সমললৈ যাওক

নীলিকা মালাভিগে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলিকা মালাভিগে
জন্ম নীলিকা মালাভিগে
কৰ্মস্থান জয়বৰ্ধনেপূৰা বিশ্ববিদ্যালয়
উল্লেখনীয় বঁটা থাৰ্ড ৱৰ্ল্ড একাডেমী চায়েন্স (২০১২)
জণ্টা এৱাৰ্ড (২০১৪)
দাম্পত্যসঙ্গী লান্থাছা মালাভিগে

গাথছৌৰী নীলিকা মালাভিগে এগৰাকী শ্ৰীলংকাৰ শিক্ষাবিদ, বিশ্ববিদ্যালয়ৰ অধ্যাপিকা, গৱেষক আৰু বিজ্ঞানী। ২০২০ চনৰপৰা তেওঁ শ্ৰী জয়ৱৰ্ধনেপূৰা বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞান অনুষদৰ ইমিউন'লজী আৰু আণৱিক বিজ্ঞান বিভাগৰ মুৰব্বীৰ লগতে অধ্যাপিকা।[1] ২০০৮ চনৰপৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অতিথি প্ৰবক্তা হিচাপে কৰ্মৰত। শ্ৰীলংকাৰ প্ৰথম যৌনবিজ্ঞানী হিচাপে গণ্য কৰা লাছান্থা মালাভিজৰ সৈতে তেওঁৰ বিবাহ হয়।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০০০ চনত কলম্বো বিশ্ববিদ্যালয়ৰপৰা এম বি বি এছ ডিগ্ৰী লাভ কৰে নীলিকাই। তেওঁ ব্ৰিটেইনলৈ গুচি যায় আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এম আৰ চি ৱেদাৰল ইনষ্টিটিউট অৱ মলিকুলাৰ মেডিচিনত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু ২০০৮ চনত তেওঁ দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।.[3] ২০০৪ চনত কমনৱেলথ বৃত্তি আঁচনিৰ জৰিয়তে অক্সফৰ্ড বিশ্ববিদ্যালয়ত ডক্টৰেট অধ্যয়ন কৰে। ব্ৰিটেইনত উচ্চ শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ পুনৰ শ্ৰীলংকালৈ উভতি যায় আৰু ২০০৮ চনত অতিথি প্ৰবক্তা হিচাপে শৈক্ষিক কেৰিয়াৰ গ্ৰহণ কৰে।[4]

২০০৫ চনত যুক্তৰাজ্য (ইউ কে)ৰ ৰয়েল কলেজ অৱ ফিজিচিয়ানছৰ সদস্যপদ লাভ কৰে। ইয়াৰ উপৰি তেওঁ যুক্তৰাজ্যৰ ৰয়েল কলেজ অৱ ফিজিচিয়ানৰ ফেলো হিচাপে নিৰ্বাচিত হয় আৰু ২০১৫ চনত যুক্তৰাজ্যৰ ৰয়েল কলেজ অৱ পেথ'লজিষ্টৰ ফেল'শ্বিপও লাভ কৰে।[5]

২০১২ চনৰপৰা তেওঁ শ্ৰী জয়ৱৰ্ধনেপূৰা বিশ্ববিদ্যালয় বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ডেংগু ৰিচাৰ্চৰ পৰিচালক হিচাপেও কাম কৰে।[6] ২০০৮ চনৰপৰা ২০১৩ চনলৈকে মাইক্ৰ’বায়’লজী বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনৰপৰা ২০১৫ চনলৈকে তিনিবছৰীয়া কাৰ্যকালত মাইক্ৰ’বায়’লজী বিভাগৰ মুৰব্বী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৩ চনৰপৰা ২০২০ চনলৈকে তেওঁ অণুজীৱবিজ্ঞান বিভাগৰ অধ্যাপিকা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।[4]

ব্ৰিটিছ ছ'চাইটি অৱ ইমিউন'লজি, শ্ৰীলংকা কলেজ অৱ ফিজিচিয়ানছ, শ্ৰীলংকা মেডিকেল এছ'চিয়েচন, ইউৰোপিয়ান একাডেমী অৱ এলাৰ্জ'লজি এণ্ড ক্লিনিকেল ইমিউন'লজি, ইণ্টাৰনেশ্যনেল ছ'চাইটি অৱ ইনফেকচিয়েছ ডিজিজ আৰু আমেৰিকান ছ'চাইটি অৱ ট্ৰপিকেল এণ্ড হাইজিন আদি কেইবাটাও বিশিষ্ট সংস্থাৰ সদস্য।[4] ক'ভিড-১৯ এণ্টি-বডি পৰীক্ষা কৰা অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণা দলৰ এগৰাকী মূল সদস্যও।[7][8] ২০২০ চনৰ মাৰ্চ মাহত ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ ইনফেকচিয়েছ ডিজিজ (আই এছ আই ডি)ৰ কাৰ্যনিৰ্বাহক সমিতিত যোগদান কৰে। কাৰ্যবাহী সমিতিত যোগদান কৰাৰ পূৰ্বে ২০১২ চনৰপৰা ২০২০ চনলৈকে তেওঁ আই এছ আই ডিৰ পৰিষদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[9]

বৰ্তমান তেওঁ শ্ৰীলংকাত ক'ভিড-১৯ মহামাৰীৰ সন্দৰ্ভত গৱেষণাত নিয়োজিত হৈ আছে আৰু সময়ে সময়ে শ্ৰীলংকাৰ ক'ভিড পৰিস্থিতিৰ বিষয়ে আপডেট আৰু বিবৃতি দি আছে।[10][11][12] ক'ভিড-১৯ৰ নতুন ভিন্নতা আৰু প্ৰজাতি চিনাক্তকৰণ আৰু বিশ্লেষণৰ ক্ষেত্ৰতো তেওঁ সক্ৰিয়ভাৱে জড়িত।[13][14][15] ২০২১ চনৰ জুন মাহত তেওঁ ব্যক্তিগত কাৰণ আৰু কৰ্মবোজাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ স্বতন্ত্ৰ ভেকচিন পৰামৰ্শদাতা বিশেষজ্ঞ সমিতিৰপৰা পদত্যাগ কৰে।[16][17][18]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Prof. Malavige on second jab, concerns over AstraZeneca and more". Print Edition - The Sunday Times, Sri Lanka. http://www.sundaytimes.lk/210314/news/prof-malavige-on-second-jab-concerns-over-astrazeneca-and-more-436184.html আহৰণ কৰা হৈছে: 2021-05-02.
  2. "Financial News | Sundayobserver.lk". archives.sundayobserver.lk. https://archives.sundayobserver.lk/2011/01/16/fin14.asp আহৰণ কৰা হৈছে: 2021-05-02.
  3. "'If India can, why can't we?': Prof. Neelika Malavige on SL's capacity to produce a Covid-19 vaccine". www.themorning.lk. 30 January 2021. https://www.themorning.lk/if-india-can-why-cant-we-prof-neelika-malavige/ আহৰণ কৰা হৈছে: 2021-05-02.
  4. 1 2 3 "Prof. Neelika Malavige, Department of Immunology and Molecular Medicine | University of Sri Jayewardenepura" (en-US ভাষাত). Archived from the original on 2018-06-13. https://web.archive.org/web/20180613045242/http://www.sjp.ac.lk/sites/malavige/ আহৰণ কৰা হৈছে: 2021-05-02.
  5. "And the Best Researcher is....." (en-US ভাষাত). USJ - University of Sri Jayewardenepura, Sri Lanka. 2015-11-19. https://www.sjp.ac.lk/news/and-the-best-researcher-is/ আহৰণ কৰা হৈছে: 2021-05-02.
  6. "World Vision, Citi-Foundation support anti-body testing efforts" (en ভাষাত). Sunday Observer. 2020-08-22. http://archives1.sundayobserver.lk/2020/08/23/world-vision-citi-foundation-support-anti-body-testing-efforts আহৰণ কৰা হৈছে: 2021-05-02.
  7. "Oxford University researchers release cheap, quick COVID-19 antibody test" (en ভাষাত). Daily News. http://www.dailynews.lk/2021/03/30/world/245370/oxford-university-researchers-release-cheap-quick-covid-19-antibody-test আহৰণ কৰা হৈছে: 2021-05-02.
  8. "Oxford scientists release cheap, quick COVID-19 antibody test, Sri Lankan among researchers" (en-US ভাষাত). NewsWire. 2021-03-30. https://www.newswire.lk/2021/03/30/oxford-scientists-release-cheap-quick-covid-19-antibody-test-sri-lankan-among-researchers/ আহৰণ কৰা হৈছে: 2021-05-02.[সংযোগবিহীন উৎস]
  9. "Neelika Malavige Joins ISID's Executive Committee" (en-US ভাষাত). ISID. 2020-05-16. https://isid.org/neelika-malavige-joins-isids-executive-committee/ আহৰণ কৰা হৈছে: 2021-05-02.
  10. "New and more potent strain of coronavirus detected in Sri Lanka: immunologist" (en-IN ভাষাত). The Hindu. PTI. 2021-04-24. ISSN 0971-751X. https://www.thehindu.com/news/international/new-and-more-potent-strain-of-coronavirus-detected-in-sri-lanka-immunologist/article34400192.ece.
  11. "Covid-19 is now airborne - Prof. Neelika Malavige" (English ভাষাত). www.dailymirror.lk. http://www.dailymirror.lk/print/front_page/Covid-19-is-now--airborne----Prof--Neelika-Malavige/238-210559 আহৰণ কৰা হৈছে: 2021-05-02.
  12. "(VIDEO) New COVID variant detected; Prof. Malavige urges to wear facemasks" (en ভাষাত). Sri Lanka News - Newsfirst. 2021-04-23. https://www.newsfirst.lk/2021/04/23/video-new-covid-variant-detected-prof-malavige-urges-to-wear-facemasks/ আহৰণ কৰা হৈছে: 2021-05-02.
  13. "BSL Academy to promote women and girls in science for a greener planet | Daily FT" (English ভাষাত). www.ft.lk. http://www.ft.lk/hr/BSL-Academy-to-promote-women-and-girls-in-science-for-a-greener-planet/47-713394 আহৰণ কৰা হৈছে: 2021-05-02.
  14. Nadeera, Dilshan. "Prof. Malavige pleads to keep virulent coronavirus strain from S. Africa, UK out of Sri Lanka" (en-US ভাষাত). http://island.lk/prof-malavige-pleads-to-keep-virulent-coronavirus-strain-from-s-africa-uk-out-of-sri-lanka/ আহৰণ কৰা হৈছে: 2021-05-02.
  15. "We continue to sequence virus strains in Sri Lanka: Prof Malavige" (English ভাষাত). www.dailymirror.lk. http://www.dailymirror.lk/breaking_news/We-continue-to-sequence-virus-strains-in-Sri-Lanka-Prof-Malavige/108-202426 আহৰণ কৰা হৈছে: 2021-05-02.
  16. "Prof. Neelika Malavige resigns from vaccine committee - Latest News | Daily Mirror" (English ভাষাত). www.dailymirror.lk. https://www.dailymirror.lk/latest_news/Prof-Neelika-Malavige-resigns-from-vaccine-committee/342-215031 আহৰণ কৰা হৈছে: 2021-07-02.
  17. "Prof. Neelika Malavige resigns from vaccine advisory committee" (en ভাষাত). www.adaderana.lk. http://www.adaderana.lk/news/75023/prof-neelika-malavige-resigns-from-vaccine-advisory-committee আহৰণ কৰা হৈছে: 2021-07-02.
  18. "Two more resign from vaccine committee". Print Edition - The Sunday Times, Sri Lanka. http://www.sundaytimes.lk/210627/news/two-more-resign-from-vaccine-committee-447555.html আহৰণ কৰা হৈছে: 2021-07-02.