নীলা-পাখিৰ পেৰেকিট
| চিটাকুলা কলম্ব’ইডছ | |
|---|---|
| মাঙ্গাঁও, ৰায়গড়, মহাৰাষ্ট্ৰত পোৱা মতা নীলা-পাখিৰ পেৰেকিট চৰাই | |
| সংৰক্ষণ স্থিতি | |
| বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| Unrecognized taxon (ঠিক কৰক): | চিটাকুলা |
| প্ৰজাতি: | চ. কলম্ব’ইডছ |
| দ্বৈৰাশিক নামকৰণ | |
| চিটাকুলা কলম্ব’ইডছ (Vigors, 1830)[3] | |
নীলা-পাখিৰ পেৰেকিট ইংৰাজী: :blue-winged parakeet,(Psittacula columboides), যাক মালাবাৰ পেৰেকিট বুলিও জনা যায়, দক্ষিণ ভাৰতৰ পশ্চিমঘাট অঞ্চলত স্থানীয়ভাৱে পোৱা এবিধ পেৰেকিট প্ৰজাতি। ইহঁত সৰু সৰু জাকত থাকে আৰু অৰণ্যৰ মুকলি ঠাইবোৰত তীব্ৰ বেগেৰে উৰি ফুৰে। উৰাৰ সময়ত ইহঁতে কৰা তীক্ষ্ণ চিঞৰ আন আন পেৰেকিট প্ৰজাতিৰ মাততকৈ পৃথক।
ইহঁতৰ নেজ দীঘল আৰু নীলা ৰঙৰ, আৰু নেজৰ একেবাৰে আগটো হালধীয়া ৰঙৰ। ডেউকাবোৰ ক’লা, কিন্তু তাত নীলা ৰঙৰ আভা দেখা যায়। আনহাতে, মূৰ আৰু দেহৰ ৰং ম্লান ধূসৰ। সেয়ে নীলা নেজ, হালধীয়া নেজৰ আগ, আৰু নীলা আভাযুক্ত ক’লা ডেউকাৰ ৰঙে ধূসৰ মূৰ আৰু দেহৰ সৈতে স্পষ্ট পাৰ্থক্য সৃষ্টি কৰে।পূৰ্ণবয়স্ক মতা আৰু মাইকী পেৰেকিটক ইহঁতৰ ঠোঁটৰ ৰঙৰ পাৰ্থক্যৰ জৰিয়তে সহজেই চিনাক্ত কৰিব পাৰি।
বিৱৰণ
[সম্পাদনা কৰক]নীলা-পাখিযুক্ত পেৰেকিটৰ দেহৰ ৰং নীলা-ধূসৰ আৰু নেজ দীঘল; নেজৰ আগটো হালধীয়া। মতা আৰু মাইকী দুয়োটাৰে ডিঙিত সম্পূৰ্ণ ক’লা বলয় বিদ্যমান । মতা চৰাইটোৰ ক’লা ডিঙিৰ বলয়ৰ তলৰ কাষত নীলা-সেউজীয়া ৰং থাকে। ইয়াৰ ওপৰৰ ঠোঁটটো ৰঙা আৰু আগটো বগা। আনহাতে, মাইকী চৰাইটোৰ ঠোঁট সম্পূৰ্ণ ক’লা আৰু ডিঙিত কেৱল ক’লা বলয়টোহে থাকে। মাইকী নীলা-পাখিৰ পেৰেকিট দেখাত মাইকী প্লাম-হেডেড পেৰেকিটৰ সৈতে মিল আছে। অৱশ্যে প্লাম-হেডেড পেৰেকিটৰ ডিঙিত থকা বহল হালধীয়া বলয়ৰ বাবে দুয়োটা প্ৰজাতিক সহজে পৃথক কৰিব পাৰি। এই চৰাইবোৰ জাক পাতি অৰণ্যৰ মাজেৰে চলাচল কৰে আৰু একেৰাহে “কীক-কীক-কীক” মাতেৰে তীক্ষ্ণ চিঞৰ মাৰে।[4][5]
নীলা-পাখিৰ পেৰেকিটে উত্তৰ-পূব মৌচুমী বায়ুৰ পিছত হোৱা শুষ্ক ঋতুত প্ৰজনন কৰে। জুন মাহত দক্ষিণ-পশ্চিম মৌচুমী বায়ু অহাৰ আগতেই পোৱালিবোৰে উৰিবলৈ সক্ষম হয়। ইহঁতে গছৰ গাত থকা ফোঁপোলা অংশ বা গছৰ খোৰেংত বাহ সাজে। বিশেষকৈ ওখ মেছুৱা ফেৰা গছত থকা ফোঁপোলা অংশত বাহ সজা দেখা যায়।[6] পুৰণি কাঠঠোকৰা আৰু বাৰবেট চৰাইৰ বাহো ইহঁতে ব্যৱহাৰ কৰে। ইহঁতৰ প্ৰজনন ডিচেম্বৰ মাহত আৰম্ভ হয় আৰু ডিচেম্বৰ তথা জানুৱাৰী মাহত কণী পাৰে। সাধাৰণতে এটা বাহত ৪টা কণী থাকে আৰু প্ৰায় ২৩ দিনৰ পিছত কণীবোৰ ফুটে। আৰম্ভণিতে মাইকী চৰাইটোৱে কণী উমনি দিয়ে আৰু মতা চৰাইটোৱে খাদ্য যোগান ধৰে। পিছলৈ মতা চৰাইটোৱে কণী উমনি দিয়াৰ দায়িত্ব লয়। পোৱালিবোৰ প্ৰায় এমাহৰ ভিতৰত উৰিবলৈ সক্ষম হয় আৰু তাৰ পিছত বাহ এৰি যায়। কেতিয়াবা পোৱালিবোৰ ব্যৱসায়ৰ বাবে ধৰা হয়।[7] কিছুমান নীলা-পাখিযুক্ত পেৰেকিটে লৰান্থাছ লংফ্ল’ৰাছউদ্ভিদৰ পাত খাই থকা খোৱা দোখা পোৱা যায়।[8]
এই প্ৰজাতিৰ আটাইতকৈ ঘনিষ্ঠ বৈশিষ্ঠ থকা জীৱিত প্ৰজাতিৰ পেৰেকিটে হৈছে লেয়াৰ্ডছ পেৰেকিট , যি শ্ৰীলংকাত স্থানীয় ভাবে বাস কৰা প্ৰজাতি।[9]
বিস্তৃতি
[সম্পাদনা কৰক]এই পেৰেকিট প্ৰজাতিটো পশ্চিমঘাটৰ প্ৰায় ১৯° উত্তৰ অক্ষাংশৰ দক্ষিণ অংশৰ পৰা (বোম্বাইৰ উত্তৰত অৱস্থিত কাছা অঞ্চল) কেৰালা পৰ্যন্ত বিস্তৃত।[6] ইয়াৰ বিস্তৃতি পালনি আৰু নীলগিৰি পৰ্বতমালালৈকে প্ৰসাৰিত হৈছে।[10] ইয়াৰ উপৰি, পূবঘাটৰ সংলগ্ন অঞ্চল, যেনে বিলিগিৰিৰংগন পৰ্বতমালাতো এই প্ৰজাতিটো পোৱা যায়। ভাৰতৰ কোল্লি পাহাৰ অঞ্চলত ইয়াৰ বিস্তৃতি আৰু অধিক পূবলৈকে হোৱা সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে।[11]
সংস্কৃতিত পেৰেকিট
[সম্পাদনা কৰক]এই প্ৰজাতিৰ পেৰেকিটৰ বাণিজ্য অতীতত কৰা হৈছিল, যদিও বৰ্তমান ভাৰতত ইয়াৰ বাণিজ্য অবৈধ। পোহনীয়া চৰাইৰ বাণিজ্যত ইয়াক “বাবাবুদান পেৰট” নামেৰে জনা গৈছিল। লগতে, ই অতি ভালদৰে কথা ক’ব পৰা চৰাই বুলি এক বিভ্ৰান্তিকৰ খ্যাতিও আছে। [6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2024). Nicopsitta columboides. doi:10.2305/IUCN.UK.2024-2.RLTS.T22685489A264059486.en.
- ↑ সাঁচ:Cite Species+
- ↑ Vigors, NA (1830) Notice on some new species of birds. Zoological Journal 5:273-275.
- ↑ Rasmussen PC; JC Anderton (2005). Birds of South Asia. The Ripley Guide. Volume 2. প্ৰকাশক Washington DC & Barcelona: Smithsonian Institution and Lynx Edicions. পৃষ্ঠা. 220.
- ↑ Blanford, WT (1895). The Fauna of British India, including Ceylon and Burma. Birds. Volume 3.. প্ৰকাশক London: Taylor and Francis. পৃষ্ঠা. 255. https://archive.org/stream/faunaofbritishin03oate#page/255/mode/1up/.
- 1 2 3 Ali S; SD Ripley (1981). Handbook of the Birds of India and Pakistan. Volume 3 (2nd সম্পাদনা). প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 185–187.
- ↑ Gokula, V; C Venkatraman (2003). "Foraging and breeding biology of the Malabar Parakeet Psittacula columboides in the Siruvani foothills, Tamil Nadu, India". Forktail খণ্ড 13: 138–139. http://www.orientalbirdclub.org/publications/forktail/19pdfs/Gokula-Malabar.pdf.
- ↑ Apte S (2004). "Blue-winged Parakeet Psittacula columboides, Family Psittacidae, feeding on Loranthus leaves". J. Bombay Nat. Hist. Soc. খণ্ড 101 (1): 155. https://biodiversitylibrary.org/page/48568075.
- ↑ Kundu S.; C.G. Jones; R.P. Prys-Jones; J.J. Groombridge (2012). "The evolution of the Indian Ocean parrots (Psittaciformes): Extinction, adaptive radiation and eustacy". Molecular Phylogenetics and Evolution খণ্ড 62 (1): 296–305. doi:10.1016/j.ympev.2011.09.025. PMID 22019932.
- ↑ Srinivasan, U.; Prashanth, N.S. (2006). "Preferential routes of bird dispersal to the Western Ghats in India: An explanation for the avifaunal peculiarities of the Biligirirangan Hills". Indian Birds খণ্ড 2 (4): 114–119. Archived from the original on 2011-08-18. https://web.archive.org/web/20110818122536/http://indianbirds.in/pdfs/Preferential%20routes%20of%20bird%20dispersal%20to%20the%20Western%20Ghats%20in%20India.pdf। আহৰণ কৰা হৈছে: 2011-09-08.
- ↑ Karthikeyan, S (1996). "Bird attracting trees and birds of Shevaroys and Kolli Hills". Newsletter for Birdwatchers খণ্ড 36 (3): 49–51. https://archive.org/stream/NLBW36_3#page/n8/mode/1up.