নীলম শৰ্মা
| নীলম শৰ্মা | |
|---|---|
| জন্ম | ৭ মাৰ্চ ১৯৬৯ |
| মৃত্যু | ১৭ আগষ্ট, ২০১৯ (৫০ বছৰ) |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| শিক্ষানুষ্ঠান | লেডী শ্ৰী ৰাম কলেজ জামিয়া মিলিয়া ইছলামিয়া |
| পেচা | নিউজ এংকৰ, সাংবাদিক |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৫-২০১৯ |
| দাম্পত্যসঙ্গী | অনিল কাপুৰ (একে নামৰ অভিনেতাৰ লগত বিভ্ৰান্ত নহ'ব) |
| সন্তান | নীলভ কাপুৰ |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | আদি বডি উইমেন এচিভাৰ্ছ এৱাৰ্ড ২০১০
মিডিয়া জগাৰনাট ২০১৩ নাৰী শক্তিপুৰস্কাৰ ২০১৯ |
নীলম শৰ্মা ( ইংৰাজী: : Neelum Sharma ; ৭ মাৰ্চ ১৯৬৯ – ১৭ আগষ্ট ২০১৯)[1] এগৰাকী ভাৰতীয় এংকৰ আছিল যি দূৰদৰ্শনৰ অন্যতম প্ৰতিষ্ঠাপক এংকৰ হিচাপে আটাইতকৈ বেছি পৰিচিত আছিল আৰু ভাৰতৰ মহিলাৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছিল।[2][3]
জীৱন
[সম্পাদনা কৰক]
নীলমে তেওঁৰ শ্ব' তেজস্বিনীৰ জৰিয়তে ভাৰতৰ মহিলা সাফল্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[2] তেওঁ এগৰাকী তথ্যচিত্ৰ নিৰ্মাতাও আছিল, তেওঁৰ নামত ৬০খনতকৈও অধিক ছবি আছিল।[4] ১৯৯৫ চনত দূৰদৰ্শনৰ সৈতে কৰ্ম জীৱন আৰম্ভ কৰা নীলমে ২০ বছৰতকৈও অধিক সময় এই চেনেলৰ সৈতে জড়িত আছিল।[5] ২০১৯ চনৰ ১৭ আগষ্টত ৫০ বছৰ বয়সত কেন্সাৰ ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[6][6]
মহিলা সবলীকৰণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় মহিলাৰ বাবে ৰখা সৰ্বোচ্চ অসামৰিক বঁটা নাৰী শক্তিপুৰস্কাৰেৰে ২০১৯ চনত তেওঁক সন্মান জনোৱা হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Veteran Doordarshan News Anchor Neelum Sharma Passes Away at 50 After Battling Cancer". News18. 17 August 2019. https://www.news18.com/news/india/veteran-doordarshan-news-anchor-neelum-sharma-passes-away-at-50-after-battling-cancer-2274075.html.
- ↑ 2.0 2.1 "Doordarshan Anchor and Nari Shakti Award Winner Neelum Sharma passes away". DD News. 17 August 2019. http://www.ddnews.gov.in/national/doordarshan-anchor-and-nari-shakti-award-winner-neelum-sharma-passes-away। আহৰণ কৰা হৈছে: 2019-08-17.
- ↑ "Veteran DD News anchor Neelum Sharma is no more" (en ভাষাত). Exchange4Media. 17 August 2019. https://www.exchange4media.com/media-tv-news/veteran-dd-news-anchor-neelum-sharma-is-no-more-98916.html। আহৰণ কৰা হৈছে: 2019-08-17.
- ↑ "Neelum Sharma, senior DD News anchor, passes away, journalists pay tributes" (en ভাষাত). News Nation. 17 August 2019. https://www.newsnation.in/india-news/neelum-sharma-senior-dd-news-anchor-passes-away-article-234363.html। আহৰণ কৰা হৈছে: 2019-08-17.
- ↑ "DD News anchor Neelum Sharma passes away" (en-IN ভাষাত). The Indian Express. 2019-08-17. https://indianexpress.com/article/india/dd-news-anchor-neelum-sharma-passes-away-5913243/। আহৰণ কৰা হৈছে: 2019-08-18.
- ↑ "Veteran DD News anchor Neelum Sharma dies". Press Trust of India. 17 August 2019. http://www.ptinews.com/news/10786468_Veteran-DD-News-anchor-Neelum-Sharma-dies.html.