সমললৈ যাওক

নীলু চক্ৰৱৰ্তী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নীলু চক্ৰৱৰ্তী
জন্ম ২৩ ছেপ্টেম্বৰ ১৯৩৮
গুৱাহাটী, অসম
পেচা নাট্যশিল্পী, অভিনেতা, আকাশবাণী কৰ্মচাৰী
উল্লেখযোগ্য কৰ্ম সুৰঙ্গৰ শেষত, ঘৰত কোন আছে, জোৱাঁই, মণিৰাম দেৱান
বঁটা, সন্মান, পুৰস্কাৰ আদি জ্যোতিৰূপ মিডিয়া বঁটা, মুনলাইট মিডিয়া বঁটা

নীলু চক্ৰৱৰ্তী (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৩৮) এগৰাকী খ্যাতনামা অসমীয়া নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক। তেওঁ 'প্ৰগতি শিল্পী সংঘ' আৰু 'বৈজয়ন্তী' নামৰ সাংস্কৃতিক গোষ্ঠীৰ অন্যতম গুৰি ধৰোতা আছিল। লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত বহুদিন চাকৰি কৰি ভালেকেইখন জনপ্ৰিয় অনাঁতাৰ প্ৰযোজনাৰ গুৰি ধৰে।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

নীলু চক্ৰৱৰ্তীৰ জন্ম ১৯৩৮ চনৰ ২৩ ছেপ্টেম্বৰত গুৱাহাটীত হৈছিল। তেওঁ ১৯৫৮ চনত কটন কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত অভিনয়ক জীৱনৰ লক্ষ্য হিচাপে বাছি লয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ প্ৰগতি শিল্পী সংঘ আৰু বৈজয়ন্তী নামৰ দুটা সাংস্কৃতিক অনুষ্ঠানৰ অন্যতম গুৰি ধৰোঁতা আছিল। ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত কৰ্মজীৱন আৰম্ভ কৰি ২০০০ চনত অনুষ্ঠান কাৰ্যনিৰ্বাহক হিচাপে অৱসৰ গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁ সুৰঙ্গৰ শেষত, গোবৰ্ধনচৰিত, ঘিনাই সাতোলা, বিৰিণাপাতৰ আঙুঠি আদি উল্লেখযোগ্য অনাঁতাৰ প্ৰযোজনাৰ সৃষ্টিত অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।

অভিনয় জীৱন

[সম্পাদনা কৰক]

মঞ্চনাটক

[সম্পাদনা কৰক]
  • মণিৰাম দেৱান
  • পিয়লি ফুকন
  • মগৰীবৰ আজান
  • শকুনিৰ প্ৰতিশোধ
  • ৰক্ষকুমাৰ কুকুৰনেচীয়া মানুহ

টেলিভিছন ধাৰাবাহিক (দূৰদৰ্শন)

[সম্পাদনা কৰক]
  • ঘৰত কোন আছে
  • পথৰুঘাটে ৰিঙিয়ায়
  • তেজাল ঘোঁৰা
  • ত্ৰিকাল
  • জোৱাঁই

চলচ্চিত্ৰসমূহ

[সম্পাদনা কৰক]
  • ভাইটি (১৯৭২)
  • বিভ্ৰাট (১৯৭২)
  • আদালত (১৯৭৬)
  • সন্ধ্যাৰাগ (১৯৭৭)
  • অগ্নিস্নান (১৯৮৫)
  • ইতিহাস (১৯৯৬)
  • ৰাগ-বিৰাগ (১৯৯৬)
  • অদাহ্য (১৯৯৭)

নাট্যলিখন

[সম্পাদনা কৰক]
  • সৰা শেৱালি
  • অৱশেষ
  • জ্যোতিৰূপ মিডিয়া বঁটা
  • মুনলাইট মিডিয়া বঁটা (জোৱাঁইত কৰা অভিনয়ৰ বাবে)

তথ্য উৎস

[সম্পাদনা কৰক]
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬