নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী | |
---|---|
চিত্ৰ:File:Nirendranath Chakraborty in 2014.jpeg | |
জন্ম | ১৯ অক্টোবৰ, ১৯২৪ ফৰিদপুৰ, বেঙ্গল প্ৰেছিডেন্সী, বৃটিছ ভাৰত (বৰ্তমান বাংলাদেশত) |
মৃত্যু | ২৫ ডিচেম্বৰ, ২০১৮ (৯৪ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
পেচা | Writer, poet, author |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমী বঁটা(১৯৭৪), বঙ্গ বিভূষণ (২০১৭) |
নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী (ইংৰাজী: Nirendranath Chakravarty; ১৯ অক্টোবৰ ১৯২৪ - ২৫ ডিচেম্বৰ ২০১৮) হ'ল এজন সমসাময়িক ভাৰতীয় বাঙালী কবি, অনুবাদক আৰু ঔপন্যাসিক।[1] তেওঁ কলকাতা বাংগুৰ এভিনিউত বাস কৰিছিল। তেওঁ হাৰ্গেৰ দ্য এডভেঞ্চাৰ্ছ অৱ টিনটিন বাংলা ভাষাত অনুবাদ কৰিছিল।
জীৱনী
[সম্পাদনা কৰক]
১৯২৪ চনত অবিভক্ত বংগৰ ফৰিদপুৰ জিলাত তেওঁৰ জন্ম। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ দৈনিক "ৰায়াহ"ত সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল। ১৯৭৪ চনত উলঙ্গ ৰাজা (দ্য নেকেড কিং) কবিতাৰ কিতাপখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ২০০৭ চনত কলিকতা বিশ্ববিদ্যালয় তেওঁক সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে। চক্ৰৱৰ্তীয়ে সাহিত্য অনুবাদৰ বাবে ফ্ৰান্স আৰু ছোভিয়েট ইউনিয়নৰ ভাৰত মহোৎসৱত অংশগ্ৰহণ কৰিছিল।[2] চক্ৰৱৰ্তীয়ে ভাদুডি় মশাইৰ কেইখনমান চোৰাংচোৱা উপন্যাসো লিখিছিল আৰু ১৯৯০ চনত লীজৰ আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলনত অংশগ্ৰহণ কৰিছিল।[3] তেওঁ পশ্চিমবঙ্গ বাংলা একাডেমী সভাপতি আছিল।
উল্লেখযোগ্য কামসমূহ
[সম্পাদনা কৰক]কবিতা সংকলন
[সম্পাদনা কৰক]তেওঁৰ কিছু গুৰুত্বপূৰ্ণ কবিতাৰ সংকলন হ'লঃ
- নীল নিৰ্জন, ১৯৫৪
- অন্ধকাৰ বাৰাণ্ডা, ১৯৬১
- প্ৰথম নায়ক, ১৯৬১
- নিৰক্ত কৰবী, ১৯৬৫
- কবিতাৰ বদল কবিতা, ১৯৭৬
- সময় বড় কম, ১৯৮৪
- যাবতীয় ভালবাসি ১৯৮৭
- ঘুমিয়ে পৰাৰ আগে
- ঘুমিয়ে পৰাৰ যুগ, ১৯৮৭
- চল্লিশেৰ দিনগুলো, ১৯৯৪
- শ্ব 'টিয়ো সেলুকাস, ১৯৯৫
- অন্য গোপাল, ১৯৯৯
- ভালোবাসা মন্দবাসা, ২০০৩
- শ্ৰেষ্ঠ কবিতা
- কবিতা সমগ্ৰ ১
- কবিতা সমগ্ৰ ২
কিশোৰ সাহিত্য
[সম্পাদনা কৰক]- সাদা বাঘ
- বিবিৰ চড়া
- বাৰো মাসেৰ চড়া
- পিত্ৰী পুৰুষ
- অমলকান্তি (বাজে কবিতা)
তেওঁৰ কিছু জনপ্ৰিয় কবিতা হ'ল -
[সম্পাদনা কৰক]- অমলকান্তি ৰোদ্দুৰ হতে চেয়েছিল
- কলকাতাৰ যীশু, ১৯৬৯
- উলঙ্গ ৰাজা, ১৯৭১
- পাহাড়ি বিছে
তেওঁৰ জনপ্ৰিয় অনুবাদ -
[সম্পাদনা কৰক]তেওঁ হাৰ্গেৰ দ্য এডভেঞ্চাৰ্ছ অৱ টিনটিন বাংলা ভাষালৈ অনুবাদ কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]চক্ৰৱৰ্তী হৃদৰোগত আক্ৰান্ত হৈ ২০১৮ চনৰ ২৫ ডিচেম্বৰত ১২:২৫ বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৪ বছৰ। মৃত্যুৰ কেইমাহমান পূৰ্বৰে পৰাই তেওঁ শ্বাস-প্ৰশ্বাসত সমস্যাৰ সন্মুখীন হৈছিল।[4]
বঁটা
[সম্পাদনা কৰক]- উলঙ্গ ৰাজাৰ বাবে ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা।
- ১৯৭৪ চনত উলঙ্গ ৰাজাৰ বাবে আনন্দ পুৰস্কাৰ।
- ১৯৮৯ চনত ব্ৰাছেলছ সাহিত্য বৃত্তি লাভ।
- ২০০৭ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডিগ্ৰী প্ৰদান কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Bose, Amalendu. Contemporary Bengali Literature. Academic Publishers. পৃষ্ঠা. 12. https://books.google.com/books?id=vlsch77pobsC&pg=PA12। আহৰণ কৰা হৈছে: 22 August 2010.
- ↑ "Every generation owes their love quotes to these 7 legendary Bengali poets". zeenews.india.com. http://zeenews.india.com/culture/every-generation-owes-their-love-quotes-to-these-7-legendary-bengali-poets_1971077.html। আহৰণ কৰা হৈছে: 7 February 2018.
- ↑ Prabirendra Chattopadhyay. QuijjhoTika: A Quiz Book. Sristisukh Prokashan LLP. পৃষ্ঠা. 57. ISBN 978-1-63415-360-7. https://books.google.com/books?id=XSirCAAAQBAJ&pg=PT57। আহৰণ কৰা হৈছে: 7 February 2018.
- ↑ "প্ৰয়াত কবি নীৰেন্দ্ৰনাথ চক্ৰবৰ্তী" (bn ভাষাত). Zee 24 Ghanta. 25 December 2018. http://zeenews.india.com/bengali/entertainment/poet-nirendranath-chakravarty-is-no-more_238115.html। আহৰণ কৰা হৈছে: 25 December 2018.