সমললৈ যাওক

নীৰু চাদ্দা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডা০ বিচাৰক

নীৰু চাদ্দা
Nīrū Caḍḍhā
আন্তঃৰাষ্ট্ৰীয় সাগৰীয় আইনৰ ন্যায়াধীশ।
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১-১০-২০১৭
মনোনয়নকৰ্তা ভাৰত
নিয়োগকৰ্তা সাগৰীয় আইন সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ চুক্তিৰ পক্ষসমূহ।
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ ভ্লাদিমিৰভিচ গলিটচিন (২০১৭)
জিন-হ্যুন পাইক (২০১৭ – )
উপ ৰাষ্ট্ৰপতি Boualem Bouguetaia (২০১৭)
ডেভিদ জোচেফ আটাৰ্ড (২০১৭ – )
ব্যক্তিগত তথ্য
জন্ম
নীৰু চাদ্দা

২৭ মাৰ্চ, ১৯৫৫ (৭১ বছৰ)[1]
দিল্লী, India[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান দিল্লী বিশ্ববিদ্যালয় (এল এল এম আৰু পি এইচ ডি)
মিচিগান বিশ্ববিদ্যালয় আইন বিদ্যালয়, মিচিগান বিশ্ববিদ্যালয় (এল এল এম)
পেচা বিচাৰক
জীৱিকা বিচাৰকৰ্তা

নীৰু চাদ্দা (ইংৰাজী: Neeru Chadha; জন্ম: ২৭ মাৰ্চ ১৯৫৫; IAST: Nīrū Caḍhā) এগৰাকী ভাৰতীয় আইনবিদ৷ তেওঁ আন্তঃৰাষ্ট্ৰীয় সাগৰীয় আইন ন্যায়াধিকৰণ (ITLOS)ৰ সদস্য হিচাপে কাম কৰে। ইয়াৰ পূৰ্বে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আইনী আৰু সন্ধি বিভাগৰ মুৰব্বী অতিৰিক্ত সচিব আৰু আইনী উপদেষ্টা হিচাপেও বিভিন্ন পদবীত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।.[2][3]

চাদ্দাই দিল্লী বিশ্ববিদ্যালয় আৰু মিচিগান বিশ্ববিদ্যালয়ৰ আইন বিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী (এল এল এম) আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত ডক্টৰেট ডিগ্ৰী (পি এইচ ডি) লাভ কৰিছে।[1][4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

চাদ্দাই ভাৰত চৰকাৰৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল, য'ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব আৰু আইনী উপদেষ্টা (AS&LA)[1][5] ভাৰত চৰকাৰৰ আইনী পৰামৰ্শদাতা,[5] ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ পৰামৰ্শদাতা আৰু আইনী উপদেষ্টা,[1][5] আৰু বৈদেশিক পৰিক্ৰমাত যুটীয়া সচিব আৰু আইনী উপদেষ্টা (JS&LA), মন্ত্ৰালয়ৰ আইনী আৰু সন্ধি বিভাগ আদি অন্তৰ্ভুক্ত।[1][5]

চাদ্দাই কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা বিবাদত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷ তেওঁ হ'গত থকা স্থায়ী মধ্যস্থতা আদালত (পিচিএ)ৰ আগত বাংলাদেশ আৰু ভাৰতৰ মাজত বে অৱ বেংগল সামুদ্ৰিক সীমা মধ্যস্থতা গোচৰত ভাৰতীয় এজেণ্ট হিচাপে কাম কৰিছিল,[4][6]আন্তঃৰাষ্ট্ৰীয় সাগৰীয় আইন ন্যায়াধিকৰণ (ITLOS)ৰ আগত এনৰিকা লেক্সি কাণ্ড (ইটালী বনাম ভাৰত) গোচৰৰ বাবে ভাৰতীয় এজেণ্ট হিচাপে,[5][7] নেগোটেচন সম্পৰ্কীয় বাধ্যবাধকতাৰ বাবে ভাৰতীয় এজেণ্ট হিচাপে কাম কৰিছিল৷ ইয়াৰোপৰি পাৰমাণৱিক অস্ত্ৰ দৌৰ বন্ধ কৰাৰ সৈতে জড়িত আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ সন্মুখত পাৰমাণৱিক নিৰস্ত্ৰকৰণ (মাৰ্শ্বেল দ্বীপপুঞ্জ বনাম ভাৰত) গোচৰৰ সৈতে জড়িত,[1][8]পিচিএৰ আগত সিন্ধু জল কিশেংগাংগা মধ্যস্থতা (পাকিস্তান বনাম ভাৰত) গোচৰত সহ-ভাৰতীয় এজেণ্ট হিচাপে তেওঁ কাম কৰে৷[1][9] তেওঁ দক্ষিণ এছিয়ান এছ'চিয়েচন ফৰ আঞ্চলিক সহযোগিতাৰ মধ্যস্থতাৰ গভৰ্নিং ব'ৰ্ডৰ সদস্য হিচাপে পৰিষদ।[1][6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 "Judge Neeru Chadha". International Tribunal for the Law of the Sea. Archived from the original on 27 August 2018. https://web.archive.org/web/20180827075229/https://www.itlos.org/the-tribunal/members/judge-neeru-chadha/। আহৰণ কৰা হৈছে: 27 August 2018. 
  2. "Neeru Chadha becomes 1st Indian woman as member of ITLOS" (en-IN ভাষাত). The Hindu. PTI. 2017-06-15. ISSN 0971-751X. https://www.thehindu.com/news/international/neeru-chadha-becomes-1st-indian-woman-as-member-of-itlos/article19053500.ece. 
  3. "www.itlos.org: Judge Neeru Chadha". www.itlos.org. Archived from the original on 2018-08-27. https://web.archive.org/web/20180827075229/https://www.itlos.org/the-tribunal/members/judge-neeru-chadha/। আহৰণ কৰা হৈছে: 2019-03-06. 
  4. 4.0 4.1 Raj, Yashwant (15 June 2017). "Neeru Chadha first Indian woman elected to world body on maritime disputes". Hindustan Times. ISSN 0972-0243. OCLC 231696742. https://www.hindustantimes.com/world-news/neeru-chadha-first-indian-woman-elected-to-world-body-on-maritime-disputes/story-TofPIzwkEup4d3AnEaGYsI.html. 
  5. 5.0 5.1 5.2 5.3 5.4 "Neeru Chadha is first Indian woman elected international sea law tribunal judge". Aroon PurieIndia Today. 15 June 2017. ISSN 0254-8399. https://www.indiatoday.in/world/story/neeru-chadha-itlos-indian-government-982917-2017-06-15। আহৰণ কৰা হৈছে: 27 August 2018. 
  6. 6.0 6.1 "Neeru Chadha becomes 1st Indian woman as member of ITLOS". The Hindu. Press Trust of India (United Nations: N. Ram). 15 June 2017. ISSN 0971-751X. OCLC 13119119. https://www.thehindu.com/news/international/neeru-chadha-becomes-1st-indian-woman-as-member-of-itlos/article19053500.ece. 
  7. "The Enrica Lexie Incident (Italy v. India)". Permanent Court of Arbitrationpcacases.com. https://pcacases.com/web/view/117। আহৰণ কৰা হৈছে: 27 August 2018. 
  8. "Obligations concerning Negotiations relating to Cessation of the Nuclear Arms Race and to Nuclear Disarmament (Marshall Islands v. India)". International Court of Justice. https://www.icj-cij.org/en/case/158। আহৰণ কৰা হৈছে: 27 August 2018. 
  9. "Indus Waters Kishenganga Arbitration (Pakistan v. India)". Permanent Court of Arbitrationwww.pcacases.com. https://www.pcacases.com/web/view/20। আহৰণ কৰা হৈছে: 27 August 2018.