নীল (ৰামায়ণ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
নীল (ৰামায়ণ)
ৰামায়ণৰ চৰিত্ৰ
Nila-Ramayana(Bali-1880).jpg
ইণ্ডোনেছিয় চিত্ৰপটত নীল
তথ্য
পৰিয়াল অগ্নি (পিতৃ)
নল (ভাতৃ)

নীল হৈছে হিন্দু মহাকাব্য ৰামায়ণ ৰ এক বান্দৰ চৰিত্ৰ। সেই অনুসাৰে নীল আছিল দেৱতা অগ্নিৰ পুত্ৰ, যাৰ নামৰ আক্ষৰিক অৰ্থ নীলা বৰণ। মহাকাব্য ৰামায়ণত স্পষ্ট উল্লেখ পোৱা যায় যে বিষ্ণুৰ অৱতাৰ, অযোধ্যাৰ ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ ৰাম পিতৃবাক্য পালনাৰ্থে বনবাসলৈ যোৱাত বনতেই তেওঁৰ স্ত্ৰী সীতালংকাৰ ৰাক্ষস ৰজা ৰাৱণে অপহৰণ কৰে। সীতাৰ অনুসন্ধানকালত বানৰৰাজ সুগ্ৰীৱৰ সৈতে তেওঁৰ মিত্ৰতা হয় আৰু তেওঁ বানৰসকলৰ সহায়ত বানৰসেনা তৈয়াৰ কৰে। নীল আছিল এই বানৰদলৰ গোষ্ঠীপ্ৰধান।[1] তেওঁ অছিল কিষ্কিন্ধ্যাৰ বানৰৰাজ সুগ্ৰীৱৰ বানৰসেনাৰ অধিনায়ক। ৰাম ৰাৱণৰ যুদ্ধত ৰামৰ পক্ষে বানৰসেনাৰ সেনাধ্যক্ষৰ দায়িত্ব লয় আৰু লঙ্কাৰ ৰজা ৰাৱণৰ পক্ষে যুদ্ধত অংশ লোৱা একাধিক ৰাক্ষসক নিধন কৰে।

যদিও মূল ৰামায়ণ অনুসৰি ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ লংকা গমনৰ সুবিধাৰ বাবে সমুদ্ৰৰ ওপৰত নিৰ্মিত ভাৰতৰ দক্ষিণ দিশত অৱস্থিত ৰামেশ্বৰমৰ পৰা লঙ্কাৰ (যি বৰ্তমানে শ্ৰীলঙ্কা ৰাষ্ট্ৰ) মান্নাৰ অবধি বিস্তৃত বিশাল এক সেতু নিৰ্মাণৰ অন্যতম পৰিকল্পক আছিলে বানৰ নল[2][3] একাধিক সংস্কৰণভেদে এই ৰামসেতু নিৰ্মাণত ৰামৰ বানৰ সেনাৰ মাজৰ এক প্ৰযৌক্তিক বানৰ আৰু নলৰ ভ্ৰাতৃ হিচাপে নীলৰ নামো উল্লেখ পোৱা যায়।

পটভূমি[সম্পাদনা কৰক]

ৰামায়ণত বানৰ সেনাধ্যক্ষ নীলক অগ্নিদেৱৰ পুত্ৰ হিচাপে বৰ্ণিত কৰা হৈছে। ৰামৰ বানৰ সেনাৰ মাজত তেওঁ আছিল প্ৰথম উদ্দীপ্ত, খ্যাতিসম্পন্ন আৰু পৰাক্ৰমশালী বানৰ। ৰামায়ণৰ মুখ্য চৰিত্ৰ ৰামৰ স্ত্ৰী সীতাৰ লঙ্কাৰ ৰাক্ষস ৰজা ৰাৱণৰ দ্বাৰা অপহৰণৰ পিছত তেওঁৰ উদ্ধাৰৰ বাবে যিসকলে সহায় কৰিছিল সেইসকলৰ ভিতৰত নীল আছিল অন্যতম।[2]

সীতাৰ অনুসন্ধান[সম্পাদনা কৰক]

ৰামায়ণত নীলক বানৰৰাজ সুগ্ৰীৱৰ আজ্ঞাবাহী আৰু তেওঁৰ বানৰ সেনাৰ অধিনায়ক হিচাপে বৰ্ণনা কৰা হৈছে।[4] সুগ্ৰীৱে সীতাৰ অনুসন্ধান কৰিবলৈ নীলক আদেশ কৰা অনুসৰি তেওঁ বানৰ ৰাজ্যৰ সমস্ত বানৰক একত্ৰিত কৰে।[5] মহাকাব্যত বানৰৰাজ্য কিষ্কিন্ধ্যাৰ পৰা নিৰ্দিষ্টভাৱে দক্ষিণ পথগামী বানৰ দলটিৰ নিৰ্বাচিত দলপতি হিচাপে নীলৰ নাম উল্লেখ কৰা হৈছে।[6] মহাভাৰততো একাধিক পংক্তিত সীতাৰ অনুসন্ধানত নীলৰ অৱদানৰ কথাৰ উল্লেখ পোৱা যায়।[2]

ৰামায়ণত বানৰ সেনাৰ মাজত যি চাৰিজন বীৰৰ ভাৰতীয় মূল ভূখণ্ডৰ পৰা একে জাপে অনায়াসে লংকা পাবগৈ পৰাৰ ক্ষমতা আছে, সেইসকলৰ ভিতৰত নীল অন্যতম আছিল।[7] কাব্য প্ৰসঙ্গত শেষ পৰ্যন্ত ৰামভক্ত হনুমান আৰু বানৰ সেনাধ্যক্ষ নীল সীতাৰ সন্ধানত লংকালৈ সমুদ্ৰ পাৰ হৈ যোৱাৰ বাবে নিৰ্বাচিত হৈছিল। লংকালৈ যাবৰ বাবে সুগ্ৰীৱে নীলক পৰ্যাপ্ত খাদ্য সহজলভ্য এক পথ নিৰ্বাচন কৰিবলৈ কৈছিল। সুগ্ৰীৱ আৰু নীল উভয়ে বানৰ সৈন্যৰ নিৰ্দিষ্ট গতিবিধি নজৰ ৰখা আৰু তেওঁলোক যোৱাৰ সুগম্য পথ নিৰ্বাচন কৰিছিল।[8]

যুদ্ধক্ষেত্ৰত[সম্পাদনা কৰক]

কোম্পানী চিত্ৰপটত নীলৰ চিত্ৰ

ৰাম-ৰাৱণৰ যুদ্ধত ৰাৱণ আৰু তাৰ ৰাক্ষস সৈন্যৰ বিৰূদ্ধে ৰামৰ বানৰ সৈন্যৰ সেনাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈ নীলে তেওঁৰ বান্দৰদলৰ পৰিচালনা কৰিছিল। ৰামায়ণত সেনা সৰ্বাধিনায়ক নীলৰ সৈতে ৰাক্ষস নিকুম্ভৰ দ্বন্দ্বৰ বিস্তাৰিত উল্লেখ পোৱা যায়। ৰাক্ষস সৈন্যৰ দ্বাৰা আহত হৈয়ো নীলে নিকুম্ভৰ ৰথৰ চকা তুলি সেই চকাৰেই নিকুম্ভক হত্যা কৰে।[8] নীলে ৰাৱণপুত্ৰ প্ৰহস্তৰ সৈতেও ভীষণ যুদ্ধ কৰিছিল। ৰাক্ষস সৈন্যসকলে একেলগে বিভিন্ন দিশৰ পৰা তেওঁলৈ তীৰ নিক্ষেপ কৰাত পেলোৱাৰ পথ বিচাৰি নোপোৱাত এবাৰত প্ৰহস্তই গদালৈ তীব্ৰবেগে তেওঁৰ ফালে আগুৱাই আহে, প্ৰত্যুত্তৰত নীলে তেওঁলৈ ডাঙৰ শিল নিক্ষেপ কৰে আৰু পিছত পুনৰ ৰথৰ চকা নিক্ষেপ কৰি যুদ্ধক্ষেত্ৰত প্ৰহস্তক হত্যা কৰে৷[9] নীলে ৰাৱণৰ ৰথৰ ওপৰত জঁপিয়ায়ো ৰাৱণৰ সৈতে যুদ্ধ কৰে।[10][11] নীল আৰু হনুমানে একেলগে ৰাৱণপুত্ৰ ত্ৰিশিৰা আৰু মহোদৰৰ বিৰূদ্ধে যুদ্ধ কৰে আৰু তেওঁ লোকক হত্যা কৰে।[12] মহাভাৰতত বৰ্ণিত আছে যে নীল প্ৰমথি নামৰ এক ৰাক্ষসকো যুদ্ধক্ষেত্ৰত নিহত কৰিছিল।[2] কম্ব ৰামায়ণ অনুসৰি অসচেতনভাৱে ৰাৱণৰ জ্যেষ্ঠ পুত্ৰ মেঘনাদে নীলক পৰাজিত কৰে।[13]

নিজকে অজেয় প্ৰমাণ কৰাৰ হেতু নিজ গৃৃৃৃহত ৰাৱণে এক যজ্ঞৰ আয়োজন কৰিছিল। নীলৰ পৰিচালনাত বানৰদল সেই ঠাইত উপস্থিত থাকি ৰাৱণৰ আহুতিত বাধা দিয়ে। কৃত্তিবাসী ৰামায়ণত এই ঘটনাৰ বিস্তাৰিত বিৱৰণ আছে। কাহিনী অনুসৰি নীলে ৰাৱণৰ মূৰত উঠি প্ৰস্ৰাব কৰি দিয়াৰ ফলত ৰাৱণ অশুচি হৈ পৰে আৰু যজ্ঞ পণ্ড হয়।[14]

জৈন সংস্কৰণ[সম্পাদনা কৰক]

জৈন গ্ৰন্থ অনুসৰি নিলে জৈনদীক্ষা গ্ৰহণ কৰে আৰু বৰ্তমানৰ মহাৰাষ্ট্ৰৰ মাঙ্গী-তুঙ্গীৰ ওচৰত মোক্ষ লাভ কৰে।[15]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 538. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  2. 2.0 2.1 2.2 2.3 Mani, Vettam (1975). Puranic Encyclopaedia: A Comprehensive Dictionary With Special Reference to the Epic and Puranic Literature. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 519. ISBN 0-8426-0822-2. https://archive.org/details/puranicencyclopa00maniuoft. 
  3. Swamy p. 43
  4. Venkatesananda pp. 270, 282, 301
  5. Lefeber & Goldman, p. 117
  6. Lefeber & Goldman, p. 144
  7. Venkatesananda p. 228
  8. 8.0 8.1 Venkatesananda p. 270
  9. Venkatesananda p. 301
  10. Lefeber & Goldman, p. 238
  11. Venkatesananda pp. 302–3
  12. Venkatesananda p. 312
  13. Kamba Ramayana p. 325
  14. Lutgendorf pp. 143, 211
  15. "Mangi Tungi Temple". http://nashik.nic.in/htmldocs/touristplaces.htm. 

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]