নুজোদ আলী
| নুজোদ আলী | |
|---|---|
| জন্ম | ১৭ জুন, ১৯৯৮ (২৭ বছৰ) |
| ৰাষ্ট্ৰীয়তা | য়েমেনী |
| অন্য নাম | নুজোম[1] |
| জনা যায় | সৰ্বকনিষ্ঠ বিবাহ-বিচ্ছেদিত মহিলা (১০ বছৰ) |
| উল্লেখযোগ্য কৰ্ম | I Am Nujood, Age 10 and Divorced |
| দাম্পত্যসঙ্গী |
|
| বঁটা, সন্মান, পুৰস্কাৰ আদি | গ্লেমাৰ আলোচনী'য়ে প্ৰদান কৰা বৰ্ষটোৰ নাৰী (শাদা নাছেৰৰ সৈতে যুটীয়াভাৱে) |
নুজোদ আলী (ইংৰাজী: Nujood Ali) বলপূৰ্বক বিবাহ আৰু বাল্যবিবাহৰ বিৰুদ্ধে আন্দোলন কৰি থকা য়েমেনৰ এগৰাকী কেন্দ্ৰীয় ব্যক্তি। দহ বছৰ বয়সত জনজাতীয় পৰম্পৰা ভংগ কৰি তেওঁ বিবাহ বিচ্ছেদ লাভ কৰে।[2][3]২০০৮ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ মহিলা আলোচনী গ্লেমাৰে নুজোদ আলীক বছৰৰ মহিলা হিচাপে নিযুক্তি দিয়ে আৰু তেওঁৰ অধিবক্তা ছাদা নাছেৰকো একেটা সন্মানৰ সৈতে জড়িত কৰে।[3][4] আলীৰ এই সাহসক হিলাৰী ক্লিণ্টন, কণ্ডোলিজা ৰাইচকে ধৰি বিশিষ্ট মহিলাসকলে প্ৰশংসা কৰে। [5]
১৯৬৪ চনত জন্মগ্ৰহণ কৰা আলীৰ অধিবক্তা ছাদা নাছেৰ এগৰাকী নাৰীবাদী আৰু মানৱ অধিকাৰৰ বিশেষজ্ঞ। তেওঁ আলীৰ গোচৰৰ সৈতে জড়িত হৈ বহু প্ৰশংসা লাভ কৰে।[4][6] ফৰাচী সাংবাদিক ডেলফিন মিনোইৰ সৈতে মিলি আলীয়ে এখন কিতাপো লিখিছে। যাৰ নাম হৈছে: I Am Nujood, Age 10 and Divorced।
জীৱনী
[সম্পাদনা কৰক]নুজুদ আলীৰ বয়স ন বছৰ আছিল যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে ত্ৰিশৰ দশকৰ ফায়েজ আলী থামেৰৰ সৈতে বিয়াৰ ব্যৱস্থা কৰিছিল।[7] নিয়মিতভাৱে শহুৰেকে প্ৰহাৰ আৰু স্বামীৰ ধৰ্ষণৰ সন্মুখীন হোৱা আলীয়ে বিয়াৰ দুমাহ পিছত ২০০৮ চনৰ ২ এপ্ৰিলত পলায়ন কৰে। ককাকৰ দ্বিতীয় পত্নীৰ পৰামৰ্শত তেওঁ পোনে পোনে য়েমেনৰ আদালতলৈ গৈছিল। তেওঁ অকলে গৈছিল-বিবাহ বিচ্ছেদ বিচাৰি। আধা দিন অপেক্ষা কৰাৰ পিছত মহম্মদ আল-গাদা নামৰ এজন ন্যায়াধীশে তেওঁক অস্থায়ী আশ্ৰয় দিয়াৰ দায়িত্ব নিজৰ ওপৰত লৈছিল আৰু তেওঁৰ পিতৃ আৰু স্বামী দুয়োকে জিম্মাত লৈছিল।[8]
ছাদা নাছেৰে বিনামূলীয়াকৈ আলীক ৰক্ষা কৰিবলৈ সন্মত হয়। অধিবক্তাগৰাকীৰ বাবে সেয়া আছিল নবৈৰ দশকত ছানাত এগৰাকী মহিলাৰ নেতৃত্বত প্ৰথমটো য়েমেনৰ আইন কাৰ্যালয় হিচাপে প্ৰেকটিছ মুকলি হোৱাৰ লগে লগে আৰম্ভ কৰা সংগ্ৰামৰ ধাৰাবাহিকতা। তেওঁ মহিলা বন্দীসকলক সেৱা আগবঢ়াই নিজৰ ক্লায়েণ্টেল গঢ়ি তুলিছিল।[6]
সেই সময়ৰ য়েমেনৰ আইনত বিবাহৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হোৱা নাছিল আৰু পৰিয়ালসমূহে বিবাহ চুক্তিত উল্লেখ কৰিছিল যে এই কণমানি কইনাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো নিষিদ্ধ কৰা হ'ব যেতিয়ালৈকে তেওঁলোকক "প্ৰস্তুত" বুলি গণ্য কৰা নহয়। আদালতত নাছেৰে যুক্তি দিছিল যে আলীৰ বিবাহে আইন উলংঘা কৰিছে, যিহেতু তেওঁৰ স্বামীয়ে তেওঁক ধৰ্ষণ কৰিছিল। তিনিৰ পৰা পাঁচ বছৰৰ বিৰতিৰ পিছত স্বামীৰ সৈতে পুনৰ থাকিবলৈ আগবঢ়োৱা ন্যায়াধীশৰ প্ৰস্তাৱ আলীয়ে নাকচ কৰে।[4] ২০০৮ চনৰ ১৫ এপ্ৰিলত[4]আদালতে তেওঁক বিবাহ বিচ্ছেদৰ অনুমতি দিয়ে (আৰু তেওঁৰ এতিয়াৰ প্ৰাক্তন স্বামীক ২৫০ ডলাৰ ক্ষতিপূৰণ দিয়ে যিটো তেওঁ চুক্তি ভংগ কৰাৰ বাবে বিয়াৰ সময়ত দিছিল)।
২০১০ চনত আলীৰ পৰিয়ালে তেওঁৰ ফৰাচী প্ৰকাশকৰ সহায়ত কিনা নতুন দুমহলীয়া বাসগৃহলৈ গুচি যায় আৰু অট্টালিকাৰ তলৰ মহলাত এখন গেলামালৰ দোকান আৰম্ভ কৰে। এই সময়ত আলী আৰু তেওঁৰ সৰু ভনীয়েকে পূৰ্ণকালীনভাৱে ব্যক্তিগত বিদ্যালয়ত পঢ়ি আছিল।.[9]যিহেতু প্ৰকাশকসকলে য়েমেনৰ আইন অনুসৰি আলীক পোনপটীয়াকৈ ধন দিব পৰা নাছিল, সেয়েহে তেওঁলোকে তেওঁৰ পিতৃক ১৮ বছৰ বয়সলৈকে মাহে ১০০০ ডলাৰ দিবলৈ সন্মত হৈছিল যাতে তেওঁৰ আৰু তেওঁৰ শিক্ষাৰ ব্যৱস্থা কৰিব পৰা যায়।[10]
স্মৃতিগ্ৰন্থখনৰ ইংৰাজী ভাষাৰ সংস্কৰণ ২০১০ চনৰ মাৰ্চ মাহত প্ৰকাশ পাইছিল। এই কামৰ পৰিচয় দি নিউয়ৰ্ক টাইমছৰ অ'পি-এড স্তম্ভলেখক নিকোলাছ ক্ৰিষ্টোফে বহুবিবাহ আৰু বাল্যবিবাহৰ সৈতে জড়িত সন্ত্ৰাসবাদসদৃশ সামাজিক সমস্যাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কৰা কামৰ প্ৰশংসা কৰি কয় যে "নুজোদৰ দৰে সৰু ছোৱালীয়ে সন্ত্ৰাসবাদীক পৰাস্ত কৰাত মিছাইলতকৈ অধিক ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব পাৰে।" [11]সঁচাকৈয়ে, আলীৰ গোচৰটোক কেন্দ্ৰ কৰি হোৱা প্ৰচাৰে অন্যান্য বাল্যবিবাহ বাতিলৰ প্ৰচেষ্টাক অনুপ্ৰাণিত কৰা বুলি কোৱা হয়, য'ত ২০০৯ চনত এগৰাকী আঠ বছৰীয়া ছৌদি ছোৱালীক আদবয়সীয়া পুৰুষৰ লগত বিবাহ বিচ্ছেদ কৰিবলৈ অনুমতি দিয়া হৈছিল, কাৰণ তেওঁৰ পিতৃয়ে তেওঁক আগৰ বছৰত প্ৰায় ১৩,০০০ ডলাৰৰ বিনিময়ত তেওঁক বিয়া কৰাবলৈ বাধ্য কৰাইছিল।[11][12][13][14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Boitiaux, Charlotte (June 10, 2015). "'I Am Nojoom, Age 10 and Divorced' tackles tradition". France 24. http://www.france24.com/en/20150610-yemen-child-marriage-salami-nojoom-age-10-divorced.
- ↑ Daragahi, Borzou (June 11, 2008), Yemeni bride, 10, says I won't, Los Angeles TimesmznfzKLDhjsd'gV, https://www.latimes.com/archives/la-xpm-2008-jun-11-fg-childbride11-story.html, আহৰণ কৰা হৈছে: 16 February 2010
- ↑ 3.0 3.1 Walt, Vivienne (3 February 2009), A 10-Year-Old Divorcée Takes Paris, Time/CNN, archived from the original on 26 August 2013, https://web.archive.org/web/20130826140117/http://www.time.com/time/world/article/0,8599,1876652,00.html, আহৰণ কৰা হৈছে: 16 February 2010
- ↑ 4.0 4.1 4.2 4.3 Power, Carla (12 August 2009), Nujood Ali & Shada Nasser win "Woman of the Year Fund 2008 Glamour Award", Yemen Times, archived from the original on 5 April 2011, https://web.archive.org/web/20110405190616/http://www.yementimes.com/DefaultDET.aspx?i=1207&p=report&a=1, আহৰণ কৰা হৈছে: 16 February 2010
- ↑ Evans, Sean (11 November 2008), "10-year-old girl's inspiring story opens eyes at Glamour awards", New York Daily News, http://www.nydailynews.com/news/national/2008/11/10/2008-11-10_10yearold_girls_inspiring_story_opens_ey.html, আহৰণ কৰা হৈছে: 9 April 2010[সংযোগবিহীন উৎস]
- ↑ 6.0 6.1 Madabish, Arafat (28 March 2009), Sanaa's first woman lawyer, Asharq Alawsat: English edition, http://www.aawsat.com/english/news.asp?section=3&id=16210, আহৰণ কৰা হৈছে: 16 February 2010
- ↑ Borzou Daragahi (June 11, 2008). "Yemeni Bride, 10, says I Won't". Los Angeles Times. https://www.latimes.com/archives/la-xpm-2008-jun-11-fg-childbride11-story.html.
- ↑ Loving, James (September 5, 2009), Video Beat Part 4 - CNN Explosher= National Radio Text Service, archived from the original on 5 June 2011, https://web.archive.org/web/20110605034540/http://www.nationalradio.com/0_VideoBeat_SEP_09.shtml, আহৰণ কৰা হৈছে: 16 February 2010. Note: Apart from other details, this website names the judge.
- ↑ Hersh, Joshua (4 March 2010), A TEN-YEAR-OLD’S DIVORCE LAWYER, The New Yorker, retrieved March 4, 2010.
- ↑ Sheffer, Joe (March 12, 2013). "Yemen's youngest divorcee says father has squandered cash from her book". theguardian.com. Guardian News and Media Limited. https://www.theguardian.com/world/2013/mar/12/child-bride-father-cash-spend। আহৰণ কৰা হৈছে: September 10, 2013. "Nujood Ali claims father has used proceeds from her book deal to marry and has arranged wedding for her younger sister"
- ↑ 11.0 11.1 Kristof, Nicholas (3 March 2010), "Divorced Before Puberty", New York Times, https://www.nytimes.com/2010/03/04/opinion/04kristof.html, আহৰণ কৰা হৈছে: 4 March 2010
- ↑ "8-year-old Saudi girl divorces 50-year-old husband". USA Today. 30 April 2009. https://www.usatoday.com/news/world/2009-04-30-saudi-arabia_N.htm.
- ↑ Saudi child 'files for divorce', BBC News, 24 August 2008, http://news.bbc.co.uk/2/hi/middle_east/7579616.stm, আহৰণ কৰা হৈছে: 7 April 2010
- ↑ Young Saudi girl's marriage ended, BBC News, 30 April 2009, http://news.bbc.co.uk/2/hi/middle_east/8026545.stm, আহৰণ কৰা হৈছে: 7 April 2010