সমললৈ যাওক

নু নু য়ি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নু নু য়ি
জন্ম ১৮ মে', ১৯৫৭ (৬৯ বছৰ)
ইনৱা, বাৰ্মা
পেচা লেখকিা
ৰাষ্ট্ৰীয়তা বাৰ্মিজ
মাতৃশিক্ষায়তন মাণ্ডেলে বিশ্ববিদ্যালয় (বি.এ.)

নু নু য়ি (ইংৰাজী: Nu Nu Yi) নু নু য়িক ইনৱা বুলিও কোৱা হয়৷ তেখেত এগৰাকী বাৰ্মিজ লেখক আৰু তেখেতে চৰকাৰী চেন্সৰৰ পৰা নিৰীক্ষণ লাভ কৰিছে। ২০০৭ চনৰ মেন এছিয়ান লিটাৰেৰী প্ৰাইজৰ[1] বাবে মনোনীত হোৱা তেওঁৰ উপন্যাস স্মাইল এজ দে‍ ব' (১৯৯৪)ক ১২ বছৰতকৈ অধিক সময়কালৰ বাবে চেন্সৰ কৰা হৈছিল। ২০০৮ চনত হাইপেৰিয়ান এষ্টে ইয়াৰ ইংৰাজী সংস্কৰণ প্ৰকাশ কৰে।[2] ১৯৫৯ চনত ইনৱাৰ ওচৰৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা তেখেতে ১৯৮৪ চনৰ পৰা ১৫খন উপন্যাস, ১০০টা চুটিগল্প আৰু কেইবাখনো আলোচনীৰ বাবে প্ৰবন্ধ লিখিছে।[3]

নু নু য়িৰ ৰচনাসমূহ বাৰ্মাৰ অভাৱগ্ৰস্ত লোকসকলৰ চিত্ৰণৰ বাবে জনাজাত; তেওঁৰ চুটিগল্পসমূহত সামাজিক অন্যায়ৰ দৰে বিষয়বস্তু অন্তৰ্ভুক্ত কৰা হৈছে আৰু ফলস্বৰূপে সামৰিক চৰকাৰে ইয়াক চেঞ্চৰ কৰিছে।[4] তেওঁৰ লেখাবোৰ অৱশ্যে আং ছান ছু কিৰ দৰে কৰ্মীয়ে প্ৰশংসা কৰিছে।[4] হোৱাট কেন আই ডু ফৰ ইউ আৰু ১৯৯৩ চনৰ ম্যানমাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা বিজয়ী এমাৰ্লড গ্ৰীণ ব্লু কামায়ুটও তেওঁৰ ৰচনা। তেওঁৰ কিতাপসমূহ জাপানী ভাষালৈ অনুবাদ কৰা হৈছে৷[5] ২০০০ চনত আইঅ’ৱা আন্তঃৰাষ্ট্ৰীয় লেখন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে।[6]

স্মাইল এজ দে‍ ব'ৰ কাহিনীভাগ উৎসৱৰ পৰিৱেশ আৰু অনুষ্ঠানটোৰ লগত জড়িত চৰিত্ৰসমূহৰ জীৱনক কেন্দ্ৰ কৰিয়েই আৱদ্ধ। উপন্যাসখনে‍ পাঠকসকলক ম্যানমাৰৰ পৰম্পৰাগত ধৰ্মীয় পদ্ধতি, সাংস্কৃতিক পৰম্পৰা আৰু মানৱ আৱেগৰ জটিলতাৰ বিষয়ে এক নিবিড় অভিজ্ঞতা প্ৰদান কৰে। উপন্যাসখনৰ আখ্যানভাগে‍ উৎসৱৰ আধ্যাত্মিক তাৎপৰ্য্য আৰু নাট (আত্মা)ৰ প্ৰতি সম্প্ৰদায়টোৰ সামূহিক ভক্তিৰ সাৰমৰ্মক ধৰি ৰাখিছে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nu Nu Yi Inwa". The Man Asian Literary Prize. Archived from the original on 5 February 2015. https://web.archive.org/web/20150205233801/http://www.manasianliteraryprize.org/nu-nu-yi-inwa আহৰণ কৰা হৈছে: 8 December 2012.
  2. Pauli, Michelle (25 October 2007). "Burmese author beats censors for place on prize shortlist". The Guardian. https://www.theguardian.com/books/2007/oct/25/news.awardsandprizes আহৰণ কৰা হৈছে: 1 December 2016.
  3. http://www.thesundaily.my/news/552111 [সংযোগবিহীন উৎস]
  4. 1 2 Bowman, Vicky (2001). Jane Eldridge Miller. ed. Who's Who in Contemporary Women's Literature. প্ৰকাশক New York: Routledge. ISBN 9780415159814. https://books.google.com/books?id=NOyZs4PRKxEC&q=VBo+who's+who+in+contemporary+womens+writing&pg=PA170.
  5. "Nu Nu YEE - The International Writing Program". http://iwp.uiowa.edu/writers/nu-nu-yee আহৰণ কৰা হৈছে: 1 December 2016.
  6. "Writers from Burma - The International Writing Program". Archived from the original on 27 June 2016. https://web.archive.org/web/20160627031502/https://iwp.uiowa.edu/residency/participants-by-region/Burma আহৰণ কৰা হৈছে: 1 December 2016.
  7. "The summary of “Smile as They Bow” by Nu Nu Yi". https://medium.com/@tayzaraung.reporter/the-summary-of-smile-as-they-bow-by-nu-nu-yi-8aa282897474 আহৰণ কৰা হৈছে: 17 November 2025.