (Associate Professor) হিচাপে কৰ্মৰত।

তেওঁলোকৰ তিনিজন নাতি-নাতনি আছে। তেওঁলোক ক্ৰমে জ্ঞান, কবি আৰু আশা।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. "Board of Directors, Breakthrough.tv". www.breakthrough.tv. Archived from the original on 13 August 2014. https://web.archive.org/web/20140813102633/http://breakthrough.tv/about-us/board-of-directors/। আহৰণ কৰা হৈছে: 2012-04-20. 
  2. "Gateway House Biodata". Archived from the original on 29 January 2013. https://web.archive.org/web/20130129051511/http://www.gatewayhouse.in/expert/internal/ambassador-neelam-deo। আহৰণ কৰা হৈছে: 2012-04-20. 
  3. "Career". Gateway House: Indian Council on Global Relations. Archived from the original on 29 January 2013. https://web.archive.org/web/20130129051511/http://www.gatewayhouse.in/expert/internal/ambassador-neelam-deo। আহৰণ কৰা হৈছে: 2012-04-20. 
  4. "Public Appearances". Youtube.com. https://www.youtube.com/watch?v=ETxBGQMP_dE. 
  5. "Diaspora". https://www.youtube.com/watch?v=Q9gtHR7Jje0. 
  6. "Newsweek". Archived from the original on 17 February 2013. https://archive.today/20130217230032/http://www.gatewayhouse.in/publication/public/news-articles/india%E2%80%99s-finance-stars-feel-chill. 
  7. "Newsweek". Archived from the original on 17 February 2013. https://archive.today/20130217230032/http://www.gatewayhouse.in/publication/public/news-articles/india%E2%80%99s-finance-stars-feel-chill. 
  8. "Newsweek". Archived from the original on 17 February 2013. https://archive.today/20130217230032/http://www.gatewayhouse.in/publication/public/news-articles/india%E2%80%99s-finance-stars-feel-chill. 
  9. "Pragati". http://pragati.nationalinterest.in/wp-content/uploads/2011/06/pragati-issue51-jun2011-communityed.pdf.