নীলিমা দত্ত
অৱয়ব
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| নীলিমা দত্ত | |
|---|---|
| জন্ম | ১৯২৫ শিলঘাট, নগাঁও, অসম |
| মৃত্যু | ২০০২ |
| পেচা | কবি, ঔপন্যাসিক, অনুবাদক, অধ্যাপিকা |
| উল্লেখযোগ্য কৰ্ম | শেষ নাই, আকাশবন্তি, দৰ্শনৰ কাহিনী |
| দাম্পত্যসঙ্গী | ভবানন্দ দত্ত |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | প্ৰবীণা শইকীয়া সাহিত্য বঁটা (১৯৯৯) |
নীলিমা দত্ত (১৯২৫–২০০২) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, ঔপন্যাসিক, অনুবাদক, নিবন্ধকাৰ আৰু শিশু সাহিত্যিক আছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
জন্ম আৰু শিক্ষাজীৱন
[সম্পাদনা কৰক]নীলিমা দত্তৰ জন্ম ১৯২৫ চনত নগাঁৱৰ শিলঘাটৰ এক সম্ভ্ৰান্ত পৰিয়ালত হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত এম.এ. ডিগ্ৰী লাভ কৰিছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁ প্ৰখ্যাত কবি, দাৰ্শনিক আৰু মাৰ্ক্সবাদী চিন্তাবিদ ভবানন্দ দত্তৰ সৈতে বিবাহিত হৈছিল। স্বামীৰ অকাল মৃত্যু হওয়াত তেওঁ বৈধৱ্যজীৱন যাপন কৰে।
কৰ্মজীৱন
[সম্পাদনা কৰক]নীলিমা দত্তই এম.এ. ডিগ্ৰী লাভ কৰাৰ পাছত সন্দিকৈ কলেজত আৰু পাছত গুৱাহাটী কলেজত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
সাহিত্য জীৱন
[সম্পাদনা কৰক]কাব্যসংকলন
[সম্পাদনা কৰক]- শেষ নাই (১৯৬৫)
- অন্ধকূপ (১৯৭১)
- প্ৰভাকৰ (১৯৭৭)
- সুৰৰ ছবি আৰু প্ৰাণৰ সুৰ (১৯৮৮)
- জোকাৰ (১৯৮৭)
উপন্যাস
[সম্পাদনা কৰক]- আকাশবন্তি (১৯৬৭)
- শৈল শিখৰ (১৯৬৯)
- মই আৰু আমি (১৯৮৭)
- প্ৰাণশিখা (১৯৮৭)
- ধুমুহাৰ পিছত (১৯৯২)
- সেউজীয়া সময় (১৯৯৪)
- সম্পাদক (১৯৯৮)
জীৱনী আৰু অনুবাদ সাহিত্য
[সম্পাদনা কৰক]- ৰতনপুৰৰ ৰত্ন ভবানন্দ দত্ত
- উইল ডুৰাণ্টৰ The Story of Philosophy গ্ৰন্থৰ অনুবাদ – দৰ্শনৰ কাহিনী (১৯৯৫)
বঁটা
[সম্পাদনা কৰক]- প্ৰবীণা শইকীয়া সাহিত্য বঁটা – ১৯৯৯ চন
মৃত্যু
[সম্পাদনা কৰক]২০০২ চনত নীলিমা দত্তৰ মৃত্যু হয়।
তথ্য উৎস
[সম্পাদনা কৰক]- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬